Sunday, April 3, 2022

মাৰ্ক্সীয় সাহিত্যবীক্ষা

 

মাৰ্ক্সীয় সাহিত্যবীক্ষা

 

তপোধীৰ ভট্টাচাৰ্য

অসমীয়া অনুবাদঃ কুমুদ ঘোষ

 

[সমকালীন বাঙালি প্ৰাবন্ধিকসকলৰ ভিতৰত অন্যতম তপোধীৰ ভট্টাচাৰ্য৷ দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য বিভাগৰ ৰবীন্দ্ৰ অধ্যাপক হিচাপে এসময়ত সেৱা আগবঢোৱা ভট্টাচাৰ্যই পৰৱৰ্তী সময়ত অসম বিশ্ববিদ্যালয়, শিলচৰৰ উপাচাৰ্য হিচাপে অৱসৰ গ্ৰহণ কৰে৷ দেশ-বিদেশত কবি আৰু বাগ্মী বক্তা হিচাপে এইজন লেখক পৰিচিত৷ লেখকৰ সানন্দ অনুমতি সাপেক্ষে এই অনুবাদ আয়োজন৷]

                                                                                                                     

আন যিকোনো তত্ত্বগোষ্ঠী (school of theory)- তুলনাত মাৰ্ক্সবাদ-অনুপ্ৰাণিত সাহিত্য-চিন্তাৰ ইতিহাস সবাতোকৈ দীৰ্ঘায়ত আৰু অন্তৰ্বস্তুৰ বিচাৰত সবাতোকৈ গ্ৰন্থিল৷ ইয়াৰ মাজত আছে নানা পৰ্যায়, নানা স্তৰ, নানা বিভঙ্গ৷ কালৰ পৰা কালান্তৰলৈ মানুহৰ অভিজ্ঞতা আৰু উপলব্ধি যিমানে বিৱৰ্তিত হৈছে, মাৰ্ক্সীয় চিন্তা-চেতনাৰ মাজতো ঘটিছে অভূতপূৰ্ব ৰূপান্তৰ৷ সাহিত্য-সমাজ-নন্দন-ইতিহাস-দৰ্শন অৰ্থাৎ মানৱবিশ্বৰ এনে কোনো দিক্নাই, যাৰ সৈতে মিথষ্ক্ৰিয়াত মাৰ্ক্সবাদী বিশ্ববীক্ষা (world view)- বাৰেপতি জীৱনৰ নতুন তাৎপৰ্য সন্ধান কৰিব বিচৰা নাই৷ অথচ ৰাজনৈতিক কাৰণত মাৰ্ক্সবাদৰ এই ৰূপান্তৰ প্ৰৱণতাই সকলোৰে পৰা সমানে গুৰুত্ব নাপালে৷ আংশিক ব্যাখ্যা আৰু ভুল বিশ্লেষণত মাৰ্ক্সবাদৰ সৈতে বিভিন্ন সাহিত্যতত্ত্বৰ নিগূঢ় সম্পৰ্কও স্পষ্ট হৈ নুঠিল৷ কিন্তু এই কথা আজি আৰু অস্বীকাৰ কৰাৰ উপায় নাই যে মাৰ্ক্সীয় বিশ্ববীক্ষাই বহু ক্ষেত্ৰত অনুঘটকৰ ভূমিকা লৈছে আৰু সাম্প্ৰতিক সাহিত্যতত্ত্বৰ প্ৰধান বাগ্ধাৰা (discourse) হস্তক্ষেপ কৰি তাত যুক্ত কৰিছে নতুন মাত্ৰা আৰু কৌণিকতা৷ এক কথাত মাৰ্ক্সীয় বীক্ষণৰীতিয়ে চিন্তাৰ ৰৈখিকতা ভাঙিছে আৰু তত্ত্ববিশ্ব (conceptual/theoretical world)- মানৱিক উপযোগিতা অক্ষুণ্ণ ৰাখিবলৈ বৰ গুৰুত্বপূৰ্ণ ভূমিকা লৈছে৷ এককেন্দ্ৰিক বিশ্বব্যৱস্থাত ক্ষমতাৰ ঔদ্ধত্য যেতিয়া সৰ্বগ্ৰাসী, অতি সূক্ষ্মভাৱে মাৰ্ক্সীয় বীক্ষা অন্তৰ্বয়নৰ বহুমাত্ৰিক টনা-আঁজোৰা হিচাপে সক্ৰিয় হৈ আছে৷ ঊনবিংশ শতিকাৰ প্ৰথম আৱিৰ্ভাব-লগ্নত তাৰ যি তাৎপৰ্য আৰু চৰিত্ৰ আছিল, কুৰি শতিকাৰ প্ৰথম কেইটামান দশকত তাত প্ৰভূত বিৱৰ্তন ঘটিল৷ তেতিয়া প্ৰায়োগিক দিক্সম্পৰ্কে গঢ়ি উঠিছিল বিতৰ্কিত পটভূমি৷ আকৌ পাছৰ কেইটিমান দশকত পুনঃ পুনঃ সলনি হৈছে তাৰ তাৎপৰ্য  আৰু সংকেত৷ বিশ্বাস আৰু অবিশ্বাসৰ প্ৰশ্নত দোলায়িত হৈছে মাৰ্ক্সীয় বিশ্বাসৰ জগত, স্বভাৱত ভাষ্যৰ পৰা ভাষ্যান্তৰত উপনীত হওঁতে সাহিত্য আৰু শিল্প বিষয়ক মৌলিক জিজ্ঞাসাৰ ধৰণো সলনি হৈছে৷ মূলতঃ মাৰ্ক্সীয় সাহিত্য-সমালোচনা পদ্ধতি কুৰি শতিকাৰ সাংস্কৃতিক ইতিহাসৰ সৈতে নিবিড়ভাৱে সম্পৃক্ত৷ মানৱবিশ্বৰ কত ভঙা-গঢ়া আৰু পৰিস্থিতিৰ পৰিৱৰ্তন এই সদ্যবিলীন শতিকাত আমি দেখিবলৈ পালোঁ, সেইয়া ভাবিলে অবাক হ’ব লগা হয়৷ দুখন বিশ্বযুদ্ধ আৰু সিবিলাকৰ অভূতপূৰ্ব ধ্বংসলীলা, আণৱিক বোমাৰ বীভৎস প্ৰতিক্ৰিয়া, বিশ্বব্যাপী নৈতিকতা আৰু সৌন্দৰ্যবোধত চৰম ভাঙোন, গণমাধ্যমৰ বিস্ফোৰক প্ৰকাশ, প্ৰায়োগিক কৃৎকৌশল (technical/formal expertise)- সাৰ্বিক আগ্ৰাসন, সমাজতান্ত্ৰিক বিপ্লৱ আৰু  পুঁজি‍বাদী প্ৰতিবিপ্লৱ, সৰ্বগ্ৰাসী বি-মানৱীকৰণ (dehumanization) – মানৱ জগতে তো আৰু স্থায়িত্ব বিচাৰি পোৱা নাই৷ সংশয় আৰু ৰিক্ততাও বৌদ্ধিক চৰ্চাৰ অঙ্গীভূত হৈ পৰিছে৷ অস্থিৰতাৰ ফলত সময় আৰু পৰিসৰ সম্পৰ্কিত যাৱতীয় ধ্যান-ধাৰণা এই মুহূৰ্তত প্ৰশ্ন আৰু প্ৰতিপ্ৰশ্নৰ ধুমুহাত আন্দোলিত হৈছে৷ মাৰ্ক্সীয় চেতনাৰ পৰা উত্তৰ-মাৰ্ক্সবাদ (post-Marxism) পৰিস্থিতিৰ কথাও কোনো কোনোৱে বিবেচনা কৰিছে৷ তৃতীয় সহস্ৰাব্দৰ সূচনা-মুহূৰ্তত পৃথিৱীজুৰি যি পুনঃপাঠ আৰু পুনৰ্বিশ্লেষণৰ তাগিদাই দেখা দিছে, মাৰ্ক্সীয় সাহিত্য-জিজ্ঞাসাৰ উপযোগিতাক তাৰেই নিৰিখত কোনো কোনোৱে পযাৰ্লোচনা কৰিব বিচাৰিছে৷

          সকলো মিলি এই কথা স্পষ্ট যে প্ৰতীচ্যৰ সাহিত্যতত্ত্ব সম্পৰ্কিত কোনো বাগ্ধাৰা মাৰ্ক্সীয় তত্ত্বগোষ্ঠীৰ পুনৰ্বিবেচনা বিহনে সম্পূৰ্ণ নোৱাৰে৷ কিয়নো, মানৱিক অস্তিত্বৰ নিৰ্যাস, যুক্তি-বিন্যাসৰ সংযুক্তি‍ (structure), অনুভূতি আৰু আৱেগৰ সংগঠনসকলোবোৰেই এতিয়া আমূল পৰিৱৰ্তন প্ৰক্ৰিয়াৰ মাজেদি আগবাঢ়িছে৷ সকলো প্ৰতিষ্ঠিত তত্ত্ব-প্ৰকৰণেই প্ৰত্যাহ্বান আৰু সংশয়ৰ সৈতে মকামিলা কৰিবলৈ বাধ্য হৈছে৷ লক্ষণীয়ভাৱে, নিজস্ব সীমান্তৰ মাজত ইবিলাকৰ কোনোৱেই সম্ভাৱনাৰ সমস্ত সূত্ৰ চূড়ান্তভাৱে দাঙি ধৰিব পৰা নাই৷ আনহাতে বহুত্ববাদী (pluralist) এই সময়ত নিজৰ বাগ্ধাৰাকো একেলগে সংশ্লেষণ আৰু মৌলিকতাৰ প্ৰতি দায়বদ্ধ কৰি ৰখাত অসমৰ্থ হৈছে৷ মাৰ্ক্সবাদ সম্পৰ্কে যিমানেই অৰ্থনৈতিক নিয়তিবাদ (determinism) আৰু যান্ত্ৰিকতাৰ অভিযোগ তুলি ধৰা নহওঁক কিয়, মাৰ্ক্সীয় চিন্তা-পৰম্পৰাই বৰ্তমান পৰ্যন্ত মানৱিক সত্যৰ সন্ধান অক্ষুণ্ণ ৰাখিছে৷ সেয়ে ধ্ৰুপদী মাৰ্ক্সীবাদৰ পৰা সাম্প্ৰতিক চিন্তা-চেতনাৰ পৰ্যায় পৰ্যন্ত তত্ত্ববিশ্বত বহুস্বৰসঙ্গতি (polyphony)- উপযোগী বাগ্ধাৰা কিদৰে নিৰ্মিত হৈছে, সেইফালে দৃষ্টিপাত কৰাও আমাৰ এক গধুৰ দায়িত্ব৷

          ঊনবিংশ শতিকাৰ মাজভাগত কাৰ্ল মাৰ্ক্সে যেতিয়া সমাজ আৰু সংস্কৃতি সম্পৰ্কে গুৰুত্বপূৰ্ণ কিছু সাধাৰণ মন্তব্য কৰিছিল, সাহিত্যতত্ত্ব বা নন্দনতত্ত্ব সম্পৰ্কে পৃথকাই কিছু বাগ্ধাৰা গঢ়ি তোলাৰ প্ৰয়োজন তেওঁ অনুভৱ কৰা নাছিল৷ কিন্তু কাৰ্ল মাৰ্ক্স আৰু ফ্ৰেডৰিক এঙ্গেলছ – দুয়োজনেই আছিল বহুক্ষেত্ৰত সংস্কৃতিমনস্ক ব্যক্তিত্ব৷ সমাজ-পৰিৱৰ্তনৰ স্বপ্নক বাস্তৱায়িত কৰাৰ বাবে তেওঁলোক যেতিয়া ব্ৰতী হৈছিল, সমান্তৰালভাৱে মানৱবিশ্বৰ সূক্ষ্ম অভিভ্যক্তি হিচাপে সাহিত্যকো যথেষ্ট গুৰুত্ব দিছিল৷ পৰৱৰ্তী প্ৰজন্মই তেওঁলোকৰ অ’ত-ত’ত সিঁচৰতি হৈ থকা ৰচনাৰাজিৰ পৰা সন্ধান আৰু বিশ্লেষণৰ সাহায্যত মাৰ্ক্সীয় সাহিত্য-চিন্তাৰ  বস্তুভিত্তি সৃষ্টি কৰি লৈছে৷  যদিও মাৰ্ক্স-এঙ্গেলছৰ বিপুল ৰচনাৰ তুলনাত সেইয়া নিতান্তই নগণ্য, তথাপি সাহিত্য বিশ্লেষণৰ ক্ষেত্ৰত সেই ভাবনাসূত্ৰৰ প্ৰভাৱৰ পৰিধি নিঃসন্দেহ বিস্ময়কৰ৷ আচলতে মাৰ্ক্স-এঙ্গেলছে‍ জীৱন আৰু জগতক বিশ্লেষণ কৰাৰ বাবে মূল যি বিশ্ববীক্ষাৰ সন্ধান দিছিল, তাৰেই সূত্ৰবোৰ পুঙ্খানুপুঙ্খ বিশ্লেষণ আৰু প্ৰসাৰিত কৰি গঢ়ি তোলা হৈছে মাৰ্ক্সীয় নন্দনতত্ত্ব আৰু সাহিত্যতত্ত্বৰ বাগ্ধাৰা৷ স্বাভাৱিকতে মূল প্ৰশ্নটো হৈছে জীৱন আৰু জগতক দেখাৰ চকুক লৈহে৷ যাৰ সেই দৃষ্টি নাই, তেওঁ অবিৰত অবিশ্বাস আৰু সংশয়ৰ সাঁথৰৰ মাজত ঘূৰি ফুৰিব৷ আকৌ, এই বিশেষ ধৰণৰ চকুত বিশ্বাস যাৰ অস্খলিত, তেওঁলোকো এক ধৰণৰ ৰৈখিকতা আৰু বৃত্তবন্দিত্বৰ চিকাৰ হ’ব পাৰে যদি অনবৰত সেই দেখাৰ প্ৰামাণ্যতাক প্ৰশ্ন নকৰে৷ কেৱল সেয়াই নহয়, অহৰহ পৰিৱৰ্তনশীল জগত আৰু জীৱনৰ পৰা অৰ্জিত অভিজ্ঞতাৰেও তত্ত্বৰ উপযোগিতা পৰীক্ষা কৰি লোৱা প্ৰয়োজন আৰু ভাবনাৰ মূল ভৰকেন্দ্ৰক অবিচলিত ৰাখি তত্ত্বচিন্তাৰ বিন্যাস আৰু পৰিধিক পুনৰ্গঠন কৰাৰ প্ৰস্তুতি চলোৱাটোও কম গুৰুত্বপূৰ্ণ নহয়৷ অৱশ্যে কোনো কোনোৱে  এই কথাও কৈছে যে, অ’ত-ত’ত সিঁচৰতি হৈ থকা বিক্ষিপ্ত ৰচনাৰ পৰা কোনো স্বয়ংসম্পূৰ্ণ তত্ত্ব নিৰ্মাণ সাধাৰণত অসম্ভৱ৷ কিন্তু এই অসম্ভৱ কামকে সম্ভৱ কৰিবলৈ গৈ মাৰ্ক্সীবাদী চিন্তাবিদসকলে বহু স্ববিৰোধিতা আৰু কূটাভাসকে প্ৰশ্ৰয় দিছে৷ সৰলীকৰণ আৰু যান্ত্ৰিকতা দুটা তাতোকৈ ডাঙৰ বিপদ; স্বাভাৱিকভাৱে প্ৰতিপক্ষই ইয়াৰ সুযোগ ল’বলৈ‍ দ্বিধাবোধ নকৰে৷ ইয়াত কেৱল ইমানকে ক’ব পাৰি যে, ঐতিহাসিক বস্তুবাদৰ মৌলিক বৰ্গবোৰৰ মাজত নিহিত আছে নান্দনিক উপলব্ধিৰ সূত্ৰ আৰু প্ৰতীতি৷ যাক স্ববিৰোধিতা আৰু কূটাভাস বুলি কোৱা হৈছে, গভীৰ আৰু সংবেদনশীল বিশ্লেষণত সিবিলাকৰো যে  মীমাংসা সম্ভৱসেই দিশতো কোনো কোনোৱে আলোকপাত কৰিছে৷ প্ৰবহমান জীৱনে একেলগে সাংস্কৃতিক আৰু ৰাজনৈতিক বৰ্গায়তনবোৰ (dimensions)- ধাৰণ কৰেযাৰ প্ৰধান বৈশিষ্ট্যই হ’ল বিপৰীত ঐক্য৷ সামাজিক উৎপাদনৰ দৰে সাহিত্যও মূলতঃ উৎপাদন৷ মাৰ্ক্স আৰু  এঙ্গেলছৰ  ৰচনাৰ পৰা যি সুস্পষ্ট পৰিপ্ৰেক্ষিতৰ আভাস পোৱা গৈছে, সেয়াই হ’ল চিন্তাবিদসকলৰ প্ৰকৃত উপজীব্য৷ এই পৰিপ্ৰেক্ষিতৰ পৰা নানা পৰ্যায়ত কিদৰে তত্ত্বৰ ভেটিটো গঢ় লৈ উঠিছে আমি সেইফালে লক্ষ্য কৰিব লাগিব৷ মাৰ্ক্স-এঙ্গেলছ সেই জীৱন-দৰ্শনৰ মুখ্য স্থপতি; তেওঁলোকৰ দৰ্শনৰ আলোকত উদ্ভাসিত পৰৱৰ্তী তত্ত্বপ্ৰৱাহ৷ আজিৰ তাত্ত্বিক আৰু প্ৰায়োগিক সংকটৰ দিনত বহু আলোচকে যে  মাৰ্ক্স-এঙ্গেলচৰ মৌলিক ৰচনাসমূহ পুনঃপাঠ কৰিব বিচাৰিছেতাৰ তাৎপৰ্য কম নহয়৷

          আমি কেৱল এই কথা মনত ৰখা দৰকাৰ যে চৰিত্ৰগতভাৱে মাৰ্ক্সীয় দৰ্শনৰ পৰিপ্ৰেক্ষিত একেলগে বিশ্লেষণপ্ৰৱণ আৰু ৰাজনৈতিক৷ কোনো পূৰ্ব-নিধাৰিত চিন্তাৰ আকৰণক জাপি দি নহয়, জগত আৰু জীৱনৰ বিৱৰ্তনশীল চৰিত্ৰক গভীৰভাৱে অধ্যয়ন কৰি আজিও অক্ষুণ্ণ আছে মাৰ্ক্সীয় সাহিত্যতত্ত্বৰ প্ৰাসঙ্গিকতা৷ সেয়ে সুঁৱৰিবলগা হয় লেনিনৰ দুটি বিখ্যাত উক্তি :বিপ্লৱী মতবাদ কোনো প্ৰাণহীন শাস্ত্ৰবাক্য নহয়” (বামপন্থী কমিউনিজম : শিশুসুলভ বিশৃঙ্খলা) আৰুমতবাদক বাস্তৱ  কামত লগা হয়; বাস্তৱ কাম-কাজৰ মাজত যিবোৰ প্ৰশ্নই দেখা দিয়ে, মতবাদে তাৰ উত্তৰ দিব লগা হয়” (জনসাধাৰণৰ বন্ধুসকলৰ স্বৰূপ কি?) এইবোৰ দাৰ্শনিক উপলব্ধিৰ মূল পৰিপ্ৰেক্ষিত অবিচলিত থাকিলেও বিভিন্ন পৰ্যায়ত তাৰ তাত্ত্বিক অভিব্যক্তি ভিন্ন নহৈ নোৱাৰে৷ অৰ্থাৎ ঊনবিংশ শতিকাৰ শেহত বাস্তৱতাৰ দাবীত চিন্তাধাৰা যিদৰে প্ৰকাশিত হ’ল, লেনিনৰ অভিজ্ঞতা সমৃদ্ধ বক্তব্য তাতকৈ পৃথক৷ আকৌ, লেনিনোত্তৰ ৰাছিয়াৰ সামাজিক ইতিহাসৰ বিশেষ পৰ্যায়ত দেখা গ’ল নিয়তিবাদ (determinism)- দপ্দপনি৷ গিয়ৰ্গ লুকাছে চিন্তাজীৱনৰ আৰম্ভণিত মাৰ্ক্সীয় বিশ্লেষণ পদ্ধতিৰ যি আভাস গঢ়ি তুলিছিল, শেষ পৰ্যায়ত তাৰ পৰা বহুখিনি আঁতৰি আহিছিল৷ একদৰে ইতিহাসৰ তাগিদাত গ্ৰাম্শ্চিয়ে মূল পৰিপ্ৰেক্ষিতৰ মাজতেই ভিন্ন ধৰণৰ চিন্তাৰ আকৰণ গঢ়ি তুলিছিল৷ তেওঁলোকে যদি কেৱল সময়ৰ দাবী পূৰণ কৰিয়েই শেষ হৈ লহেঁতেন তেনেহলে নতুন উত্তৰ-আধুনিক আৰু প্ৰতিবিপ্লৱোত্তৰ বিশ্বপৰিস্থিতিত লুকাছৰ বিৱৰ্তন আৰু গ্ৰাম্শ্চিৰ তত্ত্ববিশ্ব সম্প্ৰতি আকৌ পুনঃপঠিত আৰু পুনৰ্বিশ্লেষিত নহলহেঁতেন৷ একেদৰে ৰেমণ্ড ৱিলিয়ামছ, লুই আলত্যুচেৰ, টেৰি ঈগলটন, ফ্ৰেডৰিক জেমছন, থিঅ’ড’ৰ আড’র্ন’, লুছি‍য়েন, গ’ল্ডমেন, হাৰ্বাট মাৰ্কুজ, ৱাল্টাৰ বেঞ্জামিন আদিৰ বক্তব্যই নিৰ্দিষ্ট মনোযোগ দাবী কৰে৷ এওঁলোকৰ প্ৰত্যেকেই সময়ৰ দাবী অনুযায়ী চিন্তাপ্ৰকৰণ (form of thought)- পুনৰ্বিন্যস্ত কৰিবলৈ গৈ মাৰ্ক্সীয় ভাববিশ্ব (conceptual world)- মূল পৰিপ্ৰেক্ষিতক কিমানখিনি সমৃদ্ধ কৰিছে বা নতুন মাত্ৰা আৰু কৌণিকতা যোগ কৰিছেবিশেষভাৱে সেই কথা বিচাৰ্য৷

৷৷ দুই৷৷

          এই বিষয়ক যিকোনো আলোচনাৰ আৰম্ভণিত কাৰ্ল মাৰ্ক্সৰ দুটি বহুচৰ্চিত মন্তব্য স্মৰণ কৰা আৱশ্যক : () চেতনাই মানুহৰ সত্তাক নিয়ন্ত্ৰণ নকৰে; মানুহৰ সামাজিক পটভূমিয়েই তেওঁৰ চেতনাক নিয়ন্ত্ৰণ কৰে৷ () দাৰ্শনিকসকলে নানা ধৰণে এই জগতৰ ব্যাখ্যা আগবঢ়াইছে৷ জগতৰ সাৰ্বিক পৰিৱৰ্তন সাধনেই আমাৰ দায়িত্ব৷

