ক'ত পাম সাত সাগৰৰ পানী
-------------------------------------
মূল : মহাদেৱ সাহা (বাংলা)
অসমীয়া অনুবাদ : কুমুদ ঘোষ
-----------------------------------------
ক'ত পাম সাত সাগৰৰ পানী,
তোমাৰ চৰণ ধুৱাই দিম,
ক'ত পাম সাতখন আকাশৰ তৰা,
তোমাক উপহাৰ দিম ?
মই ফুল ফুলাব নোৱাৰোঁ, মুকুতাৰে সজাব নোৱাৰোঁ,
বাটৰ তলসৰা বকুল
আৰু আনিছোঁ দুচকুৰ অশ্ৰু;
যদি কোৱা, চকুলোৰে তোমাৰ চৰণ ধুৱাই দিওঁ । ¤
-------------------------------
মহাদেৱ সাহা বাংলাদেশৰ স্বাধীনতাৰ পৰৱৰ্তীকালৰ এজন অন্যতম প্ৰধান কবি । ৰোমাণ্টিক গীতি-কবিতাৰ বাবে জনপ্ৰিয় এইজনা কবি জীৱিকাসূত্ৰে এসময়ত সংবাদ সেৱাৰ সৈতে জড়িত আছিল । বাংলা একাডেমি পুৰস্কাৰ, একুশে পদক, আলাওল সাহিত্য পুৰস্কাৰ আদিৰে কবি বিভূষিত । অনুবাদ আয়োজনৰ অনুমতি সংগ্ৰহত সহায় কৰাৰ বাবে বন্ধু ৰাহাত ৰাব্বানীৰ প্ৰতি অনুবাদক কৃতজ্ঞ ।
No comments:
Post a Comment