কথা
-----
মূল :অংশুমান কৰ (বাংলা)
অসমীয়া অনুবাদ : কুমুদ ঘোষ
----------------------------------
কথা কোৱা উচিত, ঠিক৷
কিন্তু কাকনো বোলে কথা?
কেনেকৈ ক’ব লাগে কথা?
তেওঁৰ প্ৰতিটো বাক্যত
নীতি আৰু আদর্শৰ ফুল ফুলে
কিন্তু ধাৰণা নহৈছিল তেওঁ
জ্ঞান দিছে
ভাৰতবাসীয়ে মুগ্ধ হৈ
শুনিছিল গান্ধীজীৰ কথা৷
কিন্তু আপোনাৰ প্ৰতিটো
শব্দ যেন শুকান কাগজৰ ফুল
কোনো সৌৰভ নাই
সিবিলাকৰ৷
মোৰ বৰদেউতা আছিল স্কুলৰ
শিক্ষক
দুষ্ট ল’ৰাবোৰক তেওঁ
ডাঙৰকৈ একোটা ধমক দিছিল
কিন্তু সেই ধমকৰ ভিতৰত
আছিল পৱিত্ৰ অগ্নি
সেয়া হুমকি নহয়, ডাঙৰকৈ
দিয়া ধমকো হৈ উঠিছিল কথা ৷
হায়, আপোনাৰ প্ৰতিটো
শব্দৰ পৰা সৰি পৰিছে মমতা নহয়
অপৱিত্ৰ ক্ৰোধ!
ঘাঁহফুল আপোনাৰ প্ৰিয়
কিন্তু ওৰে ৰাতি নিয়ৰে যি
ভাষাত কথা পাতে ঘাঁহ আৰু মাটিৰ সৈতে
আপুনি বুজিব নোৱাৰে সেই
ভাষা ৷
ঠিক ৷ কথা কোৱা উচিত ৷
কিন্তু আপুনি যে কেৱল ধমক
আৰু চমকৰ ভাষাহে বুজে –
আপুনিয়েই কওকচোন বাৰু,
আপোনাৰ সৈতে কি ভাষাত কথা পাতিব পাৰিম ?
-------------------
বি: দ্ৰ: কবিৰ অনুমতি সাপেক্ষে অনূদিত ।
No comments:
Post a Comment