সত্য
----------
মূল : অংশুমান কৰ (বাংলা)
অসমীয়া অনুবাদ : কুমুদ ঘোষ
-----------------------------------------
মাননীয় ত্ৰিকালদৰ্শী দাৰ্শনিক
মাননীয়া ত্ৰিনয়নী ইতিহাসবিদ
মাননীয় বাঘৰ বাচ্চা কবি
মাননীয়া সৰ্বজ্ঞানী সাংবাদিক
মনত থোৱা ভাল যে,
মানুহৰ জ্ঞান আংশিক, দৃষ্টি খণ্ডিত, অনুভূতি অপূৰ্ণ ।
বহুত কিবাকিবি কৰিব নালাগে
হাতৰ তলুৱাত মুদ্ৰা এটা থৈ চাওক
দেখা পাব দুটা নহয়
এটাই পিঠি ।
সত্য উৰি যোৱা এটি চৰাইৰ
পেলাই থৈ যোৱা এটি পাখি ।
-------------------
বি: দ্ৰ: কবিৰ অনুমতি সাপেক্ষে অনূদিত ।
No comments:
Post a Comment