Tuesday, April 5, 2022

বিনিৰ্মাণবাদ

 

বিনিৰ্মাণবাদ

 

তপোধীৰ ভট্টাচাৰ্য

অসমীয়া অনুবাদ : কুমুদ ঘোষ

 

 

[সমকালীন বাঙালি প্ৰাবন্ধিকসকলৰ ভিতৰত অন্যতম তপোধীৰ ভট্টাচাৰ্য৷  দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য বিভাগৰ ৰবীন্দ্ৰ অধ্যাপক হিচাপে এসময়ত সেৱা আগবঢোৱা ভট্টাচাৰ্যই পৰৱৰ্তী সময়ত অসম বিশ্ববিদ্যালয়, শিলচৰৰ উপাচাৰ্য হিচাপে অৱসৰ গ্ৰহণ কৰে৷ দেশ-বিদেশত কবি আৰু বাগ্মী বক্তা হিচাপে এইজন লেখক পৰিচিত৷ লেখকৰ সানন্দ অনুমতি সাপেক্ষে এই অনুবাদ আয়োজন৷]

বিনিৰ্মাণবাদ (deconstructionism) উত্তৰ-সংযুক্তি‍ (post-structure) চেতনাৰ সৈতে  গভীৰভাৱে জড়িত৷ তাত্ত্বিক বিশ্লেষণৰ অস্ত্ৰ হিচাপে ইয়াৰ গুৰুত্ব অপৰিসীম যদিও ইয়াক স্বতন্ত্ৰ দৰ্শন হিচাপে স্বীকৃতি দিবলৈ সকলো সন্মত নহয়৷ জীৱন আৰু জগতৰ অজস্ৰ পাঠ যিমানে ৰচিত হৈছে, জটিলতা আৰু পৰস্পৰ নিৰ্ভৰশীলতা সিমানে দ্ৰুত বাঢ়িছে৷ বাগ্ধাৰা (discourse)- তাৎপৰ্য বুজাৰ বাবে সমগ্ৰৰ সৈতে অংশৰ সম্পৰ্ক কিমানখিনি গুৰুত্বপূৰ্ণ, সেইয়া পৰিমাপ কৰা জৰুৰী৷ আৰু ঠিক ইয়াতেই সামাজিক আৰু নান্দনিক অস্তিত্বৰ নিৰ্মিতিবিজ্ঞান (architectonics)-  বুজাৰ বাবে কাৰ্যকৰী হৈ উঠে বিনিৰ্মাণৰ আকল্প (design) এই বিষয়ত সৰ্বজনমান্য পথিকৃৎ জাক ডেৰিডা৷ ১৯৬৬ চনত আমেৰিকাৰ জন্ হপকিঞ্চ বিশ্ববিদ্যালয়ত অনুষ্ঠিত এখন আলোচনাচক্ৰত তেওঁ ‘Structure, Sign and Play in the Discourse of the Human Sciences’  শীৰ্ষক প্ৰবন্ধটি পাঠ কৰে৷ সৰ্বতোভাৱে এই প্ৰবন্ধটো আছিল যুগান্তকাৰী৷ কিয়নো ইয়াৰেই আঁত ধৰি মাৰ্কিন যুক্তৰাষ্ট্ৰত নতুন ধৰণৰ তাত্ত্বিক ব্যাখ্যাৰ জন্ম ল৷ প্লেটোৰ সময়ৰ পৰাই পাশ্চাত্য দৰ্শনত যিবোৰ আধিভৌতিক ভিত্তিক যথাপ্ৰাপ্ত ধাৰণাৰ মৰ্যাদা দি অহা হৈছিল, বিনিৰ্মাণবাদে সেইবোৰৰ সম্পৰ্কেই প্ৰশ্ন উত্থাপন কৰিলে৷ ডেৰিডাই কৈছে, সংযুক্তিবাদ তত্ত্বৰ মাজতো সংযুক্তিৰ ধাৰণাই কোনো নহয় কোনো তাৎপৰ্যৰ কেন্দ্ৰক সদায় পূৰ্বানুমান কৰি আহিছে৷ এইকেন্দ্ৰসংযুক্তিৰ নিয়ন্তা কিন্তু নিজে কেতিয়াও সংযুক্তিবাদী বিশ্লেষণৰ আধেয় নহয়৷ কেন্দ্ৰৰ সংযুক্তি‍ যদি সন্ধান কৰিব বিচাৰোঁ, আমি অৱধাৰিতভাৱে আন এক কেন্দ্ৰৰ নিৰ্মিতিত গৈ উপনীত ম৷ সৃষ্টি অন্তহীন পৰম্পৰা৷ মানুহৰ চিন্তা কেতিয়াও কেন্দ্ৰহীন নহয়, নহয়  সংযুক্তি‍শূন্যও৷ আকৌ, প্ৰক্ৰিয়া যিহেতু গতিশীল, মুহূৰ্তৰ পাছতে মুহূৰ্ত, পৰিসৰৰ পিছতে পৰিসৰে গঢ়ি তোলে অনন্ত কেন্দ্ৰ, অনন্ত সংযুক্তি‍৷ মানুহে কেন্দ্ৰক আকাঙক্ষা কৰে, কাৰণ তাত প্ৰতিটো সত্তাৰ উপস্থিতি অনুভৱগম্য হৈ উঠে৷ উদাহৰণস্বৰূপে পাৰি, আমাৰ জীৱন-যাপনৰ কায়িক আৰু মানসিক অনুষঙ্গবোৰ সৰ্বদামইকেন্দ্ৰিক৷ মই আছোঁ সেয়ে জগত আছে, মই আছোঁ নিৰ্দিষ্ট সময়ৰ সংযুক্তিত, পৰিসৰৰ বিশদ বিস্তাৰত৷ সময় আৰু পৰিসৰত প্ৰকট হোৱা সকলো ঠাঁচৰ মাজত অহং-কেন্দ্ৰিক ব্যক্তিত্ব অব্যক্ত হৈ ৰৈছে মূল ঐক্য-সূত্ৰ হিচাপে৷

          প্ৰতীচ্যৰ চিন্তাবিদসকলে কেন্দ্ৰায়নৰ আদিম আকল্পক নানা ধৰণৰ পাৰিভাষিক পৰিচয় দিছে : সত্তা, নিৰ্যাস, মুখ্য উপাদান, সত্য, প্ৰকৰণ, সূচনাবিন্দু, উপসংহাৰ-প্ৰতীতি, উদ্দেশ্য, চেতনা, মানৱস্বৰূপ, ঈশ্বৰ প্ৰভৃতি৷ এইবোৰ পাৰিভাষিক প্ৰয়োগৰ বাহিৰত কোনো সম্ভাৱ্য ভাববিশ্ব (Conceptual world)- কথা ডেৰিডাই কিন্তু বিচৰা নাই৷ কিয়নো কোনো এক নিৰ্দিষ্ট ধাৰণাৰ সংযুক্তিক ভাঙিবলৈ গৈ যদি আকৌ সেই ধাৰণাৰ সঞ্চালক ভিত্তিতে বন্দী লগা হয় তেনেহলে বিনিৰ্মাণপন্থা পিতনিত হেৰাই যাব৷ যেনে, ধৰা হওক, চেতনাৰ কেন্দ্ৰায়নপ্ৰৱণ ধাৰণাক প্ৰত্যাখ্যান কৰাৰ বাবে যদি অৱচেতনাৰ প্ৰতিস্ৰোতেৰে তাৰ নিৰৱচ্ছিন্নতাক ভাঙি দিব বিচাৰেকাৰ্যত এক কেন্দ্ৰৰ সলনি আন এক কেন্দ্ৰৰ আশ্ৰয়লৈ গুছি যোৱাৰ বিপত্তিয়ে দেখা দিয়ে৷ চেতনা-অৱচেতনাৰ দ্বৈততাপূর্ণ ভাববিশ্বক স্থানচ্যুত কৰিবলৈ গৈ আমি সিবিলাকৰ অনিবাৰ্য কথোপকথন (dialogue)- প্ৰৱেশ কৰোঁ৷ বৰং শৰীৰ/আত্মা, ভাল/বেয়া, পোহৰ/আন্ধাৰ, গুৰু/লঘু  জাতীয় দ্বিমেৰুবিষম বিভাজনে যি চিন্তা-পদ্ধতিৰ জন্ম দিয়ে, তাৰ প্ৰভাৱত কোনো এক মেৰুক কেন্দ্ৰ আৰু একমাত্ৰ অস্তিত্ব বুলি মানি লোৱাৰ সম্ভাৱ্য বিপদ সম্পৰ্কে আমি সচেতন লগা হয়৷

          ডেৰিডাই তেওঁৰ বিশ্ববিখ্যাত গ্ৰন্থOf Grammatology’- কেন্দ্ৰৰ আকাঙ্ক্ষাকবাক্কেন্দ্ৰিকতা’ (logocentrism)  বুলি কৈছিল৷ গ্ৰীক ভাষাত বাক্  ‘logos’ আৰু ব্যঞ্জনাত তাক জ্ঞান বুলিবও পাৰি৷ ভাৰতীয় ঐতিহ্যত অনুৰূপ ঘটনাটো ঘটিছেবেদ’- ক্ষেত্ৰত৷বেদশব্দটোৰ উৎস-ধাতু বিদ্’, যাৰ অৰ্থ জ্ঞান৷ অৰ্থাৎবেদ শব্দৰাশি, জ্ঞান, মহাগ্ৰন্থ, সমস্ত ভাবনাৰ আকৰ৷ ‘logos’- নিচিনাই৷ ভাৰতীয় ঐতিহ্যত বাক্মন্ত্ৰদ্ৰষ্টা ঋষি, আকৌ স্বয়ং ঈশ্বৰ আৰু শব্দপুঞ্জ৷ য়ুৰোপীয় সংস্কৃতিৰ আদিপৰ্বলৈ যদি দৃষ্টিপাত কৰোঁ, দেখা পাম, বাইবেলৰ নিউ টেষ্টামেণ্টত বাক্বা শব্দক প্ৰভূত গুৰুত্ব দিয়া হৈছে৷ সমস্ত জাগতিক বস্তু বা অস্তিত্বৰ উৎস হিচাপে অৰ্থাৎ সাৰ্বিক উপস্থিতিৰ ৰূপক হিচাপে বাক্ বৰ্ণনা কৰা হৈছে : ‘In the beginning was the word’ এটি মাত্ৰ আদি কাৰণৰকাৰ্যবা পৰিণতি গোটেই জগত, এই মানৱবিশ্ব (human world) আদিশব্দ সমস্ত পৰৱৰ্তী উচ্চাৰণৰ নিয়ন্তা৷ এই কথাবোৰে আনিবাৰ্যভাৱে আমাক ভাৰতীয় সৃষ্টিতত্ত্বৰ কথা সোঁৱৰাই দিয়ে৷ ভাৰতীয় বিশ্বাসতো নাদব্ৰহ্ম বা ওঙ্কাৰ সমস্ত অস্তিত্বৰ উৎস আৰু নিয়ন্তা৷ বাক্ৰূপী ঈশ্বৰ অণোৰণীয়ান মহতো মহীয়ান৷ তাৰ পোহৰত সকলো আলোকিত, তাৰ গতিত সকলোবোৰ চলিষ্ণু :তমেব ভান্তমনুভাতি সৰ্বং, তস্য ভাসা সৰ্বমিদং বিভাতি  বেদ অপৌৰুষেয়, স্বয়ংপ্ৰকাশ; বাণী আগেয়ে ব্যক্ত হৈছে ত্ৰিকালদৰ্শীসকলৰ ওচৰত, বহুকাল পাছত সেয়াই লিখিত ৰূপ পাইছে৷ সেয়ে বাক্বা বাচনিক (verbal)  উচ্চাৰণৰ গুৰুত্বলেখাতকৈয়ো বহুত বেছি৷ এই বিশ্বাস ডেৰিডাৰো; তেওঁৰ দ্বাৰা উত্থাপিতবাক্কেন্দ্ৰিকতাবা ‘logocentrism’ প্ৰধান বৈশিষ্ট্য লেখাৰ তুলনাত কথনৰ শ্ৰেষ্ঠত্ব৷ ইয়াক তেওঁ কৈছিল, ‘phonocentrism’ বা ধবনিকেন্দ্ৰিকতা৷ ভাৰতীয়সকলৰ বাবে যিদৰেবেদতেনেকৈয়ে য়ুৰোপীয়ানসকলৰ বাবেবাইবেলবাক্কেন্দ্ৰিকতাৰ চমৎকাৰ দৃষ্টান্ত৷ বাইবেলৰ লিখিত ৰূপ আজি আমাৰ বাবে সুলভ  লেও ঈশ্বৰৰ বাণী প্ৰাথমিকভাৱে কথ্য৷ সেয়ে মানৱবিশ্ব মানে কথন-বিশ্ব (narrative world) ভিন্ভিন্অনুপুঙ্খ (detail)- মিলনৰ যোগেদি সমগ্ৰৰ প্ৰতীতি অহৰহ গঢ়ি উঠিছে৷ প্ৰকৃত তাৎপৰ্য যদি বুজিব বিচাৰোঁ, অংশ আৰু সমগ্ৰৰ পাৰস্পৰিক সম্পৰ্কৰ অন্বয়সূত্ৰ পূৰ্বে স্পষ্ট কৰি লাগিব৷ আৰু, সেইয়া সম্ভৱ পাৰে কেৱল কথন-বিশ্বৰ বিনিৰ্মাণত৷

