যব দীপ জ্বলে
------------------
মূল : বিনায়ক বন্দ্যোপাধ্যায় (বাংলা)
অসমীয়া অনুবাদ : কুমুদ ঘোষ
------------------------------------------
কালিৰ কথাই পাহৰি যায়,
আকৌ সময়ে-সময়ে …
পঞ্চাছ বছৰৰ আগৰ কথা সলসলীয়াকৈ কৈ যায়,
সিদিনাখন গান এটি গুণগুণাই আছিল
সুৰটো চিনাকি চিনাকি লগাত
ওচৰলৈ গৈ কাণ-পাতি শুনিলোঁ
মায়ে গাইছে,“যব দীপ জ্বলে আনা/যব শাম ঢলে আনা”
ইমানেই লাহেকৈ গাইছে যে
অলপমান আঁতৰি দূৰৈত থিয় হ’লে আৰু শুনিবলৈ নাপাম
কিন্তু মইতো
আঁতৰি থাকিব বিচৰা নাছিলোঁ,
বিচাৰিছিলোঁ দ্বীপপুঞ্জৰ গভীৰলৈ গৈ
ৰবিন্সন ক্ৰুচোৱে কিমানখিনি নিমখীয়া পানী খাব পাৰে,
আৱিস্কাৰ কৰিব …
দেউতাই তোমাক ‘চিতচোৰ’ চাবলৈ নিছিলনে ?
‘তোৰ দেউতাৰাৰ চিনেমা চাবলৈ নিয়াৰ তাগিদাও নাছিল, সময়ো নাছিল ।’
‘তেনেহ’লে’, সুধিবলৈ লওঁতেই মনত পৰিল ৰবীন্দ্ৰ জৈনতো আমাৰ খুড়াৰ অন্তৰঙ্গ বন্ধু;
সত্তৰৰ দশকৰ একেবাৰে প্ৰথমৰফালে
আমাৰ ঘৰতেই মাজে-সময়ে আহি থাকিছিলহি আৰু
অখ্যাত লোকসঙ্গীত শিল্পী কমল কুমাৰ বন্দ্যোপাধ্যায়ৰ
সৈতে থকা তেখেতৰ গভীৰ বন্ধুত্ব
হাৰমনিয়ামৰ ৰিডৰ পৰা সিঁচৰতি হৈ পৰিছিল,
চহৰৰ আকাশ-বতাহত ।
খুড়া অচিনাকি হৈয়েই পৃথিৱীৰ পৰা বিদায় মাগিলে
নাজানো কোন মেহফিলত বহাৰ ঠাই পাইছে
কিন্তু
ৰবীন্দ্ৰ জৈন নিজৰ সৃষ্টিৰ মাজত জীয়াই আছে, জীয়াই থাকিব ।
অন্ধজনে গান গায়, সুৰ দিয়ে, লিখেও,
কিন্তু শৈশৱৰ পৰাই দৃষ্টিহীন এজন অবাঙালীয়ে কেনেকৈ
বাংলা ভাষা শিকি ‘লিৰিক’ ৰচনা কৰিব পাৰে,
ভাবিলেই শিহৰিত হওঁ ।
এতিয়া প্ৰশংসা কৰাৰ আগেয়ে বহুবাৰ শুনি হিচাব কৰিবলগা হয়
কিন্তু ৰবীন্দ্ৰই আমাৰ ভাৰা-ঘৰৰ মজিয়াত পাৰি থোৱা কাৰ্পেটত বহি
যিমান সুৰ ৰচনা কৰিছে, সকলোবোৰেই হিছাপ-বিহীন
সেয়ে গোটেই পৃথিৱীখন ঘূৰি আহিয়ো,
মোৰ মাৰ কণ্ঠত ...
হ’ব পাৰে, এই সুৰটো দিছিল নাকতলাতেই
ব্যৱহাৰ কৰিছিল বম্বেলৈ গৈ
হয়তো বা টিভি অথবা ৰেডিঅ’ত শুনা সুৰটোৱেই
নিজৰ ঘৰতে শুনিছিল বুলি ধাৰণা হৈছে মাৰ;
যাৰ যেনে ধৰণৰ ইচ্ছা
বিশ্বাস কৰাততো কোনো বাধা নাই !
