কাগজ
----------
মূল : অংশুমান কৰ (বাংলা)
অসমীয়া অনুবাদ : কুমুদ ঘোষ
----------------------------
মোক এখন কাগজ লাগে৷
এখন অলৌকিক কাগজ৷
মোৰ এখন বগা-ক’লা কাগজ আছে৷
সেই কাগজখনৰ নাম ভোটাৰ কাৰ্ড৷
কিন্তু সেই কাগজেৰে নহ’ব৷
মোৰ এখন গেৰুৱা-বগা-সেউজীয়া কাগজ আছে৷
সেই কাগজখনৰ নাম আধাৰ কাৰ্ড৷
কিন্তু সেই কাগজেৰেও নহ’ব৷
মোৰ এখন পাতল বেগুণীয়া ৰঙৰ কাগজ আছে৷
সেই কাগজখনৰ নাম ৰেচন কাৰ্ড৷
সেইখন কাগজেৰেতো নহ’বই৷
মোক এখন কাগজ লাগে৷
এখন অলৌকিক কাগজ৷
মোৰ দেউতাৰ নাম শেখ চুলেমান
বয়স আশী৷
মই দেউতাক ক’লোঁ, দেউতা, মোক কাগজ দিয়া৷
দেউতাই ক’লে, বানে কাগজ উটুৱাই নিলে
ধুমুহাই কাগজ উৰুৱাই নিলে
অনাহাৰে কাগজ গিলি পেলালে
মোৰ কোনো কাগজ নাই
মোৰ শৰীৰটোৱেই এতিয়া এখন কাগজ৷
মই অ'তদিনে যিখিনি কৰিলোঁ, মোৰ হাতে-ভৰিয়ে লিখা আছে সেই ইতিহাস
অ'তদিনে যি কথা গোপনে লুকাই আছিল মোৰ বুকুৰ ভিতৰত
আজি আৰু সেই কথাও গোপন হৈ থকা নাই
মোৰ দুই কৰুণ চকুত লিখা ৰ’ল সেই কথা৷
এয়া লোৱা, মোৰ শৰীৰ মই তোমাক দিলোঁ
তুমি তেওঁক ক’বা, তেওঁ পঢ়ি লওক এই কাগজ৷
মই তেওঁক ক’লোঁ, মহাশয়,
এয়া লওক মোৰ কাগজ, মোৰ দেউতা,
আপুনি পঢ়ি লওক
তেওঁৰ দুই হাতে-ভৰিয়ে লিখা আছে এই দেশ গঢ়াৰ ইতিহাস
পঢ়ি যাওঁতে শুনিবলৈ পাব
কাৰখানাৰ ছাইৰেন
বেটৰ ঠিক মাজ ভাগত লগা ডিউজ বলৰ মিঠা শব্দ
চানাইৰ সুৰ আৰু তবলাৰ বোল
আপুনি পঢ়ি লওক তেওঁৰ কৰুণ দুচকুত লিখা কেইটামান আখৰ
‘মই মৰাপাট কলৰ শ্ৰমিক
মই পঁচাশীৰ বেনচন এণ্ড হেজেচৰ আজহাৰউদ্দিন
মই বিচমিল্লা খাঁ, জাকিৰ হুছেইন
ধৰ্মত মই মুছলমান, কিন্তু তাৰ আগেয়ে মই এজন ভাৰতীয়’৷
কাগজত লিখা নিৰ্বোধ আখৰ পঢে়াঁতে পঢে়াঁতে
তেওঁৰ চকুৱে পাহৰি পেলাইছে পঢ়িবলৈ মানুহৰ শৰীৰ,
তেওঁ দেউতাৰ হাত-ভৰি পঢ়িব নোৱাৰিলে৷
পঢ়িব নোৱাৰিলে দেউতাৰ চকু৷
মই আকৌ এখন অলৌকিক কাগজৰ সন্ধানত আৰম্ভ কৰিলোঁ দৌৰ৷
মোক এখন
অলৌকিক কাগজ লাগে
যিখন কাগজ নাপালে
অহা বছৰ দুৰ্গা পূজাত মই বজাব নোৱাৰিম ঢাক
যিখন কাগজ নাপালে
মই মাটি খচি গঢ়িব নোৱাৰিম লক্ষ্মীৰ পটচিত্ৰ
যিখন কাগজ নাপালে
অস্ত্ৰ হাতত তুলি লোৱা দুই পক্ষৰ মাজত থিয় হৈ মই
উচ্চকণ্ঠে ক’ব নোৱাৰিম, কি কৰিছা তোমালোকে? শান্ত হোৱা৷
মোক এখন কাগজ দৰকাৰ৷
এখন
অলৌকিক
কাগজ৷
মই দৌৰিবলৈ আৰম্ভ কৰিলোঁ কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ
দেখিলোঁ
কাশ্মীৰত মানুহে কৈছে, কাগজ নিদিওঁ৷
পঞ্জাৱত মানুহে কৈছে, কাগজ নিদিওঁ৷
অসমত মানুহে কৈছে, কাগজ নিদিওঁ৷
উত্তৰপ্ৰদেশত মানুহে কৈছে, কাগজ নিদিওঁ৷
আনকি দিল্লীতো মানুহে কৈছে, কাগজ নিদিওঁ৷
নহয়, মহাশয়,
মই তেওঁলোকৰ দলত নাই৷
আপোনাক কাগজ লাগে
মই আপোনাক কাগজ দিম৷
শেখ চুলেমানৰ পুত্ৰ মই শেখ ছাদ্দাম
মোৰ কোনো কাম নাই
ওৰেদিন কবিতা নামৰ এক নীলকণ্ঠ পখীৰ সন্ধানত
হাবিয়ে-বননিয়ে আৰু মানুহৰ মনৰ গোপন গলিয়েদি মই ঘূৰি ফুৰোঁ৷
মই আপোনাক দিম মোৰ বিশ্বাসেৰে প্ৰস্তুত কৰা এখন বগা কাগজ
দিম মোৰ সপোনেৰে সজা এক নিজৰা কলম
সেই বিশ্বাসৰ বগা কাগজত, সপোনৰ নিজৰা কলমত আস্থা ৰঙৰ চিয়াঁহী ভৰাই
আপুনি অনুগ্ৰহ কৰি নতুনকৈ লিখি দিয়ক
এটি কবিতা
যাৰ নাম সনাতন ভাৰত৷
-------------------
বি: দ্ৰ: কবিৰ অনুমতি সাপেক্ষে অনূদিত ।
No comments:
Post a Comment