Friday, September 17, 2021

পৃথিৱী, তোমাৰ দুঃখ আঁতৰি যাব

 পৃথিৱী, তোমাৰ দুঃখ আঁতৰি যাব

--------------------------------------------

মূল : মহাদেৱ সাহা (বাংলা)

অসমীয়া অনুবাদ : কুমুদ ঘোষ

-----------------------------------------

পৃথিৱীৰফালে আৰু চাব নোৱাৰি,

বৰ কষ্ট হয়,

মই সামান্য মানুহ, মন্ত্ৰবল নাই,

পৃথিৱীৰ দুঃখ মই আঁতৰাব নোৱাৰোঁ;

মোৰ স্বস্তিপাঠ, শান্তিমন্ত্ৰৰে একোৱেই নহয়

পৃথিৱী, তোমাৰ বাবে মই চকুপানী

টুকোঁ

মই বিচাৰোঁ, পৃথিৱী আকৌ তুমি ভাল হৈ উঠা,

সুস্থ, সাৱলীল হোৱা,

হৈ উঠা খৰস্ৰোতা নদীৰ দৰে

হাস্যময়,

হৈ উঠা কল্লোলিত অন্তহীন প্ৰাণৰ

প্ৰৱাহ;

পৃথিৱী, আকৌ তুমি সুখী হোৱা, সঞ্জীৱিত হোৱা

মই জানো, ঠিকেই জানো, পৃথিৱী তোমাৰ সকলো

দুঃখ আঁতৰি যাব,

পাৰ ' দুৰ্দিনৰ তমসা আন্ধাৰ,

প্ৰস্ফুটিত ' ফুলবোৰ, উচ্ছলিত '

সহস্ৰ সঙ্গীত,

আকৌ উদ্ভাসিত ' তোমাৰ

সকলো পোহৰ

সকলো প্ৰান্ততে ভৰি পৰিব জীৱন

-------------------------------

মহাদেৱ সাহা বাংলাদেশৰ স্বাধীনতাৰ পৰৱৰ্তীকালৰ এজন অন্যতম প্ৰধান কবি ৰোমাণ্টিক গীতি-কবিতাৰ বাবে জনপ্ৰিয় এইজনা কবি জীৱিকাসূত্ৰে এসময়ত সংবাদ সেৱাৰ সৈতে জড়িত আছিল বাংলা একাডেমি পুৰস্কাৰ, একুশে পদক, আলাওল সাহিত্য পুৰস্কাৰ আদিৰে কবি বিভূষিত অনুবাদ আয়োজনৰ অনুমতি সংগ্ৰহত সহায় কৰাৰ বাবে বন্ধু ৰাহাত ৰাব্বানীৰ প্ৰতি অনুবাদক কৃতজ্ঞ

No comments:

Post a Comment

তুমি, অমিতাভ

তুমি, অমিতাভ মূলঃ ডঃ তপোধীৰ ভট্টাচার্য (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ   তুমি, অমিতাভ, ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা সমতললৈ না...