তুমি, অমিতাভ
মূলঃ ডঃ তপোধীৰ ভট্টাচার্য (বাংলা)
অসমীয়া অনুবাদঃ কুমুদ ঘোষ
তুমি, অমিতাভ,
ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা
সমতললৈ নামি আহিছিলা
–
ব্যস্ত জনপদত
কোনে বাৰু তোমাক চিনি পাইছিল?
নে তুমি সেই মুর্খ
যুৱকৰ দৰে বিচাৰিছিলা
ভুল অভিজ্ঞান?
ঘাম আৰু তেজৰ
দাগ তুমি বাৰু দেখা নাছিলা নেকি?
তুমি, অমিতাভ,
দামী কার্পেটৰ বুকুত ভৰি থৈ
থমকি ৰ’লা কিয়?
ব্যস্ত জনপদত
তুমি বাৰু বিচাৰিছিলা নেকি কোনো
গাঢ় প্ৰতিচ্ছবি?
তুমি বাৰু দেখা
নাই নেকি গ্লানি আৰু থুইৰ দাগ? নে
সেই মুর্খ যুৱকৰ
দৰে
বিচাৰিছিলা ভুল
অভিজ্ঞান? ব্যস্ত জনপদত
কোনে বাৰু তোমাক
চিনি পাইছিল?
স্থিতি নহয়, বিস্মৃতিও
নহয় – কেৱল টোপনিৰ আৱেশ
কেৱল উটি যোৱাটোৱেই
আছিল আমাৰ
বিশৃঙ্খল ভ্ৰমণ-পথত
সেয়ে তুমি এৰি আহিছিলা
তোমাৰ কিৰীটি
–
পাহাৰ আৰু অৰণ্যতকৈয়ো
অধিক বেছি ভুল পথত
আমাৰ সমতলত
অমিতাভ, তুমি
নামি আহিছিলা৷
No comments:
Post a Comment