          ঊনৈছ শতিকাৰ পটভূমিত এই দুটা কথাই যি ব্যাপক আলোড়ন তুলিছিল তাৰ কাৰণ, পৃথিৱীৰ বিভিন্ন দৰ্শনত চৈতন্যৰ সাৰ্বভৌমত্ব আছিল স্বতঃসিদ্ধ৷ মাজে-সময়ে বস্তুবাদী চিন্তাই কিছুমান প্ৰশ্ন উত্থাপন কৰিলেও চেতনাৰ একাধিপত্য আছিল প্ৰত্যাহ্বানৰ অতীত৷ মাৰ্ক্সে যেন মৌচাকত শিলগুটিহে দলিয়ালে৷ দৰ্শন যে কেৱল মাত্ৰ বায়বীয় শূন্যত বিচৰণ নহয় আৰু জগতক বিমূৰ্তায়িত কৰাৰ অভ্যস্ত প্ৰৱণতাৰ বিপৰীত দিশতো থাকিব পাৰে সত্য সন্ধানৰ বিপ্ৰতীপ পথতেওঁ এই বিষয়ত আমাক সচেতন কৰি তুলিলে৷ ইয়াৰ উপৰি বিখ্যাত জাৰ্মান দাৰ্শনিক পৰম্পৰাত বিন্যস্ত আৰু হেগেল আৰু তেওঁৰ অনুগামীসকলৰ দ্বাৰা প্ৰতিষ্ঠিত চিন্তাৰ বিপৰীতেও যাব বিচাৰিছিল মাৰ্ক্স৷ সেই দাৰ্শনিক ঐতিহ্যৰ মূল বক্তব্য আছিল, এই জগত চিন্তাত  বিধৃত আৰু সৰ্বব্যাপ্ত যুক্তিৰ বিধি ক্ৰমশঃ দ্বান্দ্বিকভাৱে উন্মোচিত হওঁতে ইতিহাসৰ প্ৰক্ৰিয়া গঢ়ি তোলে৷ যাক আমি বস্তুগত অস্তিত্ব বুলি কওঁ, সেইয়া আচলতে বিমূৰ্ত আত্মিক নিৰ্যাসৰ অভিব্যক্তি৷ মানুহৰ জীৱন প্ৰশ্নাতীতভাৱে পৰিচালিত হৈছে মানৱিক সমস্ত দৈৱ যুক্তিত৷ অৰ্থাৎ যাৱতীয় ধ্যান-ধাৰণা, সাংস্কৃতিক প্ৰত্যয়, আইন-ব্যৱস্থা, ধৰ্মবিশ্বাস সেই যুক্তিৰ সৃষ্টি৷ মাৰ্ক্সৰ এই বক্তব্যৰ বিৰোধিতা কৰি বিকল্প বাগ্ধাৰা উত্থাপন কৰিলে৷ তেওঁৰ মতে আকৰণৰ শিপা নিহিত হৈ আছে ভাবাদৰ্শৰ ভূমিত আৰু ভাবাদৰ্শ বাস্তৱ সামাজিক আৰু অৰ্থনৈতিক পৰিস্থিতিৰ ফচল৷ ইতিহাসৰ কোনো বিশেষ পৰ্বত ৰাষ্ট্ৰশক্তি যাৰ দখলত থাকে, সেই আধিপত্যবাদী (hegemonist) বৰ্গই তেওঁলোকৰ শ্ৰেণীস্বাৰ্থ অনুযায়ী সমাজ-সংস্কৃতি-সাহিত্যত নিৰঙ্কুশ প্ৰভাৱ বিস্তাৰ কৰে৷ নিজৰ উচ্চাৰণকে‍ তেওঁলোকে সমগ্ৰ সমাজৰ উচ্চাৰণ বুলি উপস্থাপিত কৰে আৰু বৃহত্তৰ জনসাধাৰণকো সেই সংকীৰ্ণ দৃষ্টিৰ অংশীদাৰ কৰি তোলে৷ সুবিধাভোগী  শ্ৰেণীৰ আছিল অফুৰন্ত অৱকাশ, তেওঁলোকে নামমাত্ৰ মূল্যত সভ্যতাৰ গছাৰূপী শ্ৰমজীৱীসকলৰ কায়িক শ্ৰম ক্ৰয় কৰিব পাৰিছিল৷ অৱসৰ বিনোদনৰ বাবে তেওঁলোকে গঢ়ি লৈছিল সাহিত্য, সংস্কৃতি, ধৰ্ম আৰু দৰ্শনৰ বিশাল সৌধ আৰু নিম্নবর্গীয়সকলৰ সমুখত সেইবোৰ সৌধক ব্যতিক্ৰমহীন সত্য হিচাপে তুলি ধৰিছিল৷ এইবাবে সাহিত্যৰ বাস্তৱতা মানে আধিপত্যবাদী শ্ৰেণীৰ বাস্তৱতা৷ বিশ্বসাহিত্যত ইয়াৰ অজস্ৰ উদাহৰণ পোৱা যায়৷ বাংলা সাহিত্যৰফালে যেতিয়াও চাওঁ, বুজিব পাৰোঁ চৰ্যাপদ আৰু ময়মনসিংহ গীতিকাব্যৰ দৰে দুই-এক ব্যতিক্ৰম বাদ দিলে প্ৰাচীন আৰু মধ্যযুগৰ বাংলা সাহিত্যৰ ইতিহাস আচলতে একমাত্ৰিক শ্ৰেণী-বাস্তৱতাৰ ইতিহাস৷ সাহিত্যিক বাগ্ধাৰাত প্ৰান্তীয় নিম্নবর্গীয়সকলৰ কণ্ঠস্বৰ প্ৰায় সৰ্বত্ৰ নিষ্পেষিত কিংবা অনুপস্থিত৷ সমাজত যিসকল ধাৰাবাহিকভাৱে নিৰ্যাতিত হৈছে, অৱধাৰিতভাৱে পাঠকৃতি (text)-তো তেওঁলোক অপাঙ্ক্তেয়৷ তাৰ উপৰি তেওেঁলাকৰ ওপৰত জাপি দিয়া হৈছে ক্ষমতাৰ নিৰীক্ষণ আৰু আধিপত্যবাদী শ্ৰেণীৰ ভাবাদৰ্শ৷ মাৰ্ক্সীয় বিশ্ববীক্ষাই এইদৰেই আমাক এনে এক দৃষ্টিকোণ উপহাৰ দিলে আৰ্থ-সামাজিক ইতিহাসৰ প্ৰাথমিকতা সবাতোকৈ গুৰুত্বপূৰ্ণ৷

          নিজৰ বক্তব্য স্পষ্ট কৰাৰ বাবে মাৰ্ক্সে  স্থাপত্যৰ পৰিভাষা ব্যৱহাৰ কৰিছিলঃ অধিগঠন (superstructure)  আৰু অৱগঠন (base) অধিগঠন বুলি কওঁতে মাৰ্ক্সে ভাবাদৰ্শ, ৰাজনীতি, সাহিত্য ইত্যাদিক বুজাইছিল আৰু অৱগঠন বুলি কওঁতে আৰ্থ-সামাজিক সম্পৰ্কক বুজাইছিল৷ ইবিলাক অতি ঘনিষ্ঠভাৱে পৰস্পৰ-সপৃক্ত৷ কোনো বিশেষ পৰিস্থিতিত মানুহে যিদৰে তেওঁৰ বস্তুজীৱন গঢ়ি তোলে, তাৰেই ৰহস্যময় ক্ষমতাত গঢ় লৈ উঠে তেওঁৰ সংস্কৃতি৷ শ্ৰেণীবিভক্ত সমাজত অৰ্থনৈতিক আৰু ৰাজনৈতিক শোষণ যিহেতু অনিবাৰ্য, সেয়ে সাহিত্য আৰু সংস্কৃতি তাৰ কলা ছাঁত কলুষিত নহৈ নোৱাৰে৷ সমাজৰ চাবুক যিসকলৰ হাতত, তেওঁলোকে এফালে গঢ়ি তোলে মিছাৰ সযত্ন প্ৰসাধনচৰ্চিত বাগ্ধাৰা আৰু আনফালে শ্বাসৰুদ্ধ কৰে শোষিতজনৰ সত্যক৷ এই প্ৰসঙ্গত পাৰি, বাঙালীৰ জীৱনত যিহেতু আধুনিকতাৰ সৈতে ঔপনিৱেশিক ইতিহাসৰ আৰু অৱক্ষয়ী আধুনিকতা আৰু উত্তৰ-আধুনিক প্ৰৱণতাৰ সৈতে নৱ্য-ঔপনিৱেশিক (neo colonial)   পৰিস্থিতিৰ সম্পৰ্ক অতি স্পষ্ট, সেয়ে সাহিত্যিক বাগ্ধাৰাৰ বহুমাত্ৰিক (multidimensional) জটিলতা বিশ্লেষণৰ বাবে মাৰ্ক্সীয় বীক্ষা আৰু পদ্ধতি অতি কার্যকৰী৷

          অৱগঠন আৰু অধিগঠনৰ সম্পৰ্ক আৰু তাৰ সম্ভাৱ্য যান্ত্ৰিকতা বিষয়ত বিশেষজ্ঞসকলে প্ৰচুৰ বিতৰ্ক আৰু আঁহফলা বিশ্লেষণ কৰিছে৷ ইয়াত এই বিষয়ে বিস্তাৰিত আলোচনা কৰাৰ প্ৰয়োজন নাই৷ অৱশ্য ইঙ্গিত হিচাপে মনত ৰাখিব পাৰি, বিদ্বতজনে‍ মাৰ্ক্সৰ বক্তব্যতো আদি পৰ্যায় আৰু পৰিণত পৰ্যায়ৰ বিভাজনক মানি লৈছে৷ বৌদ্ধিক জীৱনৰ আৰম্ভণিত মাৰ্ক্সে যিদৰে ভাবিছিল, অভিজ্ঞতা আৰু উপলব্ধিৰ মাজেদি চিন্তাধাৰা বিৱৰ্তিত হোৱাৰ ফলত পৰিণত পৰ্যায়ৰ মাৰ্ক্সে নিজস্ব চিন্তাৰ কিয়দংশ পৰিমাৰ্জন কৰিছিল৷ অৱশ্যে  ইয়াক সংশোধন বুলিব পাৰি নে নোৱাৰি সেই বিষয়ত সন্দেহ আছে৷ এই কথা নিলিখিলেওঁ যে, মাৰ্ক্সে তেওঁৰ মূল বিশ্বাসৰ পৰা পৰৱর্তীকালত আঁতৰি অহা নাছিল অথবা এনে কোনো দ্বিধাও প্ৰকাশ কৰা নাছিল যিটো আধিপত্যবাদীবৰ্গৰ পৰিপোষক বুদ্ধিজীৱীসকলৰ বাবে উল্লাসৰ কাৰণ পাৰে৷ এঙ্গেলচে জীৱনৰ শেষ পৰ্বত তেওঁৰ নিজৰ আৰু মাৰ্ক্সৰ বক্তব্য ব্যাখ্যা কৰিছিল বা স্পষ্টীকৰণ দিছিল৷ কিন্তু তেঁৱো তেওঁলোকৰ মূল দাৰ্শনিক আকৰণৰ পৰা অলপো আঁতৰি অহা নাছিল৷ তেওঁলোক দুয়োজনেই নতুন মানৱিক নিৰ্যাসৰ সন্ধান কৰিছিল আৰু নতুন মানৱবিশ্ব নিৰ্মাণৰ পথ নিৰ্মাণ কৰিছিল৷ শোষণমুক্ত পৃথিৱীৰ সপোন দেখাৰ সমান্তৰালকৈ সেই সপোন বাস্তৱায়িত কৰাৰ পথ সন্ধান কৰোঁতে তেওঁলোকে মানৱিক সমগ্ৰতাৰ দাবী মানি লৈও সাহিত্য-সংস্কৃতিৰ ফালেও দৃষ্টি নিক্ষেপ কৰিছিল৷ বিকল্প ভাববিশ্ব (conceptual world) প্ৰতিষ্ঠাৰ বাবে তেওঁলোক অধ্যৱসায়ত নিয়োজিত হৈছিল৷ কোনো ধৰণৰ কূট বৌদ্ধিকতাৰে ইয়াৰ অপব্যাখ্যা কৰা সম্ভৱ নহয়৷ ইয়াত কেৱল ইতিহাসৰ প্ৰয়োজনত আৰু আলোচনাৰ সুবিধাৰ বাবে ১৮৪৩ চনৰ ‘Economic and philosophical manuscripts’ আৰু ১৮৪৬ চনৰ ‘The German Ideology’- কথা উল্লেখ  কৰিব পাৰি৷  মাৰ্ক্স-এঙ্গেলছে‍ বাস্তৱ জীৱন প্ৰক্ৰিয়াৰ প্ৰতিফলন আৰু প্ৰতিধ্বনি‍ হিচাপে নৈতিকতা, ধৰ্ম আৰু দৰ্শনক ব্যাখ্যা কৰিছিল; এইবোৰক তেওঁলোকে  ‘phantoms formed in the brains of men’ বুলি বৰ্ণনা কৰিছিল৷ আকৌ, ১৮৯০ চনৰ পাছত লেখা চিঠি-পত্ৰত এঙ্গেলছে‍ জনাইছিল যে, সমাজৰ অৰ্থনৈতিক বৈশিষ্ট্যক তেওঁলোকে যদিও সদায়েই আন সকলো উপকৰণৰ চূড়ান্ত  নিয়ন্তা বুলি গ্ৰহণ কৰিছিলতথাপি, তেওঁলোকে এইকথা অৱগত কৰিবলৈ পাহৰা নাছিল যে, শিল্পকলাৰ দৰে চেতনাবিশিষ্ট কিছু অভিব্যক্তি তুলনামূলকভাৱে চলন্ত আৰু স্বতন্ত্ৰ৷ এঙ্গেলছে আৰু কৈছিল, মানুহৰ যথাপ্ৰাপ্ত অস্তিত্বক সলাই পেলোৱাৰ স্বাধীন প্ৰকৰণ আৰু ক্ষমতা শিল্পকলাৰ আছে৷ প্ৰকৃতপক্ষে সেইয়া যদি নহলহেঁতেন, তেনেহলে ৰাজনৈতিক বাগ্ধাৰা গঢ়ি তোলাৰ বাহিৰে অন্য কোনো উপায়েৰেই মাৰ্ক্সবাদীসকলে‍ জনগণৰ চেতনা-স্তৰক পৰিৱৰ্তিত কৰাৰ কথা ভাবিব নোৱাৰিলেহেঁতেন৷ এই গুৰুত্বপূৰ্ণ বক্তব্যক ভিত্তি কৰি মাৰ্ক্সবাদী ভাষ্যকাৰসকলে বিগত দিনৰ সাহিত্যিক বাগ্ধাৰা আৰু দৰ্শন-ভাবনা পুনঃপাঠ কৰিব পাৰে৷ দেখুৱাব পাৰে, কিদৰে আৰ্থ-সামাজিক অভিজ্ঞতাত সম্পৃক্ত হৈয়ো সেইবোৰ সাহিত্যিক আৰু দাৰ্শনিক অন্তৰ্বস্ত আৰু সেইবোৰৰ প্ৰকৰণে তুলনামূলকভাৱে স্বতন্ত্ৰ পৰিসৰ গঢ়ি তুলিছে৷ তাৰ লগতে লক্ষণীয়, কিদৰে সেই পৰিসৰৰ নন্দনে সমসাময়িক আৰু পৰৱর্তী সমাজ-ভাবনাক সূক্ষ্মভাৱে প্ৰভাৱিত কৰিছিল৷ একাগ্ৰ পাঠেৰে বুজিব পাৰোঁ, এনে ঘটে দ্বন্দ্ববাদ (dialectics)- নিয়ম অনুযায়ী৷  এইবাবেই সামন্তবাদী সমাজৰ ফচল হৈও কোনো কোনো পাঠকৃতিয়ে অনাগত দিনৰ কণ্ঠস্বৰ নিজৰ মাজত ধাৰণ কৰিব পাৰে৷ অথবা ধনতান্ত্ৰিক সমাজৰ উন্মেষ পৰ্বৰ কোনো ৰচনাত বিভিন্ন বৰ্গৰ মধ্যৱর্তী বিৰক্তিকৰ আৰু ভাবাদৰ্শগত সংঘৰ্ষই সমকালক অতিক্ৰমি যায়৷

          নিঃসন্দেহে‍ সমাজৰ অভ্যন্তৰত ঘটি থকা জটিল আৰু বহুমুখী শ্ৰেণীদ্বন্দ্ব পাঠকৃতিত অভিব্যক্ত ভাবাদৰ্শগত সংঘাত আৰু সংকটৰ আকৰ৷ কিন্তু এই কথাও মনত ৰখা প্ৰয়োজন যে অধিগঠনৰ আন সকলোবোৰ উপকৰণৰ তুলনাত সাহিত্যত সকলো সময়তে এই সম্পৰ্ক সিমান প্ৰত্যক্ষ নহয়; এনেকি বহুক্ষেত্ৰত সেইয়া সূক্ষ্ম আৰু অস্পষ্ট ৰূপত প্ৰকাশিত৷ প্ৰশ্ন হয়, তেনেহলে শিল্পৰ সত্য আৰু জীৱনৰ সত্য পৃথক নেকি? এই বিষয়ত কূট-তৰ্ক যথেষ্ট হৈছে৷ ইয়াত মাথোঁ এই কথাই পাৰি যে মূল দাৰ্শনিক পটভূমিৰ পৰা ইয়াক বিচ্ছিন্ন কৰি চাব নোৱাৰি৷ শোষণমুক্ত স্বাধীন সমাজত মানুহৰ সাৰ্বিক বিকাশ সম্পৰ্কত যিজনৰ প্ৰত্যয় অস্খলিত, তেওঁ হয়তো জীৱনানন্দৰ এক বিখ্যাত উচ্চাৰণ সোঁৱৰি পাৰেজীৱন আৰু সাহিত্য অভিন্ন বহুস্বৰিক (polyphonic) সত্যৰ দুই ধৰণৰ অপনয়ন৷ বৰং এনে কল্পনা অযৌক্তিক যে, শিল্পৰ সত্য আৰু জীৱনৰ সত্য পৃথক৷ বিপুল মানৱবিশ্বৰ সূক্ষ্ম আৰু ব্যাপক দ্বান্দ্বিক প্ৰক্ৰিয়াত ইবিলাক ভিন ভিন ধৰণে সম্পৃক্ত অৰ্থাৎ সত্যই আপাতবিভাজনৰ মাজেৰেই নিজকে সম্পূৰ্ণ আৰু প্ৰতিষ্ঠিত কৰে৷ ধনতান্ত্ৰিক সমাজৰ আগ্ৰাসনত মানুহ যিমানেই নিজা সত্তাৰ নিৰ্যাসৰ পৰা বিচ্ছিন্ন আৰু নিৰ্বাসিত হৈ পৰে, সিমানেই জগতৰ সৈতে তো কোনো সঙ্গতি বিচাৰি নাপায়৷ ক্ৰমাগতভাৱে নিজকে ব্যৰ্থ, উদ্ভট আৰু অমানৱিক জগতত আৱদ্ধ বুলি কল্পনা কৰি মানুহ হতাশাত, অসহায় অৱস্থাত, চৰম অৱসাদত ভোগে৷  বি-মানৱায়ন (dehumanisation)- প্ৰৱল অভিঘাত যিহেতু ধনতান্ত্ৰিক সমাজ-ব্যৱস্থাৰ অনিবাৰ্য পৰিণতি, লেখক-শিল্পীসকল যদি এই ব্যৱস্থাৰ অংশীদাৰ হৈ পৰে, তেনেহলে বিৰূপ আৰু বিভ্ৰান্ত বিশ্বত নিজকে অকলশৰীয়া পথিক বুলি ভাবিবলৈ তেওঁলোক অভ্যস্ত হৈ পৰিব৷ অৰ্থাৎ আধিপত্যবাদৰ ছাঁত কলুষিত লে জীৱনব্যপ্ত মিছাৰে তেওঁলোকে শিল্পতো গঢ়ি তুলিব কেৱল মিছাৰ অট্টালিকা৷ আধিপত্যবাদৰ আগ্ৰাসনে যদি লেখক আৰু শিল্পীৰ চিন্তা-চেতনাক গ্ৰাস কৰে তেনেহলে অপৰিচ্ছন্ন দাপোনত বি-মানৱায়নৰ বিকাৰ অধিক জটিল আৰু দুৰ্ভেদ্য হিচাপে প্ৰতিফলিত ব৷ সেয়ে সৃষ্টিশীল মানুহৰ বাবে স্বাধীন আৰু প্ৰশ্নময় অৱস্থান অত্যন্ত জৰুৰী প্ৰাক্চৰ্ত৷

          ধনতন্ত্ৰৰ বিৱৰ্তনে মানৱিক চেতনাৰ ওপৰত থকা নাগপাশৰ বান্ধোনক যিমানে নিৰঙ্কুশ কৰি তুলিছে, বি-মানৱায়িত পৃথিৱীৰ দপ্দপনি সম্পৰ্কে যন্ত্ৰণা-ক্ষোভ-প্ৰতিবাদ ক্ৰমশঃ সিমানে ক্ষীণ হৈ পৰিছে৷ সেয়ে কুৰি শতিকাৰ প্ৰথম পৰ্বৰ সাহিত্যত যিমানখিনি মানৱিক অভিজ্ঞান পোৱা যায়, শতিকাৰ শেষ পৰ্বত তাৰ চিহ্নমাত্ৰও নাই৷ উত্তৰ-উপনিৱেশ (post-colonial) চেতনাত নিপুণ নৱ্য প্ৰতিবাদপন্থা প্ৰকাশিত নোহোৱা পৰ্যন্ত আমি পাইছোঁ কেৱল ৰহস্যৰ বিস্তাৰ আৰু বিচ্ছিনতাবোধৰ ক্ৰমাত প্ৰসাৰিত গোপন মৃত্যুৰ ফান্দ৷ মাৰ্ক্সীয় বীক্ষা অনুযায়ী লেখক আৰু শিল্পীয়ে কেৱল মাত্ৰ পীড়া সংক্ৰমণৰ প্ৰতি তৰ্জনি সংকেত কৰি ক্ষান্ত লেই নহ; অধিগঠন স্তৰত প্ৰতিৰোধ আৰু পৰিৱৰ্তনৰ সম্ভাৱনা জাগ্ৰত কৰাৰ কৃৎকৌশল সন্ধান কৰিব লাগিব৷ ভিত্তি বা অৱগঠনৰ অলৰ-অচৰ ৰূপত বিব্ৰত বা হতোদ্যম হৈ কোনো লেখকে যদি তেওঁৰ প্ৰশ্নবান সামৰি থয় আৰু ক্ষমতাৰ দৃশ্য আৰু অদৃশ্য শৃঙ্খলত বন্দী হৈ পৰেতেনেহলে পণ্যসৰ্বস্ব বিশ্বপুঁজিবাদৰ দ্বাৰা অভিভূত আৰু জীৰ্ণ হোৱাটোৱেই তেওঁৰ নিয়তি ব৷ লেখকৰ উপস্থিতি কেতিয়াও সামাজিক অস্তিত্ব নিৰপেক্ষ নহয়; সেয়ে যিজন সোঁতৰ বিৰুদ্ধে যাব নোৱাৰে, তেওঁ সোঁতত পানী-মেটেকাৰ দৰে উটি যোৱাটোৱেই অনিবাৰ্য ভৱিতব্য৷

