Wednesday, February 1, 2023

বিপ্লৱী

 বিপ্লৱী

---------

মূল : অংশুমান কৰ (বাংলা)

অসমীয়া অনুবাদ : কুমুদ ঘোষ

--------------------------------

মাননীয় সুভাষচন্দ্ৰ বসু, মই আপোনাক শ্ৰদ্ধা কৰোঁ

কিন্তু আপুনি নহয়৷

মহামতি লেনিন, অসম্ভৱক সম্ভৱ কৰিছিল আপুনি

আপোনাক লাল চালাম, কিন্তু আপুনিও নহয়৷

হে জাতিৰ জনক গান্ধী,

আপোনাৰ কবিতাৰ নিচিনা দুচকুৱে দেখিছিল অনাগত দিনৰ স্বপ্ন

কিন্তু নহয়, আপুনিও নহয়৷

প্ৰিয় চে, মেক্সিকো, কিউবা, বলিভিয়াত

                                    কিযে কষ্ট কৰিছিল আপুনি

মাত্ৰ সোতৰজন যোদ্ধাৰে যুঁজিছিল

                                  সোতৰশৰ বিৰুদ্ধে

কিন্তু নহয়, তথাপি আপুনি নহয়৷

সম্ৰাট মাৰাডোনা, ভাৰতৰ দৰে

কেইবাশ দৰিদ্ৰ দেশৰ ভোকাতুৰ মানুহবোৰক

প্ৰতিশোধৰ স্বপ্ন দেখুৱাই আপুনি আজিও উদ্দীপ্ত কৰি আছে,

কিন্তু নহয়, আপুনিও নহয়৷

পিট চিগাৰ আৰু পল ৰবচন,

বৰ ওচৰা-উচৰি আপোনালোক

তথাপি কিন্তু পৰীক্ষকে আপোনালোকৰ অলপমান নম্বৰ কাটিব

নহয়, আপোনালোকো নহয়৷

আজিয়ো পৃথিৱীৰ শ্ৰেষ্ঠ বিপ্লৱী চৰাইবোৰ

সিহঁতেই ইটো প্ৰান্তৰ পৰা সিটো প্ৰান্তলৈ, এইখন মহাদেশৰ পৰা সিখন মহাদেশলৈ

ঠোঁটত কঢ়িয়াই নিয়ে বীজ

সেউজ কৰে পৃথিৱী৷***

No comments:

Post a Comment

তুমি, অমিতাভ

তুমি, অমিতাভ মূলঃ ডঃ তপোধীৰ ভট্টাচার্য (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ   তুমি, অমিতাভ, ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা সমতললৈ না...