৷৷ দুই৷৷

          আন ঠাইত লিখিছোঁ, মানুহৰ জগত আচলতে চিহ্নায়ক (signifier)- পৰম্পৰাৰে বিন্যস্ত জগত৷ তাৰ উপস্থিতি অমোঘ৷ তথাপি, অস্তিত্ব আৰু জ্ঞানৰ প্ৰক্ৰিয়াত কেতিয়াবা কেতিয়াবা সেই উপস্থিতি খণ্ডিত হৈ পৰে, ধূসৰিত হৈ উঠে প্ৰতীতি৷ নিঃসন্দেহে এই বিপ্ৰতীপতা বা খণ্ডায়নও তাৎপৰ্যশূন্য নহয়৷ এনে ঘটে কিয়, সেইয়া লৈ নানা মুনিৰ নানা মত৷ এইখিনিতে আপাততঃ ডেৰিডাৰ বিখ্যাত আৱিষ্কাৰপাৰ্থক্যবোধ তত্ত্বটি উল্লেখ কৰিব পাৰি৷ ফৰাছী ভাষাত যাক ‘difference’ বোলা হৈছে, তাৰ মাজত আছে  দ্ব্যৰ্থবোধকতা অৰ্থাৎ দুটা অৰ্থৰ টনা-আজোৰা৷ এটা অৰ্থ , দ্বিমত পোষণ কৰা আৰু দ্বিতীয়টো মুলতুবী কৰি থোৱা৷ প্ৰথমটো পৰিসৰ সংশ্লিষ্ট ধাৰণা; চিহ্ন উদ্ভূত হয় পাৰ্থক্যবোধৰ পদ্ধতিৰ পৰা৷ কিয়নো কোনো পদ্ধতি ফোঁপোলা নহয়, জঁট লগাও নহয়; পৰিসৰৰ শৃঙ্খলাক পৰ্যবেক্ষণ কৰিলে বুজিব পাৰি, সেইয়া আচলতে পৰস্পৰ ভিন্নতাৰ সমাৱেশ৷ আনফালে, দ্বিতীয়টো সময়-সম্পৃক্ত, কিয়নো যেতিয়া আমি কিবা এটা মুলতুবী কৰি থোৱাৰ কথা কওঁ, তাৰ অৰ্থ হয়, কোনো উপস্থিতিক এক সময় পৰ্বৰ পৰা অন্য সময় পৰ্বলৈ সঞ্চালিত কৰা৷ আমাৰ প্ৰতীতিৰ জগতত চিহ্নায়কবোৰে কেতিয়াবা কেতিয়াবা উপস্থিতিৰ বোধক নিৰন্তৰ এক বিন্দুৰ পৰা আন বিন্দুলৈ  আঁতৰাই দিয়ে৷ ফলত জগতৰ বিভিন্ন অনুপুঙ্খৰ মাজত পাৰ্থক্যৰ উপলব্ধিও হৈ উঠে অনবৰত জায়মান এক প্ৰক্ৰিয়া৷ অলপ আগয়ে যি ধ্বনিকেন্দ্ৰিক চিন্তাৰ কথা কৈছিলোঁ অৰ্থ্যাৎ লিখনতকৈ কথনৰ গুৰুত্ব বেছিসেয়াই সেই পাৰ্থক্যবোধক উপেক্ষা কৰিব বিচাৰে আৰু উচ্চাৰিত বাক্ স্বত-উপস্থিতি বুলি ধাৰণা কৰে৷ এই বিষয়ত ডেৰিডাৰ চিন্তাকে অনুসৰণ কৰিলে দেখোঁ যে কথন তাৰ নিয়ামক চিন্তা-উৎসৰ ওচৰা-উচৰি৷ আমি যেতিয়া কাৰোবাক কথা কোৱা শুনো, এই কথা সুনিৰ্দিষ্ট উপস্থিতিৰ স্মাৰক বুলি বিবেচিত হয়৷ কিন্তু লেখাক আমি তেনে  বুলি ধাৰণা নকৰোঁ৷

          প্ৰকৃতপক্ষে ধ্বনিকেন্দ্ৰিকতাই লিখনক কথনৰ অশুদ্ধ ৰূপ বুলি ধাৰণা কৰে৷ উদাহৰণ হিচাপে পাৰি, কোনো বিখ্যাত অভিনেতা, বাগ্মী বা ৰাজনৈতিক নেতাৰ কথনৰ মাজত তাৰ উপস্থিতি তীব্ৰভাৱে স্পন্দিত হয়, কথনত বক্তাৰ বিশিষ্ট অস্তিত্ব অনুভৱগম্য হৈ উঠে৷ কিন্তু লেখাত লেখক সৰ্বদা পূৰ্বধাৰ্য কোনো পদ্ধতিৰ অনুষঙ্গত প্ৰকট হৈ থাকে৷ সেয়ে কথাৰ দৰে লেখাৰ মাজত মৌলিকতা দেখা নাযায় আৰু ব্যক্তিত্বৰ প্ৰকাশক নহৈ সেয়া হৈ উঠে ব্যক্তিত্বৰ আচ্ছাদক৷ কথাত বক্তাৰ উপস্থিতি অৱশ্যম্ভাৱী কিন্তু লেখাত লেখকৰ উপস্থিতিৰ প্ৰয়োজন নাই৷ লেখাক ইচ্ছামতে পুনৰাবৃত্ত কৰিব পাৰি; ছপাশালৰ অনুগ্ৰহত বহুবাৰ ছপা পাৰে, অনেক দূৰৱৰ্তী প্ৰজন্মৰ কাষলৈকো লৈ যাব পাৰি৷ লেখাৰ এই পুনৰাবৃত্তিয়ে অনিবাৰ্যভাৱে বিশ্লেষণ আৰু পুনৰ্বিশ্লেষণৰ প্ৰক্ৰিয়াকে সম্ভৱ কৰি তুলিছে৷ কিন্তু কোনো কথা-বতৰাৰ ক্ষেত্ৰত এনে হোৱাৰ সম্ভাৱনা নাই৷ যদি সেইয়া হৈও, উচ্চাৰণ মুহূৰ্তৰ মৌলিকতা ধ্বংস নকৰাকৈ কেতিয়াও বিশ্লেষণ আৰম্ভ নহয়৷ প্ৰত্যক্ষ কথন যেতিয়াই পৰোক্ষ কথনলৈ ৰূপান্তৰিত , সেই মুহূৰ্তততে সেইয়া উদ্ভৱ-ক্ষণৰ সত্যতাৰ পৰা দূৰলৈ আঁতৰি আৰু হৈ উঠিল নতুন অস্তিত্ব৷ কথনক যদি বিশ্লেষণৰ আধেয় কৰিব বিচাৰোঁ, তাক আগেয়ে লিখিত ৰূপত পুনৰ্বিন্যস্ত কৰি লাগিব৷

          যন্ত্ৰগ্ৰাহকৰ সাহায্যত যদি সংৰক্ষিত নকৰোঁ, যিকোনো কথকৰ উচ্চাৰিত ধ্বনি‍ চিৰকালৰ বাবে শূন্যত মিলি যাব৷ তাক কোনোৱেই কেতিয়াও ওভতাই আনিব নোৱাৰিব, সেয়ে কথন অনন্য আৰু শূন্য৷ উৎস-চিন্তাৰ সৈতে সমান্তৰালভাৱে অভিব্যক্ত আৰু অপৰিৱৰ্তনীয় বাবে পৰৱৰ্তী কোনো লিখন-মুহূৰ্তৰ দৰে তাক ৰূপান্তৰিত কৰাৰ লেখমানো সুযোগ নাই৷ ফলত কথনবিশ্বৰ প্ৰতিটো মুহূৰ্ত অনন্তত উপনীত হৈছে কিন্তু লিখনবিশ্ব (compositional world)- প্ৰৱহমান কাল আৰু পৰিসৰ বিধৃত হৈছে একক মুহূৰ্তৰ দাপোণত৷ দাৰ্শনিকসকলে এইবাবেই প্ৰায়েই লেখাতকৈ  কথনক সত্যৰ বাগ্ধাৰা হিচাপে গঢ়ি তোলাৰ বাবে বেছি উপযোগী বুলি ভাবিছিল৷ তেওঁলোকৰ বক্তব্য , লিখিত সন্দৰ্ভ (discourse)-ই মূল চিন্তা প্ৰৱাহক বহুখিনি সলনি কৰে, সেয়ে কাৰ্যত সিবিলাকে দাৰ্শনিক সত্যৰ স্বীকৃতিক বিনষ্ট কৰে৷ সত্য সদাই বিশুদ্ধ চিন্তাৰ ওপৰত নিৰ্ভৰশীল, সেয়ে লিখিত ৰূপান্তৰত সেইয়া নিৰ্মাণৰ উপকৰণৰ দ্বাৰা সংক্ৰমিত হৈ পৰে৷ উপকৰণ-বিন্যাস অনিবাৰ্যভাৱে বাহুল্যৰফালে হাউলি গৈ থাকে বাবেই চিন্তাৰ শুদ্ধতা আৰু পৰিচ্ছন্নতা লিখিতৰূপত শেষলৈ অস্পষ্টতাৰ মেঘ আৰু কুঁৱলিৰ আঁৰলৈ আঁতৰি যায়৷ এইবাবে লেখা আৰু কথাৰ সম্পৰ্ক বিষয়ক আলোচনা প্ৰসঙ্গত ডেৰিডাই এই দুয়োৰে মাজত ‘violent hierarchy’- দৃষ্টান্ত দেখা পাইছিল৷ কথাক প্ৰধান আৰু লেখাক গৌণ বুলি ধৰি লোৱাৰ ফলত যি ওখ-চাপৰ পৰ্যায়ক্ৰমটি য়ুৰোপীয় দাৰ্শনিক পৰম্পৰাত সৃষ্টি হৈছিল, তাৰ আদিম অন্বিষ্ট , অস্তিত্বৰ উপস্থিতিক জাগ্ৰত কৰি ৰখা৷ কিন্তু এই ক্ৰম যদি অলৰ-অচৰ আৰু  আমোঘ লহেঁতেন, তেনেহলে অৱধাৰিতভাৱে সত্যৰ প্ৰতীতিয়ো খণ্ডিত হৈ পৰিলহেঁতেন৷ সেয়ে ওখ-চাপৰ ধাৰণাটো যেতিয়া এক সংযুক্তিত পৰিণত হয়, তাক অস্বীকাৰ কৰাৰ প্ৰৱণতাও দেখা দিয়ে৷ প্ৰকৃতপক্ষে ইয়াক বিনষ্ট কৰে আৰু বিপৰীতমুখী কৰি তোলে, শিল ফুটুৱাই নিজৰা বৈ অহাৰ দৰে প্ৰকাশিত হয় নতুন চিন্তা-প্ৰকৰণ (form of thought)৷ তেতিয়া দৃষ্টিৰ ৰৈখিকতাও ভাঙি যায়৷ আমি লক্ষ্য কৰোঁ, কিদৰে কথা আৰু লেখাএই উভয়েই কিছুমান সুনিৰ্দিষ্ট বৈশিষ্ট্যৰ অংশীদাৰ৷ পূবৰ্ৰ অধ্যায়ত ইয়াক ‘writerly’ পাঠকৃতি (text) হিচাপে উল্লেখ কৰিছোঁ৷ যেতিয়া উভয়েই এনে চিহ্নায়ক প্ৰক্ৰিয়াৰ দৃষ্টান্ত হৈ উঠে তেতিয়া তাৰ মাজত অস্তিত্বৰ উপস্থিতি কিঞ্ছিৎ অস্পষ্ট৷ সেয়ে অলপ আগেয়ে যাক ওখ-চাপৰ পৰ্যায়ক্ৰম বুলি কৈছিলোঁ, তাৰ অস্বীকৃতি সম্পূৰ্ণ কৰিব লগা হয় সামূহিক বৈপৰীত্যত, পৰিকল্পিত বিপ্ৰতীপতাত৷ তেতিয়া কথাক বৰ্ণনা কৰিব পাৰি লেখাৰেই এক বিশিষ্ট ধৰণ হিচাপে৷ দাৰ্শনিক ধাৰণাৰ ক্ষেত্ৰত এই যে মেৰু সলনি ঘটিল, সেইয়া  ডেৰিডা উত্থাপিত বিনিৰ্মাণৰ প্ৰথম ধাপ৷

৷৷ তিনি৷৷

কথা/লেখা : এই যুগ্মকৰ পাৰস্পৰিক সম্পৰ্ক কিমানখিনি অস্থিৰ আৰু পৰিৱৰ্তনশীল, সেইয়া বুজাবৰ বাবে ডেৰিডাইপৰিপূৰক’ শব্দটো পাৰিভাষিক অৰ্থত ব্যৱহাৰ কৰিছিল৷ আমাৰ মনত পৰিব, ইয়াৰ পূৰ্বে ৰুছোৰ বাবে লেখা আছিল কেৱল মাত্ৰ কথাৰ সম্পূৰক; নিতান্ত কম গুৰুত্বপূৰ্ণ উপাদান কথাত যুক্ত লে তাক লেখা বুলি কোৱা হয়৷ কিন্তু ডেৰিডাই ঠিক এইদৰে কোৱা নাই; মূল ফৰাছী ভাষাত ‘suhpleer’- কেৱল পৰিপূৰক হোৱাকে নুবুজায়, আনৰ স্থান লোৱা অৰ্থাৎ বিকল্প হৈ উঠাকো বুজায়৷ ডেৰিডাই এইদৰে বিচাৰে যে, লেখা কথাৰ কেৱল মাত্ৰ পৰিপূৰক নহয়, বিকল্পও হয়৷ ইয়াৰ কাৰণ কথন সৰ্বদা লেখাৰ মাজত পূৰ্বানুসৃত৷ প্ৰকৃপক্ষে ডেৰিডাৰ সিদ্ধান্ত , সমস্ত মানৱিক ক্ৰিয়াৰ মাজত নিহিত হৈ আছে এই পৰিপূৰকত্ব অৰ্থাৎ একেলগে সংযোজন আৰু বিকল্পায়ন (precess of alternation); যিদৰে, আমি যেতিয়া কওঁ যে সভ্যতাৰ পূৰ্বসূৰি প্ৰকৃতি, সেই সময়ত প্ৰাগুক্ত  ‘violent hierarchy’- দৃষ্টান্ত পাওঁ৷ প্ৰকৃতিৰ শুদ্ধ উপস্থিতি সভ্যতাৰ বীজৰ দ্বাৰা যেতিয়া সংক্ৰামিত , সেই শুদ্ধতা আৰু বৰ্তি নাথাকিল৷ তাৰ মানে, এক নতুন সম্পূৰক উপাদান যুক্ত হৈ যথাপ্ৰাপ্ত স্থিতাৱস্থাকে সম্পূৰ্ণ সলাই দিলে৷ কোনো কোনোৱে অৱশ্যে এই কথা পাৰে যে, কথা/লেখা যুগ্মকৰ দৰে, প্ৰকৃতিয়ো সৰ্বদা সভ্যতাৰ দ্বাৰা সংক্ৰামিত৷ সেই ক্ষেত্ৰত মৌলিক প্ৰকৃতি বুলি একো নাই, আমি কল্পিত শুদ্ধতাৰ কথা কৈ আচলতে এক প্ৰত্নকথাকে স্বীকৃতি দিব বিচাৰোঁ৷ মঙ্গল/অমঙ্গল কিংবা পাপ/পূণ্য অথবা ভাল/বেয়া এই জাতীয় সংযোজন/বিকল্পায়ন প্ৰক্ৰিয়া আমি বিশ্বসাহিত্যৰ নানা পাঠত আৱিষ্কাৰ কৰিব পাৰোঁ৷ সিবিলাকত ডেৰিডাৰ বিনিৰ্মাণ তত্ত্ব সমৰ্থিত হয়৷

