মা
---------
মূল : অংশুমান কৰ (বাংলা)
অসমীয়া অনুবাদ : কুমুদ ঘোষ
----------------------------------
এই
পৃথিৱীৰ ইতিহাস আচলতে মাতৃসকলৰ কষ্টৰ ইতিহাস৷
মাতৃসকলৰ তেজ আৰু চকুপানীৰে তিতে ইতিহাসৰ পাতবোৰ৷
সেই নিগ্ৰো মাতৃগৰাৰীক কথা ভাবোঁ
যিগৰাকীয়ে নিশা ধৰ্ষিতা হৈয়ো পুৱা জীয়েকক পিন্ধাই দিছিল
ছিন্ন ফ্ৰক,
সেই ইহুদি মাতৃৰ কথাও ভাবোঁ
খেলাৰ ছলেৰে এক জাৰ্মান নৰপিশাচে উদং কৰিছিল
যাৰ কোলা,
সেই আমেৰিকান মাতৃৰ কথাও ভাবোঁ
যাৰ পুত্ৰই ভিয়েটনাম যুদ্ধৰ পৰা
পেঙত ভৰ দি ঘৰলৈ উভতিছিল,
ৰোহিত ভেমুলাৰ মাতৃৰ কথাও ভাবোঁ
আৰু ধাৰণা হয়
পৃথিৱীৰ সকলো দুঃখী মাতৃ
এগৰাকী ঠিক আন এগৰাকীৰ দৰে৷
কেৱল এগৰাকীক কিছু পৃথক যেন ধাৰণা হয়
তেওঁৰ চুলিত পক ধৰিছে, হাঁহিলে গম পোৱা যায়
তিনিটা
দাঁত নাই,
মুখত
বলিৰেখা;
সন্তানৰ অপমানৰ দিনতো, নিজৰ চৰম দুঃখৰ মাজতো
সেই বলিৰেখাৰ পৰা বিচ্ছুৰিত হয়
এনে এক জ্যোতি, শস্যৰ হাঁহিৰ দৰে এনে এক অহং
যাক দেখিলেই বুজিব পাৰি
তেওঁ কবিৰ মাতৃ৷
--------------------------
বি: দ্ৰ: কবিৰ অনুমতি সাপেক্ষে অনূদিত ।

No comments:
Post a Comment