          এইখিনিতেই মাৰ্ক্স-এঙ্গেলছৰ এটি বিখ্যাত মন্তব্য (Collected Works : Vol.III : 1975 : 176) সোঁৱৰিব পাৰোঁ – ‘... immediate task of philosophy, which is at the service of history, once the holy form of human self-estrangement, has been unmasked, is to unmask self-estrangement in its unholy forms.’ নিঃসন্দেহে ইয়াক আপ্তবাক্য বুলি লঘু কৰিব নোৱাৰি; বৰং মানৱবিশ্বৰ খণ্ডায়ন আৰু অৱমূল্যায়নৰ বিৰুদ্ধে ঠিয় হৈ সকলো ধৰণৰ বিচ্ছিন্নতাবোধৰ বিকাৰৰ পৰা মানৱিক সমগ্ৰতাত উত্তীৰ্ণ হোৱাৰ অঙ্গীকাৰ ইয়াত লক্ষ্য কৰোঁ৷ সাহিত্য-পাঠ আৰু বিশ্লেষণ মূলতঃ ভাৱাদৰ্শৰ দ্বাৰা প্ৰাণিত আৰু সঞ্চালিত প্ৰক্ৰিয়া৷ অৰ্থাৎ ভাৱাদৰ্শগত আকৰণৰ বাহিৰত কোনো পাঠ বা ভাষ্য গঢ় লৈ উঠিব নোৱাৰে৷ আৰ্থ-সামাজিক পটভূমিত অভিব্যক্ত ভাৱাদৰ্শ আৰু শৈল্পিক-সাহিত্যিক বিকাশৰ মাজত প্ৰতিফলিত ভাৱাদৰ্শ যে গাণিতিক ঐক্যত বিধৃত নহয় সেইকথা ইতিপূৰ্বে উল্লেখ কৰিছোঁ৷ স্বয়ং মাৰ্ক্সেই সেই কথা উল্লেখ কৰি থৈ গৈছে৷ আৰ্থ-সামাজিক বাস্তৱতা আৰু শৈল্পিক বিকাশৰ মাজত জ্যামিতিক যোগসূত্ৰ সন্ধান কৰাৰ পৰিৱৰ্তে সিবিলাকৰ মাজত পৰিস্ফুট আপাত বৈষম্যক তেওঁ গুৰুত্ব দিছিল৷ প্ৰসঙ্গত গ্ৰীক ট্ৰেজেডিৰ নিবিড় অধ্যয়নলদ্ধ উপলব্ধিৰ পৰা তেওঁ কৈছিল, সাহিত্য বিচাৰত এইবোৰ ৰচনা শীৰ্ষস্থানৰ অধিকাৰী যদিও সমাজ-সংস্থা আৰু ভাৱাদৰ্শগত দিশৰ পৰা এইবোৰ জন্মিছিল সভ্যতাৰ ঊষাকালত৷ গ্ৰীক প্ৰত্নকথাত প্ৰতিফলিত ভাৱাদৰ্শ আজিৰ দিনত প্ৰাসঙ্গিক নহয়; তথাপি নতুন প্ৰজন্মৰ পাঠকে গ্ৰীক সাহিত্যৰ বাগ্ধাৰা পুনঃপাঠ কৰি গভীৰতৰ তাৎপৰ্য বিচাৰি পায়৷ এই ৰহস্যই মাৰ্ক্সে ভাবিবলৈ বাধ্য কৰিছিল৷ তেওঁ ব্যাখ্যা কৰিব বিচাৰিছিল, কিয় দীৰ্ঘকাল পূৰ্বেই হেৰাই যোৱা সমাজ-সংস্থাত জন্মা সাহিত্য-শিল্পই আজিও আমাক নান্দনিক তৃপ্তি দিয়ে৷ আমি অন্তঃকৰণে সেই সাহিত্যিক বাগ্ধাৰাৰ প্ৰলম্বিত ছাঁক লালন কৰোঁ; মূল্যৱান হিচাপে চিহ্নিতও কৰোঁ কিন্তু এই কথাও জানো যে, সেই আকল্প  (design) আৰু প্ৰাপনীয় নহয়৷ কোনো কোনোৱে কৈছে, মাৰ্ক্সে যেন নিতান্ত অনিচ্ছা সত্ত্বেও বুৰ্জোৱা ভাৱাদৰ্শৰ কিছুমান সূত্ৰ যেনে, সাহিত্য-শিল্পৰ সাৰ্বভৌম আৰু কালাতীত স্বভাৱ মানি লৈছিল৷ এওঁলোকৰ বক্তব্য, ইয়াৰ অৰ্থ অৱশেষত শিল্প-সাহিত্য সম্পৰ্কত মাৰ্ক্সে হেগেলৰ চিন্তাধাৰাত আশ্ৰয় লৈছিল৷ কিন্তু আমি মনত ৰখা প্ৰয়োজন, সকলো বস্তুকে টুকুৰা-টুকুৰকৈ চোৱাটো যিসকলৰ পদ্ধতি, তেওঁলোকে মাৰ্ক্সীয় চিন্তাবৃত্তকো সামগ্ৰিকভাৱে চোৱাৰ সলনি আংশিকভাৱে নিজেও চাব আৰু আনকো দেখুৱাব বিচাৰিব৷ মাৰ্ক্সে আচলতে মূল যিটো কথা বুজাব বিচাৰিছিল, সেয়া , মহৎ সাহিত্যৰ ক্ৰমশঃ অগ্ৰগতি আৰু সিবিলাকৰ তাৎপৰ্যৰ বিস্তাৰ সামাজিক প্ৰক্ৰিয়াৰেই ফচল৷ অৰ্থাৎ গ্ৰীক ট্ৰেজেডিৰ মহত্ব মানৱিক অস্তিত্বৰ সাৰ্বভৌম আৰু অপৰিৱৰ্তনীয় অংশ নহয়; বৰং সিবিলাকৰ মাজত প্ৰতিফলিত জীৱনাদৰ্শ প্ৰতিটো প্ৰজন্মত পুনৰ্নিৰ্মিত হয়৷ সামাজিক মনন যিহেতু বিৱৰ্তিত হৈছে, সেয়ে প্ৰতিটো পুনৰ্নিৰ্মাণ তাৰ ছাঁ-পোহৰক শুহি নতুন তাৎপৰ্যবহ হৈ উঠিছে৷

          ৰাজনৈতিক অৰ্থনীতিৰ সমালোচনাত্মক নিবন্ধৰ (১৮৫৭) খচৰাৰ শেহৰফালে মাৰ্ক্সে যিবোৰ কথা লিখিছিল সেইফালে আমি দৃষ্টি নিক্ষেপ কৰিব পাৰোঁ৷ মাৰ্ক্সে তাত প্ৰয়োগৰ মাজত তত্ত্বৰ সাৰ্থকতা বিচাৰিছিল; আপ্তবাক্য উচ্চাৰণৰ পৰিৱৰ্তে বিশ্লেষণী মননক বেছি গুৰুত্ব দিছিল৷ নিবিড় পাঠৰ পৰা এই সঙ্কেত পাওঁ যে, বস্তুবাদী বিশ্লেষণৰ মূল সমস্যা কিন্তু সাংস্কৃতিক সংগঠনৰ ঐতিহাসিক পৃষ্ঠভূমিক লৈ নহয়, পৰৱর্তী প্ৰজন্মৰবোৰত সেয়া গৃহীত আৰু পুনৰ্গৃহীত হোৱাৰ সম্ভাৱনা আৰু সংকটক লৈহে৷ মাৰ্ক্সে লিখিছিলঃ  ‘In the case of the arts, it is well known that certain periods of their flowering are out of all proportion to the general development of society, hence also to the material foundation, the skeletal structure as it were of its organisation. For example, the Greeks compared to the moderns or also Shakespeare...

          Certain significant forms within the realm of arts are possible only at an undeveloped stage of artistic development. If this is the case with the relation between different kinds of art within the realm of the arts, it is already less puzzling that it is the case in the relation of the entire realm to the general development of society. The difficutly consists only in the general formulation of those contradictions...The difficulty is that they still afford us artistic pleasure and that in a certain respect they count as a norm and as an unattainable model. A man cannot become a child again, or becomes childish. But does he not find joy in the child's naivete and must be he himself not strive to reproduce its truth at a higher stage? ... Why should not the historic childhood of humanity, its most beautiful unfoldings as a stage never to return, excrcise an eternal charm?’ (Grundrisse : Penguin : 1973 : 110-111) মাৰ্ক্সীয় সাহিত্যত্ত্বৰ আলোচনাত এই বক্তব্যৰ গুৰুত্ব অপৰিসীম৷ সেয়ে বিস্তৃত উদ্ধৃতি দিলোঁ৷ ইয়াৰ প্ৰতিটো বাক্যই আমাৰ নিবিড় মনোযোগ দাবী কৰে৷ বিশেষকৈ, উদ্ধৃতিৰ শেষৰ দুটা বাক্যত যি প্ৰশ্ন উত্থাপন কৰা হৈছে, তাৰ মাজতেই নিহিত হৈ আছে বহু জিজ্ঞাসাৰ মীমাংসাসূত্ৰ৷ সমাজৰ যি আদিম আৰু অপৰিণত স্তৰত গ্ৰীক শিল্পকলা আৰু সাহিত্যৰ আৱিৰ্ভাব ঘটিছিল, তাৰ সৈতে কোনো বিৰোধমূলক দ্বন্দ্বৰ অৱকাশ নাথাকিব যদিহে আধুনিক আৰু উত্তৰ-আধুনিক পৰ্যায়ত সেই ৰচনাসমূহ মনোযোগৰ বিষয় হৈ উঠে৷ যিবোৰ সামাজিক পটভূমিত এইবোৰৰ উদ্ভৱ, কোনো কাৰণতেই সেইবোৰ উভতি নাহেএই কথা জানি তাৎক্ষণিকভাৱে আমি হয়তো বিষণ্ণতা অনুভৱ কৰিম, কিন্তু মোহনালৈ ধাৱমান সোঁতক ৰুদ্ধ কৰি নিশ্চয় উৎসলৈ উভতি যোৱাৰ চেষ্টা নকৰোঁ৷

৷৷ তিনি৷৷

          ৰাতিৰ সকলোবোৰ তৰা যদিও দিনৰ পোহৰৰ গভীৰত লুকাই থাকে, দিনৰ পোহৰত কেতিয়াও ৰাতিৰ প্ৰহৰ উভতি নাহে৷ এটা শতাব্দীৰ পাছত উত্তৰসূৰী আলোচকসকলে যিবোৰ প্ৰশ্ন অৱতাৰণা কৰিব মাৰ্ক্সে যেন তাৰ আগজাননী দি থৈ গৈছে৷ সময় আৰু পৰিসৰৰ বিন্যাসক্ৰমত সামজিক অনুপুঙ্খবোৰ কিমান পৰিমাণে নিহিত হৈ আছে আৰু ভিন্ ভিন্ পৰিৱেশত সেই বিন্যাসক্ৰম কিদৰে পুনৰ্বিশ্লেষিত আৰু পুনৰ্গৃহীত পাৰে, পৰৱর্তী তাত্ত্বিকসকলে সেই বিষয়ত পুঙ্খানুপুঙ্খ আলোচনা কৰি নতুন নতুন প্ৰসঙ্গ উত্থাপন কৰিছে৷ কিন্তু মাৰ্ক্সীয় ভাবনাৰ পুনঃপাঠে বিজ্ঞ আদি-সূত্ৰধাৰৰ পুনঃপ্ৰতিষ্ঠাত সহায় কৰে; আমি উপলব্ধি কৰিব পাৰোঁ, তেওঁৰ তাত্ত্বিক অন্তৰ্দৰ্শন আজিও প্ৰাসঙ্গিক আৰু গুৰুত্বপূৰ্ণ৷ ঐতিহ্যৰ বিস্তাৰ ঘটে পুননিৰ্মাৰ্ণৰ মাধ্যমত আৰু বিস্তাৰৰ নিৰৱচ্ছিন্নতাই ৰাজনৈতিক বা সাংস্কৃতিক ইতিহাসৰ স্নায়ুকেন্দ্ৰ৷ সাহিত্যৰ বিশেষ মৰ্যাদাসম্পন্ন কোনো অৱস্থানক যদিওবা আমি প্ৰত্যাখ্যান কৰোঁ, তথাপি প্ৰশ্ন এটা ঘূৰি-পকি‍ আহেসমাজৰ সাধাৰণ ঐতিহাসিক বিকাশৰ পৰা সাহিত্যৰ নিজস্ব ঐতিহাসিক ধাৰাবাহিক গতি কিমানখিনি বিচ্ছিন্ন আৰু স্বাধীন? ‘Literature and Revolution’ নামৰ গ্ৰন্থখনত ট্ৰটস্কিয়ে ৰুছ প্ৰকৰণবাদী বা ৰূপবাদী (formalist)-সকলক আক্ৰমণ কৰিবলৈ গৈ মানি লৈছে যে সাহিত্যৰ নিজস্ব ঐতিহাসিক সূত্ৰ আৰু নিয়ম অনুযায়ী সাহিত্যিক বাগ্ধাৰা বিকশিত হয়৷ তেওঁ কৈছিল শিল্প সৃষ্টি ‘a changing and a transformation of reality in accordance with the peculiar laws of art’ বাস্তৱতা কি আৰু কেনেতাক লৈ মাৰ্ক্সবাদী সাহিত্য তাত্ত্বিকসকলৰ নিজৰ মাজতো যথেষ্ট বাক্‌-বিতণ্ডা হৈছে৷ ছোভিয়েট ৰাছিয়াৰ সমাজতান্ত্ৰিক বাস্তৱবাদৰো যে কিমান বিচিত্ৰ বিন্যাস দেখিবলৈ পাওঁ৷ এই বিষয়ত লুকাছৰ সৈতে হোৱা বিতৰ্ক অতি বিখ্যাত৷ যিয়েই হওক, বাস্তৱতাৰ দাৰ্শনিক আৰু প্ৰায়োগিক তাৎপৰ্য আৰু সাহিত্যিক প্ৰকৰণৰ গুৰুত্ব আৰু ভাৱাদৰ্শগত অন্তৰ্বস্তু সম্পৰ্কত মাৰ্ক্সবাদী শিবিৰো বহুধাবিভক্ত৷ আমি এইখিনিতে লক্ষ্য কৰিব পাৰোঁ, ট্ৰটস্কিয়ে বাস্তৱতাক প্ৰকৰণগত ভাৱনাত সীমাৱদ্ধ বুলি ধাৰণা কৰা নাছিল৷ তেওঁ ইয়াৰ বিপুল গুৰুত্বক স্বীকাৰ কৰিছিল৷ পৰৱর্তী  মাৰ্ক্সীয়-লেনিনীয় নন্দনতাত্ত্বিকসকলে বিশেষকৈ ছোভিয়েট ৰাছিয়াৰ গৱেষকসকলে এই বিষয়ত প্ৰচুৰ আলোচনা কৰিছে৷ আভনেৰ জিচে  লিখিছে, ‘The diversity of forms of social consciousness is born first and foremost of the diverse and many faceted nature of real life.’ (1977 : 41) এই মন্তব্যকে তেওঁ আৰু বিশদভাৱে এনেদৰে উল্লেখ কৰিছে, ‘Through its definition of subject of art, materialist aesthetics accomplished two things: on the one hand, it provides a basis for ohposition to formalist theories and the dehumanised world of anti-realist art, on the other, it provides methodological direction for realist artists’ creative practice.’ (পূৰ্ব উল্লিখিত : 43)

          এই মন্তব্যত দৃষ্টিকোণগত দুটি সিদ্ধান্ত স্পষ্ট৷ প্ৰথমতে, মাৰ্ক্সীয় লেনিনীয় বিশ্ববীক্ষাৰ দ্বাৰা অনুপ্ৰাণিত বস্তুবাদী নন্দনতত্ত্বই প্ৰকৰণবাদক বা ৰূপবাদক দ্ব্যৰ্থহীন বিৰোধিতা কৰে৷ তেনেকৈ ভাৱাদৰ্শগত কাৰণত বাস্তৱতাবিৰোধী শিল্পৰ বি-মানৱায়িত অপজগতকো প্ৰতিৰোধ আৰু প্ৰত্যাখ্যান কৰে৷ দ্বিতীয়তে মাত্ৰ কাংক্ষিত আদৰ্শ আৰু লক্ষ্য উল্লেখ কৰিয়েই বস্তুবাদী নন্দনতত্ত্বৰ দায়িত্ব শেষ নহয়; বাস্তৱবাদী শিল্পী-সাহিত্যিকৰ সৃষ্টি প্ৰক্ৰিয়া যাতে কেতিয়াও লক্ষ্যচ্যুত নহয়, তাৰ বাবে নিৰন্তৰ পৰীক্ষা আৰু পুনঃপৰীক্ষাৰ মাধ্যমত পদ্ধতিগত পথ আৰু কৃৎকৌশল যোগান ধৰে৷ ইয়াৰ অৰ্থ, নন্দন আৰু ভাৱাদৰ্শৰ সুষম সমন্বয় যেনেকৈ কাম্য, তেনেকৈ পথ আৰু পাথেয়ৰ সুসংহতি আৰু তত্ত্বৰ প্ৰায়োগিক উপযোগিতাও অতি জৰুৰী৷ মানুহক যিয়ে মানৱিক নিৰ্যাসৰ পৰা উন্মূল কৰে, সিবিলাকৰ বিৰুদ্ধে সক্ৰিয় প্ৰতিৰোধ গঢ়ি তোলাৰ বাবে এফালে মনন আৰু সৃষ্টিক জাগ্ৰত কৰি, আনফালে ভাৱাদৰ্শ আৰু মননৰ যুগ্ম সমৰ্থনে বিকল্প পথৰ পথপ্ৰদৰ্শন কৰে৷ মানুহৰ সাৰ্বিক মুক্তি অৰ্জনৰ স্বাভাৱিক আকাঙ্ক্ষা কিদৰে ছদ্ম-বাস্তৱতাৰ পিতনিত হেৰাই গৈছে সেইফালেও দৃষ্টিপাত কৰিব লগা হয় বাবে মাৰ্ক্সীয়-লেনিনীয় নন্দনচিন্তাই প্ৰকৃতি আৰু বাস্তৱতাৰ পুনৰুত্থান সম্পৰ্কীয় যাৱতীয় অনুপুঙ্খক পৰ্যালোচনা কৰে পাৰস্পৰিক অন্তৰ্বয়নৰ জটিলতাত৷ খণ্ডিত পৰিচয়ৰে নহয়, অস্তিত্বৰ সমগ্ৰতাৰে মানুহক চাব আৰু দেখুৱাব বিচাৰে৷ সেয়ে প্ৰাগুক্ত তাত্ত্বিকজনে লিখিছিল, আমাৰ সামাজিক জীৱনৰ নিৰ্দিষ্ট কিছুমান উপকৰণ বিশ্লেষণৰ মাজেদি সমাজ বিজ্ঞান সিদ্ধান্তত উপনীত হয় কিন্তু  শিল্পকলা আৰু সাহিত্যই মানুহৰ জীৱনক সুসংহত সমগ্ৰতাৰে উপস্থাপিত কৰে    ‘Art is concerned with an integral reproduction of men's life, depicting men in the totality of their relations with each other and the world around them, depicting various aspects of their life and the ways in which the diverse spheres of men's life, activity interweave.... In art, phenomena taken from life are assessed from the ideological and aesthetic angle.’ (প্ৰাগুক্ত: 45-46)

          বৰং সাৰ্থক শিল্প আৰু সাহিত্যই সামাজিক বাস্তৱতাৰ বিভিন্ন স্তৰ আৰু সিবিলাকৰ জটিল সম্পৰ্কক গভীৰভাৱে উপলব্ধি কৰাত সহায় কৰে৷ সামাজিক পৰিস্থিতিৰ নিৰ্যাস উপলব্ধি নিশ্চয় কাম্য, কিন্তু কেৱলমাত্ৰ নিৰ্যাসেই সৃষ্টিৰ আধাৰ বস্তু নহয়৷ সেই নিৰ্যাস কিদৰে জীৱনৰ বিচিত্ৰ চিত্ৰপটত মূৰ্ত হৈ উঠিছে সেয়া দেখুওৱাত আৰু বিশ্লেষণ কৰাতেই সৃষ্টিৰ উদ্যম প্ৰকাশিত হয়৷ বাস্তৱ জীৱনৰ নানা অনুষঙ্গই কিদৰে নান্দনিক প্ৰক্ৰিয়াৰ মাজেদি নতুন ৰূপ আৰু চৰিত্ৰ অৰ্জন কৰিছে আৰু নিৰ্বিশেষ হৈ উঠিছে বিশেষমাৰ্ক্সীয়-লেনিনীয় সাহিত্যতত্ত্বই সেইফালে তৰ্জনি সংকেত কৰে৷ জীৱনৰ এই বিশিষ্ট প্ৰতিফলন প্ৰকৃততে মূল্যায়ন আৰু পুনৰ্মূল্যায়ন নান্দনিক আৰু ভাৱাদৰ্শগত বিচাৰ এটা বিন্দুতে আহি মিলেহি৷ নান্দনিক চেতনা, প্ৰয়োজন, সংবেদনা, প্ৰক্ৰিয়া, দৃষ্টিকোণএই সকলোবোৰ বিচিত্ৰ সামাজিক আৰু ঐতিহাসিক অভিজ্ঞতাৰ ফচল৷ মাৰ্ক্সীয় সাহিত্যতত্ত্বৰ আলোচনাৰ ক্ষেত্ৰত লেনিনৰ অৱদানো স্মৰণীয়৷ ইতিপূৰ্বে  উল্লেখ কৰিছোঁ, নানা পৰ্যায়ত নানা চিন্তাবিদৰ যোগদানেৰে বিকশিত হৈছে এই তত্ত্ব-প্ৰস্থান৷ অৱশ্যে স্পষ্ট, মাৰ্ক্স-এঙ্গেলচৰ বাহিৰেও লেনিনৰ অৱদানো অসামান্য৷ এইবাবেই মূলতঃ ছোভিয়েট ৰাছিয়াত আৰু গৌণত বহিৰ্জগতত এই ধাৰাৰ তত্ত্বচিন্তা মাৰ্ক্সীয়-লেনিনীয় ঘৰানা হিচাপে পৰিচিত হৈছে৷ মাৰ্ক্স-এঙ্গেলছৰ দৰে লেনিনেও মূলতঃ সমাজ-বিপ্লৱী হিচাপে বিপুল কৰ্মোদ্যমেৰে নিজক নিয়োজিত কৰি ৰখাৰ মাজতে সাহিত্য-শিল্প সম্পৰ্কে যিবোৰ অভিমত আগবঢ়াইছিল, তাৰ ভিত্তিত পৰৱর্তী নন্দনতাত্ত্বিক আৰু সাহিত্য-তাত্ত্বিকসকলৰ চিন্তাৰ ভেটি গঢ় লৈছে৷ টলষ্টয় সম্পৰ্কত লেনিনৰ আলোচনা এই প্ৰসঙ্গত বিশেষ গুৰুত্বপূৰ্ণ৷ ইয়াৰোপৰি বাস্তৱ জগতৰ প্ৰতি নন্দনতাত্ত্বিক দৃষ্টিকোণ গঢ়ি তোলাৰ ক্ষেত্ৰত যিবোৰ নান্দনিক অধ্যায়ে প্ৰাধান্য পায়, লেনিনৰ বক্তব্যৰ পৰা সিবিলাকৰ সম্পৰ্কে আমি কিছু মূল্যৱান সূত্ৰ লাভ কৰোঁ৷ মানুহৰ সামাজিক আৰু ঐতিহাসিক অভিজ্ঞতা যিমানখিনি  বৈচিত্ৰ্যপূৰ্ণ, তাৰ সৈতে সঙ্গতি ৰাখি নান্দনিক দৃষ্টিকোণো অজস্ৰভাৱে প্ৰতিফলিত হয়৷ নৈব্যৰ্ক্তিক জগতৰ বিভিন্ন অভিব্যক্তিক যেতিয়া নান্দনিকভাৱে মূল্যায়ন কৰিব বিচাৰোঁ, সেই সময়ত সংবেদনা আৰু প্ৰয়োজনৰ তাগিদাও সেই বিচিত্ৰ অভিজ্ঞতাৰ সূত্ৰত গঢ় লৈ উঠে৷ স্বভাৱত বিভিন্ন বৰ্গৰ মাজত গমনা-গমণ আৰু সমাপতনৰ অভাৱ নাই৷ এইবোৰ বৰ্গক জীৱন উপলব্ধিৰ স্বতন্ত্ৰ স্তৰ হিচাপে চিহ্নিত কৰাটো অতি জৰুৰী৷ লেনিনৰ এক  বক্তব্যত  এই কথা স্পষ্ট  ‘man is confronted with a web of natural phenomena, Instinctive man, the savage does not distinguish himself from nature. Conscious man does distinguish, categories are stages of distinguishing, that is of cognising the world, focal points in the web which assist in cognising and mastering it.’ (Collected words : Vol. 38 : 93).