          মুঠ কথা , পাঠৰ সূচনাত পাঠকে লক্ষ্য কৰে ওখ-চাপৰ পৰ্যায়টিক; পৰৱৰ্তী ধাপত পাঠকে এই পৰ্যায়ৰ মাজত মেৰুসলনি কৰিবলৈ উৎসাহী হৈ উঠে আৰু চূড়ান্ত পৰ্বত নতুন কোনো বৰ্গীকৰণ প্ৰতিহত কৰাৰ বাবে বিকল্পায়নৰ প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰে৷ বিনিৰ্মাণবাদী পাঠত যথাপ্ৰাপ্ত বাগধাৰাক এক ধৰণৰ পৰিকল্পিত সন্ত্ৰাসৰ মাজেদি সম্পূৰ্ণ ৰূপান্তৰিত কৰি পেলোৱা হয়৷ এক মেৰুৱে আন এক মেৰুৰ স্থান লোৱাত আৰু নানা ধৰণৰ সম্ভাৱ্য বিকল্প প্ৰকট হোৱাত যথাপ্ৰাপ্ত পৰিসৰ সম্পূৰ্ণৰূপে নতুন হৈ উঠে৷ বিপ্ৰতীপতা আৰু অন্তৰ্বিপ্লৱৰ মাজেদি বিন্যাসৰ পুৰণি যুক্তি-শৃঙ্খলা সম্পূৰ্ণৰূপে বিপৰ্যস্ত হৈ পৰে৷ পাঠ তেতিয়া কাৰ্যত টুকুৰা-টুকুৰ হৈ যায়৷ এই সম্পৰ্কে দুজন বিজ্ঞ সমালোচকে মন্তব্য কৰিছিল : ‘Deconstruction can begin when we locate the moment when a text transgresses the laws it ahpears to set up for itself’  (চেল্ডেন আৰু হ্বি‍ড্ডোওচোন : ১৯৯৩ : ১৪৭) নিজৰ বাবে সৃষ্টি কৰা নিয়মক পাঠে যেতিয়া নিজেই ভাঙি পেলাব বিচাৰে, তেতিয়া প্ৰতিটো বাগ্ধাৰাই কাৰ্যত এক ৰণক্ষেত্ৰৰ দ্যোতনা আনে৷

          এইবাবেই বিনিৰ্মাণবাদৰ দৰে ক্ৰিয়াত্মক তত্ত্ব নিঃসন্দেহে বিৰল৷ কেৱল যে আখ্যানৰ ক্ষেত্ৰতে সেয়া প্ৰযোজ্য এনে নহয়, কবিতাৰ বক্তব্য বিশ্লেষণৰ ক্ষেত্ৰতো সেয়া বিশেষ উপযোগী বিবেচিত পাৰে৷ সাম্প্ৰতিক বাংলা সাহিত্যতো কিছু সংখ্যক বিনিৰ্মাণবাদী পাঠ সম্প্ৰতি লক্ষ্য কৰিছোঁ, যিয়ে সমালোচনাত্মক  বাগ্ধাৰাৰ ক্ষেত্ৰতো সম্পূৰ্ণ পট-পৰিৱৰ্তনৰ ইঙ্গিত কঢ়িয়াই আনিছে৷ কোনো কোনো সাম্প্ৰতিক তাত্ত্বিকে উপন্যাস, চুটিগল্প আৰু কবিতাৰ ক্ষেত্ৰত সাৰ্থক বিনিৰ্মাণবাদী পাঠ উপস্থাপন কৰিছে৷ প্ৰকৃপক্ষে এই সময়ত আৰু অধিক উদ্যম যুক্ত লে বাংলা সাহিত্যৰ ইতিহাস পুনঃপঠিত আৰু পুনৰ্নিমিত ব৷ সংযোজন/বিকল্পায়ন সম্পৰ্কে যি বক্তব্য অলপ আগেয়ে উপস্থাপন কৰা হৈছে, তাৰ সাৰ্থক প্ৰয়োগত বাঙালিৰ বিৱৰ্তনপ্ৰৱণ সাংস্কৃতিক পাঠত সম্পূৰ্ণৰূপে নতুন চিহ্নায়ক পৰস্পৰা উন্মোচিত ব৷

          ডেৰিডাৰ  নিবন্ধ ‘Signature Event Context’- অনুসৰণ কৰি আমি লেখাৰ তিনিটা বৈশিষ্ট্য সম্পৰ্কে অৱগত হওঁ৷ প্ৰথমতে, কোনো লিখিত চিহ্নক তাৰ উত্থাপক লেখকৰ অনুপস্থিতিতো পুনৰাবৃত্ত কৰিব পাৰি৷ সাধাৰণতে, সুনিৰ্দিষ্ট এটি প্ৰসঙ্গ আৰু গ্ৰহীতাৰ উপস্থিতিত সেই চিহ্নই নিৰ্দিষ্ট ৰূপ অৰ্জন কৰে৷ কিন্তু প্ৰাগুক্ত লেখক আৰু সেই প্ৰসঙ্গই গ্ৰহীতাৰ সৈতে সম্পৰ্কহীনভাবেও চিহ্নক ব্যৱহাৰ কৰিব পাৰে৷ দ্বিতীয়তে, লিখিত চিহ্ন সাধাৰণতে এটি প্ৰকৃত প্ৰসঙ্গ আৰু লেখকৰ অভিপ্ৰায়ৰ সৈতে সম্পৃক্ত হৈ থাকে৷ কিন্তু পৰৱৰ্তী কোনো সুযোগত সম্পূৰ্ণৰূপে ভিন্ন প্ৰসঙ্গত আৰু লেখকৰ অভিপ্ৰায়ৰ সৈতে নিঃসম্পৰ্কিতভাৱে, পাঠকে সেইয়া পাঠ কৰিব পাৰে৷ এইদৰে দেখা যায়, কোনো এক নিৰ্দিষ্ট বাগ্ধাৰাৰ চিহ্ন পৰম্পৰাক আন এক বাগ্ধাৰাত ভিন্ন অনুষঙ্গত উপস্থাপন কৰিব পাৰি৷ তৃতীয়তে, লিখিত চিহ্নক দুই ধৰণে পৰিসৰৰ সৈতে যুক্ত কৰিব পাৰি৷ এক, কোনো এক নিৰ্দিষ্ট চিহ্ন-পৰম্পৰাৰ পৰা বিচ্ছিন্ন কৰি তাক আন কোনো কালৰ পৰিধিত যুক্ত কৰিব পাৰি৷ এই তিনিটা সূত্ৰ অনুযায়ী লেখাক কথাৰ পৰা পৃথককৈ চাব পাৰি৷ এইখিনিতে অৱশ্যে এটা প্ৰশ্ন ৰৈ যায়৷ যদি প্ৰসঙ্গৰ পৰা বিচ্ছিন্ন কৰি চিহ্নায়কবোৰক ইচ্ছামতে পুনৰাবৃত্ত কৰা হয়, তেনেহলে সিবিলাকৰ মান্যতা থাকে কেনেকৈ? কিয়নো আমি ইতিমধ্যে জানিছোঁ, তাৎপৰ্য সকলো সময়ত প্ৰসঙ্গ-নিৰ্ভৰ৷ সেই ক্ষেত্ৰত লেখা অনেকখিনি দায়িত্বশূন্য হৈ যোৱা নাইনে বাৰু? দুৰ্বোধ্য প্ৰশ্ন বুলি ইয়াক এৰাই চলিব নোৱাৰি, কিয়নো, সামাজিক আৰু নান্দনিক ভাবাদৰ্শৰ অন্বয়-অনন্বয় কিংবা প্ৰাসঙ্গিকতা-অনিবাৰ্যতা সংক্ৰান্তীয় সমস্যাইও সমাধান দাবী কৰিছে৷ ওখ-চাপৰ অৱস্থানৰ পৰ্যায়ক্ৰমক যেতিয়া বিনিৰ্মাণ কৰোঁ, কেনে ধৰণৰ চিহ্নায়ক পুনৰাবৃত্ত আৰু কোনবোৰ স্থিৰ থাকিব :  সেইয়া মেৰু সলনিৰ পাছত ঠিক কৰিব লগা হয়৷ তেতিয়া কথাৰ অন্তৰালত অন্য কথা, ৰূপৰ অন্তৰালত অন্য ৰূপ, সম্পৰ্কৰ অন্তৰালত অন্য সম্পৰ্ক চকুত পৰে৷ আচলতে দৃষ্টিও সেই স্বেচ্ছাবৃত বিপৰ্যয়ৰ পাছত  সম্পূৰ্ণৰূপে নতুন হৈ উঠে৷ যি তদিনে অন্ধকাৰত আছিল ৰুদ্ধ, তাত দেখা দিয়ে পোহৰৰ চিক্মিক্নি, পোহৰে কিন্তু চকু চাট মাৰি নধৰে, চোৱাৰ দিগন্তক বৃদ্ধি কৰে৷ পুৰণি পাঠৰ পৰা উজলি উঠে আশ্বৰ্য নতুন, এনেকি অভাৱনীয় পাঠৰ ৰৌদ্ৰবলয়৷ বিনিৰ্মাণে পাঠক নিষ্ক্ৰীয় নিৰাসক্ত হৈ থাকিবলৈ নিদিয়ে, তাক কৰি তোলে সক্ৰিয় প্ৰাণবান, জগত-জীৱনৰ স্পন্দন সম্পৰ্কে চিৰ-উৎসুক৷ প্ৰতীচ্যৰ তাত্ত্বিকে সেয়ে কাব্যিকতাৰ পৰশ সানি উচ্চাৰণ কৰে :  ‘Text is a performance’ এইয়া শিল্পিত উপস্থাপনা বই নোৱাৰে পৰে ডেৰিডা কথিত চিহ্নায়কৰ পৰ্যায়ক্ৰম অন্য প্ৰেক্ষিতত পুনৰাবৃত্তিৰ উপযুক্ত বুলি বিবেচিত নহয়৷ ইয়াকেই ৰোলাবাৰ্তে কৈছিল ‘always already written’ তাৰ অৰ্থ, যি আছে সেইয়া পূৰ্বেই বাগ্ধাৰাৰ গভীৰত সম্ভাৱনা হিচাপে নিহিত আছিল৷ এই চিৰ-উপস্থিতিক সমস্ত অনুপস্থিতিৰ যৱনিকা আঁতৰাই বাঙ্ময় কৰি তুলিব লগা হয়৷ তেতিয়াই পুৰণি তটৰেখাৰজুৰি দেখা দিয়ে নবীন তাৎপৰ্যৰ জলোচ্ছ্বাস৷ চূড়ান্তভাৱে ৰূপান্তৰিত হৈ পৰে লিখনবিশ্ব (compositional world/ microcosm) কোৱা বাহুল্য, এই ৰূপান্তৰত সংযোজন-বিকল্পায়নৰ বিনিৰ্মাণবাদী প্ৰক্ৰিয়াই অতি সূক্ষ্ম আৰু সুদূৰপ্ৰসাৰী ভূমিকা গ্ৰহণ কৰে৷

          বিনিৰ্মাণ পন্থাৰ প্ৰচুৰ প্ৰভাৱত সমসাময়িক বেছ কিছু প্ৰধান বৌদ্ধিক ঐতিহ্যই নিজৰে কৃৎকৌশল (technical/formal expertise) আৰু আধেয় সম্পৰ্কে মৌলিক পুনৰ্মূল্যায়ন কৰিবলৈ বাধ্য হৈছে৷ সম্ভৱত ইয়াৰেই ফলত আপাতদৃষ্টিত বাঘে-ছাগে একে ঘাটত পানী খাইছে৷ যেনে, মাৰ্ক্সবাদৰ সাম্প্ৰতিক আলোচকসকলে বিনিৰ্মাণবাদৰ সৈতে দাৰ্শনিক সাযুজ্য বিচাৰি পাইছে৷ আচলতে মানুহৰ পৃথিৱীত এতিয়া আৰু একোৱেই অসম্ভৱ নহয়৷ এফালে ভাঙিব ধৰিছে সমস্ত ৰৈখিকতা, আনফালে মচ খাই আহিছে আৰোপিত ঐক্যবোধ৷ এই সময়ৰ দাবী হৈছে, দৃষ্টিৰ বহুত্ব আৰু অনেকাৰ্থ দ্যোতক (heteroglossia)- প্ৰেৰণা৷ শৃঙ্খলা আৰু সংযুক্তিৰ ওচৰত আৰু নিৰ্বিচাৰ আনুগত্য নহয়, এতিয়া কাম্য উদাৰ আৰু মুক্ত বিশ্লেষণী সমালোচনাৰ পাঠ, একাত্ম হোৱাৰ পৰিচয়সূত্ৰ নহয়, পাৰ্থক্যৰ প্ৰতীতি৷ আৰু সবাৰে ওপৰত, ভাববস্তু (theme) আৰু চিন্তাপ্ৰণালীৰ সাৰ্বভৌমত্ব আৰু সমগ্ৰায়ন (totatisation) সম্পৰ্কে সংশয়৷ শুদ্ধতাৰ নামত অনড়তা নহয়, এতিয়া কাম্য গতিৰ মূল্যত নিৰীক্ষা অৰ্জন৷ এই সকলোবোৰ সম্ভৱ হৈছে বিনিৰ্মাণৰ মনন আৰু আৱেগত৷ সেয়ে সময়ৰ প্ৰেৰণাত মাইকেল ৰিয়ানে তেওঁৰ বহু আলোচিত 'Marxism and Deconstruction' (১৯৮২) নামৰ কিতাপখন লিখি আমাক চিন্তাসূত্ৰ উপহাৰ দিছে৷ এইদৰে বিভিন্ন প্ৰচলিত দৰ্শন প্ৰস্থানে (School of Philosophy) বিনিৰ্মাণবাদলৈ আনিছে নতুন তৰঙ্গাভিঘাত৷ চিন্তাৰ ৰৈখিকতা ভাঙি গৈছে, সম্ভাৱনাৰ  নতুন নতুন দিগন্ত মুক্ত হোৱাত সাম্প্ৰতিক তাত্ত্বিকসকল কাৰ্যত হৈ উঠিছে অভিযাত্ৰী আৰু আৱিষ্কাৰক৷ য়ুৰোপৰ  দেশে দেশে যিদৰে প্ৰসাৰিত হৈছে নতুন চিন্তাবলয়, তেনেকৈয়ে‍ আমেৰিকাতো তাৰ প্ৰচুৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে৷নব্য সমালোচক’-সকলৰ ৰূপবাদে দীৰ্ঘকাল ধৰি যি তাত্ত্বিক শৃঙ্খলৰ ক্ৰমাগত চৰ্চাৰ অভ্যাস গঢি় তুলিছিল, তাক ভাঙি পেলোৱাৰ বাবে মাৰ্কিন চিন্তাবিদসকলে চেষ্টা কৰিছিল৷ নথ্ৰপফ্ৰাইয়ৰৰ প্ৰত্নকথা সমালোচনা, লুকাছৰ হেগেলীয় মাৰ্ক্সবাদ, ফৰাছী সংযুক্তিবাদ : বিভিন্ন সময়ত বিপ্ৰতীপ ভাবনাৰ আয়ুধ হৈ উঠিছে৷ সিবিলাকত প্ৰাগুক্ত শৃঙ্খলটি কিঞ্ছিত পৰিমাণে শিথিল লেও ইপ্সিত  মুক্তি অহা নাই৷ বিনিৰ্মাণবাদ যেতিয়া ডেৰিডাৰ প্ৰাগুক্ত বিখ্যাত নিবন্ধ পাঠৰ সূত্ৰে আমেৰিকাৰ তত্ত্বজগতত উপস্থিত , তেতিয়াই আহিল সেই কাঙ্খিত পৰ্বান্তৰৰ মুহূৰ্ত৷

