অৰ্থনীতি বনাম কুৰুচাৰ ফুল
------------------------------
মূলঃ নাহিদা আশৰাফী (বাংলা)
অসমীয়া অনুবাদঃ কুমুদ ঘোষ
------------------------------
নীতি মোৰ পত্নীৰ নাম
নতুন সংসাৰ, সামান্য ধন-বিত
তথাপি তেওঁ আমাৰ সময়বোৰক
কুৰুচাৰে নিপুণভাৱে গুঁঠিছিল
শলা হিচাপ কৰি কৰি
সূতাৰ গণিত বুজিবাজি
একো-একোটা দিন ফুটাই তুলিছিল
বেলি আৰু গন্ধৰাজৰ দৰেই
তাৰ পাছত অৰ্থ নামৰ মোহনীয় গ্লেমাৰগাৰ্লগৰাকী
মোৰ সমুখত থিয় হওঁতেই
মই নীতিক পাহৰিবলৈ আৰম্ভ কৰিলোঁ
জ্ঞাতে অথবা অজ্ঞাতে
এতিয়া মোৰ অনেক ধন-বিত
কেৱল নীতিহে প্ৰাক্তন হ’ল …।
----------------------------------------
No comments:
Post a Comment