          আজিকালি পাঠক প্ৰতিক্ৰিয়া তত্ত্ব (readers-response theory)- অসামান্য গুৰুত্ব অৰ্জন কৰিছে৷ লেনিনৰ এটি মন্তব্যত যেন তাৰ পূৰ্বাভাস লক্ষ্য কৰোঁ৷  ‘Philosophical Notebooks’ নামৰ গ্ৰন্থখনত লেনিনে ফয়েৰবাখৰ বক্তব্য উদ্ধৃত কৰি এনেদৰে লিখিছিল – ‘the clearer manner of writing consists, among other things, in assuming that the reader also had a mind, in not expressing everything explicitly, in allowing the reader to formulate the relations, conditions and restrictions under  which alone a proposition is valid and can be conceived.’ (পৃষ্ঠা : 82) লেখকৰ আৰু পাঠকৰ সম্পৰ্ক গণতান্ত্ৰিক৷ অৰ্থাৎ লেখকে স্বৈৰতন্ত্ৰী শাসকৰ দৰে পাঠকক একোৱেই জাপি নিদিব বা ফতোৱা জাৰি নকৰিব৷ সকলো কথা মুকলিমূৰীয়াকৈ তেওঁ বুজাই দিয়াৰ প্ৰয়োজন নাই, পাঠকৰ স্বাধীন মনন আৰু কল্পনাশক্তিৰ ওপৰত নিৰ্ভৰ কৰাটোৱেই কাম্য৷ লেখকে যি কথা ইঙ্গিতেৰে কৈছে, পাঠকে তাক যেতিয়া নতুনকৈ পুনৰ্বিন্যস্ত কৰিবকেৱল তেতিয়াই কোনো ৰচনা সাৰ্থক হৈ উঠিব৷ বিৰুদ্ধবাদীসকলৰ সংঘবদ্ধ প্ৰচাৰৰ ফলত মাৰ্ক্সীয়-লেনিনীয় সাহিত্যতত্ত্বৰ একমাত্ৰিকতা সম্পৰ্কে যি বদ্ধমূল ধাৰণা প্ৰচলিত হৈ আছে, সেয়া যে নিতান্তই একদেশদর্শী লেনিনৰ প্ৰাগুক্ত মন্তব্য বিশ্লেষণ কৰিলেই এই সিদ্ধান্তত উপনীত পৰা যায়৷ এই কথা মনত নাৰাখি উপায় নাই যে এই তত্ত্বগোষ্ঠী (school of theory) জনগণৰ সৈতে জীৱন্ত সংযোগ ৰক্ষা কৰাৰ সমস্ত নান্দনিক ভাৱনাৰ স্নায়ুকেন্দ্ৰ৷ সমান্তৰালভাৱে অৱশ্যে এই কথাও মনত ৰাখিব লাগিব যে, সাহিত্যই কেৱলমাত্ৰ ৰাজনৈতিক সংগঠনক পুষ্টি যোগাবএই সূত্ৰ সম্পৰ্কে মাৰ্ক্সবাদীসকলৰ মনতো যথেষ্ট বিভ্ৰান্তি আছে৷ প্ৰসঙ্গত গৰ্কী সম্পৰ্কত লেনিনৰ কিছু বক্তব্য স্মৰণ কৰিব পাৰোঁ৷ আচলতে মূল কথাটো , সমাজ পৰিৱৰ্তনৰ প্ৰক্ৰিয়াৰ পৰা কোনো সৃষ্টিশীল মানুহেই নিজকে বিচ্ছিন্ন কৰি উট চৰাইৰ দৰে বালিত মুখ গুঁজি‍ নিশ্চিন্ত থাকিব নোৱাৰে৷ নতুন জীৱন-স্বপ্ন চাবলৈ আৰু দেখুওৱাবলৈ বিচাৰে বাবেই তেওঁলোকে সাহিত্যিক বাগ্ধাৰাত সকলো পুৰণি চিন্তা-চেতনা ভাঙি পেলাবলৈ উদ্যোগী হয়৷ একেই তাগিদাতে তাৎপৰ্যশূন্য সমাজ-ব্যৱস্থাৰ পৰা নতুন মানৱ-সমাজ গঢ়াৰ সংগ্ৰামত তেওঁলোকে অংশ গ্ৰহণ কৰে৷ শিল্পকলাৰ বাবে শিল্পকলা জাতীয় ফোঁপোলা বাগাড়ম্বৰত মাৰ্ক্সবাদীসকলৰ কোনো উৎসাহ নাই৷ অৰ্থনৈতিক আৰু ৰাজনৈতিক যুঁজ আৰু সাহিত্য-সংস্কৃতিক বি-মানৱায়নৰ আগ্ৰাসনৰ পৰা বচোৱাৰ যুঁজক তেওঁলোকে মানুহৰ সাৰ্বিক মুক্তিৰ বাটত সমানেই গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰে৷

          শোষক আৰু শোষিতৰ ক্ৰমাত তীক্ষ্ণ হৈ পৰা দ্বন্দ্ব আৰু সেই দ্বন্দ্বৰ পৰিৱৰ্তনশীল অভিব্যক্তি সম্পৰ্কত বক্তব্য উত্থাপন কৰিয়েই কিন্তু মাৰ্ক্সীয় সাহিত্যতত্ত্বৰ দায়িত্ব শেষ হৈ নাযায়৷ অগভীৰ বিচাৰৰ ফলত এই তত্ত্বগোষ্ঠীৰ মাজত যিসকলে কেৱল সৰলীকৰণৰ প্ৰক্ৰিয়াকে দেখিবলৈ পায়, তেওঁলোকে সঠিক কথা নকয়৷ মাৰ্ক্সবাদী বিশ্ববীক্ষাই এই প্ৰাথমিক পাঠ দিয়ে যে মানৱবিশ্বত স্বয়ংসম্পূৰ্ণ বুলি একো নাই৷ সকলোবোৰেই আন সত্তাৰ সৈতে সম্পৰ্কযুক্ত৷ সাহিত্য, সাহিত্যিক, পাঠক, পাঠবিশ্লেষণ পদ্ধতিএই সকলোবোৰেই বৃহত্তৰ ভাববিশ্বৰ অন্তৰ্ভুক্ত আৰু  ইয়াৰ প্ৰত্যেকেই আনৰ দাপোণত উদ্ভাসিত হৈ সত্য হৈ  উঠে৷ এইখিনিতেই মিখায়েল বাখতিনৰ চিন্তা-জগতৰ সৈতে মাৰ্ক্সীয় ভাববিশ্বৰ সাযুজ্য অতি স্পষ্ট৷ বাখতিনৰ অন্যতম মূল সূত্ৰ চেতনা আচলতে অন্যৰ প্ৰত্যয় (consciousness is otherness) আৰু প্ৰতিটো সত্তাই সহযোগী সত্তা (every being is a co-being) এই সত্তাৰ উপলব্ধি আৰু সমান্তৰালতাৰ বোধ জগত আৰু জীৱনৰ যাৱতীয় কথোপকথন প্ৰক্ৰিয়াৰ ভিত্তিভূমি৷ আনহাতে সকলো ধৰণৰ শোষণমুক্তিৰ আকাঙ্ক্ষাক সৰ্বাধিক গুৰুত্ব দিয়ে বাবেই মাৰ্ক্সীয় চেতনা-পৰিধিৰ সৈতে নিম্নবর্গীয় চেতনা, উত্তৰ-উপনিৱেশ চেতনা আৰু নাৰীচেতনাৰ আদিম প্ৰেৰণা যুক্ত হৈ পৰে৷ এইদৰেই মাৰ্ক্সীয় বিশ্ববীক্ষাই মানৱবিশ্বৰ বিভিন্ন দাৰ্শনিক ধাৰাৰ সৈতে, সত্তা আৰু অন্যৰ সমান্তৰাল উপস্থিতিৰ ভিত্তিত সংলাপ বিনিময়ৰ বাতাবৰণ গঢ়ি তুলিছে৷  পাৰস্পৰিক এই সংলাপ অপৰিহাৰ্য আৰু ক্ৰিয়াত্মক; সেয়ে মানৱিক বাগ্ধাৰা কেতিয়াও ঐকান্তিক নোৱাৰে৷ পাৰস্পৰিক বিনিময়ৰ ভিত্তিত গঢ়ি উঠে তাৰ দীপ্ত বলয়৷ এইবাবে মাৰ্ক্সীয় বিচাৰ পদ্ধতিক  নিয়তিবাদী আৰু যান্ত্ৰিক বুলি ভবাটো গ্ৰহীতাৰ অন্যমনস্কতা আৰু অগভীৰ বিচৰণৰ প্ৰমাণ৷ প্ৰতীচ্যৰ সাহিত্যতত্ত্বত এনে কোনো ভাবগোষ্ঠী (school of thought) নাই যিয়ে সেই বিচাৰ পদ্ধতিক সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিব পাৰিছে৷ বৰঞ্চ সংশ্লেষণৰ মাধ্যমত তাৰ অনেক প্ৰৱণতা আত্মস্থ কৰিছে যাতে আজিৰ মানুহৰ উপযোগী বহুস্বৰসঙ্গতি এক বাগ্ধাৰাৰ প্ৰধান আধেয় পাৰে৷ মাৰ্ক্সীয় দৰ্শনৰ অভিঘাতত অংশক আমি খণ্ডিত একক হিচাপে চোৱা নাই; চাইছোঁ সমগ্ৰৰ দাপোণত৷ আকৌ সমগ্ৰক যেতিয়া বিশ্লেষণ কৰিব বিচাৰিছোঁ, অংশ সম্পৰ্কে বস্তুনিষ্ঠ তথ্যসমৃদ্ধ দৃষ্টিকোণ গ্ৰহণ কৰিছোঁ৷ সবাতোকৈ ডাঙৰ কথা, এই জগতক কেতিয়াও অটল অচলায়তন হিচাপে চোৱা নাই  চাইছোঁ নিয়ত বোঁৱতী পৰিৱৰ্তনৰ সোঁতৰ ধাৰাত৷ বিকাশৰ প্ৰক্ৰিয়াক দ্বান্দ্বিক বুলি যিহেতু মাৰ্ক্সীবাদী তাত্ত্বিকসকলে চিহ্নিত কৰিছে, সেয়ে ইয়াৰ কেন্দ্ৰীয় ভূমিকাক কোনোপধ্যেই এৰাই চলিব নোৱাৰি৷ এই প্ৰক্ৰিয়াৰ মূল কথা , সভ্যতা-সংস্কৃতিৰ কোনো স্তৰেই তাৰ পূর্বৱৰ্তী স্তৰত সম্পূৰ্ণৰূপে আকাৰহীন নহয়৷ এই মুহূৰ্তত যি ভাবিছোঁ বা যি অৱস্থানত উপনীত হৈছোঁ, বিগত মুহূৰ্তৰ ভাবনাত বা অৱস্থানত তাৰ সম্ভৱনাখিনি অব্যক্ত হৈ আছিল৷ সেয়ে জীৱনত একোৱেই সম্পূৰ্ণৰূপে নতুন নহয়৷ এইখিনিতে হেগেলৰ প্ৰবাদপ্ৰতিম মন্তব্য এটি স্মৰণ কৰিব পাৰোঁ৷ তেওঁ কৈছিল, ‘Wesen ist was gewesen ist’  (আমাৰ সত্তাৰ নিৰ্যাস আমি কি আছিলোঁ) ফলত কোনো স্তৰকেই তাৰ পূর্বৱর্তী স্তৰৰ সীমাত ৰুদ্ধ হোৱা দেখা নাই৷ লেখক-শিল্পীসকল বিনিৰ্মাণ (deconstruction)কৰিয়েই আগুৱাই যায়; সমাজ আৰু সৃষ্টি-প্ৰক্ৰিয়াক কেতিয়াও তেওঁলোকে জৰাগ্ৰস্ত অচলায়তনলৈ পৰিণত বলৈ নিদিয়ে৷ পুৰণি শিল ভাঙি নতুন প্ৰৱাহ বোৱাব পাৰে বাবেই তেওঁলোকে মানুহৰ বোধশক্তিক ক্ৰমাগত আগবঢ়াই নিয়ে আৰু জড় চিত্তৰ অৱসাদ আঁতৰাই মনুষ্যত্বক ৰক্ষা কৰে৷ এই সকলোবোৰেই ঘটে দ্বান্দ্বিক প্ৰক্ৰিয়াৰ মাধ্যমত৷

৷৷ চাৰি৷৷

          লেনিনোত্তৰ ছোভিয়েট ৰাছিয়াত মাৰ্ক্সীয় সাহিত্যতত্ত্ব ‘সমাজতান্ত্ৰিক বাস্তৱবাদ’ৰ ধাৰণাক কেন্দ্ৰ কৰি বিকশিত হৈছিল৷ তথাকথিত ‘মুক্ত’ য়ুৰোপত এই  মতবাদৰ সমালোচনাও এক পূৰ্ব-নিৰ্দিষ্ট ধাৰাৰে আগুৱাইছিল৷  আশীৰ দশকৰ শেষৰ কেইটামান বছৰত বিশ্বপুঁজিবাদী দীৰ্ঘম্যাদি চক্ৰান্তত আৰু সমাজতান্ত্ৰিক পৃথিৱীৰ বিচ্যুতি আৰু অন্তর্লীন আত্মবিৰোধিতাৰ ফলত যিহেতু প্ৰতিবিপ্লৱী অভ্যুত্থান জয়ী , সেয়ে সাম্প্ৰতিক সময়ত উত্তৰ-মার্ক্সবাদ জাতীয় শব্দ প্ৰচলিত বলৈ লৈছে৷ সেয়ে, হয়তো এয়াই নিৰ্মোহ পুনৰ্বিবেচনাৰ আৰু নিবিড় পুনঃপাঠৰ উপযুক্ত সময়৷ ছোভিয়েট ৰাছিয়াৰ চৰকাৰী সাহিত্যতত্ত্ব বুলি কিঞ্চিৎ বিদ্ৰূপ, কিঞ্চিৎ তাচ্ছিল্যৰে তেতিয়াৰ বক্তব্যকমুক্তপ্ৰতীচ্যৰ বুদ্ধিজীৱীসকলে নস্যাৎ কৰিব বিচাৰিছিল৷ ষ্টালিনৰ সময়ত, বিশেষকৈ ১৯৩২-১৯৩৪ চনৰ মাজত, ছোভিয়েট লেখক সংঘই যি তত্ত্বৰ বুনিয়াদ ৰচনা কৰিছিল, তাৰ ভিত্তি বহুলাংশে আছিল লেনিনৰ ১৯১৭ চনৰ পূর্বৱর্তী কিছু বক্তব্য৷ সেই বক্তব্যক তেওঁলোকে পুনৰ্বিশ্লেষণ কৰি নিজৰ ব্যৱহাৰৰ উপযোগী কৰি তুলিছিল৷ এতিয়া আমি যদি ইতিহাসৰ ভিন্ন অৱতলত থিয় হৈ লেনিনৰ বক্তব্যক নতুনভাৱে বুজিব বিচাৰোঁ, তেনেহলে সমসাময়িক আসক্তি আৰু বিভ্ৰান্তিদুয়োটাকে নিলগাই জৰুৰী কেতবোৰ সিদ্ধান্তত উপনীত পাৰোঁ৷ মূল কথা , লেনিন অথবা মার্ক্স-এঙ্গেলছ – যিজনৰে বক্তব্যই বিবেচনা নকৰোঁ কিয়, ঐতিহাসিক পৰিমণ্ডল বা প্ৰেক্ষাপটৰ পৰা বিচ্ছিন্ন কৰি তেওঁলোকৰ মন্তব্য ব্যৱহাৰ কৰিব নোৱাৰি৷ তেওঁলোকে কেনে পৰিস্থিতিত কি লিখিছিল, সেয়া যদি বিবেচনা নকৰোঁ তেনেহলে বিমূৰ্তায়নৰ পক্ষপাত দেখা দিয়াতো নিশ্চিত৷ ইয়াৰ অৰ্থ অৱশ্যেই এয়া নহয় যে, নিৰ্দিষ্ট কালসীমাৰ বাহিৰত তেওঁলোকৰ বক্তব্যৰ কোনো অৰ্থ নাই৷ সেয়া হোৱা লে, দেশ-কালৰ সীমা অতিক্ৰমি সেইবোৰ আমাৰ বাবে তাৎপৰ্যবহ নহলহেঁতেন৷ কিন্তু তেওঁলোকৰ মন্তব্যৰ সঠিক অৰ্থ উপলব্ধি কৰাতো নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ দায়িত্ব৷ যেতিয়া এয়া উপলব্ধি কৰিব পাৰিম, ছোভিয়েট ৰাছিয়াত উদ্ভূত সমাজতান্ত্ৰিক বাস্তৱবাদৰ সৈতে লেনিনৰ চিন্তাৰ সাযুজ্য অথবা বিসঙ্গতি যথাযথভাৱে নিৰ্ণয় কৰিব পাৰিম৷ ত্ৰিছৰ দশকত সাহিত্যত বিৱৰ্তন, শ্ৰেণীসম্পৰ্ক বিন্যাসৰ সাহিত্যিক প্ৰতিফলন আৰু সাহিত্যৰ সামাজিক ক্ৰিয়া আৰু প্ৰাসঙ্গিকতা ইত্যাদি বিষয়ত বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপিত হৈছিল৷

          কিন্তু লেনিনৰ ‘Party organisation and party literature’ নামৰ ১৯০৫ চনৰ প্ৰবন্ধটি বহুদিন ধৰি যান্ত্ৰিকভাৱে গৃহীত হোৱাৰ ফলত যথেষ্ট সমস্যাই দেখা দিছে৷ কেনে পৰিস্থিতিত কি উদ্দেশ্যৰে লেনিনে এই প্ৰবন্ধটো লিখিছিল সেইফালে বিন্দুমাত্ৰ মনোযোগ নিদিয়াকৈ শত্ৰুপক্ষই যেনেকৈ অস্ত্ৰ চলাইছে তেনেকৈ মার্ক্সবাদীসকলেও অযথা জটিলতা সৃষ্টি কৰিছে৷ ১৯০৫ চনত বিপ্লৱী গোষ্ঠীবোৰ যেতিয়া নানা উপদলত বিভক্ত হৈ গণসংগ্ৰামক দুৰ্বল কৰি পেলাইছিল আৰু প্ৰতিবিপ্লৱী স্বৈৰতন্ত্ৰৰ দপ্দপনিত ৰুছ বিপ্লৱ বাৰ বছৰৰ বাবে পাছলৈ গৈছিল৷ সেই লণ্ডভণ্ড পৰিৱেশত উপযুক্ত কিতাপ-পত্ৰ নোপোৱাৰ সমস্যাক লেনিনে গভীৰভাৱে অনুধাৱন কৰিছিল৷ পাৰ্টি লিটাৰেচাৰ বুলি কওঁতে তেওঁ দলৰ উপযোগী কিতাপ-পত্ৰকহে বুজাইছিল, সৃজনীশীল কল্পনাৰ সাহিত্যক নহয়৷ সুস্পষ্ট  নীতিৰ ভিত্তিত নিয়ম-শৃঙ্খলা কঠোৰভাৱে প্ৰৱৰ্তন কৰাটো তেতিয়া বিপ্লৱৰ স্বাৰ্থত আৱশ্যক হৈ পৰিছিল৷ এই কথা মনত ৰাখিয়েই লেনিনে লিখিছিল – ‘Down with non-partisan writers! Down with literature supermen! Literature must become part of the common cause of the proletariet, a cog and a screw of one single great social democratic mechanism set in motion by the entire politically conscious vanguard of the entire working class.... This absolute freedom is a bourgeois or an anarchist phrase... one can not live in society and be free from society. The freedom of the bourgeois writer, artist or actress is simply masked (or hypocritically masked) dependence on the money bag, or corruption or prostitution.’ (Collected Works :  Vol. X :  45-48).