৷৷ চাৰি ৷৷

          জে. হিলিছ মিলেৰ, পল দা মেন, জিওফ্ৰে হাৰ্টমেন আৰু হেৰল্ড ব্লুম : মূলতঃ এই চাৰিজন সমালোচককে আমেৰিকাত বিনিৰ্মাণবাদৰ মুখ্য পৰিপোষক বুলি কোৱা হয়৷ ডেৰিডাৰ বিখ্যাত নিবন্ধই যেতিয়া আমেৰিকাৰ বিদ্বৎ-সমাজত অভূতপূৰ্ব আলোড়ন সৃষ্টি কৰিলে, সেই সময়ত তেওঁলোকে ইয়েল’ বিশ্ববিদ্যালয়ত পঢ়ুৱাই আছে৷ মূলতঃ তেওঁলোকৰ চেষ্টাত বিনিৰ্মাণবাদে এক প্ৰণালীবদ্ধ তাত্ত্বিক আন্দোলনৰ ৰূপ লয়৷ পাছত অৱশ্যে তেওঁলোকৰ কোনো কোনোবাজন সেই বিশ্ববিদ্যালয়ৰ পৰা অন্যলৈ গুছি যায়৷ কিন্তু বিনিৰ্মাণবাদৰ সৈতে ইয়েল’-সমালোচকসকলৰ নাম ঐতিহাসিকভাৱে যুক্ত হৈ পৰে৷ ইয়াৰ অৰ্থ অৱশ্যে এয়া নহয় যে উল্লিখিত চাৰিজন তাত্ত্বিকৰ মাজত অভিন্ন চিন্তা প্ৰতিফলিত হৈছিল৷ প্ৰকৃতপক্ষে অন্য যিকোনো ধাৰাৰ দৰে এওঁলোকৰ মাজতো পাৰস্পৰিক পাৰ্থক্য অনেক৷ তথাপি কিছু  কিছু সাধাৰণ প্ৰত্যয়, দৃষ্টিভংগী, সমালোচনাৰ অন্তৰ্বস্তু যিহেতু তেখেতসকলৰ মাজত স্পষ্ট ধৰা পৰিছে আৰু ‘Deconstruction and Criticsim’  (১৯৭৯) নামৰ প্ৰবন্ধ সংকলনত এজনে আনজনৰ কথা বাৰেপতি উল্লেখ কৰিছে আৰু বক্তব্যৰ পৰাও ঐক্যসূত্ৰ প্ৰমাণিত হৈছে৷ তেওঁলোকৰ দাৰ্শনিক প্ৰস্থানভূমি যে অভিন্ন, তাত সংশয়ৰ কোনো কাৰণ নাই৷ অৱশ্যে এওঁলোকৰ প্ৰত্যেকেই ১৯৬৬  চনৰ পূৰ্বেই সাহিত্য সমালোচক হিচাপে যথেষ্ট খ্যাতি অৰ্জন কৰিছিল৷ অৰ্থাৎ ডেৰিডাৰ বিখ্যাত বক্তৃতাই আলোড়ন সৃষ্টি কৰাৰ বছৰটোৰ পূৰ্বেই তেওঁলোকৰ নিজস্ব ক্ষেত্ৰ প্ৰস্তুত হৈছিল৷ এনে নহয় যে ডেৰিডাৰ ভাবানুৰাগী হোৱাৰ বাবে তেওঁলোকে নিজৰ মানসিক প্ৰৱণতাসমূহ সম্পূৰ্ণৰূপে সলনি কৰি পেলাইছিল আৰু তাৰ লগতে ১৯৬৬ চনৰ পূৰ্বৱৰ্তী ৰচনাবোৰ প্ৰত্যাখ্যান কৰিছিল৷ এই বছৰটোৱে মাথোঁ তেওঁলোকৰ চিন্তাজগতত জলবিভাজন ৰেখা (watershed)- কাম কৰিছিল৷

          মিলেৰ-মেন-হাৰ্টমেন-ব্লুমে একে ধৰণেই ডেৰিডাৰ প্ৰভাৱ আত্মস্থ কৰি লৈছিল, এনেও নহয়৷ ব্লুমে বহু ক্ষেত্ৰত ডেৰিডাক অস্বীকাৰ কৰিব বিচাৰিছিল৷ আমেৰিকাত এইজন মনীষীৰ প্ৰভাৱে বিদ্বৎসমাজক এনেদৰে আচ্ছন্ন কৰি থৈছিল যে, চিন্তা-চেতনাৰ নতুন দিগন্ত মুকলি কৰাৰ ক্ষেত্ৰত একমাত্ৰিক (monodimensional)  স্বীকৃতিও বাধা হৈ থিয় দিছিল৷ যিয়েই হওক, য়ুৰোপত যিদৰে ফৰাছী বিদ্ধানসকলৰ মাজত উত্তৰ-সংযুক্তি‍বাদে এক বিশিষ্ট ৰূপ গ্ৰহণ কৰিছে, সেইদৰে আমেৰিকাত বিনিৰ্মাণবাদ স্বতন্ত্ৰ হৈ উঠা নাই৷ বৰং পাৰি, নৱ্য সমালোচকসকলৰ মাজত সাহিত্যতাত্ত্বিকসকলৰ আন্দোলনে এক প্ৰাথমিক ভেটি নিৰ্মাণ কৰিছিল, আৰু সেই ভেটিত থিয় হৈ য়ুৰোপৰ পৰা পোৱা সংযুক্তি‍বাদী চিন্তাক তেওঁলোকে নিজস্ব ধৰণে প্ৰসাৰিত কৰিলে৷ ইয়াৰ ফলত চিন্তাপ্ৰকৰণ (form of thought)-ৰ ধাৰাবাহিকতা ৰক্ষিত হৈছে; আকৌ তাৎপৰ্যপূৰ্ণ সংশোধন আৰু পৰিমাৰ্জনৰ ফলত উত্তৰ-সংযুক্তি‍ চেতনাৰ এটি বিশিষ্ট প্ৰকাশ বিনিৰ্মাণবাদ হিচাপে প্ৰতিষ্ঠিত হৈছে৷ এওঁলোকৰ আন এটি ডাঙৰ কৃত্বি এয়া যে, জীৱন আৰু জগত সম্পৰ্কে বিভিন্ন মীমাংসাত উপনীত বলৈ গৈ উল্লিখিত সমালোচকসকলে কেৱল সাহিত্যতত্ত্বৰ  ভূমিতেই নিজক আৱদ্ধ কৰি থোৱা নাছিল৷ এওঁলোকৰ প্ৰত্যেকেই নিজৰ চিন্তাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিছে, ডেৰিডাই কেৱল তেওঁলোকৰ দৃষ্টিক নব্য চেতনাপ্ৰস্থান (School of consciousness)- প্ৰতি আকৃষ্ট কৰিছে৷ ফলত তত্ত্ববিশ্ব আৰু প্ৰসাৰিত হৈছে; পথিকসকলে প্ৰচলিত পথৰ বাহিৰত ভৰি দিছে কিন্তু এই নৱ্য পৰিক্ৰমাত নিজস্ব সাংস্কৃতিক পৰম্পৰা নি‍বিড়ভাৱে আত্তীকৃত হৈছে৷ দৃষ্টিৰ সীমা আৰু দূৰলৈ আঁতৰি গৈছে, সম্ভাৱনাৰ অকৰ্ষিত ক্ষেত্ৰত তেওঁলোকে উদ্যম গ্ৰহণৰ প্ৰেৰণা লভিছে৷

          বিনিৰ্মাণ নামক পাৰিভাষিক শব্দটোক পল দি মেনেৰৰ দৰে যশস্বী সমালোচকে কি দৃষ্টিৰে চাইছিল, সেইয়া বুজিবৰ বাবে তেওঁৰ এটি মন্তব্য স্মৰণ কৰিব পাৰোঁ : ‘Literature as well as criticism – the difference between being delusive is condemned (or privileged) to be for ever the most rigorous and consequently the most unreliable language in terms of which man names and transforms himself.’ (১৯৭৯ : ১৯) এই ভাবনাৰ আঁত ধৰি বুজিব পাৰোঁ, জীৱনৰ বাগ্ধাৰাক সংক্ৰামিত আৰু ৰূপান্তৰিত কৰাৰ দায় বহন কৰে সংবেদনশীল মানুহে৷ আকৌ এনে ইঙ্গিতো পোৱা গৈছে যে, সাহিত্যিক পাঠকৃতি আৰু সমালোচকৰ বাগ্ধাৰা গঢ়ি উঠে নানা ধৰণৰ কূটাভাসৰ সৈতে মকামিলা কৰোঁতে৷ সাহিত্য আৰু সমালোচনাৰ মধ্যৱৰ্তী ব্যৱধানক যদি কেৱলআপাত-ধাৰণাবাবিভ্ৰমবুলি নস্যাৎ কৰোঁ, প্ৰাথমিক বিচাৰত কেইজনে সেয়া গ্ৰহণযোগ্য বুলি ধাৰণা কৰিব? দা মেনে যাক কঠোৰভাৱে শৃঙ্খলাপৰায়ণ বুলি ভাবিছে, একে লগতে সেয়া আকৌ সবাতোকৈ অবিশ্বস্ত হয় কেনেকৈ? এই দুই প্ৰৱণতাৰ অসম মিলনত যি পৰাভাষা (meta language) উদ্ভূত হৈছে, সেয়া কিদৰে মানৱবিশ্বৰ পৰিচায়ক পাৰে কিংবা ৰূপান্তৰিত কৰিব পাৰে মানুহৰ দৰে জটিল অস্তিত্বক? এনেধৰণৰ কূটাভাসে সমস্যা সমাধানৰ পৰিৱৰ্তে সমস্যাক আৰু গ্ৰন্থিল নকৰিবনে? চিন্তাৰ স্বাভাৱিক প্ৰৱণতাক অস্বীকাৰ কৰি বাগ্ধাৰাৰ সংযোগ ক্ষমতাক খৰ্ব কৰা নাইতো! অস্তিত্বৰ মৰ্মমূলক যি সংশয়বাদে আলোড়িত কৰে সেয়া তেনেহলে কি এই সময়ৰ সেই অসুখ যাৰ কোনো উপশম নাই! যিমানেই ইয়াৰ আওতাৰ পৰা ওলাব বিচাৰোঁ, বাৰে বাৰে ওভতি আহিব লগা হয় তাৰ বলয়লৈ৷ এই প্ৰক্ৰিয়াই নিৰৱচ্ছিভাৱে আমাৰ চৈতন্যৰ সকলো সংযুক্তি‍ আৰু ধাৰাবাহিকতা ভাঙি দিছে : এই কথা যিদৰে লক্ষ্য কৰিছিল দাৰ্শনিকসকলে, তেনেকৈয়ে সাহিত্যতাত্ত্বিকসকলো এই বিষয়ত সচেতন হৈছিল৷ আৰু, শেষত সম্পূৰ্ণৰূপে ভিন্ন গোত্ৰৰ এক তাত্ত্বিক ৰূপ গঢ়ি তুলিছিল৷ ইয়াকে বিনিৰ্মাণৰ অভিধা দিয়া হৈছে৷ বিখ্যাত তাত্ত্বিক ক্ৰিষ্ট’ফাৰ নোৰিছে লিখিছে, ‘Deconstruction is a constant reminder of the etymological link between ‘crisis’ and ‘criticism.’ (১৯৪৩ : ১১-১২) আপাতদৃষ্টিত যাক উদ্ভট ধাৰণা হয়, তাৰেই সীমান্ত চুই যেন পাঠকৃতিৰ তাৎপৰ্য বিশ্লেষণৰ সাম্প্ৰতিক প্ৰক্ৰিয়াই কালান্তৰৰ বাৰ্তা কঢ়িয়াই আনিছে৷ জীৱন যিহেতু পূৰ্বধাৰ্য উপসংহাৰ অনুযায়ী কেতিয়াও বিন্যস্ত নহয়, বিনিৰ্মাণে সমস্ত অনন্বয়ক চকুলৈ আঙুলিয়াই দেখুৱাই দিয়াৰ দায়িত্ব লয়৷ যিখিনি আৱৰণৰ আঁৰত, সিবিলাকক অনাবৃত কৰিব বিচাৰে বাবেই ভাষা, অভিজ্ঞতা বা মানৱিক সংযোগৰ সমস্ত স্বাভাৱিক সম্ভাৱনাক সংশয়বিদ্ধ কৰি বিনিৰ্মাণৰ কাম আৰম্ভ হয়৷ এইখিনিতে আৰু এটি গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰা প্ৰয়োজন৷ বিনিৰ্মাণ মানৱিক চিন্তা আৰু মননৰ এনে এটি প্ৰক্ৰিয়া যাক ৰৈখিক ধাৰাবাহিকতাৰে প্ৰয়োগ কৰিব নোৱাৰি৷ নোৱাৰাৰ কাৰণ, কোনো ধৰণৰ অভ্যস্ততা বিনিমাৰ্ণপন্থাত অসম্ভৱ; তেনে সম্ভাৱনা (বা আশঙ্কা) দেখা দিলে নিজৰেই বিৰুদ্ধে আৰম্ভ বিচাৰে তাৰ দ্ৰোহ৷

