Tuesday, April 11, 2023

নিলিখা কবিতাৰ কথা

 নিলিখা কবিতাৰ কথা

------------------------------

কুমুদ ঘোষ

------------------

সকলো কবিৰে একোটা নিলিখা কবিতা থাকে

লিখোঁ লিখোঁ বুলি ভাবিয়ো

কোনো কবিয়েই লিখিব নোৱাৰে

সেই নিলিখা কবিতাটো

 

নিলিখা কবিতাটোক সাক্ষী কৰি

কবিতাৰ সমদল আগ বাঢ়ে,

নিলিখা কবিতাটোক বুকুত সাবটি

প্ৰতিজন কবিয়ে প্ৰতি ৰাতি চকু দুটা মুদে

 

একেটা কবিতাকে লিখি থাকে

অথচ নিলিখা কবিতাটো লিখিব নোৱাৰে

 

সকলো কবিৰে একোটা নিলিখা কবিতা থাকে

লিখোঁ লিখোঁ বুলি ভাবি ভাবিয়েই

প্ৰতিজন কবিয়েই খেৰ-কুটা কঢ়িয়াই,

ভঙা-গঢ়াৰ খেল খেলি খেলি

এদিন নিলিখা কবিতাটোৰ মাজত

কবি হেৰাই যায়। ¤ ¤ ¤

 

No comments:

Post a Comment

তুমি, অমিতাভ

তুমি, অমিতাভ মূলঃ ডঃ তপোধীৰ ভট্টাচার্য (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ   তুমি, অমিতাভ, ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা সমতললৈ না...