          সাহিত্যিক অতিমানৱবুলি কওঁতে লেনিনে নিশ্চয় লিঅ’ টলষ্টয়, মেক্সিম গর্কী, পুছকিন বা আলেকজেণ্ডাৰ ব্লকৰ কথা ভবা নাছিল৷ তেওঁ আচলতে মেনচেভিক গোষ্ঠীৰ প্লেখানভ, মাৰ্তভদেৰকহে আঙুলিয়াইছিল৷ এওঁলোক গণ্যমান্য বুদ্ধিজীৱী আৰু লেখক হিচাপে সম্মানিত আছিল৷ কিন্তু তেওঁলোকে সেই সংকট কালত দলৰ বাহিৰত ব্যক্তিগত ইচ্ছানুসাৰে লেখা-মেলা প্ৰকাশ কৰাৰ ফলত বিপ্লৱী সংগঠন ক্ষতিগ্ৰস্ত হৈছিল৷ বৃহত্তৰ স্বাৰ্থত এই সকলক লক্ষ্য কৰিয়েই লেনিনে কঠোৰ ভাষা প্ৰয়োগ কৰিছিল৷ তেওঁ কৈছিল, এক মুক্ত মুদ্ৰণ-প্ৰকাশন ব্যৱস্থাৰ প্ৰতিষ্ঠাই বিপ্লৱীসকলৰ কাঙ্ক্ষিত উদ্দেশ্য যিটো নাম-যশ-অৰ্থ-প্ৰতিপত্তি লাভৰ ব্যক্তিস্বাৰ্থ আৰু বুৰ্জোৱা নৈৰাজ্যবাদী ব্যক্তি-স্বাতন্ত্ৰ্যবাদৰ পৰা মুক্ত ব৷ ইয়াত সৃজনীশীল কৰ্মত নিয়োজিত সাহিত্যিকসকলৰ নিৰঙ্কুশ স্বাধীনতা ক্ষুণ্ণ কৰাৰ কথা কোৱা হোৱা নাই৷ ১৯১৭ চনৰ পাছত বিপ্লৱোত্তৰ ৰাছিয়াৰ পৰিস্থিতি যেতিয়া আমূল পৰিৱিৰ্তিত , তেতিয়াও নতুন সমাজৰ নন্দন-চিন্তা ৰৈখিকভাৱে আগুৱাই যোৱা নাছিল৷ অৱশ্যে সামাজিক দায়বদ্ধতা, প্ৰগতিশীলতা, কাল-সচেতনতা ইত্যাদিৰ তাৎপৰ্য সম্পৰ্কত নানা ধৰণৰ সূক্ষ্ম বিতৰ্ক অব্যাহত আছিল৷ জনগণৰ সাহিত্য আৰু শিল্পকলা সম্পৰ্কিত যাৱতীয় অনুষঙ্গই ক্ৰমশঃ পাৰিভাষিক মৰ্যাদা অৰ্জন কৰিলে৷

          বিপ্লৱোত্তৰ পৰিস্থিতিয়ে ওচৰা-উচৰিভাৱে ৰুছ ৰূপবাদীসকললৈ নতুন প্ৰেৰণা আনিলে আৰু তেওঁলোকে তেওঁলোকৰ শিল্পতত্ত্বক বহুখিনি পৰিমাৰ্জিত কৰিলে৷ এইফালে লেনিনৰ মৃত্যুৰ পাছত সাম্যবাদী দৃষ্টিকোণৰ নামত এক ধৰণৰ নৱ্য ৰক্ষণশীলতা ক্ৰমশঃ প্ৰকট ল৷ এওঁলোকে ৰূপবাদক খুব সন্দেহৰ চকুৰে চাইছিল আৰু ৰুছ বাস্তৱবাদৰ ঊনৈশ শতকীয় ঐতিহ্যক নতুন সাম্যবাদী সমাজৰ উপযোগী নন্দন-চিন্তাৰ একমাত্ৰ যোগ্য ভিত্তি বুলি বিবেচনা কৰিছিল৷ কুৰি শতিকাৰ প্ৰথম দশকৰ শেষৰ পৰা য়ুৰোপত সাহিত্য-শিল্প-সঙ্গীতত আধুনিকতাবাদী বিপুল ৰূপান্তৰ দেখা গৈছিল (যাৰ পুৰোধা আছিল পাবলো পিকাছো, জেমছ জয়েছ, ভাৰ্জিনিয়া উল্ফ, টি. এছ. এলিয়ট, ষ্ট্ৰাভিন্স্কি, ছোৱেনবাৰ্গৰ দৰে ব্যক্তিত্ব) ছোভিয়েট সমলোচকসকলৰ দ্বাৰা সেয়া ধনতান্ত্ৰিক সমাজৰ অৱক্ষয়ী অভিব্যক্তি হিচাপে নিন্দিত হৈছিল৷ ইয়াত অৱশ্যে এক ধৰণৰ কূটাভাস (paradox) সৃষ্টি হৈছিল৷ কিয়নো সেই আধুনিকতাবাদীসকলে প্ৰথাগত বাস্তৱবাদক প্ৰত্যাখ্যান কৰিছিল অথচ সমাজতান্ত্ৰিক নন্দনৰ নামত ৰুছ  তাত্ত্বিকসকলে তাকেই সাবটি ধৰিব বিচাৰিছিল৷ পৰৱর্তী পৰ্যায়ত সাংস্কৃতিক ৰাজনীতিৰ যি তত্ত্ব উদ্ভৱ , প্ৰাৰম্ভিক পৰ্বতে সেই ৰাজনীতি অনুপ্ৰাণিত নন্দনতত্ত্বৰ স্ব-বিৰোধিতা প্ৰকট হৈ উঠিল৷ নান্দনিক ভাবনা আৰু ৰাজনৈতিক চিন্তাৰ মাজত সাযুজ্য অনাৰ বাবে ছোভিয়েট তাত্ত্বিকসকলে জনগণৰ গ্ৰহণযোগ্যতাক সৰ্বাধিক গুৰুত্ব দিছিল৷ তেওঁলোকৰ মতে, কোনো কালপৰ্বৰ শিল্প-সৃষ্টি মৰ্যাদাপূর্ণ পাৰে কেৱল সমাজ চেতনাৰ শক্তিত৷ যুগৰ আনন্দ আৰু ব্যাধি, অনুভূতি আৰু অভিজ্ঞতাই যথাৰ্থ শিল্পীক যিদৰে আলোড়িত কৰে তেনেকৈয়ে তেওঁৰ মাজত থাকে প্ৰগতিৰ প্ৰতি পোষকতা৷ বৰ্তমানৰ দাপোণত তেওঁ ভৱিষ্যত সম্ভাৱনাক অস্পষ্টভাৱে প্ৰকাশ কৰে আৰু তাৰ লগতে অতীতৰো পুনৰ্মূল্যায়ন দাঙি ধৰে৷ অৱশ্যে সকলোবোৰ ঘটে সৰ্বসাধাৰণ শ্ৰমজীৱী মানুহৰ চেতনাত ৰঞ্জিত হৈহে৷  তেওঁলোকৰ প্ৰত্যয় আকাঙ্ক্ষিত সমাজতান্ত্ৰিক সমাজবোৰত সঁচা অৰ্থৰ লোকপ্ৰিয় শিল্পকলাবোৰ জনগণৰ ওচৰত গ্ৰহণযোগ্য আৰু তেওঁলোকৰ সত্তাত হেৰাই যোৱা সমগ্ৰতাৰ বোধ উভতাই  দিব৷ ইয়াৰ উপৰি শিল্পকলাৰ শ্ৰেণী-স্বভাৱক লৈও ছোভিয়েট তাত্ত্বিকসকলে যথেষ্ট আলোচনা আগবঢ়াই গৈছে৷ এফালে তেওঁলোকে গুৰুত্ব আৰোপ কৰিছিল শ্ৰেণী-চেতনাৰ প্ৰতি লেখকৰ দায়বদ্ধতা আৰু আনফালে পাঠকৃতি (text)- প্ৰতিফলিত সমাজতাত্ত্বিক বাস্তৱতাৰ অভিব্যক্তিত৷

          কিন্তু, এইখিনিতেই মনত ৰখা প্ৰয়োজন, সমাজতান্ত্ৰিক আদৰ্শ সম্পৰ্কে সচেতন লেই যে সাৰ্থক শিল্প সৃষ্টি তেনে কোনো কথা নাই৷ এই প্ৰসঙ্গত বালজাক সম্পৰ্কত এঙ্গেলছ উক্তি স্মৰণ কৰিব পাৰি৷ ৰাজতন্ত্ৰৰ প্ৰতি প্ৰতিক্ৰিয়াশীল সমৰ্থন থকা সত্ত্বেও বালজাকে কিন্তু ফৰাছী দেশৰ আৰ্থ-সামাজিক অনুপুঙ্খবোৰক তৎকালীন ঐতিহাসিক আৰু অৰ্থনীতিবিদসকলৰ তুলনাত বহু বেছি সাৰ্থকভাৱে প্ৰকাশ কৰিব পাৰিছিল৷ লেখকৰ নিজস্ব শ্ৰেণীস্বাৰ্থ আৰু ৰাজনৈতিক পক্ষপাতিত্ব যিফালেই নাথাকক কিয়, তেওঁৰ সংবেদনশীল মনে কিন্তু বিপ্লৱকালীন সত্যক আলোকিত কৰি তুলিছে৷ এঙ্গেল্ছৰ এই বিশ্লেষণ মার্ক্সীয় সাহিত্য তাত্ত্বিকসকলৰ অন্যতম মূল অৱলম্বন হিচাপে বিবেচিত পাৰে৷ কিন্তু ১৯৩৪ চনত ছোভিয়েট লেখক সংঘৰ অধিৱেশনত যি ধৰণৰ বিতৰ্ক হৈছিল, তাৰেই ফলশ্ৰুতিত পৰৱৰ্তী পৰ্যায়ত সমাজতান্ত্ৰিক বাস্তৱবাদৰ নান্দনিক ভাবনা বহু পৰিমাণে বৃত্তবন্দী হৈ পৰে৷ সেই অধিৱেশনত মূল বক্তা আন্দ্ৰে ঝানোভে সমবেত লেখকসকলৰ সমুখত ষ্টালিনৰ এটি মন্তব্য দাঙি ধৰিছিল৷ লেখকসকলক তেওঁমানৱাত্মাৰ অভিযন্ত্ৰা’ (Engineers of the human soul) হোৱাৰ বাবে আহ্বান জনাইছিল৷ অত দিনে লেখক-শিল্পীসকলৰ ওপৰত মতান্ধ ৰাষ্ট্ৰশক্তিৰ পীড়ন বহুখিনি প্ৰত্যক্ষ হৈ উঠিছিল৷ অৰ্থাৎ ঠিক সাতসত্তৰ বছৰৰ পূৰ্বে এঙ্গেলছে‍ যদিও মাৰ্গাৰেট হাৰ্পনেছলৈ দিয়া চিঠিত স্পষ্টভাৱেসমাজতান্ত্ৰিকউপন্যাস  নিলিখাৰ বাবে প্ৰশংসা কৰিছিল আৰু আঠচল্লিছ বছৰ পূৰ্বে লেনিনে টলষ্টয় সম্পৰ্কীয় ৰচনাত যথেষ্ট সংবেদনশীলতাৰ পৰিচয় দিছিল৷ ঝানোভেৰৰ সময়ত তাৰ বহুখিনিয়েই পৰিৱৰ্তিত ল৷ এইবাবেই তেওঁ নিদ্বিৰ্ধায় আৰু সগৰ্ভে ঘোষণা কৰিলে, ‘Yes, Soviet literature is tendentious, for in epochs of class struggle – there is not and cannot be a literature which is not class literature, not tendentious, allegedly non-political.’

৷৷ পাঁচ৷৷

          ঊনবিংশ শতিকাতকৈ কুৰি শতিকাত মার্ক্সীয় সাহিত্য চিন্তাৰ-বিৱৰ্তন ৰেখাডাল অতি কৌতূহলব্যঞ্জক৷ প্ৰায়োগিক সমাজবিজ্ঞানৰ আকল্প (scheme/ design) নিৰ্মাণ কৰিবলৈ গৈ চিন্তাবিদসকলে যি সাংস্কৃতিক অণুবিশ্ব (microcosm)-ৰ কথা উত্থাপন কৰিছিল, তাত শিল্প আৰু সাহিত্যৰ ভূমিকা আছিল নিচেই গৌণ৷ তথাপি এয়াও ঠিক যে ইয়াৰ গুৰুত্ব তেওঁলোকে অস্বীকাৰ কৰা নাই৷ ঊনবিংশ শতিকাৰ শেষত মার্ক্সবাদৰ সাংস্কৃতিক বীক্ষা কিদৰে গঢ়ি উঠিছিল, জি. ভি. প্লেখানভৰ ৰচনাৰ পৰা আমি তাৰ এক ধাৰণা কৰিব পাৰোঁ৷ তেওঁৰ ‘Unaddressed Letters’ আৰু ‘Art and Social Life’- প্ৰাগুক্ত চিন্তা-বিৱৰ্তনৰ ৰূপৰেখাকে বুজাই দিয়ে৷ সেই সময়ত মার্ক্সীয় চিন্তাধাৰাত যি নৈতিক স্বৰ স্পষ্ট আছিল, তাৰ প্ৰভাৱ প্লেখানভৰ মাজতো আছে৷ তেওঁ শিল্পকলাৰ শক্তিক স্বতঃসিদ্ধ বুলি ধৰি তাৰ সামাজিক মূল্য নিৰ্ধাৰণ কৰিছে৷ ইতিহাস সম্পৰ্কত তেওঁৰ সাধাৰণ দৃষ্টিকোণৰ বিশ্বাসযোগ্যতা পৰীক্ষা কৰাৰ আধাৰ হিচাপে তেওঁ শিল্পকলাকে বিবেচনা কৰিছিল৷ তেওঁৰ মতে, শিল্পকলাই যিহেতু নিজকে সংস্কৃতিৰ উচ্চতম সোপানত উন্নীত কৰিব পাৰে, সেয়ে তাৰ বিপুল বৌদ্ধিক শক্তি অনস্বীকাৰ্য৷ ইয়াত মাত্ৰ ইয়াকে পাৰি যে, নন্দন সম্পৰ্কিত বৈজ্ঞানিক তত্ত্ব বিন্যাসৰ ক্ষেত্ৰত প্লেখানভৰ অৱদান কিমানখিনি সেই বিষয়ত সংশয়ৰ অৱকাশ আছে৷ কিন্তু বস্তুবাদী সমাজতান্ত্ৰিক মনস্তত্ব অনুযায়ী শিল্পকলাৰ উপযোগিতা কিদৰে উৎপাদন সম্পৰ্ক আৰু উৎপাদিকা শক্তিৰ সৈতে সংশ্লিষ্ট, এই বিষয়ত তেওঁৰ চিন্তাই মনোযোগ দাবী কৰে৷ কোনো কোনোৱে কৈছে, প্লেখানভ তত্ত্বৰ ফালৰ পৰা পজিটিভিষ্ট হোৱাত প্ৰয়োগৰ ক্ষেত্ৰত নিয়তিবাদী প্ৰভাৱৰ প্ৰতি এক ধৰণৰ অতিশয় আদৰ দেখুৱাইছে; পৰৱৰ্তী মার্ক্সবাদী চিন্তাত শৈল্পিক বাগ্ধাৰাত হস্তক্ষেপৰ প্ৰসঙ্গই যদিও বিশেষ গুৰুত্ব পাইছে, প্লেখানভে সেই বিষয়ত একো কোৱা নাই৷

          অৱশ্যে কেইবছৰমানৰ ভিতৰত ইতিহাস আৰু সাহিত্যিক বাগ্ধাৰাত হস্তক্ষেপ কৰাৰ বিষয়টোৱে মার্ক্সীয় শিল্প বিচাৰত প্ৰাধান্য পাইছে৷ পৰৱৰ্তী প্ৰজন্মৰ তাত্ত্বিকসকলে কাউৎস্কি আৰু প্লেখানভক সন্মান দেখুৱাইছে কিন্তু অনুসৰণ কৰা নাই৷ লেনিন, ট্ৰটস্কি, লুক্সেমবুৰ্গ আদি চিন্তাবিদসকলৰ অনিবাৰ্য আলোচ্য বিষয় আছিল ৰাজনৈতিক সংগঠন, বৈপ্লৱিক সংগ্ৰামৰ ৰণকৌশল আৰু সমাজতান্ত্ৰিক পুনৰ্নিৰ্মাণৰ বিপুল কৰ্মযজ্ঞ৷ শিল্প আৰু সংস্কৃতি বিষয়ক তেওঁলোকৰ চিন্তাধাৰা এই ঐতিহাসিক পটভূমিৰ দ্বাৰা নিয়ন্ত্ৰিত৷ সেয়ে ইতিহাসৰ অমোঘ নিয়মত মার্ক্সীয় সাহিত্যতত্ত্ব স্তৰে স্তৰে বিন্যস্ত আৰু পুনৰ্বিন্যস্ত হৈছে৷ এই তত্ত্বগোষ্ঠীৰ ক্ৰমবিকাশ কেৱল মাত্ৰ বিশ্বাসীসকলৰ ওপৰতে ন্যস্ত নাছিল৷ মার্ক্সীয় উৎস-বহিৰ্ভূত চিন্তা-ধাৰাইও এই তত্ত্বক নানা ধৰণে পুষ্টি প্ৰদান কৰিছে৷ যেনে, ৰোমান ৱাকবচন, ভিক্টৰ স্কলোভস্কি, য়ুৰি টিনিয়ানভ্আদি ৰূপবাদীয়ে কিছুমান ক্ষেত্ৰত বৈপ্লৱিক কৰ্মকাণ্ডৰ প্ৰতি সহানুভূতিশীল হোৱা সত্ত্বেও আৰু বৌদ্ধিক ক্ষেত্ৰত মার্ক্সবাদৰ সৈতে ঐক্যসূত্ৰ বিচাৰিলেও মূলতঃ স্বতন্ত্ৰ পথগামী আছিল৷ পাৰস্পৰিক বিনিময়ৰ প্ৰেৰণাত তেওঁলোকে নন্দন চিন্তাৰ বাবে এক ধৰণৰ বৈজ্ঞানিক অনুষঙ্গ সৃষ্টি কৰিছিল৷ সাংস্কৃতিক প্ৰেৰণা আৰু অস্তিত্ব আৰু পৰিৱৰ্তনৰ ক্ষেত্ৰত নিৰ্দিষ্ট উপায়ৰ পক্ষপাতী হৈও তেওঁলোকে গঢ়ি তুলিব বিচাৰিছিল সমালোচনা আৰু সাহিত্যিক প্ৰক্ৰিয়াৰ নতুন বিধি৷ ছোভিয়েট ৰাছিয়াৰ অতিশয় অস্থিৰ অৱস্থাৰ প্ৰথম পৰ্বত বৌদ্ধিক আৰু শৈল্পিক ক্ষেত্ৰত যি অসামান্য পৰিস্থিতি সৃষ্টি হৈছিল, তাত তেওঁলোকৰ অৱদান সামান্য নহয়৷ আকৌ ৰূপবাদ নিজেও ঐতিহাসিক পটভূমিৰ দ্বাৰা পুনৰ্নিৰ্মিত হৈছিল৷ কোনো কোনোৱে কয়, মিখায়েল বাখতিনৰ চিন্তাধাৰাত উত্তৰ-ৰূপবাদী ভাবনাৰ ছাপ আছে৷ ষ্টেলিনৰ পৰ্যায়ত ক্ৰমশঃ সাংস্কৃতিক বহুত্ববাদৰ সমস্ত চিহ্ন ক্ৰমান্বয়ে লোপ পালে৷ ফলত সাহিত্যতত্ত্বও তেতিয়া প্ৰৱলভাৱে আংগিক-সৰ্বস্ব হৈ পৰিল৷ সবাতোকৈ ডাঙৰ কথা, শিল্পীৰ আপেক্ষিক স্বাধীনতা অস্বীকৃত ল৷ সমাজতান্ত্ৰিক বাস্তৱবাদৰ নামত একৰৈখিক (linear) আৰু একস্বৰিক (gomophonic) জগত নিৰঙ্কুশ হৈ পৰিল৷ এই সময়ত বৈপ্লৱিক ৰাজনৈতিক চিন্তাক লেনিনবাদ বুলি প্ৰচাৰ কৰাৰ ফলত পৰৱৰ্তী সাহিত্যতত্ত্বও মার্ক্সীয়-লেনিনীয় সাহিত্যতত্ত্ব হিতাপে পৰিচিত বলৈ ধৰিলে৷ তৰ্ক-বিৰ্তকৰ বাবে কোনো স্থান নথকাৰ বাবেই সমাজতান্ত্ৰিক নতুন মানুহৰ উদ্ভৱ আৰু ক্ৰমবিকাশ সম্পৰ্কীয় যাৱতীয় চিন্তা তাৎপৰ্যশূন্য হৈ পৰিল৷

          তত্ত্বগোষ্ঠীৰ ক্ষেত্ৰত আৰু যিসকলৰ বিপুল অৱদানে এই চিন্তাবৃত্তত নতুন মাত্ৰা যোগ কৰিছে, তেওঁলোকৰ ভিতৰত বিশেষভাবে উল্লেখযোগ্য এণ্টনিঅ’ গ্ৰাম্শ্চি আৰু ক্ৰিষ্ট’ফাৰ কডৱেল৷ ইটালিৰ বিক্ষুদ্ধ পৰিৱেশত গ্ৰাম্শ্চিৰ নতুন চিন্তাই কেৱল মার্ক্সবাদৰ প্ৰায়োগিক উপযোগিতাকে বঢ়োৱা নাই, সাহিত্য আৰু সংস্কৃতিচিন্তাৰ ক্ষেত্ৰতো বিপুল তৰঙ্গাভিঘাত সৃষ্টি কৰিলে৷ এইবাবেই বিগত দহ বছৰে য়ুৰোপীয় মার্ক্সবাদী আৰু উত্তৰ-আধুনিকতাবাদী চিন্তাবিদসকলে গ্ৰাম্শ্চিৰ বক্তব্যক সম্পূৰ্ণৰূপে নতুনকৈ পুনৰ্বিবেচনা কৰিয়েই আছে৷ আনহাতে কডৱেল আছিল প্ৰকৃতি বিজ্ঞান আৰু সাহ্যিত্যত সমান পাৰদৰ্শী ব্যক্তি৷ তেওঁৰ ‘Illusion and Reality’ আৰু  ‘Studies on a Dying Culture’ দীৰ্ঘদিন মার্ক্সীয় সাহিত্যতত্ত্বৰ অন্যতম প্ৰধান বাগ্ধাৰা হিচাপে স্বীকৃত হৈ আহিছে৷