          স্বাভাৱিকভাৱে সমালোচকসকলৰ মাজত বিনিৰ্মাণৰ উপযোগিতা আৰু গুৰুত্ব সম্পৰ্কে নানা ধৰণৰ প্ৰতিক্ৰিয়া দেখা গৈছে৷ কোনো কোনোৱে ইয়াক বিদ্যাচৰ্চাৰ জগতত ক্ষণিকৰ ফানুছ বুলি উৰুৱাই দিব বিচাৰিছে, কোনোৱে আকৌ ইয়াক জ্ঞানৰ গম্ভীৰ জগতত অনাৱশ্যক উৎপাত বুলি নিন্দা কৰিছে৷ সন্ত্ৰাসবাদীহঁতে যিদৰে অকাৰণ হিংস্ৰতাৰে সমাজৰ চলন্ত ধাৰাত ধ্বংসৰ আৱৰ্ত সৃষ্টি কৰে, তেনেকৈয়ে বিনিৰ্মাণপন্থাইয়ো সাহিত্যিক ভাবনাৰ সমস্ত নিময়-শৃঙ্খলাক ধ্বংস কৰি নৈৰাজ্য স্থায়ী কৰিব বিচাৰে৷ এই প্ৰতিক্ৰিয়া অস্বাভাৱিক নহয়৷ কিয়নো, সাহিত্য সমালোচনাৰ চিৰাগত পৰিকল্পনা আৰু সাৰবস্তু (theme)-ক সক্ৰিয়ভাৱে  যিকালাপাহাৰীপ্ৰৱণতাই আঘাত কৰিছে, তাৰ সম্পৰ্কে স্বস্তি বোধ নকৰাৰেই কথা৷ এই উপলব্ধি খুব কম মানুহৰ হৈছিল যে  ভাষাক, চেতনাক, সংযুক্তিক আক্ৰমণ কৰি আচলতে সিবোৰক বিনিৰ্মাণবাদৰ অৱসাদৰ কৃষ্ণগহ্বৰৰ পৰা বচাব বিচাৰিছে৷ ইয়াৰ কাৰণ যদি সন্ধান কৰোঁ, দেখিম, সমালোচনাৰ বিভিন্ন পদ্ধতিৰ মাজত যুগ যুগ ধৰি বহু তৰ্ক, কলহ আৰু মতৰ অমিল থাকিলেও কিছু কিছু যথাপ্ৰাপ্ত বিধি আৰু চিন্তাৰ সংযুক্তি‍ সম্পৰ্কে অনুচ্চাৰিত মতৈক্যও আছিল৷ পৰস্পৰৰ মাজত দৃষ্টিকোণগত যত বৈষম্যই থাকক, এই বিষয়ত সকলো একমত আছিল৷ (কিংবা তৰ্কাতীত বুলি এয়া লৈ কথা কোৱাৰোঁ তেনে কোনো তাগিদা বোধ কৰা নাছিল) যে, সাহিত্যিক পাঠকৃতি মাত্ৰেই তাৎপৰ্যগৰ্ভ আৰু সাহিত্য সমালোচনাৰ কাম সেই তাৎপৰ্য সম্পৰ্কে সকলোকে অৱগত কৰা৷ কিন্তু বিনিৰ্মাণে যেতিয়াসাহিত্যআৰুসমালোচনানামক দুটি চিৰাগত বৰ্গৰ মাজত বিদ্যমান লক্ষ্ণণ ৰেখাডালকে প্ৰত্যাহ্বান জনালে, বোদ্ধাসকল সচকিত হৈ পৰিল৷ সমালোচনা বিশেষ ধৰণৰ জ্ঞান আৰু সেয়াই কেতিয়াও সাহিত্যিক পাঠকৃতিৰ সমকক্ষ হোৱাৰ স্পৰ্ধা নেদেখুৱাই : সহজবোধ্য  মনস্তাত্ত্বিক কাৰণত এই বক্তব্য বিনা প্ৰশ্নে গৃহীত হৈ আহিছে৷ কিন্তু বিনিৰ্মাণবাদীসকলৰ ওচৰত সমালোচকৰ বাগ্ধাৰা কেতিয়াও অদ্ভূত নহয়; বৰং সেয়া দাৰ্শনিক বাগ্ধাৰাৰ দৰে নানা বিশিষ্ট লিখন-প্ৰক্ৰিয়া অৰ্থাৎ এনে নহয় যে, সাহিত্যিকৰ পাঠকৃতি নৱ নৱ  উন্মেষশালিনী প্ৰতিভাৰ সৃষ্টি বুলিয়েই উচ্ছবৰ্গৰ বাগ্ধাৰা হিচাপে একমাত্ৰ বন্দনীয়৷ সমালোচকৰ বাগ্ধাৰাইও সমানে সমানে মাননীয় টেক্সট্‌ (পাঠকৃতি), কঠোৰ নিয়মবিন্যাস আৰু নিয়ত চলিষ্ণুতাৰ মাজেদি আশ্চৰ্য সেতু গঢ়িব পাৰে৷

৷৷ পাঁচ৷৷

          বিনিৰ্মাণবাদে যিহেতু কোনো ধৰণৰ অভিভাৱকত্ব মানি নলয়, সেয়ে অন্বিষ্ট পাঠকৃতিক স্বচ্ছন্দে ভাঙিব পাৰি৷ আচলতে নিৰন্তৰ অন্তৰ্ঘাতৰ মাজেদি জীয়াই ৰাখে তাৰ সজীৱতা আৰু অভিনৱত্বক৷ অন্যভাবে পাৰি, ধ্বংস মাজেদি প্ৰতিমুহূৰ্তত আবাহন কৰে নিৰ্মাণক৷ ফলত পাঠকৃতিৰ মাজত অলক্ষ্যে জাগি থাকে আৰু অনেক পাঠকৃতিৰ সম্ভাৱনা৷ তাৰ আৰম্ভ নাই, সমাপ্তিও নাই৷ প্ৰতিটো পাঠে যেন কঢ়িয়াই আনে অনাগত অন্য এক পাঠৰ বাৰ্তা৷ ডেৰিডাৰ যুগান্তকাৰী গ্ৰন্থOf Grammatology’- পৃথিৱীখ্যাত বিশাল পাতনিত গায়ত্ৰী চক্ৰৱৰ্তী স্পিভোকে লিখিছিল : ‘the structure preface-text becomes open at both ends. The text has no stable identity, stable origin ... each act of reading 'the text' is a preface to the next.’ (১৯৭৭ : ১২) একমাত্ৰ এইদৰেই সংবদনশীল পাঠকে প্ৰাতিষ্ঠানিকভাৱে চক্ৰবেহুৰ পৰা, সমস্ত দৃশ্য অদৃশ্যৰ শিকলি ভাঙি নিৰ্গম পথটি আৱিষ্কাৰ কৰি পাৰে৷ আৰু, গঢ়ি পাৰে তেওঁৰ নিজস্ব পাঠকৃতি৷ ক্ৰমাগতভাৱে তাক সলাই নলৈ এই কামত তেওঁ সিদ্ধ নোৱাৰে৷ যথাপ্ৰাপ্ত বাগ্ধাৰাক বাৰেপতি হস্তক্ষেপ নকৰাকৈ আৰু ক্ৰমাগতভাৱে তাক সলাই নলৈ এই কামত তেওঁ সিদ্ধ নোৱাৰে৷ পাঠকে মনত ৰাখিব লাগিব কেৱল ডেৰিডাৰ প্ৰবাদপ্ৰতিম উচ্চাৰণ : ‘There is nothing outside the text’ (১৯৭৬ : ১৬৩) পাঠকৃতিৰ বাহিৰত যদি একোৱেই নাথাকে, তাৰ অৰ্থ, বাগ্ধাৰা মাথোন জগতৰ ছাঁ নহয়৷ এক স্বয়ংসম্পূৰ্ণ অথবা সৰ্বদা অসম্পূৰ্ণ জগত৷ আন ধৰণে পাৰি, পাঠকৃতিত সকলোবোৰেই আছে : জ্ঞাতা আৰু জ্ঞান, বিষয়ী আৰু বিষয়, আনকি হোৱা আৰু নোহোৱা৷ সেই ক্ষেত্ৰত বিনিৰ্মাণ আচলতে হৈ উঠে পৰা-নিৰ্মাণ (meta-construction) কাৰ্য আৰু কাৰণ, বহিবৃৰ্ত আৰু অন্তৰ্বৃত, উপস্থিত আৰু অনুপস্থিত, জগত আৰু সত্তা : পুৰণি ধৰণৰ দ্বৈততাৰে নহয়, নতুন সংলাপ (dialogue)-ৰে পাঠকৃতিত অনবৰত অন্বিত আৰু অনন্বিত হৈ থাকে৷ বিনিৰ্মাণ যায় সম্ভাৱ্য নিৰ্মিতিৰ ফালে, আকৌ বিনিৰ্মাণৰ বাবে প্ৰস্তুত কৰি দিয়ে নিৰ্মাণ-পথ৷ চিহ্নায়ক আৰু চিহ্নায়িতৰ গণ্ডীৰ বাহিৰত, বিলীয়মান দিগন্তৰ ধূসৰতাত পাঠক প্ৰতীক্ষাৰত৷

          তদিনে যিবিলাকক পাঠকৃতি বুলি জানিছিলোঁ, সিবিলাকৰ পূৰ্বধাৰ্য সীমা আছে, সূচনাবিন্দু আৰু উপসংহাৰ পৃথকে পৃথকে চিনাক্ত কৰিব পাৰি৷ কেন্দ্ৰ, পৰিধি কিমানখিনি বিস্তৃত আৰু কিদৰে আৰোহী পথেদি শীৰ্ষবিন্দুত উপনীত হৈ অৱৰোহী পথত আকৌ সমস্ত আৱেগ নিঃশেষিত হৈছে : এই সকলোবোৰেই স্পষ্ট৷ সাহিত্যৰ সাংগঠনিক গঠন আৰু ঐক্যবোধ মানি লৈয়েই লেখক-পাঠক-সমালোচকে নিজৰস্বাধীনএলেকাত দৃঢ় স্থিতি পাইছে৷ কিন্তু ডেৰিডাই লে এনে পাঠকৃতিৰ কথা যি সমস্ত পূৰ্বধাৰ্য সীমান্ত আৰু চিন্তাৰ বিভাজনক মচি গঢ়ি তোলে ‘by a sort of overrun’!  ইয়াৰ ফলত কোনো একক লেখকৰ ভূমিকা গৌণ হৈ পৰে; যৌথ পাঠ-উদ্যমৰ অভিব্যক্তি হিচাপে এই নতুন আৰু জায়মান অস্তিত্বটি হৈ উঠে সাধাৰণভাৱে পাঠসত্তা বা ‘texttuality’- নিদৰ্শন৷ এই বিষয়ত বিনিৰ্মাণবাদীসকলৰ বাবে আদৰ্শ পাঠকৃতিৰ অন্তঃশায়ী বিবিধ পাৰ্থক্যবোধৰ আন্তৰ্পাঠ (inter-textuality) : ‘a  differential network, a fabric of traces referring endlessly to something other than itself, to other differential traces’! পাঠসত্তা গঢ়ি উঠিছে নিৰন্তৰ প্ৰৱহমান অন্য সত্তাৰ অভিঘাতত, এই কথা যেতিয়া গভীৰভাৱে ভাবোঁ তেতিয়া অজস্ৰ অনুপস্থিতিৰ বিস্তৃতি অনুভৱ কৰোঁ উপস্থিতৰ উন্মোচনত৷ নানা ধৰণৰ সামাজিক আৰু নান্দনিক প্ৰশ্ন উত্থাপিত হৈছে পুনঃপুন; যিমানখিনি দৃশ্যমান, কেৱল মাত্ৰ সেই পৰিধিতে সমাধান পাম - এনে নোৱাৰে৷ বিনিৰ্মাণে আমাক অদৃশ্য অস্তিত্বৰ অমোঘ ভূমিকা সম্পৰ্কে সচেতন কৰি তোলে৷

          সেয়ে, আৰু যিয়েই হওক, বিনিৰ্মাণ কেতিয়াও একক পথগামী নহয়; একেলগে সেয়া ভাষ্যকাৰসকলৰ বাবে স্বস্তি আৰু অস্বস্তিৰ কাৰণ৷ স্বস্তি, কিয়নো, এই পথত তেওঁলোকৰ স্বাধীনতা অবিসম্বাদী; আকৌ অস্বস্তিও, যিহেতু তেওঁলোকে কেতিয়াও উপনিষদৰ ঋষিৰ ভঙ্গীত নোৱাৰেবেদাহমেতম্‌’! তেওঁলোক সত্যৰ বহুমুখী আৰু বহুস্বৰিক (polyphonic),  বাগ্ধাৰাৰ আৰু এটি বিকল্পৰ প্ৰস্তাৱক মাত্ৰ৷ এই প্ৰসঙ্গত আমি স্বয়ং ডেৰিডাৰ পৰা পোৱা এটি সহজ সংজ্ঞা উল্লেখ কৰিব পাৰোঁ যিটো তেওঁ প্ৰসঙ্গক্ৰমে লুছি‍য়েন গ’ল্ডমেনক কৈছিল৷ তেওঁৰ বক্তব্য হৈছে : ‘Simply  a question of being alert to the implications, to the historical sedimentation of the language which we use.’ (The structuralist controversy : ২৭১) এই সহজ কথাষাৰৰ মাজত একাধিক গভীৰ চিন্তা অব্যক্ত হৈ আছে৷ আমাৰ কবি জীৱনানন্দই লিখিছিলব্যৱহৃত-ব্যৱহৃত-ব্যৱহৃত হতে হতে শুয়োৰেৰ মাংস হয়েযোৱাৰ কথা৷ বহু ব্যৱহাৰত জীৰ্ণ ভাষাই এসময়ত তাৎপৰ্য হেৰুৱাই পেলাই; তেতিয়া ভাষাক নতুন জীৱন দিয়াৰ স্বাৰ্থত ভাষাৰ পুৰণি শলখাবোৰ খুলি দিব লগা হয়, ভাঙি পেলাব লগা হয় লৰক-ফৰক মঞ্চখন৷

          তাৰ বাহিৰেও, আমি যেতিয়া ব্যৱহাৰলব্ধ সমগ্ৰক দেখোঁ, তাক বিমূৰ্তায়িত আৰু আদৰ্শায়িত কৰি লওঁ; পাহৰি যাওঁ যে ব্যৱহাৰ বিধিৰ বস্তুনিষ্ঠ অনুপুঙ্খবোৰে ক্ৰমান্বয়ে তাক গঢ়ি তুলিছে৷ বিনিৰ্মাণে আমাক সচেতনতা ওলটাই দিয়ে, সাংগঠনিক পৰ্যায়বোৰ যেতিয়া নতুনকৈ চিনি পাওঁ, নিজৰ দৃষ্টিকোণক পুনৰ্গঠন কৰাৰ প্ৰয়োজন অনুভৱ কৰোঁ৷ এইবোৰেই হয়তো ডেৰিডাই ইয়াকদৰ্শনৰ অন্তৰ্গত আত্মসমালোচনা বা স্বতোবীক্ষণ (auto-vision)’ (১৯৭৬ : ৬৪) বুলিব বিচাৰিছিল৷ বিভিন্ন অনুপুঙ্খ আৰু অনুষঙ্গ কিদৰে সমগ্ৰৰ প্ৰতীতিত যুক্ত হৈ থাকে, সেইয়া লক্ষ্য কৰি আৰু তাক কেৱলমাত্ৰযথাপ্ৰাপ্তবুলিয়েই বিনিৰ্মাণবাদীসকল সন্তুষ্ট নাথাকে৷ সংযোজন-সংশোধন-পৰিৱৰ্তন বিকল্পয়ানৰ নিৰৱচ্ছিন্ন প্ৰক্ৰিয়াত মানুহৰ কত বিচিত্ৰ বাগ্ধাৰা গঢ়ি উঠিছে  আৰু প্ৰতিটো মুহূৰ্ততে সমাজ-সংস্কৃতি-ইতিহাসৰ ভঙা-গঢ়াৰ শাণিত হৈছে সম্ভাৱনা : এই উপলব্ধিতে অন্তৰ্দীপ্ত বিনিৰ্মাণ পন্থা৷ এয়া তাৰ সমালোচনা, এয়া তাৰ প্ৰস্তাৱনা আৰু এয়াইতো তাৰ পাঠকৃতি৷ স্বভাৱতঃ বিনিৰ্মাণ কেতিয়াও নিৰপেক্ষ নহয়, যথাপ্ৰাপ্ত স্থিতিত হস্তক্ষেপ কৰাই তাৰ প্ৰধান বৈশিষ্ট্য৷ এইবাবে ডেৰিডাই তেওঁৰ Positions (১৯৮১ : ৯৩) নামৰ গ্ৰন্থত স্পষ্টভাৱে কৈছে, সকলো ধৰণৰ দৃঢ় গঠনত, বস্তুকেন্দ্ৰিক প্ৰতিষ্ঠানত, চিহ্নায়ক-নিৰ্ভৰ উপস্থাপনত বিনিৰ্মাণে হস্তক্ষেপ কৰে৷ সাধাৰণ বিশ্লেষণ বা সমালোচনাৰ প্ৰথাসিদ্ধ পথেদি বিনিৰ্মাণবাদ আগ নাবাঢ়ে৷ আৰু সৰ্বশেষত, ‘deconstruction is deconstruction of dogmatic critique.’(প্ৰাগুক্ত)

