Monday, July 19, 2021

সম্পৰ্ক

 সম্পৰ্ক

----------

মূল : অংশুমান কৰ (বাংলা)

অসমীয়া অনুবাদ : কুমুদ ঘোষ

--------------------------------

এইমাত্ৰ তেওঁ তোমাৰ বন্ধু, আকৌ পাছ মুহূৰ্ততেই শত্ৰু

আজি তেওঁ গছৰ ছাঁ, তোমাৰ আশ্ৰয়

কালিলৈ তেওঁ তোমাক ছিন্ন-বিচ্ছিন্ন কৰিম বুলি

ধৰাইছে ছুৰী

তোমাৰ বাবে এয়া বিচাৰি দিছে

অক্সিজেনৰ লিড

আকৌ পাছ মুহূৰ্ততেই কুৎসাৰ চিয়াঁহীৰে

ঢাকি পেলাইছে তোমাৰ মুখ

বন্ধু নে শত্ৰু, প্ৰেমিকা নে প্ৰতিদ্বন্দ্বী

কোনোপধ্যেই একোৱেই বুজি নাপাবা

তোমাৰনো ঠিক কোন হয় ফে'চবুক !

-------------------

বিদ্ৰকবিৰ অনুমতি সাপেক্ষে অনূদিত 

 

No comments:

Post a Comment

তুমি, অমিতাভ

তুমি, অমিতাভ মূলঃ ডঃ তপোধীৰ ভট্টাচার্য (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ   তুমি, অমিতাভ, ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা সমতললৈ না...