Friday, September 17, 2021

যুগল কবিতা

 যুগল কবিতা

-----------

মূল : মহাদেৱ সাহা (বাংলা)

অসমীয়া অনুবাদ : কুমুদ ঘোষ

-----------------------------------------

তুমি যদি নদী হোৱা, মই হওঁ এই শুকান বালি

মই হওঁ মৰুভূমি, তুমি তাৰ সেউজীয়া পত্ৰলেখা;

 

তুমি যদি মেঘ হোৱা, মই হওঁ 'তৰ খৰাং

তুমি কোনো গান 'লে, মই সেই গানৰ অন্তৰা;

 

তুমি যদি ৰাতি হোৱা, মই হওঁ বিষণ্ণ দুপৰীয়া

তুমি নৃত্যকলা 'লে, মই হওঁ ভৰিৰ নূপুৰ;

 

তুমি যদি বৰ্ষা হোৱা, মই হওঁ বৰ্ষাৰ ময়ূৰৰ মাত

তুমি স্ৰোতশ্বিনী 'লে, মই হওঁ দূৰৈৰ তটৰেখা

 

তুমি যদি বন হোৱা, মই হওঁ তাৰ সৰাপাত

তুমি বৰ্ণমালা 'লে মই হওঁ শুকুলা শূন্য বহী;

 

তুমি পৰ্যটক 'লে, মই হওঁ ভৰিৰ তলৰ ঘাঁহ

তুমি সৰোবৰ 'লে, মই সেই সৰোবৰৰ হাঁহ;

 

তুমি যদি বৃক্ষ হোৱা, মই হওঁ মাত্ৰ তাৰ ফল

তুমি দুটি চকু 'লে, মই হওঁ তাতে চকুপানী

-------------------------------

মহাদেৱ সাহা বাংলাদেশৰ স্বাধীনতাৰ পৰৱৰ্তীকালৰ এজন অন্যতম প্ৰধান কবি ৰোমাণ্টিক গীতি-কবিতাৰ বাবে জনপ্ৰিয় এইজনা কবি জীৱিকাসূত্ৰে এসময়ত সংবাদ সেৱাৰ সৈতে জড়িত আছিল বাংলা একাডেমি পুৰস্কাৰ, একুশে পদক, আলাওল সাহিত্য পুৰস্কাৰ আদিৰে কবি বিভূষিত অনুবাদ আয়োজনৰ অনুমতি সংগ্ৰহত সহায় কৰাৰ বাবে বন্ধু ৰাহাত ৰাব্বানীৰ প্ৰতি অনুবাদক কৃতজ্ঞ

No comments:

Post a Comment

তুমি, অমিতাভ

তুমি, অমিতাভ মূলঃ ডঃ তপোধীৰ ভট্টাচার্য (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ   তুমি, অমিতাভ, ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা সমতললৈ না...