          কোনো কোনোৱে কয়,  ডেৰিডাৰ  বিনিৰ্মাণবাদ : ভাষাৰ দৰ্শনক তাৰ নিজৰেই বিৰুদ্ধে সঞ্চালিত কৰাৰ কূটকৌশল৷ এই বিষয়ত প্ৰতীচ্যৰ তাত্ত্বিকসকলে বিস্তাৰিত ব্যাখ্যা আগবঢ়াইছে৷ ইয়াত সেইয়া আকৌ উত্থাপন কৰিব বিচৰা নাই৷ মাত্ৰ ইমানেই , বিনিৰ্মাণবাদ এক আশ্চৰ্য চিন্তাধাৰা যিয়ে সৰ্বদা পৰিপূৰক বক্তব্যক নিদ্বিৰ্ধায় আমন্ত্ৰণ কৰে৷ ফলত এফালে যিদৰে ইয়াক আনুষ্ঠানিক (technical, formal) গণ্ডীত আৱদ্ধ কৰিব নোৱাৰি, তেনেকৈয়ে নৈৰাজ্যৰ গোপন আক্ৰমণ সম্পৰ্কেও সতৰ্ক হৈ থাকিব লগা হয়৷ তুলনামূলকভাৱে নিৰাপদ বক্তব্য দাঙি ধৰিছে কেভিন হাৰ্টে (১৯৮৯ : ১১৭) তেওঁৰ মতে, ‘Deconstruction is not a methology, it can only be defined by the practices done in its name.’! অত্যন্ত সঁচা কথা , এনে প্ৰয়োগ নিৰ্ভৰ তত্ত্ব কমেই আছে যাক প্ৰয়োগ-বৈচিত্ৰ্যৰ মাজেদি প্ৰতিনিয়ত নতুন কৰি তুলিব পাৰি৷ ইয়াৰ মাজত কোনো ধৰণৰ ৰক্ষণশীলতা নাই, বৰং তাৰ গতি আৰু উদাৰতাৰ প্ৰকৃত তাৎপৰ্য বহু সময়ত বহুতে ভালদৰে বুজিব নোৱাৰে৷ সাহিত্য হওক কিংবা দৰ্শন, প্ৰত্যেকৰেই অন্বিষ্ট সত্তাৰ নিৰ্যাস আৰু অস্তিত্বৰ অমৌল উপাদানক আদিম উপাদানৰ পৰা পৃথক কৰি চিনাক্ত কৰা৷ বিভিন্ন তাত্বিক বাগ্ধাৰাৰ মাজত যিয়েই সেই নিৰ্যাসৰ উপলব্ধি আৰু অন্বিষ্ট চিহ্নিত কৰাৰ পক্ষত সবাতোকৈ বেছি উপযোগী : তাকেই জিজ্ঞাসু মনে গ্ৰহণ কৰিব বিচাৰে৷ সত্যভ্ৰমৰ পৰা সত্যত উপনীত হোৱাৰ বাবে মানুহে বিচাৰে তাৎপৰ্যৰ সন্ধান আৰু ব্যাখ্যাৰ শুদ্ধতম পথ৷ কিয়নো শুকান পথ বিহনে শুদ্ধ পাঠ অসম্ভৱ৷ বিনিৰ্মাণে যিহেতু একেলগে পথ সৃষ্টি কৰে আৰু পথো চিনাকি কৰি দিয়ে : এই কথা পাৰিমনে বাৰু, ‘ পথে আলো জ্বেলে, পথেই পৃথিৱীৰ ক্ৰমমুক্তি হবে?’ ভালদৰে যদি প্ৰশ্ন উত্থাপন কৰা হয়, তেনেহলে ক্ৰিয়াত্মক পদ্ধতিৰ মাজৰ পৰাই মীমাংসাৰ সম্ভাৱনা ওলাব পাৰে : এইয়া অন্তৰ্বৃত (intricate, implicit) প্ৰত্যয়৷

৷৷ ছয় ৷৷

          চিন্তাবিদসকলৰ মাজত বিশ্লেষণৰ আনুষ্ঠানিক বা কাৰিকৰী উপযোগিতা সম্পৰ্কেও প্ৰচুৰ দ্বন্দ্ব আৰু মতভেদ আছে৷ ডেৰিডাই জীৱনভাষ্যৰ দুটি প্ৰচলিত ধৰণ লক্ষ্য কৰিছিল, এফালে ৰুছোৰ আকল্প আৰু আনফালে নীৎশেৰ আকল্প (writing and Difference : ১৯৭৮ : ২৯৩) প্ৰথম ধৰণৰ ভাষা বিষাদপ্ৰৱণ, স্মৃতিপীড়িত, নঞৰ্থক আৰু অনুপস্থিত উৎসৰ অসম্ভৱ বা হেৰুওৱাৰ উপস্থিতি সন্ধানৰ প্ৰৱণতা; দ্বিতীয় ধৰণৰ ভাষা ইতিবাচক, উল্লাসমুখৰ আৰু চিহ্নায়িত জগতৰ লীলাচ্ছন্দৰ লগতে প্ৰতিনিধিস্বৰূপৰ প্ৰতি সমৰ্থন জনোৱাই তাৰ লক্ষ্য৷ বিনিৰ্মাণবাদে জগত আৰু জীৱনক সংযুক্তিত বিভক্ত আৰু বিন্যস্ত কৰাৰ প্ৰৱণতাক অস্বীকাৰ কৰে; ডেৰিডাৰ শব্দবন্ধ অনুযায়ী, সেই প্ৰৱণতাৰ বিপৰীত পিঠিত আছে ‘free play’ তাত কেন্দ্ৰ নাই, আছে কেৱল পৰিধিৰ মুক্ত বিস্তাৰ৷ বিখ্যাত সমালোচক ৱেন বুথে ডেৰিডাৰ বক্তব্য মানি পৰা নাছিল তেওঁৰ মতে ‘free play’ সুপৰিকল্পিত উন্মাদনা (‘methodical craziness’) বাহিৰে আন একোৱেই নহয়৷ ইয়াত পাঠকৃতি চূৰ্ণবিচূৰ্ণ হৈ পৰে৷ এই অৱস্থাকে বুথে তিনিটা বিশেষণৰে বুজাব বিচাৰিছে ‘endless, treacherous and terrifying’ (১৯৭৯ : ২১৬)  ডেনিছ ডোনোঘেই আশঙ্কা প্ৰকাশ কৰিছিল যে, লীলা আৰু প্ৰতাপৰ মাজত সংযোগ সূত্ৰ যদি প্ৰতিষ্ঠিত নহয়, বিনিৰ্মাণে সমস্ত মানৱিক প্ৰয়াসক মূলগতভাৱে তাৎপৰ্যৰিক্ত কৰি পেলাব পাৰে (১৯৮১ : ১৬৫-১৬৬) এই বিতৰ্কত বহু আলোচকে  অংশ গ্ৰহণ কৰিছে৷ এই বিষয়ত স্বয়ং ডেৰিডাই যিখিনি কৈছিল, সেইয়া এনে ধৰণৰ : ‘There are thus two interpretations of interpretation, of structure, of sign, of play. The one seeks to decipher, dreams of deciphering a truth or an origin which escapes play and the order of the sign, and which leaves the necessity of interpretation as an exile. The other which is no longer turned towards the origin, affirms play and tries to pass beyond man and humanism, the name of man being the name of that being who, throughout the history of metaphysics or ontology, theology, in other worlds, throughtout his entire history has dreamed of full presence, the reassuring foundation, the origin and the end of play’ (প্ৰাগুক্ত : ১৯৭৮ : ২৯২)

           এই বহুচৰ্চিত অনুচ্ছেদক আগুৰি আলোচকসকলৰ মাজত বাদানুবাদৰ অন্ত নাই৷ ডেৰিডাই যাকদুই ধৰণৰ ভাষ্যৰ ভাষ্যবুলিছে, পাৰস্পৰিক পাৰ্থক্য অনবৰত প্ৰমাণিত কৰাৰ বাহিৰে এইবিলাকৰ আৰু উপায় নাই! স্বাভাৱিকভাৱে এটি আনটিৰ সৈতে সমান্তৰাল অৱস্থাত আছে, পৰস্পৰ সম্পৃক্ত হোৱাৰ কোনো সুযোগ নাই৷ তথাপি ডেৰিডা অদ্বিতীয় এইখিনিতেই যে, তেওঁ এই দুয়োৰে মাজত নিৰ্বাচন কৰাৰ অৱকাশ দেখা নাই৷ বৰং মুক্ত বিস্তাৰৰ দৰ্শন ব্যক্ত হৈছে এই আশ্চৰ্য বক্তব্যত -  We must first try to conceive of the common ground, and the difference of this irreducible difference’ (পূৰ্ব  উল্লিখিত : ২৯৩) তেওঁৰ চিন্তা আৰু বীক্ষণৰ এই দ্বিবাচনিক (dialogical) চৰিত্ৰ যদি অনুধাৱন কৰোঁ, আমাৰ সমুখত বিনিৰ্মাণৰ গভীৰতৰ সংবেদনশীল স্বভাৱ স্পষ্ট ব৷ এই যে যুক্তি বিস্তাৰৰ কথা লিখিছোঁ, অন্য দৃষ্টিৰেও সেইফালে চাব পাৰি৷ কোনো কোনোৱে কয়, পিয়াজৰ বাকলি গুচোৱাৰ দৰে এটাৰ পিছত এটা স্তৰ পাৰ হৈ সৰ্বশেষত অন্তৰ্বস্তুহীন শূন্যতাত যদি উপনীত হওঁ : সত্যৰ বোধও বাৰু বিপুল নীতিৰ মাজত হেৰাই নাযাবনে! কোনো বস্তুৰ উপস্থিতি যেতিয়া প্ৰত্যক্ষতাৰ পৰা অপসাৰিত হয়, সেয়াই বাৰু সত্যৰ সম্ভাৱনা আৰু অনুপস্থিতিৰ ছদ্মৱেশ গ্ৰহণ কৰি প্ৰাসঙ্গিক সত্যকো আঁতৰাই দিয়ে নেকি? প্ৰশ্নটো জটিল যদিও দাৰ্শনিকসকলেও এই বিষয়ত যথেষ্ট ভাবিছে৷ প্ৰকৃতপক্ষেঋক্বেদ’- বিজ্ঞ কবিয়েও উচ্চাৰণ কৰিছিল, অসৎ অৰ্থাৎ অনস্তিত্বৰ পৰা অস্তিত্বৰ জন্ম কথা৷ অনস্তিত্বই যেতিয়া নিজৰ সৈতে কোনো পৰিপূৰকক যুক্ত কৰে তেতিয়াই সৃষ্টি হয় অস্তিত্বৰ অৱয়ব, আচলতে প্ৰপঞ্চ (illusion) তত্ত্ববস্তু সেয়ে হয় আৰু নহয়ৰ দ্বিবাচনিকতাৰ ফচল; মোটৰ পিছত মোট মুক্ত হৈ অবয়ৱগত প্ৰপঞ্চ দেখা দিয়ে৷ সেয়ে প্ৰপঞ্চ আৰু তত্ত্ববস্তুৰ দ্বিবাচনিক সম্পৰ্ক সৰ্বদা স্বতঃসিদ্ধ৷ বিনিৰ্মাণে সেই সম্পৰ্কক চিনাকি কৰি দিয়ে,  সত্যত নিহিত উপস্থিত আৰু অনুপস্থিতৰ ক্ৰিয়াত্মক ভূমিকা আৰু সংযোজন-বিকল্পায়নৰ প্ৰক্ৰিয়াক কেৱল বিনিৰ্মাণৰ মাজেদি বুজিব পাৰোঁ৷ এই বিনিৰ্মাণ নিজেই যিহেতু অস্তিত্বৰ ভাষ্য, তাৰ আকৌ যেতিয়া ভাষ্য সৃষ্টি কৰোঁ - স্বাভাৱিকতে সেইয়া কেতিয়াও একে নোৱাৰে৷ নানা বিকল্পৰ মাজত কোনে কোনটো গ্ৰহণ কৰিব, সেইয়া ভাষ্যকাৰৰ অৱস্থান, আচলতে অৱস্থানগত পাৰ্থক্যৰ ওপৰত নিৰ্ভৰ কৰিছে৷ ডেৰিডাৰ মুখ্য ভাববীজপাৰ্থক্য-প্ৰতীতিবা differerence (যিটো সময় আৰু পৰিসৰৰ সৈতে সংশ্লিষ্ট) সেয়ে ‘turns out to be that which at once structures and destructures all positions’ (কেভিন হাৰ্ট : ১৯৮৯ : ১২২)

          বিনিৰ্মাণ পন্থাই প্ৰমাণ কৰে যে, আমি যদি কোনো উপস্থিতি আৰু অনুপস্থিতি  দ্বিবাচনিক সম্পৰ্কৰ পৰা গ্ৰহণযোগ্য ভাষ্য গঢ়ি তুলিব পাৰোঁ : তেনেহলে তাত পাঠকৃতিৰ অস্তিত্বই প্ৰমাণিত হয়৷ নকলেও হয় যে, চিহ্নায়কৰ গ্ৰন্থনাৰে গঢ়ি উঠে অস্তিত্বৰ সেই বাগ্ধাৰা৷ তাৰ মানে, বিনিৰ্মাণ কৰিব পাৰি কেৱল সম্ভাৱনাৰ : যিটো ৰবীন্দ্ৰনাথৰ ভাষাত, ‘ইচ্চে হয়ে ছিলি মনেৰ মাঝাৰে!’ মাকে যিদৰে সন্তানক সৃষ্টি কৰে অভিপ্ৰায়ৰ যোগেদি, তেনেকৈয়ে হোৱাৰ সম্ভাৱনা অৰ্থাৎ অনুপস্থিতিৰ পৰা জাগ্ৰত হয় সম্ভাৱ্য বাগ্ধাৰাৰ ৰূপৰেখা৷ এই বিষয়ত সমৰ্থন সংগ্ৰহ কৰিব পাৰোঁ ডেৰিডাৰ ‘Dissemination’ পৰা : ‘The disahpearance of truth as presence, the withdrawal of the present origin of presence, is the condition of all (manifestation of) truth. Nontruth is the truth, Nonpresence is presence... It ahpears in its essence, as the possibility of its  own most proper non-truth, of its pseude-truth reflected in the icon, the phantasm, or the simulacrum. What is not what it is, identical and identical to itself unique, unless it adds to itself the possibility of being repeated as such. And its identity is hollowed out by that addition, with itself in the suhplement that presents it.’ (১৯৮১ : ১৭৮)৷

