এইকেইদিনত বহু কথাই সলনি হ'ল
-----------------------------------------------
কুমুদ ঘোষ
------------------
এইকেইদিনত বহু কথাই সলনি হ'ল -
সলনি হ'ল আমাৰ বিশ্বাস আৰু স্বভাৱ
সলনি হ'ল আমাৰ নিদ্ৰা আৰু মৈথুন
সলনি হ'ল আমাৰ ভোক আৰু খোজৰ বাট ।
এইকেইদিনত বহু কথাই সলনি হ'ল
সলনি নহ'ল আই আৰু পিতাইৰ মমতা
সলনি নহ'ল জীয়াই থকাৰ বাসনা ।
এইকেইদিনত সলনি হ'ল অতিথিৰ সংজ্ঞা
তিনিফুট দূৰত মৃত্যুৰ ফৰমান ।
এইকেইদিনত বহু কথাই সলনি হ'ল
সলনি হ'ল মানুহৰ ভিতৰ আৰু বাহিৰৰ চেহেৰা
সলনি হ'ল সকলো কূট-কৌশল আৰু ছলনা ।
এইকেইদিনত বহু কথাই সলনি হ'ল
সলনি হ'ল গছ-লতা-তৰু-তৃণৰ চেহেৰা
সলনি হ'ল বন্যজন্তুৰ আহ-যাহ কৰা বাট ।
এইকেইদিনত বহু কথাই সলনি হ'ল
কেৱল সলনি শব্দটোহে সলনি নোহোৱাকৈ ৰ'ল । ■

No comments:
Post a Comment