Friday, September 17, 2021

ইমান যে সুখৰ নৃত্য, ইমান যে দুঃখৰ অশ্ৰু

 ইমান যে সুখৰ নৃত্য, ইমান যে দুঃখৰ অশ্ৰু

-----------

মূল : মহাদেৱ সাহা (বাংলা)

অসমীয়া অনুবাদ : কুমুদ ঘোষ

-----------------------------------------

ইমান যে সুখৰ নৃত্য, ইমান যে দুঃখৰ অশ্ৰু

ইমান স্বপ্ন বেদনাৰ চিম্ফনি

ইমান যে দিন-ৰাতিৰ চিত্ৰনাট্য,

মিলন, বিচ্ছেদ, ভাঁহি যোৱাৰ বিৱৰণ

শীত, গ্ৰীষ্ম, বৰ্ষাৰ ৰোমাঞ্চ,

সেই প্ৰথম প্ৰণয় শিহৰণ, বিৰহৰ বাঁহী ।

 

কত যে হেৰাই যোৱা মুখৰ ৰেখাচিত্ৰ, কত যে

এৰি অহা বনৰ বৃত্তান্ত

মেঘ, বৰষুণ, বিষাদৰ ছাঁ,

নক্ষত্ৰৰ অস্থিৰ চকু

ছাঁ-পোহৰৰ নৃত্যকলা, পখীৰ পদশব্দ

কত মচ্ খোৱা আঙুলিৰ ছাপ, কত বিবৰ্ণ

হস্তলিপি ।

 

কত বাট হেৰুওৱা বাটৰুৱাৰ ন'টবুক

কত ছিঙা তাঁৰৰ দীৰ্ঘশ্বাস

গোলাপৰ গোপন অশ্ৰুবিন্দু, মাঘৰ গভীৰ নিশাৰ

বিষণ্ণ নিয়ৰ

কত সুখ-দুঃখ, বেদনাৰ নিঃশব্দ সঙ্গীত ।

-------------------------------

মহাদেৱ সাহা বাংলাদেশৰ স্বাধীনতাৰ পৰৱৰ্তীকালৰ এজন অন্যতম প্ৰধান কবি ৰোমাণ্টিক গীতি-কবিতাৰ বাবে জনপ্ৰিয় এইজনা কবি জীৱিকাসূত্ৰে এসময়ত সংবাদ সেৱাৰ সৈতে জড়িত আছিল বাংলা একাডেমি পুৰস্কাৰ, একুশে পদক, আলাওল সাহিত্য পুৰস্কাৰ আদিৰে কবি বিভূষিত অনুবাদ আয়োজনৰ অনুমতি সংগ্ৰহত সহায় কৰাৰ বাবে বন্ধু ৰাহাত ৰাব্বানীৰ প্ৰতি অনুবাদক কৃতজ্ঞ

No comments:

Post a Comment

তুমি, অমিতাভ

তুমি, অমিতাভ মূলঃ ডঃ তপোধীৰ ভট্টাচার্য (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ   তুমি, অমিতাভ, ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা সমতললৈ না...