Thursday, July 15, 2021

কেনে আছে, ভালে আছোঁ

 কেনে আছে, ভালে আছোঁ

 -----------------------------------

মূল : জান্নাতুন নুৰ দিশা (বাংলা)

অসমীয়া অনুবাদ : কুমুদ ঘোষ

------------------------------------------


এই নগৰত মোৰ কোনো বন্ধু নাই !

অৱশ্যে এই বিষয়ত মোৰ কোনো আক্ষেপ, অনুযোগ, উৎকণ্ঠা নাই

বন্ধুহীন নগৰৰ ৰাস্তাত মই যে দীৰ্ঘশ্বাসেৰে খোজ কাঢ়োঁ,

সেয়া বন্ধুহীনতাৰ নহয়, নহয় একাকীত্বৰ

কেৱল ' বান্ধি থকা ক্লান্তিৰ !

এই নগৰত ক্লান্তি মচিবলৈ মোৰ কোনো গামোচা নাই

পদপথত থিয় হৈ মই নতুন গামোচা চাওঁ

এই নগৰত আমি প্ৰত্যেকেইচোন একো একোটা দীৰ্ঘশ্বাস বহন কৰি ফুৰোঁ

এই নগৰৰ প্ৰত্যেকৰ মনত একো একোখন বগা থান পৰি আছে

বিধৱা মন লৈ সাংসাৰিক দম্পতিয়ে যাপন কৰিছে দিন-ৰাতি

ইয়াতকৈ নৃশংস নহয় মোৰ বন্ধুহীনতা

মই মোৰ অৱসাদ ফেৰি কৰি নুফুৰোঁ কাৰো দুৱাৰে দুৱাৰে

যিখন নগৰৰ পুৱাৰ 'দকণো অভিশপ্ত,

হাড়ৰ সন্ধিত গোট খোৱা বিষৰ দৰে অসহ্য জীৱন-যাপন,

তাত মোৰ দু:খৰ কথা কৈ কাৰনো গধুৰ কৰিম মই বুকু ?

শীঘ্ৰেই এই নগৰ এৰি গুচি যাম

দূৰৈৰ, অন্য কোনো নগৰত গঢ়িম বসতি,

অৱশ্যে ইমান খৰধৰ নাই

সঠিক ৰেলগাড়ীৰ অপেক্ষাত যদি অতিবাহিত হয় এটা জন্ম,

তথাপি ভুল ৰেলগাড়ীত নুঠোঁ

-----------------------

কবি পৰিচয়: জান্নাতুন নুৰ দিশাৰ জন্ম বাংলাদেশৰ চট্টগ্ৰাম জিলাত ১৯৯২ চনৰ জুনত ৰসায়ন বিজ্ঞান বিষয়ত স্নাতকোত্তৰ কবিগৰাকী বৰ্তমান এখন চৰকাৰী মহাবিদ্যালয়ত কৰ্মৰত কবিৰ বৰ্তমানলৈকে প্ৰকাশিত কাব্যগ্ৰন্থ চাৰিখন ' - 'নিৰ্ভৰযোগ্য', 'গোপনীয়তা', 'অনিকেত অভিমান জংশন' আৰু 'বিচূৰ্ণ বসন্তে' । কবিৰ অনুমতি সাপেক্ষে অনূদিত 

 

No comments:

Post a Comment

তুমি, অমিতাভ

তুমি, অমিতাভ মূলঃ ডঃ তপোধীৰ ভট্টাচার্য (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ   তুমি, অমিতাভ, ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা সমতললৈ না...