জীৱন
-------
মূল : অংশুমান কৰ (বাংলা)
অসমীয়া অনুবাদ : কুমুদ ঘোষ
--------------------------------
এজন মানুহৰ জীৱনত যেতিয়া দুই-এজন নাথাকে
জীৱন থমকি ৰয় ।
এই দুই-এজননো কোন ?
যিসকলে কবিতা পঢ়ি, গান শুনি হাতচাপৰি বজায় তেওঁলোক নেকি ?
যিসকলৰ সৈতে ডুৱাৰ্চৰ হাবিত হাড় কঁপোৱা জোনৰ পোহৰত
জাপানী ছবি অঁকা চাহৰ কাপত শোহা মাৰিছিল, তেওঁলোক ?
নহয় ।
এজন মানুহৰ জীৱনত যেতিয়া সেই দুই-এজন নাথাকে
জীৱন থমকি ৰয়,
যিসকলে বৰষুণৰ মাজতো তেওঁ কান্দিলে
সঠিককৈ চিনাক্ত কৰিব পাৰে
কোনটো বৰষুণৰ টোপাল আৰু কোনটো তেওঁৰ চকুপানীৰ বিন্দু ।
-------------------
বি: দ্ৰ: কবিৰ অনুমতি সাপেক্ষে অনূদিত ।
No comments:
Post a Comment