          ইয়াৰ পাছতে আমাৰ মনলৈ আহে গিয়ৰ্গ লুকাছৰ নাম৷ মার্ক্সীয় সাহিত্য-সমালোচনাত নিঃসন্দেহে তেওঁ পুৰোধা ব্যক্তি৷ সমাজতান্ত্ৰিক বাস্তৱবাদৰ সৈতে যেনেকৈ তেওঁৰ সম্পৰ্ক অতি ঘনিষ্ঠ, তেনেকৈ এই বিষয়ত সূক্ষ্ম সমালোচনাত্মক বক্তব্যও তেওঁ আগবঢ়াই থৈ গৈছে৷ মার্ক্সীয় চিন্তা-বিশ্লেষণৰ ক্ষেত্ৰত তেওঁ স্পষ্টকৈ হেগেলীয় শৈলী প্ৰৱৰ্তন কৰিছিল৷ অৰ্থাৎ সাহিত্যিক পাঠকৃতিক তেওঁ এক নিৰ্দিষ্ট বিকশিত পদ্ধতিৰ প্ৰতিফলন হিচাপে দেখুৱাব বিচাৰিছিল৷ তেওঁৰ মতে, বাস্তৱবাদী ৰচনাত অৱশ্য‍েই থাকিব কোনো সমাজ-পদ্ধতিত নিহিত আত্মদ্বন্দ্বৰ আকল্প সম্পৰ্কে সূক্ষ্ম প্ৰকাশ৷ সমাজ-সংস্থাৰ বস্তুগত আৰু ঐতিহাসিক প্ৰকৃতিৰ ওপৰত যিহেতু লুকাছে‍ গুৰুত্ব আৰোপ কৰিছিল, সেয়ে তেওঁৰ দৃষ্টিভঙ্গী আছিল মূলতঃ মার্ক্সীয়৷ লুকাছৰ দ্বাৰা ব্যৱহৃতপ্ৰতিফলনশব্দটো তেওঁৰ সামগ্ৰিক বিশ্লেষণ উপলব্ধি কৰাৰ চাবিকাঠি৷ সমসাময়িক য়ুৰোপীয় উপন্যাসৰ প্ৰকৃতিবাদ (naturalism)- প্ৰত্যাখ্যান কৰি তেওঁ প্ৰাচীনতৰ বাস্তৱবাদী দৃষ্টিকোণলৈ উভতি গৈছিল৷ অৰ্থাৎ তেওঁৰ বক্তব্য আছিল, উপন্যাসে যি বাস্তৱক প্ৰতিফলিত কৰে সেইয়া কেৱল মাত্ৰ বাহ্যিক অবয়ব ব্যক্ত কৰাতেই সীমাৱদ্ধ নহয়৷ লুকাছৰ কাঙ্ক্ষিত উদ্দেশ্য , বাস্তৱৰ এনে গতিশীল প্ৰতিফলন ঘটোৱা, যিয়ে আৰু গভীৰ সত্য, আৰু সম্পূৰ্ণ আৰু অধিক স্পষ্ট আয়তন সম্পৰ্কে আমাক অৱগত কৰিব পাৰে৷ এই প্ৰতিফলনৰ পাৰিভাষিক তাৎপৰ্য কি? ইয়াৰ অৰ্থ, শব্দলৈ ৰূপান্তৰিত মানসিক আকৰণৰ বিশিষ্ট উপস্থাপনা৷ সাধাৰণভাৱে জনসাধাৰণৰো বাস্তৱৰ প্ৰতিফলন সম্পৰ্কে নিজস্ব ধাৰণা থাকে৷ লক্ষ্য কৰিলে দেখা যায়, সেইয়া কেৱল বস্তু-সন্নিৱেশৰ চেতনা নহয়, মানৱ-স্বভাৱ আৰু সামাজিক সম্পৰ্ক বিষয়তো প্ৰাসঙ্গিক৷

          লুকাছে‍ কৈছি‍ল, উপন্যাসে পাঠকক বাস্তৱতাত নিহিত গভীৰ অন্তৰ্দৃষ্টি সম্পৰ্কে প্ৰতি মুহূৰ্তত সচেতন কৰি তোলে, যিয়ে সাধাৰণ বস্তু-প্ৰতীতিক অতিক্ৰম  কৰে৷ তাৰ বাহিৰেও সাহিত্যিক পাঠকৃতিয়ে কোনো বিচ্ছিন্ন ব্যক্তি-অস্তিত্বক প্ৰতিফলিত নকৰে, জীৱনৰ সম্পূৰ্ণ প্ৰক্ৰিয়াক তুলি ধৰে৷ সতৰ্ক পাঠকে এই কথা মনত ৰাখে যে, পাঠকৃতি নিজেই বাস্তৱতা নহয়; সেইয়া বাস্তৱতা প্ৰতিফলনৰ বিশেষ প্ৰকৰণ৷ এই বিষয়ে ইয়াত বিস্তৃত আলোচনা নকৰি আমি মাত্ৰ ইয়াকে পাৰোঁ যে, লুকাছে‍ মার্ক্সীয় বিচাৰ-পদ্ধতিক হেগেলীয় শৈলী অনুসৰণ কৰি বিকশিত কৰিছিল বাবেই তেওঁৰ উপন্যাস-চিন্তাই মার্ক্সীয় সাহিত্যতত্ত্বৰ আদিপৰ্বৰ বিভিন্ন বৈশিষ্ট্য ধাৰণ কৰিছে৷ তেওঁৰ ‘History and class consciousness’, ‘Soul and form’,‘Theory of the novel’ তত্ত্বচিন্তাৰ এটি পৰ্যায়ক আৰু¸ ‘The Historical Novel’, ‘Studies in Europeon Realism’  আৰু ‘The meaning of contemporary realism’ আন এটি পৰ্যায়ক প্ৰতিনিধিত্ব কৰিছে৷ আধুনিকতাবাদ সম্পৰ্কে মার্ক্সবাদীসকলৰ আপত্তি ইয়াত বিস্ময়কৰভাৱে প্ৰকাশিত হৈছে৷ বিশেষকৈ জয়েছ, কাফ্কা, বেকেট, মান আৰু ফকনাৰ সম্পৰ্কে তেওঁৰ চমৎকাৰ বিশ্লেষণৰ পৰা আমি মার্ক্সীয় বিচাৰ পদ্ধতিৰ বহুকেইটা মূল্যৱান সূত্ৰ পাওঁ৷ আধুনিকতাবাদৰ ভাৱাদৰ্শক প্ৰতিক্ৰিয়াশীল বুলি বৰ্ণনা কৰি তেওঁ সিবিলাকৰ মাজত কোনোধৰণৰ সাহিত্যিক সম্ভাৱনা বিচাৰিবলৈ অনিচ্ছা প্ৰকাশ কৰিছিল৷ তেওঁৰ মতে, আধুনিকতাবাদী অন্তৰ্বস্তু যিহেতু প্ৰতিক্ৰিয়াশীল, একে কাৰণতে আধুনিকতাবাদৰ আঙ্গিকো গ্ৰহণৰ বাবে অযোগ্য৷ আধুনিকতাবাদী সকলৰ চকুত কেৱল ফুটি উঠিছিল শ্ৰেণীদ্বন্দ্ব জৰ্জৰিত সমাজৰ নৈব্যৰ্ক্তিক বস্তুবাদৰ সলনি উদ্বেগ (angst) আৰু অৱসান (ennui) ক্লিষ্ট জগতৰ ছবি৷ সেই সময়ত আঙ্গিকগত ক্লিষ্ট জগতৰ ছবি৷ সেই সময়ত আঙ্গিৰগত পৰীক্ষা-নিৰীক্ষাৰ যি বান হৈছিল, তাৰ কাৰণ, আত্মগত উপলব্ধি সম্পৰ্কে এক ধৰণৰ তাচ্ছ‍িল্য৷ বিকশিত ধনতন্ত্ৰৰ অভিঘাতে যি প্ৰকট ব্যক্তিবাদ আৰু বিচ্ছ‍িন্নতাবোধ ইতিহাস আৰু সামাজিক প্ৰক্ৰিয়াক বিমূৰ্তায়িত কৰি অৰ্থহীন প্ৰতিপন্ন কৰিছিল--- এই সকলোবোৰ তাৰেই পৰিণাম৷

          ত্ৰিছৰ দশকৰ আদিতে আধুনিকতাবাদী আঙ্গিক সম্পৰ্কত লুকাছৰ আপত্তিয়ে বাৰ্টল্ট ব্ৰেখ্টৰ সৈতে বিতৰ্কৰ সূত্ৰপাত ঘটালে৷ ১৯২৬ চনৰ পূৰ্বে ব্ৰেখ্টৰ নাটকত বুৰ্জোৱা শ্ৰেণীৰ প্ৰতি বিৰোধিতা থাকিলেও তাত স্পষ্ট ৰাজনৈতিক দায়বদ্ধতা নাছিল৷ মার্ক্সবাদৰ সৈতে পৰিচিত হোৱাৰ পাছত তেওঁৰ ৰচনাত শ্ৰমিক শ্ৰেণীৰ উপললব্ধি ক্ৰমশঃ প্ৰকাশিত বলৈ লে যদিও তেওঁ কেতিয়াও কমিউনিষ্ট পাৰ্টিৰ সদস্য নহল৷ নাৎছীবাদৰ উত্থানৰ পাছত তেওঁ জাৰ্মানী এৰি নিৰ্বাসিত জীৱন-যাপন কৰিবলৈ বাধ্য ল৷ ১৯৪৯ চনত তেওঁ পূব-জাৰ্মানীলৈ ঘূৰি আহে যদিও ষ্টেলিনবাদী কতৃৰ্পক্ষৰ বাবে ব্ৰেখ্ যথেষ্ট অস্বস্তিৰ কাৰণ হৈ পৰিছিল৷ কাৰণ, সমাজতান্ত্ৰিক বাস্তৱবাদ আছিল বস্তুবাদী বিভ্ৰম, আনুষ্ঠানিক (technical, formal) ঐক্য আৰু ইতিবাচক নায়কৰ পক্ষপাতী : আনফালে ব্ৰেখ্টে নাট্যপদ্ধতি হিচাপে যি ‘alienation effect’ তুলি ধৰিছিল--- তাৰ সৈতে সূত্ৰায়িত শিল্পতত্ত্বৰ সাযুজ্য নাছিল৷ তেওঁ সেই পদ্ধতিৰে বৰং বস্তুবাদী বিভ্ৰমকে ভাঙি খণ্ড-বিখণ্ড কৰিব বিচাৰিছিল৷ সবাতোকৈ ডাঙৰ কথানায়ক ধাৰণাক প্ৰত্যাখ্যান কৰি ব্ৰেখ্টে জীৱনৰ অপ্ৰসাধিত কৰ্কশতাক সমুখলৈ আনিছিল৷ আনহাতে, লুকাছে‍ যি ধৰণৰ প্ৰাকৰণিক কৌশল (সেইয়া নতুনেই হওঁক কিংবা পুৰণি) নিদ্বিৰ্ধায় ব্যৱহাৰ কৰাৰ কথা কৈছিল, ব্ৰেখ্টে তাৰ বিৰোধিতা কৰিছিল৷ ইয়াৰোপৰি লুকাছে যিদৰে বিশেষ ধৰণৰ সাহিত্যিক আঙ্গিকক বাস্তৱবাদৰ একমাত্ৰ যথাৰ্থ আদৰ্শ বুলি প্ৰমাণ কৰিব বিচাৰিছিল, তাক ব্ৰেখ্টে ৰূপবাদৰেই এক বিপজ্জনক ধৰণ বুলি ধাৰণা কৰিছিল৷ কোনো বিশেষ যুগৰ বিশেষ আঙ্গিক যিমান ডাঙৰ সাহিত্য-প্ৰতিভাৰ মাজতেই বিধৃত নহওঁক কিয়, সেইয়া নিৰ্বিচাৰে অনুসৰণ কৰা ভুল৷ অন্য বাস্তৱবাদীৰ পদ্ধতি যিজনে নকল কৰিব, তেওঁ নিজস্ব বাস্তৱৰ পৰা সেই মুহূৰ্ততে বিচ্যুত অৰ্থাৎ নিজকে পুনৰ বাস্তৱবাদী বুলি পৰিচয় দিব নোৱাৰিব৷ ধনতান্ত্ৰিক ব্যৱস্থাৰ সমস্ত চতুৰ ছদ্মবেশ চিনাক্ত কৰিবৰ বাবে ব্ৰেখ্টে নতুন নতুন উপায়েৰে তেওঁৰ দৰ্শকৰ সম্ভাৱ্য অনামনস্কতা আৰু তৃপ্তিবোধত আঘাত কৰিব বিচাৰিছিল৷ তেওঁৰ এটি তাৎপৰ্যপূৰ্ণ মন্তব্য এইখিনিতে স্মৰণ কৰিব পাৰোঁ৷ তেওঁ কৈছিল, ‘Methods wear out, stimuli fail. New problems loom up and demand new techniques. Reality alters : to respresent it, the means of representation must alter too.’

৷৷ ছয়৷৷

          লুকাছ আকু ব্ৰেখ্ দুয়োৰে মাজত বাস্তৱতাবাদ সম্পৰ্কত থকা এই পৰস্পৰ-বিৰোধী অৱস্থানৰ ওচৰা-উচৰিকৈ যেতিয়া ফ্ৰাঙ্কফুৰ্ট শাখাৰ মার্ক্সীয় নন্দনতত্ত্ব বিচাৰ কৰোঁ, তেতিয়া দেখিবলৈ পাওঁ যে এই ধাৰাৰ প্ৰবক্তাসকলে সৰ্বস্ব বিসৰ্জন দিছে৷ অৰ্থাৎ তেওঁলোকে বাস্তৱবাদেই প্ৰত্যাখ্যান কৰিছে৷ ফ্ৰাঙ্কফুৰ্টৰ বিখ্যাত সমাজবিজ্ঞান গৱেষণা সংস্থাই যি বিশেষ ধৰণৰ বিশ্লেষণী পদ্ধতি গঢ়ি তুলিছিল, তাক তেওঁলোকে ‘Critical Theory’ বুলি অভিহিত কৰিছিল৷ ইয়াত হেগেলীয় মার্ক্সবাদ আৰু ফ্ৰয়েডীয় উপকৰণ উপলব্ধ৷ সাহিত্য-সমাজতত্ত্ব-দৰ্শন-নন্দনতত্ত্ব-ইতিহাস-ৰাজনীতি বিজ্ঞান ইয়াত কেৱল পৰস্পৰৰ সহযাত্ৰী নহয়, নিবিড়ভাৱে পৰস্পৰ সম্পৃক্ত৷ নাৎসীৰ দিনত নিৰ্বাসিত হৈ পুৰোধা তাত্ত্বিকসকলে ১৯৩৩ চনত নিউয়ৰ্কত সংস্থাক পুনৰ্বাসন দিছিল, আকৌ ১৯৫০ চনত ফ্ৰাঙ্কফুৰ্টত নতুনকৈ তেওঁলোকৰ কৰ্মোদ্যম আৰম্ভ হৈছিল৷ দৰ্শন আৰু নন্দনতত্ত্বৰ প্ৰধান ব্যক্তিত্ব আছিল মার্ক্স হৰ্কহাইমেৰ, থিঅড’ৰ এড’ৰ্ন’, হাৰ্বাট মাৰ্কুইজ৷ এড’ৰ্ন’ আৰু হৰ্কহাইমেৰে সমাজ-পদ্ধতিক হেগেলীয় দৃষ্টিৰে চাইছিল অৰ্থাৎ এনে এক ধৰণৰ সমগ্ৰতাৰ আকল্প হিচাপে, সমস্ত উপকৰণে অভিন্ন নিৰ্যাসৰ প্ৰতিফলন ঘটায়৷ আধুনিক সংস্কৃতি সম্পৰ্কীয় তেওঁলোকৰ বিশ্লেষণ ফেছীবাদৰ অভিজ্ঞতাৰ দ্বাৰা প্ৰভাৱিত হৈছিল৷ জাৰ্মানীৰ সামাজিক অস্তিত্বৰ প্ৰতিটো স্তৰত আধিপত্যবাদী চক্ৰৰ আঁচোৰ পৰিছিল৷ আমেৰিকাৰ প্ৰবাস-জীৱনতো তেওঁলোকে তথাকথিত গণসংস্কৃতিৰ মাজত একমাত্ৰিকতা লক্ষ্য কৰিছিল আৰু কিদৰে পণ্যকেন্দ্ৰিকতাই জীৱনৰ প্ৰতিটো দিশকে কলুষিত কৰিছে সেয়াও দেখিবলৈ পাইছিল৷ এইবাবেই হয়তো বৈপ্লৱিক ৰাজনীতিৰ প্ৰতি দায়বদ্ধ হোৱা সত্ত্বেও ফ্ৰাঙ্কৰ্ফুট শাখাৰ চিন্তাধাৰাত এক ধৰণৰ নৈৰাশ্যবাদ প্ৰকট হৈছে৷ তথাপি, এইটোও ঠিক যে তেওঁলোকৰ চিন্তাত সাহিত্য আৰু শিল্পকলাৰ স্থান অতি গুৰুত্বপূৰ্ণ৷ এড’ৰ্ন’ৰ মতে, নানা ধৰণৰ নিয়তি‍বাদী কৃৎকৌশলৰ দ্বাৰা প্ৰাপ্ত কুৰি শতিকাৰ ভাববিশ্বত একমাত্ৰ দৰ্শন আৰু শিল্পকলাই প্ৰতিৰোধ গঢ়ি তুলিছে৷ লুকাছৰ বাস্তৱবাদ সম্পৰ্কিত সৈতে সাহিত্যৰ কোনো প্ৰত্যক্ষ সংযোগ নাই৷ শিল্পৰ অস্তিত্ব পৰিচিত বাস্তৱতাৰ পৰা ভিন্ন; এই ভিন্নতাই তাক বিশেষ তাৎপৰ্য আৰু শক্তি প্ৰদান কৰে৷ এড’ৰ্ন’ৰ বিখ্যাত মন্তব্য ‘Art is the negative knowledge of the actual world’অৱদমিত প্ৰান্তীয় (marginalised) মানুহবোৰক শিল্পকলাই তেওঁলোকক যন্ত্ৰণাদগ্ধ পৰিসৰ সম্পৰ্কে সচেতন কৰি তোলে; আচলতে এইদৰেই সিবিলাকে স্বাধীনতাৰ বাণী প্ৰচাৰ কৰে৷ এই স্বাধীনতাৰ প্ৰেৰণাতে শিল্প-সাহিত্যই  অস্বস্তিকৰ দৈনন্দিন বাস্তৱতাত হস্তক্ষেপ  কৰাৰ তাগিদা অনুভৱ কৰে৷ এই শাখাৰ চিন্তাবিদসকলৰ মাজৰ ৱাল্টাৰ বেঞ্জামিনৰ অৱদান অতি গুৰুত্বপূৰ্ণ৷ তেওঁৰ বহুপঠিত প্ৰবন্ধসমূহৰ মাজত আছে , ‘The work of art in the age of mechanical reproduction’ : ‘Thesis on the Philosopy of History’ ইত্যাদি৷ শৈল্পিক উৎপাদন আৰু উপভোগ সম্পৰ্কত তেওঁ নতুন এক নৈতিকতাৰ কথা কৈছিল৷ পৰৱৰ্তী আলোচকসকলে তেওঁৰ ৰচনাত আধুনিকোত্তৰ সাংস্কৃতিক ভাবনাৰ বহুকেইটা বৈশিষ্ট্য বিচাৰি পাইছে৷ তেওঁ নৱ প্ৰযুক্তিৰ মাজত নিহিত বৈপ্লৱিক সম্ভাৱনাৰ কথা কৈছে যদিও তেওঁ এই কথা ভালদৰে জানে যে, স্বয়ংক্ৰিয়ভাৱে একোৱেই নঘটে৷ সমাজতান্ত্ৰিক লেখকসকলৰ ডাঙৰ দায়িত্ব ইয়াতেই যে, তেওঁলোকে এই সম্ভাৱনাক ৰচনাত মূৰ্ত কৰি তোলে৷ বেঞ্জামিনৰ চিন্তা ধাৰাৰ মাজত কোনো কোনোৱে ব্ৰেখ্টৰ চিন্তাৰ ছাঁ বিচাৰি পাইছে৷ শিল্পকলাত নিহিত সময়ৰ মাত্ৰা সম্পৰ্কীয় তেওঁৰ মন্তব্যই আমাৰ মনোযোগ দাবী কৰে৷ তেওঁ কৈছিল, বিৱৰ্তনশীল সময়লৈ দৃষ্টি নিক্ষেপ কৰি সৃজনশীল শিল্পীয়ে বাৰেপতি নিজস্ব শিল্প-প্ৰযুক্তি আৰু শিল্প-চেতনা বিনিৰ্মাণ কৰিব লগা হয়৷ ইতিহাসৰ জটিল পৰিৱেশ-পৰিস্থিতিৰ সামাজিক আৰু প্ৰযুক্তিগত পৰিৱৰ্তনৰ অভিঘাতত জন্ম হয় ঈপ্সিত শুদ্ধ শিল্প প্ৰযুক্তি৷ এই পুনৰ্নিৰ্মাণ মূলতঃ সময়ৰেই চিহ্নায়ক (signifier) ফ্ৰাঙ্কফুৰ্ট  শাখাৰ ভাৱধাৰাক কোনো কোনোৱে ‘Critical Marxism’ বুলি চিহ্নিত কৰিছে৷ কোৱা হয় যে, বস্তুবাদক এই শাখাই যিমান গুৰুত্ব দিছেষ, তাতোকৈ অনেক বেছি জোৰ দিছে দ্বন্দ্ববাদৰ ওপৰত৷ তাৰ অৰ্থ, হেগেলৰ দাৰ্শনিক উত্তৰাধিকাৰ ইয়াত স্বীকৃত হৈছে৷ হেগেলৰ নিচিনাকৈ সেই শাখাৰ চিন্তাবিদ সকলো  সত্যৰ সমগ্ৰতাত বিশ্বাসী (তুলনীয় : ‘the truth is the whole’) য়ুৰোপীয় সমাজ যেতিয়া পাৰস্পৰিক সংঘৰ্ষৰ মাদকতাত আচ্ছন্ন, ইটোৰ পাছত সিটো বিশ্বযুদ্ধই যেতিয়া মানুহৰ ইতিহাস কলঙ্কিত কৰিছে, আলোকপ্ৰাপ্তিৰ বলয় ক্ৰমশঃ হেৰাই যাবলৈ লৈছে, তেনে সময়তে সমালোচনাত্মক মার্ক্সবাদৰ আত্মপ্ৰকাশ ঘটিছে ফ্ৰাঙ্কফুৰ্ট শাখাৰ প্ৰবক্তাসকলৰ ৰচনাত৷ এই পর্যায়ক ফ্ৰান্সিছ মূলহেৰ্ণে এনেদৰে বৰ্ণনা কৰিছে;  ‘The containment and reversal of revolution, the antithetical novelties of avant gardism and the ‘culture industry’; the dialectics of liberal traditions in the era of fascism; the courses of subjectivity in landscapes of organized hahpiness, and the meaning of reason itself in conditions of ‘scientific’ barbarism : these historical realities explain and inidicate the agenda of the new Marxisms, and the ethos of paradox and tragedy that set their characterstic tone.’ (Longman : 1992 : 10)৷

