ভুল সপোন
-----------------
মূল : অংশুমান কৰ (বাংলা)
অসমীয়া অনুবাদ : কুমুদ ঘোষ
---------‐--‐-----------------------------
কত ৰকমৰ ভয়, কত ৰকমৰ আতঙ্ক, কত ৰকমৰ সংশয় ।
চমস্কিয়ে কৈছে, এই বিপদ পাৰ হ'লে
এখন নিউক্লিয়াৰ যুদ্ধৰ মুখামুখি হ'ব পৃথিৱী ।
অৰ্থনীতিবিদসকলে কৈছে, সমগ্ৰ বিশ্বত
কোটি কোটি মানুহে কাম হেৰুওৱাব ।
মহিলা কমিছন উদ্বিগ্ন, বাঢ়িছে গাৰ্হস্থ্য হিংসা ।
কত ৰকমৰ ভয়, কত ৰকমৰ আতঙ্ক, কত ৰকমৰ সংশয় ।
মই জোনৰফালে চাই থাকোঁ ।
ধকধকীয়া, শুকুলা জোন ।
সিপাৰে অন্ধকাৰ - বুজি পাওঁ ?
হে ভাবী পৃথিৱী, তুমি কিয়নো নহ'বা
জোনৰ এইফালৰ দৰে উজ্জ্বল, মায়াময় ?
---‐-‐------------
বি: দ্ৰ: কবিৰ অনুমতি সাপেক্ষে অনূদিত ।
No comments:
Post a Comment