Friday, March 18, 2022

সেইটো দৃষ্টি

সেইটো দৃষ্টি

 

মূল: পূভিয়াৰাচু

অসমীয়া অনুবাদ: কুমুদ ঘোষ

 

[কবিৰ জন্ম ১৯৩০ চনত। শ্বেক্সপীয়েৰ, খলিল জিব্ৰান, ওমৰ খৈয়াম, দস্তয়েভস্কি, ৰবীন্দ্ৰনাথ আদিৰ ৰচনা তামিল ভাষালৈ অনুবাদ কৰিছে। অনুবাদ কৰ্মৰ বাবে কবিয়ে লাভ কৰিছে সাহিত্য অকাদেমিৰ অনুবাদ পুৰস্কাৰ। কবিৰ প্ৰকৃত নাম এচ জগন্নাথন। সংস্কৃত 'জগন্নাথন' তামিল প্ৰতিশব্দ 'পূভিয়াৰাচু' তামিল ভাষাত আমাৰ দখল নথকা হেতু অংশুমান কৰ- কৰা বাংলা অনুবাদৰ সাহায্যত বৰ্তমানৰ কবিতাটি অনুবাদ কৰা 'ল।]

 

জীৱনত নিশ্চয়

অগণন দৃষ্টিৰ

মুখামুখি হৈছা ...

এটি কণমানি শিশুৰ

দৃষ্টিহীন দৃষ্টি

ভিক্ষাৰীৰ ক্ষুধাৰ্ত দৃষ্টি

পাগলৰ অস্থিৰ দৃষ্টি

দুৰ্বৃত্তৰ ধূৰ্ত দৃষ্টি

কামাতুৰ মহিলাৰ সম্মোহনী দৃষ্টি

আইৰ স্নেহময়ী দৃষ্টি

শিক্ষকৰ ভৰ্ৎসনাৰ দৃষ্টি

'বচ্' উদ্ধত দৃষ্টি

পুলিচৰ ঈগলৰ দৃষ্টি

তালিকা অনিঃশেষ!

কিন্তু ... কিন্তু ...

তোমাৰ ভৰিৰ ওচৰত

সমুখৰ দুভৰিৰ মাজত

মুখ লুকুৱাই

কাণ উনাই

মূৰ অলপো লৰ-চৰ নকৰি

কেৱল

ডাঙৰ ডাঙৰ চকুৰ

'লা মণিবোৰ তুলি

তোমাৰ মুখৰফালে স্থিৰচিত্তে চাই আছে -

তোমাৰ কুকুৰ

সেই মন্থৰ চকু দুটাৰ

তৰল গভীৰতা আচলতে

কিমান বাম

সেয়া কোনোবাই কোনোপধ্যে জুখিব পাৰিবনে?

No comments:

Post a Comment

তুমি, অমিতাভ

তুমি, অমিতাভ মূলঃ ডঃ তপোধীৰ ভট্টাচার্য (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ   তুমি, অমিতাভ, ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা সমতললৈ না...