          এই বক্তব্যৰ পৰা এষাৰ অতি আৱশ্যকীয় কথা জানিব পাৰিলোঁ৷ সত্য যিদৰে আছে, তেনেকৈ আছে সত্যভ্ৰম আৰু আছে ছদ্মসত্য৷ যেতিয়া প্ৰতিমা গঢে়াঁ, কায়াৰ সৈতে ছায়াৰ একেলগে বিচৰণ লক্ষ্য কৰোঁ : সেই মুহূৰ্তত সত্যভ্ৰমত প্ৰতীয়মান সত্যই নিজকে প্ৰসাৰিত কৰে৷ প্ৰতিমাত যি আছে বুলি ধাৰণা হয়, আচলতে সেইয়া নাই৷ ছাঁ, প্ৰতিফলনত যাক বিচাৰোঁ : সি থাকে আওতাৰ বাহিৰত৷ বিনিৰ্মাণে আমাক সত্য আৰু সত্যভ্ৰমৰ অদৃশ্য কিন্তু অমোঘ সম্পৰ্কৰ বিষয়ে অৱগত কৰে৷পথ ভাবে আমি দেব, মূৰ্তি ভাবে আমি: ৰবীন্দ্ৰনাথৰ এই কবিতাফাকিলৈ মনত পৰে৷ বুজিব পাৰোঁ, যি প্ৰপঞ্চ সেইয়া আচলতে তত্ত্ববস্তুত নিহিত সম্ভৱনা! অনন্যক বিভাজিত কৰাৰ কৌশল, পানীত যিদৰে প্ৰতিফলিত হয় চন্দ্ৰ, একেলগে উপস্থিত আৰু অনুপস্থিত, হয় আৰু নহয়৷ চিহ্নায়ক যদি বিন্যাসত সাৰ্থকভাৱে গ্ৰথিত হয়, ঈপ্সিত তাৎপৰ্য স্পষ্ট আৰু বিনিৰ্মাণৰ প্ৰক্ৰিয়াত পাঠকৃতিৰ বহুমাত্ৰিক সম্ভাৱনাও বাৰেপতি পুনৰাবৃত্ত ব৷ এক অৰ্থৰ পৰা উত্তীৰ্ণ পৰা যাব ভৱিষ্যতৰ কোনো সম্ভাৱ্য অৰ্থৰ উপকূলত৷ কিয়নো, বিনিৰ্মাণবাদে আমাক এই পাঠ দিছে যে, মানৱিক বাগ্ধাৰাত তাৎপৰ্যৰ কোনো উপসংহাৰ নাই৷ কোনোৱে নোৱাৰে যে, নিৰ্দিষ্ট এক বিন্দুত নিঃশোষিত হৈ যাব পাৰে সকলো সম্ভাৱনা, ব্যাখ্যা আৰু বিশ্লেষণৰ অৱকাশ৷ সাধাৰণতে ভাষ্যকৰসকলৰ মাজত এটা প্ৰৱণতা নিশ্চিতভাৱে দেখা যায় যে, চূড়ান্ত ব্যাখ্যা আৰু বিশ্লেষণ কৰা হৈ ; ইয়াৰ পাছত যি সেইয়া কেৱল চৰ্বিতচৰ্বণ৷ কিন্তু এই ধৃষ্টতা কোনো যথাৰ্থ বিনিৰ্মাণবাদীয়ে কেতিয়াও দেখাব নোৱাৰে৷ সেয়ে, এই যুগৰ অন্যতম প্ৰধান চিন্তাবিদ মিশেল ফুকোৱে এইবাবেই ভাষ্য আৰু বিশ্লেষণক বৰ সন্দেহৰ চকুৰে চাইছিল৷ তেওঁৰ মতে, বিশ্লেষণ বা ভাষ্য উত্থাপন কৰা মানে ‘to admit by definition an excess of the signified over the signifier, a necessary unformulated remainder of thought that language has left in the shade - a remainder that is the very essence of that thought, driven outside its secret - but to comment also presuhposes that this unspoken element slumbers within specch (parole), and that, by a super abundance proper to the signifier, one may in questioning it, give voice to a content that was not explicitly signified.’ (The Birth of the Clinec : ১৯৭৫ : XVI).

          প্ৰতিটো একক কথনত (পে‍ৰ’ল) অকথিত আৰু অকৰ্ষিত বাণী যিহেতু নিদ্ৰামগ্ন হৈ থাকে, চিহ্নায়ক অনন্ত সম্ভাৱনাৰে পূৰ্ণ৷ বিনিৰ্মাণৰ মাজেদি যেতিয়াই কোৱা আৰু নোকোৱা কথাৰ সেতু গঢ়ি উঠিছে, চিহ্নায়কৰ পৰিসৰ আৰু অধিক প্ৰসাৰিত হৈছে৷ চিহ্নায়ক পৰস্পৰাৰ অভ্যস্ত সম্বন্ধক যেতিয়া প্ৰশ্ন আৰু প্ৰতিপ্ৰশ্নৰে বিদ্ধ কৰিছোঁ, তেতিয়া উদ্ঘাটিত হৈছে অনাৱিস্কৃত অন্তৰ্বস্তু৷ ভাষাৰ মাজত চিন্তাৰ কিছুমান পৰিসৰ সকলো সময়ত ধৰা নপৰাকৈ ৰৈ যায়; যিমানখিনি আলোকিত কৰিছিল, তাৰ মাজত কিন্তু সমস্ত ৰহস্য শেষ হৈ যোৱা নাই৷ বিনিৰ্মাণে দৃষ্টি নিক্ষেপ কৰে সেই বাঙ্ময় ছাঁৰ ফালে; তেতিয়া অনেক প্ৰচ্ছন্ন অথচ সমৃদ্ধ নিজৰাৰ স্বপ্নভঙ্গ ঘটে৷ লেখাৰ অন্তৰালত থাকে অন্য এক লেখা, পাঠৰ অন্তৰালত অন্য এক পাঠ৷ ইয়াক পাৰি প্ৰত্ন-বাগ্ধাৰা (ur-discourse) আৰু প্ৰত্নপাঠ (ur-text) বিনিৰ্মাণে প্ৰকাশিত আৰু অপ্ৰকাশিতৰ মাজৰ পাৰ্থক্য-প্ৰতীতি (conception of difference]- স্পষ্ট কৰি দি সাহিত্যিক আৰু দাৰ্শনিক, এক কথাত মানৱিক, বাগ্ধাৰাৰ যাত্ৰাৰ পৰা যেন সমাপ্তিৰেখা মচি পেলাইছে৷ সেয়ে, যিসকলে কয়, বিনিৰ্মাণ মূলতঃ পাঠকৃতি সংশ্লিষ্ট  প্ৰায়োগিক ক্ৰিয়া আৰু যিসকলে কয়, বিনিৰ্মাণ আচলতে পৰাদাৰ্শনিক (meta philosophical) তত্ত্ব : তেওঁলোকৰ মাজত কোনো বিৰোধ নাই৷ দুয়োপক্ষই ঠিক কথাই কয়৷ আমি আজি যেতিয়া কোনো পাঠকৃতি সম্পৰ্কে আলোচনা কৰোঁ অথবা পাঠকৃতি বিশ্লেষণৰ তত্ত্বৰ বিষয়ে যেতিয়া কথা কওঁ : দুয়োফালেদি অখণ্ড আপাত-বিভাজ্য সত্যৰ উপকূলত উপনীত হওঁ৷ অতি সহজ ভাষাত ডেৰিডাই সেয়ে কৈছে, আমাৰ বাবে সকলো সময়তে আছে ‘Two texts, two hands, two visions, two ways of listening. Together simultaneously and separately.’ (Margins of Philosophy : ১৯৮২ : ৬৫)৷

৷৷ সাত ৷৷

          এই প্ৰবন্ধৰ এঠাইত  আমেৰিকাৰ চাৰিজন বিনিৰ্মাণবাদীৰ কথা কোৱা হৈছিল৷ তেওঁলোকৰ পৃথক দৃষ্টিকোণ আৰু অৱদানৰ গুৰুত্ব সম্পৰ্কে অধিক আলোচনা কৰাৰ সুযোগ ইয়াত নাই৷ তেওঁলোকৰ সম্পৰ্কে মাত্ৰ ইমানেই পাৰি যে, কূটাভাসপূৰ্ণ বৌদ্ধিক জগততো সত্যবোধৰ বাবে তেওঁলোকৰ আকাঙ্ক্ষা কেতিয়াও স্তিমিত হোৱা নাছিল৷ বৰঞ্চ, তেওঁলোক যেন অপ্ৰাপনীয়ৰ বাবে, গ্ৰীক প্ৰত্নকথাৰ ছিছিফাছৰ দৰে, দুৰ্দম আকাঙ্ক্ষাত বাৰেপতি পথৰ পৰা পথান্তৰলৈ দৌৰিছে৷ উত্তৰ-আধুনিক কালৰ অজস্ৰ স্ব-বিৰোধিতা আৰু সাঁথৰে যেতিয়া সংকটৰ দহনবৃত্তক বঢ়াই নিছিল : হিলিছ মিলেৰ, দি মেন, হাৰ্টমেন আৰু ব্লুমে সেই সময়ত দ্বিধাদীৰ্ণ জগতৰ মাজত থাকিয়ো নিজৰ সন্ধান অক্ষুণ্ণ ৰাখিছিল৷ তেওঁলোকৰ দ্বন্দ্বদীৰ্ণ পৰিৱেশত সত্য প্ৰথমেই প্ৰতিপন্ন হৈছিল বিভ্ৰম হিচাপে, কিন্তু বাগ্ধাৰাৰ তাৎপৰ্য সন্ধান কৰিয়েই তেওঁলোক ক্ষান্ত হোৱা নাছিল৷ নীৎশেৰ জ্ঞানতাত্ত্বিক সংশয়বাদে (epistemological skepticism) দি মেনৰ দৰে চিন্তাবিদকো যে প্ৰৱলভাৱে প্ৰভাৱিত কৰিছিল, তাত কোনো সংশয় নাই৷সত্য কি: এই সম্পৰ্কত নীৎশেৰ স্পষ্ট বক্তব্য ‘Truths are illusions whose illusionary nature has been forgotten’ যে মূলতঃ সমকালীন সংকটৰ পৰিৱেশত তাত্ত্বিকসকলৰ বাবে অতি প্ৰাসঙ্গিক হৈ উঠিছিল, সেইয়া সহজেই অনুমেয়৷ ‘Allegories of Reading’ (১৯৭৯)  নামৰ কিতাপখনত সেই বক্তব্যৰ আঁত ধৰিয়েই যে দি মেনে তেওঁৰ চিন্তাক গঢ়ি তুলিছিল তাৰ প্ৰমাণ পোৱা যায়৷ সকলো সত্য যদি কল্পনাসৃষ্ট কথা-বিন্যাস (narrative texture)- অৱস্থান্তৰ, স্বতঃসিদ্ধতাৰে বাগ্ধাৰা আৰু পাঠকৃতিৰ তাৎপৰ্যও সলনি বলৈ বাধ্য৷ দি মেনে সেয়ে জটিলতাৰ বিন্যাসকে সকলো বিনিৰ্মাণবাদী সন্দৰ্ভৰ বৈশিষ্ট্য হিচাপে নিৰ্দেশ কৰিছে : ‘the deconstruction states the fallacy of reference in a necessarity referrential mode.’ (১৯৭৯ : ১২৫)

          প্ৰাগুক্ত কিতাপখনৰ পূৰ্বেই বহু আলোচিত ‘Blindess and insight’ (১৯৭১) নামৰ কিতাপখনত দি মেনৰ বিনিৰ্মাণবাদী ভাবনাৰ সূত্ৰপাত ঘটিছিল৷ ডেৰিডাৰ ওচৰত ঋণী হোৱা সত্ত্বেও দি মেনে যে নিজস্ব চিন্তাৰ আকাশ বিচাৰি পাইছিল, তাৰ প্ৰমাণ আছে তত্ত্ববিন্যাসৰ প্ৰয়োজনত পাৰিভাষিক শব্দাৱলী বিকাশৰ প্ৰচেষ্টাত৷ প্ৰকৃতপক্ষে, কেৱলমাত্ৰ ভাষ্যকাৰ অথবা ব্যাখ্যাকাৰী সমালোচক হিচাপে যিজন সীমাৱদ্ধ হৈ থাকিব নিবিচাৰে, আত্মপ্ৰকাশ কৰিব বিচাৰে স্বতন্ত্ৰ আৰু স্বাধীন তাত্ত্বিকৰ ভূমিকাত : তেওঁ এই গুৰুত্বপূৰ্ণ কামটো নকৰি উপায় নাই৷ দি মেনেও কৰিছিল আৰু কৰিবলৈ গৈ অনভ্যস্ত পাঠকৰ বাবে সাময়িক অস্বস্তিৰ কাৰণ হৈ পৰিছিল, সেইয়া অনুমান কৰা কঠিন নহয়৷ কিন্তু নতুন তত্ত্ববিন্যাস মানে নতুন পৰিভাষা; চিন্তাৰ প্ৰাতিষ্ঠানিকতাক ভাঙি যেন শিৱৰ জটাভাৰ ভেদ কৰি ভাগীৰথীৰ প্ৰৱাহ মুক্ত কৰি দিয়া৷ সেয়ে দি মেনে প্ৰাগুক্ত কিতাপখনত অন্ধতা আৰু অন্তৰ্দৃষ্টিক পাৰিভাষিক অৰ্থত প্ৰয়োগ কৰিলে; একেলগে তাত এই দুয়োৰে দ্বিৰালাপ (dialague) আৰু কূটাভাস ব্যক্ত ল৷ তেওঁৰ মতে, সমালোচকসকল কেৱল কিছু কিছু ক্ষেত্ৰতহে অন্ধতাৰ বিনিময়ত ঈপ্সিত অন্তৰ্দৃষ্টিৰ অধিকাৰী পাৰে৷ এনেকুৱাও দেখা যায়, তেওঁলোকে এনে কোনো পদ্ধতিৰ সাহায্য লৈছে বা তত্ত্বৰ বুনিয়াদ নিৰ্মাণ কৰিছে যিটো হয়তো তেওঁলোকৰ যত্ন-ৰচিত অন্তৰ্দৃষ্টিৰ সৈতে অশোভন, এনেকি বিপৰীতো৷ দি মেনে বিশেষভাৱে লুকাছ, ব্লাঁশো আৰু পোলেৰ কথা কৈছিল : যিসকলে আচলতে যি বুজাব বিচাৰিছিল তাৰ পৰা সম্পূৰ্ণৰূপে ভিন্ন বক্তব্যত উপনীত হৈছিল৷ প্ৰাগুক্ত কূটাভাসৰ বাবেই অনিবাৰ্য হৈ পৰিছিল এই পাৰ্থক্য৷ প্ৰসঙ্গক্ৰমে উল্লেখ প্ৰয়োজন, দি মেনে কবিতাৰ ভাষা বিশ্লেষণত এই অন্ধতা আৰু অন্তৰ্দৃষ্টিৰ দ্বিবাচনিকতা (dialague) লক্ষ্য কৰিছিল৷ তেওঁৰ মতে, এনে হোৱাৰ কাৰণ সমালোচকসকল অৱচেতনভাৱে এক ধৰণৰ ঐক্যবোধৰ পৰা অন্য ধৰণৰ ঐক্যবোধত উপনীত হয়৷ তেওঁ আমেৰিকাৰ নৱ্য সমালোচকসকলৰ কথা কৈছিল, যিসকলে সেই ঐক্যবোধ পাঠকৃতিৰ মাজত আৱিষ্কাৰ নকৰে, আৱিষ্কাৰ কৰে বিশ্লেষণী প্ৰক্ৰিয়াৰ মাজত৷ পাঠকৃতিৰ প্ৰতিটো উপাদানক তেওঁলোকে সমগ্ৰৰ বিন্যাসত আৰু সমগ্ৰক সমস্ত উপাদানৰ সংযোগত অৰ্জিত ঐক্যবোধত চাব বিচাৰে৷ দি মেনৰ ধাৰণা এওঁলোকে বিশ্লেষণী ক্ৰিয়াৰ বৃত্তক পাঠকৃতিৰ ঐক্য বুলি ধাৰণা কৰে; সেয়ে তেওঁলোকৰ বাগ্ধাৰাত এক ধৰণৰ অন্ধতা প্ৰকাশিত হয়৷ বিনিৰ্মাণপন্থাৰ দায়িত্ব এই কূটাভাসৰ প্ৰক্ৰিয়াক স্পষ্ট কৰি তোলা৷

