Monday, May 24, 2021

প্ৰতিশোধ

 প্ৰতিশোধ

------

মূল : অংশুমান কৰ (বাংলা)

অসমীয়া অনুবাদ : কুমুদ ঘোষ

-----------------------------------

আপোনাক  আমি  নেৰোঁ৷

বিস্ফোৰণৰ  উত্তৰ  দিম  বিস্ফোৰণেৰে,

বুলেটৰ  উত্তৰ  দিম  বুলেটেৰে

সুচিত্ৰাৰ  সৈতে ‍ দেখা  কৰিম  বুলি  যিদিনা  চিৰি  বগাই

সমুখেদি  গিৰিপ  কৰে  উত্তম  আগুৱাই  গ’ল

দেখিও  নেদেখাৰ  ভাও  জুৰিলে  গুৰু-গম্ভীৰ  কমল  মিত্ৰই৷

যিদিনা  আকস্মিক  বতাহৰ  প্ৰশ্ৰয়ত

হঠাৎ হাউলি  পৰা এজাৰৰ  ডালে  স্পৰ্শ  কৰিছিল  পুখুৰীৰ  শৰীৰ

যিদিনা  এটাৰ  পিছত  এটাকৈ  বন্তি  নুমুৱাইছিল  জয়াই

আৰু  অমিতাভে  বজাইছিল  মাউথ  অৰ্গেন,

এই  দৃশ্যত  হতবুদ্ধি হৈ  আনকি

গব্বৰ  সিঙেও  কৈছিল, ‘আৰে   চাম্ভা,  ৰাইফল  ফেক  দে

যিদিনা  বিস্তৃত  পথাৰৰ  দুই  টিলাৰ  মাজত  মুখ  গুঁজিব  বুলি

আকাশক মেঘে  ক’লে‍, ‘আজি এটা চি এল লৈছোঁ

যিদিনা  শিমলুৰ  স’তে  ফাগুনে  দেখা  কৰিব  বুলি

মেঘে  এৰি  দিয়ে বাট

সেইদিনা

আপুনি  ব্যৱহাৰ  কৰিলে  আৰ. ডি .এক্স

মাৰিলে  বুলেট

আপোনাক  আমি  নেৰোঁ

সেই  ছিন্নভিন্ন  সিঁচৰতি শৰীৰবোৰৰ  পোছাকবোৰেই  কেৱল চালে?

নেদেখিলে  সেই  জলফাই  ৰঙৰ  নিৰ্দয়তাৰ  ভিতৰত

ধপধপ  কৰিছিল  এখন  নৰম  মাটিৰ  বাৰাণ্ডা,  এখন  হেঁদালি,

                এখন  ৰঙা  শাৰী  ওলমাই  থোৱা  বেলকনি?

ৰাষ্ট্ৰক  মোচোৰা  মাৰিবলৈ  গৈ

আপুনি  আচলতে  ভাঙিছে  ঘৰ৷

আপোনাক  আমি  নেৰোঁ৷

বিস্ফোৰণৰ  উত্তৰ  দিম  বিস্ফোৰণেৰে,

বুলেটৰ  উত্তৰ  দিম  বুলেটেৰে

এদিন  আমাৰ  বিস্ফোৰকত  ছিন্নভিন্ন  হ’ব  আপোনাৰ  শৰীৰ

এদিন  আমাৰ  বুলেটে  ঠিক  ফুটা  কৰিব  আপোনাৰ  কলিজা৷

পাহৰি  নাযাব

পৃথিৱীৰ  আটাইতকৈ  শক্তিশালী  আৰ. ডি .এক্সৰ   নাম  চুমা

পৃথিৱীৰ  আটাইতকৈ  গতিশীল  বুলেট  হ’ল  ভালপোৱা

ঘৃণা,  তোমাক  আমি  নেৰোঁ৷

--------------------------

বিদ্ৰকবিৰ অনুমতি সাপেক্ষে অনূদিত 

No comments:

Post a Comment

তুমি, অমিতাভ

তুমি, অমিতাভ মূলঃ ডঃ তপোধীৰ ভট্টাচার্য (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ   তুমি, অমিতাভ, ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা সমতললৈ না...