তোমাৰ ভিতৰত তোমাক লুকুওৱা
---------------------------------------------
মূল : মহাদেৱ সাহা (বাংলা)
অসমীয়া অনুবাদ : কুমুদ ঘোষ
------------------------------------------
মানুহ, এই সময়ত তুমি শুদ্ধ হোৱা, ভূমিলৈকে নত
হোৱা
ভিতৰলৈ চোৱা, ভিতৰৰ 'মই'ক চোৱা, স্থিৰ হোৱা
মাটিৰ মানুহ ইমান ওপৰলৈ নাযাবা;
এই সময়ত সামৰি-সুতৰি লোৱা শৰীৰ, এই সময়ত শুই থাকা
টোপনিৰ ভিতৰত নিঃশব্দে টোপনি যোৱা,
একোৱেই নাচাবা, ধৰিবলৈ নাযাবা,
গভীৰ পানীৰ নিদ্ৰিত মাছৰ দৰে ডুবি থাকা;
সকলো দাগ মচি পেলোৱা, সকলো শব্দ পাহৰি পেলোৱা,
গুছি যোৱা শব্দহীন নৈঃশব্দলৈ, নিৰ্জনতালৈ,
নিজৰ ভিতৰলৈ;
নাচাবা, নুচুবা, নুশুঙিবা,
জিৰাফৰ দৰে উলিয়াই নিদিবা জিভা
তোমাৰ ভিতৰত তোমাক লুকুওৱা;
অস্থিৰ আঙুলিবোৰ সম্বৰণ কৰা,
শান্ত হোৱা, শুচি হোৱা, সমাধিত হোৱা;
মানুহ, তুমি বৰ ক্লান্ত হৈছা, বৰ ক্লান্ত হৈছা,
অলপমান ৰোৱা, বহা, স্থিৰ হোৱা ।
-------------------------------
মহাদেৱ সাহা বাংলাদেশৰ স্বাধীনতাৰ পৰৱৰ্তীকালৰ এজন অন্যতম প্ৰধান কবি । ৰোমাণ্টিক গীতি-কবিতাৰ বাবে জনপ্ৰিয় এইজনা কবি জীৱিকাসূত্ৰে এসময়ত সংবাদ সেৱাৰ সৈতে জড়িত আছিল । বাংলা একাডেমি পুৰস্কাৰ, একুশে পদক, আলাওল সাহিত্য পুৰস্কাৰ আদিৰে কবি বিভূষিত । অনুবাদ আয়োজনৰ অনুমতি সংগ্ৰহত সহায় কৰাৰ বাবে বন্ধু ৰাহাত ৰাব্বানীৰ প্ৰতি অনুবাদক কৃতজ্ঞ ।
No comments:
Post a Comment