মায়ে কৈছিল,‘ৰবীনৰ এক আচৰিত ক্ষমতা আছিল ।
তেওঁ হয়তো মজিয়াতে বহি হাৰমনিয়ামত সুৰ তুলিছিল
আৰু মই
ঘৰৰ আনটো প্ৰান্তত মৈদাখনত পাচলি কুটিছোঁ,
ৰবীনে কৈ দিব পাৰিছিল, বেঙেনা কুটিলোঁ নে পটল …'
মোৰ মনটোৱে কথাষাৰ মানি ল’ব নিবিচাৰে । মাক শুধিয়েই থাকোঁ ।
মায়ে আপোনমনে কৈ যায়...
‘মাজে-সময়ে মই অলপ
দুষ্টালি কৰিছিলোঁ । পাচলিৰ নাম সঠিককৈ কোৱাৰ পাছতো
ৰবীনক ভুল বুলি প্ৰমাণিত কৰিব বিচাৰিছিলোঁ । তেওঁ ‘চজিনা’ বুলি
ক’লে, লেছেৰা মাহ বুলি কৈছিলোঁ, ‘লাউ’ বুলি ক’লে কৈছিলোঁ ‘কোমোৰা’ বুলি …’
‘তেখেতে মানি লৈছিলনে ?’
‘নামানি উপায় নাই ? মোৰতো দুটাকৈ চকু ।
তাৰ পাছত চুপ হৈ পৰিছিল । এদিনাখন তোৰ দেউতাৰাক
কথাষাৰ কৈ বৰকৈ গালি খাইছিলোঁ । তোৰ দেউতাৰাই
ৰবীনৰ সমুখত মোৰ সকলোবোৰ টালি-বাজি গোমৰফাক কৰিছিল ।’
‘ৰবীন খুড়াৰ ৰিয়েকশ্বন কেনেকুৱা আছিল ? খং কৰিছিলনে ?’
মই কোনোদিনে মুখামুখি নোহোৱা মানুহ এজনক
ইতিহাসৰ বলতে ‘খুড়া’ বুলি সম্বোধন কৰিছোঁ ।
মা নিশ্চুপ হৈ পৰে । আকৌ গুণগুণাবলৈ ধৰি
হঠাৎ গান বন্ধ কৰি কয়,‘‘খং কৰা নাছিল । সুৰ সন্ধান কৰিছিল ।
তাৰ পাছত মিচিকীয়া হাঁহি এটা মাৰি কৈছিল,‘অন্ধৰ বিশ্বাস নাভাঙিব নবৌ,
অন্ধৰ বিশ্বাস ভাঙিব নাপায় …”
মাৰ ওচৰত আৰু থিয় হৈ থাকিব নোৱাৰি আঁতৰি আহিলোঁ ।
বৰষুণৰ এছাৰেকণি আহি পৰিব বুলি বন্ধ কৰি থোৱা ঘৰৰ খিৰিকীখন খুলি দিওঁতে গম পালোঁ
পৃথিৱীৰ সকলো স্মৃতি শিল্প হৈ উঠিছে, অন্ধৰ বিশ্বাস ভাঙি ভাঙি…। ● ● ●
----------------------------------
কবি পৰিচয় : বিনায়ক বন্দ্যোপাধ্যায়ৰ জন্ম ১৯৭৬ চনত । এজন শক্তিশালী বাঙালী কবি আৰু গদ্য লেখক । তেখেতৰ কবিতা সংগ্ৰহ সমূহৰ ভিতৰত উল্লেখযোগ্য 'নেহাত গৰিব নেহাত ছোট', 'দাঁড়াচ্ছি দৰজাৰ বাইৰে', 'যতটুকু মেনে নিতে পাৰো', 'তুমিই প্ৰাণ তুমিই পৰ', 'পতাকা নয় দিগন্ত' আদি । ইতিমধ্যে কৃত্তিবাস পুৰস্কাৰৰ লগতে বাংলা অকাদেমিৰ শক্তি চট্টোপাধ্যায় পুৰস্কাৰেৰে কবি পুৰস্কৃত হৈছে । কবিৰ সানন্দ অনুমতি সাপেক্ষে কবিতাটি অনুবাদ কৰা হৈছে ।
ভাল লাগিল
ReplyDelete