           দি মেনে তেওঁৰ আলোচনাত দৰ্শন আৰু সাহিত্যৰ বাগ্ধাৰাত পাঠকৃতিৰ সৃষ্টি সম্পৰ্কীয় সমস্যাক লৈও আলোচনা কৰিছে৷ এই বিষয়ত ডেৰিডাই কিছু গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াইছে৷ এক বিশিষ্ট লিখন-প্ৰণালী হিচাপে দৰ্শন কিমানখিনি গ্ৰহণযোগ্য আৰু দাৰ্শনিকসকলৰ সমুখত সাহিত্য কিদৰে প্ৰতিভাত হয়, এই বিষয়ত কূট তৰ্কৰ অভাৱ নাই৷ বিনিৰ্মাণপন্থাৰ মাজেদি সাহিত্য আৰু দৰ্শনৰ কোনো নতুন  পৰ্যায়ক্ৰম গঢ়ি তোলা সম্ভৱনে : এই বিষয়ত ডেৰিডাৰ বক্তব্য স্পষ্টৰূপে প্ৰাগুক্ত পৰ্যায়ক্ৰম গঠনৰ বিৰোধী৷ সাম্প্ৰতিক আলোচনাত, বিশেষকৈ তাত্ত্বিক সন্দৰ্ভ (discourse)-, দৰ্শনে এনেকৈ সাহিত্যিক বাগ্ধাৰাৰ মাজেদি অন্তৰ্দীপ্তি‍ সঞ্চাৰ কৰিছে যে, বিনিৰ্মাণৰ দায়ত্ব বহুখিনি বাঢ়ি গৈছে৷ দি মেনে তেওঁৰ প্ৰাগুক্ত দুয়োখন কিতাপতে বিনিৰ্মাণৰ নিজস্ব শৈলী প্ৰয়োগ কৰি পাঠ-বিশ্লেষণৰ অত্যন্ত গুৰুত্বপূৰ্ণ আদৰ্শ আমাৰ সমুখত তুলি ধৰিছে৷ তেওঁৰ আৰু এটি প্ৰণিধানযোগ্য মন্তব্য , পাঠ সৰ্বদা অৱধাৰিতভাৱে ভ্ৰান্তপাঠ, কিয়নো সমালোচনাত্মক বাগ্ধাৰা আৰু সাহিত্যিক পাঠকৃতিৰ মাজত অনবৰত কিছুমান পূৰ্বধাৰ্য ভাবকল্প (theme)- অন্তৰ্ঘাত কৰিছে৷ সাহিত্যস্ৰষ্টাই যিদৰে এফালেদি বাস্তৱক কম-বেছি ৰূপকায়িত কৰিছে, তেনেকৈ আনফালেদি ধীমান তাত্ত্বিকেও যথাপ্ৰাপ্ত পাঠকৃতিৰ পৰা তাৎপৰ্য সূত্ৰ বিচাৰিবলৈ গৈ কিবা নহয় কিবা ৰূপক আৰু প্ৰতীকৰ আশ্ৰয় লৈছে৷ দুয়োপক্ষই এক ধৰণৰ চিহ্নায়কৰ পৰা অন্য এক ধৰণৰ চিহ্নায়কত উপনীত হৈছে৷ দি মেনে ধাৰণা কৰে, কিছুমান ভ্ৰান্তপাঠ ঠিক আৰু কিছুমান ভুল৷ প্ৰতিটো ভাষাতে কথন এইদৰে বিশিষ্ট ভ্ৰান্তিৰ মাজেদি সৃষ্টি হয়৷ এই ভ্ৰান্ত পাঠ যিমানে বেছি স্বীকৃত হয়, সিমানে বাগ্ধাৰা সমৃদ্ধ হৈ উঠে৷ যথাপ্ৰাপ্ত জগতৰ পৰা পাঠকৃতি আৰু পাঠকৃতিৰ পৰা আলোচকৰ সন্দৰ্ভত উপনীত হোৱাৰ বাবে আমি বাৰেপতি ডেৰিডা-কথিত পৃথক হোৱা আৰু স্থগিত ৰখাৰ অন্তৰ্বৃত দ্বিবাচনিক (dialogical)  ক্ৰিয়াৰ মাজেদি যাব লগা হয়৷ একমাত্ৰ বিনিৰ্মাণে চিনাকি কৰাই দিব পাৰে সেই প্ৰক্ৰিয়াক, ভ্ৰান্ত পাঠ গঢ়ি উঠাৰ পৰ্যায়সমূহক৷

          সেয়ে এই কথা স্পষ্ট যে, সাৰ্থক সাহিত্যিক পাঠকৃতি নিশ্চিতভাৱে আত্মবিনিৰ্মাণৰ আকৰ৷ দি মেনৰ জৰিয়তে আমি অৱগত হৈছোঁ, ‘Literary text simultaneously asserts and denies the authority of its own rhetorical mode.’  দি মেনৰ বাহিৰেও ভ্ৰান্ত পাঠ সম্পৰ্কে হেৰল্ড ব্লুমে তেওঁৰ ‘A Map of Misreading’ (১৯৭৫)  নামৰ কিতাপখনত দিগ্দৰ্শক আলোচনা কৰিছে৷ তেওঁ দেখুৱাইছে, সকলো সৃষ্টিশীল কবিয়েই তেওঁলোকৰ পূৰ্বসূৰীসকলৰ ৰচনাক নিজস্ব সংবেদন অনুযায়ী ভ্ৰান্ত পাঠ কৰিছে, বিনিৰ্মিত কৰিছে৷ উদাহৰণ হিচাপে তেওঁ শ্যেলিৰ ‘Ode to the West Wind’- কথা কৈছে, যিটো নবীন সৃষ্টিৰ স্বাৰ্থত ৱৰ্ডচৱৰ্থৰ ‘Immortality’ নামৰ কবিতাটোক বহুখিনি বিনিৰ্মাণ কৰি ভ্ৰান্ত পাঠ গঢ়ি তুলিছে৷ পূৰ্বসূৰীসকলৰ বাগ্ধাৰাত হস্তক্ষেপ নকৰাকৈ কোনো উত্তৰসূৰীয়েই তেওঁৰ ঈপ্সিত পৰিসৰত উপনীত নোৱাৰে৷ ব্লুমৰ বক্তব্য অনুসৰণ কৰি আমি এই জৰুৰী উপলব্ধিত উত্তীৰ্ণ হওঁ :No poem stands on its own, but always in relation to another. In order to write belatedly, poets must enter a psychic struggle, to create an imaginative space. This involves misreading their masters in order to produce a new interpretation.’ (ছে‍লডেন আৰু হ্বি‍ডোঅচন  : ১৯৯৩ : ১৫৩) এই বিনিৰ্মাণবাদী দৰ্শনৰ পোহৰত বুজিব পাৰোঁ, মেঘনাদবধ কাব্যত মাইকেল মধুসূদনেও বাল্মীকিৰ ৰামায়ণৰ যুগোপযোগীভ্ৰান্তপাঠউপস্থাপিত কৰিছিল৷ তেওঁৰ সূক্ষ্ম আৰু ব্যাপক বিনিৰ্মাণত ৰচিত হৈছিল ঊনৈছ শতিকাৰ বাংলা কবিতাত সৃষ্টিশীলতাৰ নতুন ইতিহাস৷ প্ৰকৃপক্ষে এনে দৃষ্টান্ত আৰু অজস্ৰ দিব পৰা যায়৷ বিশেষকৈ ৰবীন্দ্ৰনাথৰ মাজত এনে ‘aggressive wrenching of predecessors, meaning’- নিদৰ্শন প্ৰচুৰ আছে৷

          কেৱল যে সাহিত্যিক বাগ্ধাৰাৰ ক্ষেত্ৰত বিনিৰ্মাণ গুৰুত্বপূৰ্ণ এনে নহয়; ইতিহাসৰ বাগ্ধাৰা যেতিয়া গঢ়ি উঠে, দেখোঁ, বাৰেপতি বাগ্ধাৰা যেন তথ্য সমাৱেশৰ পৰা চেতনাৰ আকৰণৰ ফালে আঁতৰি যাব বিচাৰিছে৷ চেতনাৰ ৰঙেৰে ৰঞ্জিত কৰি সলনি কৰি বিচাৰিছে তথ্যক; এই নিৰন্তৰ হস্তক্ষেপ বিনিৰ্মাণ অবিহনে ঐতিহাসিক বাগ্ধাৰাত অসম্ভৱ৷ হেডেন হোৱাইটে তেওঁৰ ‘Tropics of Discourse’ (১৯৭৮) কিতাপখনত ইতিহাস ৰচনাতত্ত্বৰ নতুন ধাৰণা তুলি ধৰিছে৷ তাৰ উপৰি উল্লেখযোগ্য জিওফ্ৰে হাৰ্টমেনৰ বিশ্লেষণো, তেওঁ ‘The Fate of Reading’ (১৯৭৫) আৰু ‘Criticism in the Wilderness’  কিতাপ দুখনত বিভিন্ন উৎসজাত বাগ্ধাৰাক আন্তৰ্পাঠ (intertextuality) হিচাপে ব্যৱহাৰ কৰি তেওঁৰ নিজস্ব তাত্ত্বিক বাগ্ধাৰা গঢ়ি তুলিছে৷ তেওঁ বিচাৰে, সমালোচকসকল আৰু সৃজনীশীল হৈ উঠক - চিন্তাৰ প্ৰথাগত সীমান্তসমূহ সমালোচকৰ বৰ্ণনাই মচি দিয়ক৷ তাত ধাৰাবাহিক অৰ্থ নাথাকিলেও কোনো ক্ষতি নাই; স্ববিৰোধিতা আৰু ভাবনাৰ পৰম্পৰা বৰং উন্মোচিত হৈ থাকক৷ সেয়ে লক্ষণীয় হৈ উঠে হাৰ্টমেনৰ দ্বাৰা উদ্ধৃত ডেৰিডাৰ ‘Glass’- অংশবিশেষ আকৌ জাঁ জেনেৰ ‘The Thief’s Journal’- কিছু বৰ্ণনা আন্তৰ্পাঠ (intertextuality) হিচাপে ব্যৱহৃত হৈছে৷ হাৰ্টমেনে ব্যাখ্যা প্ৰসঙ্গত লিখিছিল : ‘Writing is always theft or bricolage of the logos... Writing is an act of crossing the line of the text, of making it indeterminate.’  আন এজন বিখ্যাত বিনিৰ্মাণবাদী তাত্ত্বিক জে. হিলিছ মিলেৰে সত্তৰৰ দশকৰ পৰাই উপন্যাসৰ পাঠ বিশ্লেষণক নতুন মাত্ৰা প্ৰদান কৰি আহিছে৷  তেওঁৰ ‘Fiction and Repetition’ (১৯৮২)  নামৰ কিতাপখন স্বতন্ত্ৰভাৱে উল্লেখযোগ্য৷ তাৰ বাহিৰেও বাৰবাৰা জনছনে তেওঁৰ ‘The Critical Difference’ (১৯৮০) কিতাপখনত সাহিত্যিক পাঠকৃতি আৰু সমালোচনাত্মক বাগ্ধাৰাৰ অসামান্য বিনিৰ্মাণবাদী বিশ্লেষণ কৰিছে৷ তেওঁ দুই ধৰণৰ বাগ্ধাৰাক ‘a network of defferences’ বুলি সম মৰ্যাদা দিছে৷ বাৰ্তেৰ বালজাক আলোচনা বিনিৰ্মাণ কৰি বাৰবাৰাই অন্তৰ্দৃষ্টি আৰু অন্ধতাৰ দ্বিবাচনিক প্ৰক্ৰিয়াৰ যেন আৰু এক দৃষ্টান্ত সংগ্ৰহ কৰিছে৷

          বিনিৰ্মাণবাদে স্বভাৱধৰ্মৰে অনবৰত ৰূপৰ পৰা ৰূপান্তৰলৈ, মাত্ৰাৰ পৰা মাত্ৰান্তৰলৈ যোৱাৰ পথ সন্ধান কৰি আহিছে৷ তাৰ নিৰ্দিষ্ট পাথেয় নাই; আনকি, পূৰ্বধাৰ্য কোনো লক্ষ্যও নাই৷ পথ নিৰ্মাণ কৰোঁতে পাথেয়ও আৱিষ্কাৰ কৰিছে৷ আকৌ সেই পথেই পাথেয়ক এৰি আহিছে পিছত, পথৰ ওপৰত৷ বিনিৰ্মাণে কেৱল প্ৰশ্ন কৰে, উত্তৰৰ আভাস দিয়ো অচিৰে তাক ৰূপান্তৰিত কৰে প্ৰশ্নলৈ৷ মানুহৰ বাগ্ধাৰাত সত্য যিদৰে বিম্বিত হয়, সেইদৰেই তাক মানি লয়৷ স্বভাৱত সি অপৌত্তলিক, সেয়ে তো তাৰ প্ৰতিমা নাই নিৰ্মাণ আৰু বিনিৰ্মাণৰ চক্ৰক অক্ষুণ্ণ ৰখাৰ বাহিৰে এই পন্থাৰ কোনো দায়িত্ব নাই৷ সেয়ে নিদ্ধিৰ্ধায় তাত্ত্বিকতাকো বিনিৰ্মাণবাদে অস্বীকাৰ কৰে৷***

No comments:

Post a Comment

তুমি, অমিতাভ

তুমি, অমিতাভ মূলঃ ডঃ তপোধীৰ ভট্টাচার্য (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ   তুমি, অমিতাভ, ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা সমতললৈ না...