ভালপোৱাৰ দৃষ্টিৰে চোৱা
-------------------------------------
মূল : মহাদেৱ সাহা (বাংলা)
অসমীয়া অনুবাদ : কুমুদ ঘোষ
-----------------------------------------
ভালপোৱাৰ দৃষ্টিৰে চোৱা, সুন্দৰ দেখিবা সকলো
ভালপোৱাৰ চকুলৈ চোৱা, চোৱা জীৱন মধুৰ;
চোৱাৰ আগেয়ে তিনিবাৰ কোৱা, ভালপোৱা
তাৰ পাছত চোৱা, সাধাৰণকো অনুভৱ হ'ব তিলোত্তমা,
যিজনে বেছিভাগ শব্দই ভুলকৈ উচ্চাৰণ কৰে,
তেওঁৰ কথা-বতৰা কাব্যময় অনুভৱ হ'ব
হলংহলংকৈ খোজ দিয়ে যিজনে, তেওঁৰ খোজ-কাটলো অনুভৱ হ'ব শিল্প,
যাৰ মাত চ'তৰ ছিঁৰাল ফটা দিয়া পথাৰৰ দৰে ৰুক্ষ
সেই মাতো অনুভৱ হ'ব পৃথিৱীৰ মধুৰতম কবিতা;
কেৱল ভালপোৱাৰ চকুলৈ চোৱা, ভালপোৱাৰ দৃষ্টিৰে চোৱা,
অনুভৱ হ'ব পৃথিৱীখন কিমান যে সুন্দৰ, জীৱন কি যে মধুময়
যিকোনো সাধাৰণকো অনুভৱ হ'ব অতুলনীয় । ¤
-------------------------------
মহাদেৱ সাহা বাংলাদেশৰ স্বাধীনতাৰ পৰৱৰ্তীকালৰ এজন অন্যতম প্ৰধান কবি । ৰোমাণ্টিক গীতি-কবিতাৰ বাবে জনপ্ৰিয় এইজনা কবি জীৱিকাসূত্ৰে এসময়ত সংবাদ সেৱাৰ সৈতে জড়িত আছিল । বাংলা একাডেমি পুৰস্কাৰ, একুশে পদক, আলাওল সাহিত্য পুৰস্কাৰ আদিৰে কবি বিভূষিত । অনুবাদ আয়োজনৰ অনুমতি সংগ্ৰহত সহায় কৰাৰ বাবে বন্ধু ৰাহাত ৰাব্বানীৰ প্ৰতি অনুবাদক কৃতজ্ঞ ।
No comments:
Post a Comment