৷৷ সাত৷৷

          ষাঠিৰ দশকত য়ুৰোপৰ বৌদ্ধিক জীৱন নিয়ন্ত্ৰণ কৰিছিল সংযুক্ত‍িবাদে (structuralism) স্বাভাৱিকভাৱে মার্ক্সীয় সাহিত্যতত্ত্বয়ো এই সাধাৰণ পৰিৱেশ-পৰিস্থিতিক অস্বীকাৰ কৰিব নোৱাৰিলে৷ আদিম বিশ্ববীক্ষাৰ ক্ষেত্ৰত উভয়ৰে আধেয়ত যথেষ্ট সাদৃশ্য আছে; সামাজিক অস্তিত্বৰ কথনৰ পৰা বিচ্ছ‍িন্ন কৰি কেতিয়াও কোনো ব্যক্তি অস্তিত্বৰ কথনক বুজি পোৱা সম্ভৱ নহয়৷ মার্ক্সীবাদীসকলে বিশ্বাস কৰে, ব্যক্তি আচলতে সমাজ-সংস্থাত বিশেষ অৱস্থানৰ ধাৰক, স্বাধীন ক্ৰিয়াৰ উৎস বা নিয়ন্তা নহয়৷ আনহাতে, সংযুক্তি‍বাদীসকলে ধাৰণা কৰে, ব্যক্তিৰ কৰ্ম আৰু উচ্চাৰণ চিহ্নায়ন (signification) প্ৰক্ৰিয়াৰ মাজেদি প্ৰকাশিত হয়, তাৰ বাহিৰত কোনোৱে কোনো ধৰণৰ তাৎপৰ্য বিচাৰি পাব নোৱাৰে৷ অৱশ্যে দুয়োটাৰ মাজত দৃষ্টিভঙ্গীগত পাৰ্থক্যও আছে৷ সংযুক্তি‍বাদীয়ে অন্তৰ্নিহিত সংযুক্তি‍বোৰক কালাতীত আৰু স্বনিয়ন্তা পদ্ধতি বুলি ধাৰণা কৰে; কিন্তু মার্ক্সবাদীসকলৰ মতে সেইবোৰ ইতিহাস সৃষ্ট, পৰিৱৰ্তনীয় আৰু দ্বন্দ্বসঙ্কুল৷ সাদৃশ্য আৰু বৈসাদৃশ্যৰ এই কথোপকথনত মার্ক্সীয় সাহিত্যতত্ত্বতো দেখা দিলে সংযুক্তি‍বাদী ধাৰা৷ ইয়াৰ মুখ্য প্ৰবক্তা হিচাপে তিনিজনৰ নাম পাৰি৷ তেওঁলোক ক্ৰমে --- লুছিয়েন ল্ডমেন (Lucien Goldmann), লুই অলথুজ্যাৰ (Louis Althusser) আৰু পিয়েৰ মাচেৰায় (Pierre Macherey)

          লুছিয়েন ল্ডমেনে ‘The Hidden God’ আৰ ‘Towards a Sociology of Novel’  গ্ৰন্থত সাহিত্য-সংস্কৃতিৰ বাগ্ধাৰা বিশ্লেষণৰ বাবে মার্ক্সীয় বিচাৰ পদ্ধতিৰ যি বিশিষ্ট ৰূপ দাঙি ধৰিছে, তাক তেওঁ নিজে ‘Genetic Structuralism’ বুলি অভিহিত কৰিছে৷ পাঠকৃতি (text)- তেওঁ ব্যক্তি প্ৰতিভাৰ সৃষ্টি বুলি বিচৰা নাছিল; কোনো বিশেষ সামাজিক বৰ্গ বা গোষ্ঠীৰ ব্যক্তি-অতিযায়ী (transcending self) মানসিক আকৰণেই পাঠকৃতিৰ ভিত্তি৷ সেইবোৰ বৰ্গ বা গোষ্ঠীৰ দ্বাৰা বিশ্ববীক্ষাসমূহ বাৰেপতি নিৰ্মিত আৰু বিধবস্ত হৈছে৷ ৰূপান্তৰপ্ৰবণ বাস্তৱতাৰ আহ্বানক সঁহাৰি জনাই  সিবিলাকে জগত আৰু জীৱন সম্পৰ্কীয় মানসিক সংযুক্ত‍ি, ভাৱমূৰ্তি আৰু ধ্যাণ-ধাৰণা অনবৰত সলাই লয়৷ সাধাৰণতে এইবোৰ অনুপুঙ্খ সামাজিক চেতনাত বৰ স্পষ্ট ৰূপত ধৰা নপৰে বা ধৰা পৰিলেও তাৰ ছবিয়ে এক সুনিৰ্দিষ্ট অবয়ব নাপায়৷ কিন্ত মহান লেখকসকলে সেইবোৰ বিশ্ববীক্ষাক যথাৰ্থ আৰু সুসংহত আঙ্গিকৰ মাজেদি বিন্যস্ত কৰি পাঠকৃতিলৈ ৰূপান্তৰিত কৰিব পাৰে৷ আপ্তবাক্য কণ্টকিত বাস্তৱবাদৰ পৰম্পৰাৰ পৰা দূৰলৈ আঁতৰি গৈ ল্ডমেনে, বিশেষকৈ লুকাছীয় ঘৰানাৰ পৰা আঁতৰি এক নতুন ধৰণৰ বিশ্লেষণ পদ্ধতি সৃষ্টি কৰাত সচেষ্ট হৈছিল৷ তেওঁ সামাজিক শ্ৰেণী আৰু সাহিত্যিক বাগ্ধাৰাৰ অভিব্যক্তিমূলক সম্পৰ্ক প্ৰতিফলিত বিষয়বস্তুও বিচৰা নাছিল, বিচাৰিছিল প্ৰকৰণৰ সমান্তৰালতা৷ উৎস, সংযুক্তি‍ আৰু অৱস্থানৰ ঐক্য বিষয়ক ধাৰণা বিকশিত কৰি তেওঁ আধুনিক উপন্যাসৰ সংযুক্তি‍ আৰু বজাৰ-অৰ্থনীতিৰ ঠাঁচৰ মাজত এক সম্পৰ্ক লক্ষ্য কৰিছিল৷ উদাৰনৈতিক পুঁজিবাদ যেতিয়া সাম্ৰাজ্যবাদী স্তৰলৈ ৰূপান্তৰিত , নতুন অৰ্থনৈতিক জীৱনত ব্যক্তিৰ গুৰুত্ব অভূতপূৰ্বভাবে কমি ল৷ মানৱবিশ্বৰ সমস্ত মূল্যমান যিমানে শিথিল বলৈ ধৰিলে, এই পৰ্যায়ৰ উপন্যাসতো দেখিবলৈ পোৱা সিমানেই বিপুল ৰূপান্তৰ৷ ল্ডমেনে এইদৰে মার্ক্সীয় বিচাৰ পদ্ধতিৰ যি আভাস সৃষ্টি কৰিছিল, তাত ফ্ৰাঙ্কফুৰ্ট চিন্তাবৃত্তৰ নৈৰাশ্যবাদ নাথাকিলেও সিবিলাক সমৃদ্ধ দ্বন্দ্ববাদী অন্তৰ্দৃষ্টিও বহু পৰিমাণে অনুপস্থিত৷

          ফ্ৰান্স আৰু ইংলেণ্ডৰ মার্ক্সীয় সাহিত্যতত্ত্বত লুই অলথুজ্যাৰে যিমান প্ৰভাৱ বিস্তাৰ কৰিছে, সম্ভৱত আন কোনোৱেই সিমানখিনি প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই৷ তেওঁৰ চিন্তা সংযুক্তি‍বাদ আৰু উত্তৰ-সংযুক্তি‍বাদএই দুয়োটা পৰ্যায়তে উন্মোচিত হৈছে৷ তেওঁ মার্ক্সীয় দৰ্শনৰ মাজত হেগেলীয় চিন্তাৰ পুনৰুত্থান মানি বিচৰা নাছিল৷ তেওঁৰ মতে যিমান পৰিমাণে মার্ক্সৰ হেগেলীয় চিন্তাৰ পুনৰুত্থানৰ পৰা বিচ্ছ‍িন্ন হৈছে, ঠিক সেই অনুপাতে জ্ঞানতত্ত্ব (epistemology)- তেওঁৰ অৱদান প্ৰকট হৈছে৷ হেগেলৰ সমগ্ৰতা বিষয়ক ধাৰণাক যিদৰে অলথুজ্যাৰে সমালোচনা কৰিছিল, তেনেকৈসমাজ পদ্ধতিবাশৃঙ্খলাজাতীয় শব্দৰ ব্যৱহাৰো তেওঁ এৰাই চলিছিল৷ তেওঁৰ বাবে সুস্পষ্ট কেন্দ্ৰযুক্ত সংযুক্তিৰ অস্তিত্ব অস্বস্তিদায়ক৷ কাৰণ এই কেন্দ্ৰিকতাই সমস্ত অভিব্যক্তিৰ আঙ্গিকক নিয়ন্ত্ৰণ কৰে৷ অলথুজ্যাৰে বৰং সামাজিক অৱয়ব-নিৰ্মাণৰ কথাহে কৈছিল৷ যাৰ মাজত তেওঁ বিকেন্দ্ৰকায়িত সংযুক্তি‍ দেখা পাইছিল৷ ইয়াৰ নাই কোনো নিয়ন্তা ৰীতি, নাই কোনো উৎস-বীজ, নাই কোনো সামগ্ৰিক ঐক্য৷ সেই নিৰ্মিতিৰ অন্তৱৰ্তী বিভিন্ন উপাদান বা স্তৰ কোনো পূৰ্ব নিৰ্ধাৰিত মূল স্তৰৰ প্ৰতিফলন মাত্ৰ নহয়; যিহেতু প্ৰতিটো উপকৰণৰেই নিজস্ব স্বাতন্ত্ৰ্য আছে৷ বিলাকৰ পাৰস্পৰিক সম্পৰ্কৰ মাজত আকৌ অন্তৰ্বৃত দ্বন্দ আৰু পাৰস্পৰিক সংঘৰ্ষৰ জটিল সম্পৰ্ক আছে৷ তেওঁ শিল্পকলাক ভাৱাদৰ্শৰ কেৱল এক সংযুক্তি‍ হিচাপে গ্ৰহণ কৰা নাছিল৷ কোনো মহৎ সাহিত্যিক ৰচনাই কেৱল বাস্তৱতাৰ বিশ্বাসক ভাৱগত ভেঁটিৰ ওপৰত স্থাপন নকৰে অথবা কেৱল কোনো এক নিৰ্দিষ্ট শ্ৰেণীৰ ভাৱাদৰ্শকো প্ৰকাশ নকৰে৷ বালজাক সম্পৰ্কত এঙ্গেলছৰ বক্তব্য অনুসৰণ কৰি তেওঁ কৈছিল - শিল্পকলাই আমাক দূৰৈৰ পৰা নিৰাসক্ত দৃষ্টিৰে চাবলৈ শিকায়৷ এলত্যুছেৰৰ মতে ভাৱাদৰ্শ - ‘A represntation of the imaginary relationship of indiusduals to their condition of existence’ এই কাল্পনিক চৈতন্যই আমাক যে কেৱল জগতৰ তাৎপৰ্য বুজাত সহায় কৰে তেনে নহয়, জগতৰ সৈতে আমাৰ প্ৰকৃত সম্পৰ্কক আঁৰ বা অৱদমিতো কৰে৷ যি ভাৱাদৰ্শৰ পৰা শিল্পৰ জন্ম হয় তাৰ পৰাই হয়তো সেয়া দূৰলৈ আঁতৰি যায়৷ এনেদৰে সাহিত্যিক পাঠকৃতিয়ে লেখকৰ নিজস্ব ভাৱাদৰ্শৰ সীমাৰেখা অতিক্ৰমি যাব পাৰে৷

          পিয়েৰ মাছেৰাৰ ‘A theory of literary production’ (১৯৬৬) নামৰ গ্ৰন্থখনত অলথুজ্যাৰৰ শিল্পকলা আৰু ভাৱাদৰ্শ বিষয়ক আলোচনাক আমি আৰু প্ৰসাৰিত হোৱা দেখিবলৈ পাওঁ৷ পাঠকৃতিক তেওঁ সৃষ্টি বা স্বয়ংসম্পূৰ্ণ নিৰ্মাণ বুলি ধাৰণা কৰা নাছিল; তেওঁ ধাৰণা কৰিছিল বিশিষ্ট উৎপাদন হিচাপে, যাৰ মাজত বিভিন্ন ধৰণৰ উপাদান ব্যৱহৃত হয় আৰু ব্যৱহাৰ প্ৰক্ৰিয়াৰ মাজেদি পৰিৱৰ্তিতো হৈ পৰে৷ মাছে‍ৰাই ধাৰণা কৰিছিল প্ৰচলিত নান্দনিক ৰীতি কিংবা লেখকৰ অভিপ্ৰায় যিয়েই হওঁক, পূৰ্ব নিৰ্দিষ্ট উপকৰণ ব্যৱহাৰৰ মাজেদি পাঠকৃতি কেতিয়াও সম্পূৰ্ণৰূপে সচেতনভাৱে এই প্ৰক্ৰিয়া সম্পৰ্কে মনোযোগী নোৱাৰে৷ চাবলৈ লে এফালেদি ধাৰণা হয়, পাঠকৃতি যেন স্বয়ংক্ৰিয় অস্তিত্ব আৰু তাৰ নিজস্ব অৱচেতনা আছে৷ ভাৱাদৰ্শ নামক চেতনাৰ বিশিষ্ট এক অভিব্যক্তি যেতিয়া পাঠকৃতিত প্ৰকট হয়, সম্পূৰ্ণৰূপে ভিন্ন এক প্ৰকৰণ সৃষ্টি হৈ পৰে৷ বাস্তৱবাদী লেখকে পাঠকৃতিৰ বিভিন্ন উপকৰণক যিমানেই সমন্বিত কৰাৰ চেষ্টা নকৰক কিয়, পাঠকৃতি গঢ় লোৱাৰ প্ৰক্ৰিয়াৰ মাজতেই অনিবাৰ্যভাৱে দেখা দিয়ে কিছু অসঙ্গতি, কিছু পৰিমাণৰ শূন্যতাও৷ কোনো পাঠকে যদি ইয়াৰ তাৎপৰ্য সম্পূৰ্ণৰূপে বুজিব বিচাৰে, তেনেহলে তেওঁ মনঃসমীক্ষণবিদৰ দৰে পাঠকৃতিৰ অৱচেতনাত দৃষ্টিপাত কৰিব লাগিব৷ কাৰণ, কথিত বাণীৰ অন্তৰালত সদায় ৰৈ যায় অনুচ্চাৰিত আৰু অৱদমিত স্বৰ৷

৷৷ আঠ৷৷

          ত্ৰিছৰ দশকৰ পিছত ইংলেণ্ডৰ মার্ক্সীয় সমালোচনাৰ ঐতিহ্য বহুলাংশে নিষ্প্ৰভ হৈ পৰিছিল৷ তাৰ পুনৰুত্থান ঘটিল সত্তৰৰ দশকৰ শেষৰপিনে৷ কোনো কোনোৱে কয়, ১৯৬৮ চনত ব্যৰ্থ পেৰিছ অভ্যুত্থানৰ পাছতেই সমগ্ৰ য়ুৰোপৰে ভাবৰাজ্যত যি বিৰাট পৰিৱৰ্তনৰ সূচনা হৈছিল, তাৰেই অভিঘাতত ফ্ৰেডৰিক জেমছন, টেৰি ঈগলটন আদি তাত্ত্বিকৰ বিকাশ ঘটিল৷ জেমছনৰ ‘Marxism and Form’ (১৯৭১), ‘The Prison House of Language’ (১৯৭২), ‘The Political Unconscious’ (১৯৮১) আৰু টেৰি ঈগলটনৰ ‘Criticism and Ideology’ (১৯৭৬), ‘The Significance of Theory’ (১৯৯০), ‘The Ideology of the Aesthetic’ (১৯৯১) এই নতুন পৰ্যায়ৰ প্ৰতিনিধিমূলক বাগ্ধাৰা৷ ইয়াৰ উপৰি উল্লেখযোগ্য ‘Marxism and Literature’ (১৯৭৭), ‘Problems in Materialism and Culture’ (১৯৮০), ‘Keywords’ (১৯৮৩) ইত্যাদি গ্ৰন্থৰ প্ৰণেতা ৰেমণ্ড ৱি‍লিয়ামছ৷ ৱি‍লিয়ামছৰ তত্ত্বচিন্তাসাংস্কৃতিক বস্তুবাদ’(Cultural materialism) হিচাপে পৰিচিত হৈছে৷ তেওঁ সামাজিক ব্যঞ্জনাৰ সমগ্ৰ পৰিসৰক নতুন তাত্ত্বিক নিৰ্মিতিৰ সহায়ত বুজাব বিচাৰিছিল৷ সংস্কৃতি জীৱনৰ সামগ্ৰিক পথ আৰু পাথেয়৷ চিহ্নায়নৰ যাৱতীয় প্ৰক্ৰিয়াক তেওঁ উৎপাদন পদ্ধতিৰ প্ৰকৃত অৱস্থাৰ পটভূমিত অধ্যয়ন কৰিছিল৷ ফলত, সাহিত্যিক আৰু অসাহিত্যিক প্ৰকাশ মাধ্যমবোৰৰ বিশ্ল‍েষণত ঐতিহাসিক আৰু বস্তুবাদী দৃষ্টিকোণ স্বতঃসিদ্ধ হৈ উঠিছে৷ অৱশ্যে সমালোচক জীৱনৰ প্ৰথম পৰ্যায়ত ৱি‍লিয়ামছ ধ্ৰুপদী মার্ক্সবাদৰ তাত্ত্বিক বুনিয়াদ সম্পৰ্কে সন্দিহান আছিল; মার্ক্সৰ চিন্তাৰ মাজত তেওঁ ভাৱবাদৰ অৱশেষ বিচাৰি পাইছিল৷ ফলত, পৰৱৰ্তী কালত টেৰি ঈগলটনে ৱি‍লিয়ামছৰ বক্তব্যক অসম্পূৰ্ণতাৰ দায়ত অভিযুক্ত কৰিছিল৷

          আলত্যুচেৰেৰ দৰে ঈগলটনেও এই অভিমত পোষণ কৰিছিল যে, সমালোচনা পদ্ধতি ভাৱাদৰ্শগত প্ৰাক-ইতিহাসৰ পৰা মুক্ত হৈ বিজ্ঞান লাগিব৷ মূল সমস্যা , সাহিত্য আৰু ভাবাদৰ্শৰ আন্তঃসম্পৰ্কক কিদৰে সংজ্ঞায়িত কৰিব৷ ঈগলটনে কৈছিল, পাঠকৃতিত ঐতিহাসিক বাস্তৱতাৰ প্ৰতিফলন নাথাকে, আচলতে পাঠকৃতিয়ে ভাবাদৰ্শৰ বলয়ত সক্ৰিয় হৈ বাস্তৱতাৰ প্ৰতীতি সৃষ্টি কৰে৷ ইয়াক বাস্তৱতাৰ প্ৰপঞ্চ বুলিব পাৰিনে নোৱাৰি তাক লৈ অৱশ্যে সূক্ষ্ম বিতৰ্ক আছে৷ চৰিত্ৰ আৰু ঘটনা যিহেতু লেখকৰ ইচ্ছামতে পাঠকৃতিত নিৰ্মিত পাৰে আৰু সিবিলাকৰ বিকাশ আৰু বিলয় লেখকৰ দ্বাৰাই নিয়ন্ত্ৰিত; ধাৰণা হয়, বাস্তৱতাৰ লগত সম্পৰ্কৰ ক্ষেত্ৰত পাঠকৃতি কাৰ্যত স্বাধীন৷ কিন্তু ভাবাদৰ্শ ব্যৱহাৰৰ ক্ষেত্ৰত এই স্বাধীনতা নাই৷ কোৱা প্ৰয়োজন, নান্দনিক-ধৰ্মীয়-সামাজিক ইত্যাদি যিমানবোৰ পদ্ধতি মানৱ-প্ৰকাশৰ সৈতে জড়িত হৈ ব্যক্তি-জীৱনৰ অভিজ্ঞতা আৰু মানসিক প্ৰকৰণক নিয়ন্ত্ৰণ কৰেসিবিলাকৰ যোগফলেই ভাবাদৰ্শ৷ সেয়ে ভাবাদৰ্শ বুলি কওঁতে সুনিৰ্দিষ্ট কোনো মতবাদক নুবুজায়৷ ভাবাদৰ্শই প্ৰতিনিয়ত নিজস্ব উপায়েৰে বাস্তৱতাৰ চেহেৰা আৰু স্বভাৱ গঢ়ি তুলিছে৷ আৰু, পাঠকৃতিয়ে আচলতে সেই নিৰ্মিতিকে পুনৰ্নিমাণ কৰি নানা তাৎপৰ্য আৰু দৃষ্টিকোণৰ সমাৱেশ ঘটাইছে৷ অৰ্থাৎ পাঠকৃতিত উপস্থাপিত বাস্তৱতা আচলতে ছাঁৰ ছাঁহে মাত্ৰ৷ দৈনন্দিন জীৱনত যি বাস্তৱতাৰ মাজত থাকোঁ, শৈল্পিক বাস্তৱতা তাৰ হুবহু অনুকৃতি নহয়; এনে বও নোৱাৰে৷ আমাৰ অৱস্থান নিৰালম্ব নহয়; ভাবাদৰ্শৰ দৃশ্য আৰু অদৃশ্য, ইচ্ছাতীত আৰু স্বযাচিত অৱলম্বন আমি কোনোপধ্যেই অস্বীকাৰ কৰিব নোৱাৰোঁ৷ ইয়াৰ মাজেদিয়েই বাস্তৱ বুলি তাকেই দেখোঁ যিটো আমি চাব বিচাৰোঁ আৰু যিটো আমাৰ ওচৰ পায়হি৷ এইবাবেই এয়াও মূলতঃ এক নিৰ্মিতি; শিল্পী-সাহিত্যিকে এই নিৰ্মিতিকে ভিত্তি বুলি ধৰি লৈ তাৰ ওপৰত আকৌ এবাৰ ৰং বোলাই বা ভঙা-গঢ়াৰ মাজেদি পুনৰ্নিৰ্মিত অবয়ৱ সৃষ্টি কৰে৷ উৎস ৰূপৰ পৰা কত যে স্তৰ আৰু পৰ্যায় অতিক্ৰমি পাঠকৃতি নিষ্পন্ন ভাবাদৰ্শত উপনীত লগা হয়সেই জটিল আৰু দীঘলীয়া বিন্যাসৰ বিষয়ে ঈগলটনে বিশ্লেষণ কৰিছে৷ অথাৰ্ৎ আলত্যুচেৰে যেনেকৈ ধাৰণা কৰিছিল যে সাহিত্যই ভাবাদৰ্শৰ পৰা দূৰত্ব সৃষ্টি কৰিব পাৰেঈগলটনে সেই বক্তব্য মানি লোৱা নাছিল৷

