কি লিখা তুমি ?
-----------
- কুমুদ ঘোষ
-----------
কি লিখা তুমি ?
পাৰা যদি লিখা ঘাম,
পাৰা যদি লিখা তেজৰ গুণগুণ গান ।
কি লিখা তুমি ?
পাৰা যদি লিখা স্বদেশ-স্বকাল,
পাৰা যদি লিখা বৰষুণৰ প্ৰতিটো টোপাল ।
কি লিখা তুমি ?
পাৰা যদি লিখা শইচৰ সম্ভাৱনাৰ যন্ত্ৰণা
পাৰা যদি লিখা শিশুৰ হাঁহিৰ প্ৰতিটো ভঙ্গিমা ।
কি লিখা তুমি ?
পাৰা যদি লিখা ভোক আৰু তৃষ্ণাৰ বেদনা,
পাৰা যদি লিখা জনতাৰ কান্দোন আৰু চকুপানী ।
কি লিখা তুমি ?
কি লিখা তুমি ?
পাৰা যদি লিখা - আশাৰ গান,
পাৰা যদি লিখা - জীৱনৰ শত-সহস্ৰ নাম ।

No comments:
Post a Comment