          ঈগলটনৰ বিশেষত্ব এইখিনিতেই যে তেওঁৰ তত্ত্বচিন্তা অনবৰত এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ বিচৰণ কৰিছে৷ সমসাময়িক ভাববিশ্বৰ বিভিন্ন প্ৰৱণতাই তেওঁক ভাবিবলৈ বাধ্য কৰিছে আৰু এইবোৰৰ বিষয়ে তেওঁ মার্ক্সীয় সমালোচনা উত্থাপন কৰিছে৷ এইবাবেই পূৰ্বজসকলৰ বক্তব্য নিৰন্তৰ অনুশীলন কৰি ঈগলটনে সচল কৰি ৰাখিব বিচাৰিছে মার্ক্সীয় ভাববিশ্বক৷ উত্তৰ-সংযুক্তি‍বাদ, বিনিমাৰ্ণবাদ, নাৰীচেতনাবাদএই সকলোবোৰেই তেওঁৰ নিজস্ব বাগ্ধাৰা সমৃদ্ধ কৰিছে৷ এইবাবে ধীৰে ধীৰে আলত্যুচেৰেৰ প্ৰভাৱ-বলয়ৰ পৰা ওলাই তেওঁ বাট্ৰৰ্ল ব্ৰেখট আৰু বেঞ্জামিন ৱাল্টাৰৰ প্ৰতি আকৃষ্ট হৈছে৷ সেই সময়ত মাৰ্ক্সৰ প্ৰবাদপ্ৰতিম মন্তব্যত বিধৃত সত্য তেওঁৰ ভাবনাৰ ধ্ৰৱপদ হৈ উঠিল – ‘নৈব্যৰ্ক্তিক সত্য মানুহৰ চিন্তাৰ সৈতে সংশ্লি‍ষ্টনে? এই প্ৰশ্ন আচলতে তাত্ত্বিক প্ৰশ্ন নহয়৷ এইটো অতি প্ৰায়োগিক প্ৰশ্ন৷ দাৰ্শনিকসকলে প্ৰধানকৈ নানা ধৰণে জগতৰ ব্যাখ্যা আগবঢ়াইছে, মূল কথাটো ইয়াক সলাব লাগিব৷এই কেন্দ্ৰীয় বোধৰ পৰা ডে‍ৰিডা, পল দা মেন আদি চিন্তাবিদৰ বিনিৰ্মাণবাদী তত্ত্বত ঈগলটনে লক্ষ্য কৰিছে সমস্ত ৰুদ্ধতা, সমস্ত অতিনিশ্চয়তা আৰু সাৰ্বভৌম জ্ঞানৰ ৰূপক অস্বীকাৰ কৰাৰ সম্ভাৱনা৷ অৱশ্যে বিনিৰ্মাণবাদে‍ যিদৰে নৈব্যৰ্ক্তিক অস্তিত্ব আৰু শ্ৰেণী-চেতনাক পেটিবুৰ্জোৱা দৃষ্টিকোণৰ পৰা প্ৰত্যাখ্যান কৰে, ঈগলটনে তাক তীব্ৰ সমালোচনা কৰিছে৷ যদি ধাৰণা হয় যে এই কথাত ঈগলটনৰ স্ববিৰোধিতা প্ৰকাশ পাইছে, তেনেহলে ইয়াৰ সম্ভাৱ্য উত্তৰ এয়া যে তেওঁ আলত্যুচেৰেৰ তত্ত্বগোষ্ঠীৰ সোঁতৰ বিপৰীতে গৈ খোদ লেনিনৰ তত্ত্ববিশ্বত বিশ্লে‍ষণৰ আধেয় বিচাৰি পাইছে৷ এই দৃষ্টিকোণ অনুযায়ী, প্ৰকৃত তত্ত্বই চূড়ান্ত ৰূপ লয় কেৱল সঁচা জনগণতান্ত্ৰিক আৰু বৈপ্লৱিক আন্দোলনৰ বাস্তৱ কৰ্মকাণ্ডৰ সৈতে থকা ঘনিষ্ঠ সম্পৰ্ক  সূত্ৰত৷ ফলত মার্ক্সীয় সমালোচনাৰ মূল আধেয় দাৰ্শনিক বিতৰ্কত নাই, আছে ৰাজনৈতিক অনুভৱত৷ স্বাভাৱিকতে সমালোচকে এতিয়া সাহিত্যৰ যথাপ্ৰাপ্ত ধাৰণাবোৰ বিনিৰ্মাণ কৰিয়েই আগুৱাব লাগিব; ব্যাখ্যা কৰিব লাগিব কিদৰে পাঠকৰ আত্মগত উপলব্ধি নিধাৰ্ৰণত সেই ৰাজনৈতিক অনুভৱ ভাবাদৰ্শগত আকৰণ হিচাপে সক্ৰিয় হৈ থাকে৷ কেৱল সেয়াই নহয়, সমাজতন্ত্ৰত অবিশ্বাসী ৰচনাই ৰাজনৈতিকভাৱে অবাঞ্ছিত প্ৰতিক্ৰিয়া সৃষ্টি কৰে, সেয়া বুজাই দিয়াৰ বাবেও ইয়াৰ সংযুক্তি‍বোৰক সমালোচকে উন্মোচিত কৰিব লাগিব৷ আনহাতে, যিবোৰ ৰচনা সোঁতৰ বিপৰীতে গৈ সমাজতান্ত্ৰিক চেতনাৰ সহায়ক হৈছেসিবিলাকক আৱিষ্কাৰ আৰু বিশ্লে‍ষণ কৰা মার্ক্সীয় সাহিত্যতাত্ত্বিকৰ গুৰু দায়িত্ব৷

          ঈগলটনৰ বক্তব্যৰ পৰা বুজিব পাৰোঁ, শ্ৰমিক শ্ৰেণীৰ সংগ্ৰামৰ প্ৰকৃত পৰিস্থিতি মার্ক্সীয় তত্ত্বৰ বিকাশৰ ধাৰাত প্ৰতিফলিত হয়৷ বিশেষকৈ ফ্ৰাঙ্কফুৰ্ট গোষ্ঠীৰ অৱদান বিশ্লে‍ষণৰ ক্ষেত্ৰত তেওঁ যথেষ্ট দক্ষতাৰ পৰিচয় দিছে৷ এই ঘৰানাৰ চিন্তাবিদসকলে আধুনিক সংস্কৃতিৰ যি নেতিবাচক সমালোচনা উত্থাপন কৰিছে, তাৰ মাজত তেওঁ এফালে লক্ষ্য কৰিছে য়ুৰোপৰ ফেচীবাদী আধিপত্য আৰু আনফালে আমেৰিকাত পৰিব্যাপ্ত ধনতান্ত্ৰিক শক্তিৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া৷ তাৰ লগতে ইয়াৰ মাজত শ্ৰমিক শ্ৰেণীৰ আন্দোলনৰ পৰা সিবিলাকৰ তাত্ত্বিক আৰু প্ৰায়োগিক বিচ্যুতিৰ পৰিণামো তেওঁ দেখা পাইছিল৷ সমান্তৰালভাৱে, এয়াও চকুত পৰে যে ঈগলটনে‍ ৰণকৌশল প্ৰয়োগৰ ক্ষেত্ৰতো যথেষ্ট বিচক্ষণতাৰ পৰিচয় দিছে৷ মাৰ্ক্সবাদৰ সৈতে আধুনিক বীক্ষণৰ মিলন ঘটোৱাৰ বাবে তেওঁ লাকাঁৰ মনোবিশ্লেষণবাদ আৰু ডেৰিডাৰ বিনিৰ্মাণবাদক কামত লগাইছে৷ তাৰ লগতে কেতিয়াবা নাৰীচেতনাবাদ, কেতিয়াবা পাঠক প্ৰতিক্ৰিয়া তত্ত্ব (readers-response theory)- তেওঁৰ বিশ্লে‍ষণী আকল্পক বাৰেপতি নতুন কৰি তুলিছে৷ মূলতঃ অতি কম সংখ্যক সমালোচকেহে এনেকৈ ঈগলটনৰ দৰে নিৰন্তৰ নিজকে সলাই পাৰিছে৷ ফ্ৰেডৰিক জেমছনৰ ‘Marxism and Form’ (১৯৭১)-এ মার্ক্সীয় সাহিত্যতত্ত্বত দ্বন্দ্ববাদক নতুন প্ৰতিষ্ঠা দিলে৷ দ্বান্দ্বিক সাহিত্য-সমালোচনাত বিশ্লে‍ষণৰ বাবে একক সাহিত্যকৰ্ম বিচ্ছিন্নভাৱে গৃহীত নহয়, ব্যক্তি সদায়েই বৃহত্তৰ আকৰণ (পৰম্পৰা বা আন্দোলনৰ) অথবা ঐতিহাসিক পৰিস্থিতিৰ অংশ৷ দ্বন্দ্ববাদত বিশ্বাসী সমালোচকে সাহিত্যত প্ৰয়োগ কৰাৰ বাবে কোনো পূৰ্ব-নিধাৰ্ৰিত বৰ্গৰ ওপৰত নিৰ্ভৰ নকৰে৷ তেওঁ এই বিষয়ত সদায়েই সচেতন হৈ থাকে যে, ৰচনাশৈলী-চৰিত্ৰ-চিত্ৰকল্প ইত্যাদি আলোচ্য বৰ্গক শেষ পৰ্যন্ত তাৰ নিজস্ব ঐতিহাসিক অৱস্থানৰ আধাৰত বুজি-বাজি লগা হয়৷ কোনো সমালোচকে যি ধাৰণাৰেই ভেটি গঢ়ি নোতোলক কিয় বা যি দৃষ্টিকোণৰেই আশ্ৰয় নলওক কিয়, তেওঁ লক্ষ্য কৰিব লগা হয় কিদৰে বাস্তৱতাৰ চাপত এইবোৰ ভেটি ভিতৰি ভিতৰি ক্ষয় হৈ থাকে আৰু অনবৰত পৰিস্থিতি অনুযায়ী লক্ষ্য আৰু উপায়ৰ দ্বান্দ্বিক সম্পৰ্ক সলাই লয়৷ সময়ৰ ভিতৰত আমাৰ আত্মগত অস্তিত্বৰ আচ্ছাদনৰ পৰা আমি যদিও ওলাব নোৱাৰোঁ, তথাপি সময়-লালিত বাস্তৱতাক আৰু স্পষ্টকৈ বুজি পোৱাৰ বাবে পূৰ্ব-নিধাৰ্ৰিত ধাৰণাৰ খোলা ভঙাৰ চেষ্টা নিশ্চিতভাৱে কৰিব পাৰোঁ৷ জেমছনে দেখুৱাইছে, একচেটিয়া পুঁজিবাদৰ শিল্পায়নোত্তৰ জগতত মার্ক্সীয় তত্ত্ববিশ্বও বহুলাংশে ৰূপান্তৰিত৷ তাৰ প্ৰধান উপজীব্য অংশৰ সৈতে সমগ্ৰৰ সম্পৰ্ক, মূৰ্ত আৰু বিমূৰ্তৰ বিৰোধ, সামগ্ৰিকতাৰ ধাৰণা, প্ৰপঞ্চ আৰু তত্ত্ববস্তুৰ দ্বান্দ্বিকতা আৰু নিজস্বতা আৰু সততাৰ মিথষ্ক্ৰিয়া৷ প্ৰকৃত মাৰ্ক্সবাদী তাত্ত্বিক কেৱল বহিৰঙ্গতে তৃপ্ত নহয়৷ আলোচ্য প্ৰকাশ মাধ্যমৰ অন্তৰ্বৃত ৰূপ, পাঠকৃতিৰ বয়নে কিদৰে বহুস্বৰিক সত্যক প্ৰকাশ কৰিছেসেয়া বিশ্লে‍ষণ কৰাই তেওঁৰ লক্ষ্য৷ কিয়নো অন্তৰ্বৃত স্তৰত বিমূৰ্তায়িত আঙ্গিক মূৰ্ত জগতৰ উপলব্ধিৰ সৈতে গভীৰভাৱে সম্পৰ্কিত হৈ থাকে৷ 

          ‘The Political Unconscious’ নামৰ কিতাপখনত জেমছনে মার্ক্সীয় তত্ত্ব আলোচনাৰ ক্ষেত্ৰত যেন নতুন দিগন্ত উন্মোচন কৰিলে৷  ইয়াত তত্ত্বভাবনাৰ মৌলিক  দ্বান্দ্বিকতা যিদৰে উপস্থিত, তেনেকৈয়ে লক্ষ্য কৰোঁ সংশ্লে‍ষণী প্ৰৱণতা৷ পৰস্পৰবিৰোধী চিন্তাধাৰাৰ সংশ্লে‍ষণ প্ৰয়াসৰ মাজেদি মার্ক্সীয় অণুবিশ্বৰ সীমাৰেখাই প্ৰসাৰিত হৈছে৷ সংযুক্তি‍বাদ, উত্তৰ-সংযুক্তি‍বাদ, ফ্ৰয়েডীয় তত্ত্ব, আলত্যুচেৰেৰ বিশ্লে‍ষণী কৃৎকৌশল আৰু এড’ৰ্ন’ৰ ভাববিশ্বৰ উপাদান ইত্যাদি আত্মস্থ কৰাৰ মাজেদি জেমছনে আচলতে বস্তুবাদী দৃষ্টিভঙ্গীৰ আশ্ৰয় লৈছে৷ তেওঁ যেন দেখুৱাব বিচাৰিছে, একমাত্ৰ এইদৰেই বিবৰ্ণ জগতলৈ কিছু ৰং ঘূৰাই দিয়া সম্ভৱ৷ আজিৰ বহুধা খণ্ডিত আৰু বিচ্ছিন্নতাৰ দহনত পীড়িত জগতত হেৰাই যোৱা সমগ্ৰতাক বিচাৰি চোৱাৰ চেষ্টা কৰিব পাৰোঁ কেৱল বস্তুবাদী বীক্ষণৰ মাজেদি৷ ইয়াৰোপৰি জেমছনে আখ্যানৰ ব্যাখ্যাৰ ক্ষেত্ৰতো যথেষ্ট নতুনত্বৰ পৰিচয় দিছে আৰু সমস্ত ব্যাখ্যাক ভাবাদৰ্শনিৰ্ভৰ বুলি প্ৰমাণ কৰিব বিচাৰিছে৷ তেওঁৰ মতে, শোষক আৰু শোষিতএই দুই শ্ৰেণীৰেই তাৎপৰ্য উপলব্ধিৰ বাবে ৰাজনৈতিক অৱচেতনা অতি প্ৰাসঙ্গিক৷ পাঠকৃতি আৰু বাস্তৱতাৰ মাজৰ ব্যৱধান উত্তৰ-সংযুক্তি‍বাদীসকলে যিদৰে লুপ্ত কৰিব বিচাৰে, স্বাভাৱিকতে তেওঁ সেইয়া মানি পৰা নাছিল৷ তেওঁ ধাৰণা কৰিছিল, পাঠকৃতিৰ উৎসগত বহুত্ব আৰু বহুমাত্ৰিকতা বুজিব লাগিব পাঠকৃতিৰ বাহিৰতসামাজিক আৰু সাংস্কৃতিক বহুত্বৰ আৱহত৷ জেমছনৰ ‘Post Modernism or the Cultural Logic of Late Capitalism’ (১৯৯১) নানা কাৰণত অৱশ্যে পঠনীয় গ্ৰন্থ৷ তাত তেওঁ উত্তৰ-আধুনিকতাক কেৱল ৰচনা প্ৰকৰণ বুলি জ্ঞান কৰা নাই; আমাৰ সময়ৰ সংস্কৃতিৰ শক্তিৰ অভিব্যক্তি বুলি ধাৰণা কৰিছে৷ কিয়নো উত্তৰ-আধুনিকতাই এফালে আমাৰ সমস্ত শৈল্পিক আৰু বৌদ্ধিক প্ৰক্ৰিয়াক পুনৰ্বিন্যস্ত কৰিব বিচাৰিছে, আনফালে সম্পূৰ্ণৰূপে নতুন ধৰণৰ অভিজ্ঞতা আৰু পৰিস্থিতিক বহিৰঙ্গ আৰু অন্তৰঙ্গ পৰিসৰত পুনৰ্গঠন কৰিছে৷ ইয়াৰ ফলত মার্ক্সীয় সাহিত্যতাত্ত্বিকসকল যি প্ৰত্যাহ্বানৰ মুখামুখি হৈছে, জেমছনে যেন সেই বিষয়ত সহযাত্ৰীসকলক সচেতন কৰিব বিচাৰিছেআমাৰ তেনে ধাৰণাই হয়৷

          সামৰণিত আমি টেৰি ঈগলটনৰ এটি সাক্ষাৎকাৰৰ পৰা পোৱা মূল্যৱান কিছু সূত্ৰৰফালে দৃষ্টি নিক্ষেপ কৰিব পাৰোঁ৷ মাইকেল পেইনৰ সৈতে হোৱা আলোচনাত (১৯৯০) ঈগলটনে‍ কৈছে, আজিৰ এই অস্থিৰ সময়ত মার্ক্সবাদী তাত্ত্বিকৰ দায়িত্ব আৰু গধুৰ হৈ পৰিছে৷ এফালে বিৰুদ্ধ আৰু বিৰূপ বিশ্বত সমস্ত বিশ্বাস, ভাবাদৰ্শ আৰু অৱস্থানক অপ্ৰাসঙ্গিক বুলি প্ৰমাণ কৰাৰ সৰ্বগ্ৰাসী আলোড়ন সৃষ্টি হৈছে৷ আনফালে চিন্তাৰ ক্ষেত্ৰত প্ৰবল অন্তৰ্ঘাতে মার্ক্সবাদীসকলক একেলগে চিন্তাৰ কেন্দ্ৰিকতা আৰু বহুত্ববাদী প্ৰৱণতাৰ মাজত সামঞ্জস্য বিধানৰ ক্ষেত্ৰত তৎপৰ কৰি তুলিছে৷ ঈগলটনে ইয়াৰ মাজত দেখা পাইছে –‘there is always more than one emancipatory discourse with which one can work’ (১৯৯০ : ৭৬) বন্ধন নহয়, মুক্তিকোনো মার্ক্সবাদীয়েই এই মূল অৱস্থানৰ পৰা আঁতৰি থাকিব নোৱাৰে৷ সাম্প্ৰতিক পৃথিৱীৰ চৰম কূটাভাস পৰিপূৰ্ণ আৰু সংশয়দীৰ্ণ পৰিৱেশত তেওঁ মুক্তিৰ একাধিক বাগ্ধাৰা সন্ধান কৰিলে৷ কোনো মার্ক্সবাদীয়েই তত্ত্বৰ বাবে তত্ত্ব কৰ্ষণ নকৰে, তেওঁ জানে, ‘theory is not and should not be self-generating, but should be at the service of certain kinds of practice.’ (প্ৰাগুক্ত : ৭৭) প্ৰয়োগৰ মাজেদি যদি কোনো তত্ত্ব পৰীক্ষিত, সমৃদ্ধ আৰু বাস্তৱায়িত নহয়, তেনেহলে তাৰ প্ৰতি মার্ক্সীয় সাহিত্যতাত্ত্বিকৰ আগ্ৰহ থাকিব নোৱাৰে৷ বিৱৰ্তনশীল সময়ৰ পলসুৱা মাটিৰ পৰা যিমানেই জটিলতাৰ গুল্মলতাৰ জাল বাঢ়ি আহিছে, মার্ক্সবাদীসকলেও তাক মকামিলা কৰাৰ বাবে নতুন নতুন পদ্ধতিৰ কথা চিন্তা কৰিব লগা হৈছে৷ সত্তৰৰ দশকৰ ‘fetishism of method’ (প্ৰাগুক্ত)- পৰা বিচাৰ পদ্ধতিৰ বহুত্ববাদলৈ তেওঁলোক উত্তীৰ্ণ হৈছে৷ ঈগলটনে কৈছে, বিচাৰ পদ্ধতিৰ অলৰ-অচৰ ধাৰাবাহিকতাৰ সলনি ৰাজনৈতিক লক্ষ্যৰ প্ৰতি অবিচল আগ্ৰহ এতিয়া শ্ৰেয় বুলি বিবেচিত হৈছে৷ উত্তৰ-সংযুক্তি‍বাদ বা বিনিৰ্মাণবাদৰ দৰে বৌদ্ধিক চৰ্যাত মাৰ্ক্সবাদীসকলে‍ হস্তক্ষেপ কৰিছে৷ তত্ত্ব আৰু প্ৰয়োগৰ মাজত প্ৰায়েই যি ব্যৱধান আৰু অসঙ্গতি সৃষ্টি হৈছে, তাৰ উৎস প্ৰায়োগিক ৰাজনৈতিক বাস্তৱতাত নিহিত সমস্যা আৰু সঙ্কট৷ মার্ক্সীয় সাহিত্যতাত্ত্বিকে এতিয়া সতৰ্কভাৱে একাধিক ৰাজনৈতিক আৰু প্ৰায়োগিক বিকল্প বিবেচনা কৰিব লগা হৈছে৷ পাঠকৃতি আৰু বাস্তৱতাৰ বহুমাত্ৰিক সম্পৰ্ক যথাযথভাৱে বিশ্লে‍ষণ কৰাৰ বাবে পুনঃপাঠকে তেওঁ অতি শাণি‍ত অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে৷ প্ৰতিপক্ষৰ বক্তব্য যিয়েই হওক লাগিলে কিয়, সাম্প্ৰতিক মার্ক্সবাদী সাহিত্যতত্ত্ব ভাবাদৰ্শৰ ৰুদ্ধতাৰ পৰা উত্তীৰ্ণ হৈছে বহুমাত্ৰিক বাগ্ধাৰাৰ মুক্ত উপসংহাৰলৈ৷ চিন্তাৰ সকলো সীমান্ত যেতিয়া দ্ৰুত মচ খাইছে, মার্ক্সবাদী সাহিত্যতাত্ত্বিকৰ কামো ক্ৰমাত দুৰূহৰ পৰা আৰু দুৰূহ হৈ পৰিছে৷ কিয়নো এফালে চিন্তা আৰু বিশ্বাসৰ কেন্দ্ৰ অক্ষুণ্ণ ৰখাৰ প্ৰতিজ্ঞা আৰু আনফালে বহুত্ববাদী প্ৰৱণতাৰ প্ৰতি আগ্ৰহএই দুয়োৰে দ্বান্দ্বিকতাৰ চৰিত্ৰ আৰু সম্ভাৱনা তেওঁ নিৰ্ণয় কৰিব লগা হৈছে প্ৰয়োগৰ অনন্ত পৰিসৰত৷ ঈগলটনৰ তাৎপৰ্যপূৰ্ণ মন্তব্য এই বিষয়ত দিগ্দৰ্শক পাৰে, ‘Theory, this enigmatic and mysterious entity, represents now that potential moments for us. It represnts the option between trying to move out in ways of broader relevance, of allowing criticism to be shunted into a purely technocratic, siding of no essential social relevance.’ (প্ৰাগুক্ত : ৮৩) সম্ভৱত এই উদ্দীপনামূলক মন্তব্যৰ ভিত্তিত সাম্প্ৰতিক বিশ্ব পৰিস্থিতিত মাৰ্ক্সীয় সাহিত্যতত্ত্বৰ কৃত্য আৰু সম্ভাৱনা নিৰ্ধাৰিত পাৰে৷ এটি পথ ক্ৰমাগত আগুৱাই গৈছে বিকাশৰ কেন্দ্ৰিকতা আৰু বহুত্ববাদী প্ৰয়োগৰ দ্বান্দ্বিকতাক সম্বল কৰি, আনহাতে আন এটি পথ তথ্য-সাম্ৰাজ্যবাদ আৰু উচ্চতম প্ৰযুক্তিৰ যৌথ আক্ৰমণত ভাবাদৰ্শৰ আপাত-অপ্ৰাসঙ্গিকতাৰ বোকামাটিত হেৰাই গৈছে৷ স্বাভাৱিকতে প্ৰথম পথেৰেই পুনৰ্নিৰ্মিত হৈছে মার্ক্সীয় সাহিত্যতত্ত্বৰ মাটি আৰু আকাশ, নান্দনিক প্ৰেক্ষিত আৰু সৃষ্টিৰ লাৱণ্য৷

 

No comments:

Post a Comment

তুমি, অমিতাভ

তুমি, অমিতাভ মূলঃ ডঃ তপোধীৰ ভট্টাচার্য (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ   তুমি, অমিতাভ, ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা সমতললৈ না...