হুঁচিয়াৰ
মূল : অংশুমান কৰ (বাংলা)
অসমীয়া অনুবাদ : কুমুদ ঘোষ
মাজে-সময়ে আমি পুলিচক হুঁচিয়াৰ বুলি কওঁ ঠিক
কিন্তু নহয়, এই কবিতা কোনো হুঙ্কাৰ নহয়,
অনুগ্ৰহ কৰি আমাক ভুল নুবুজিব৷
আমি দিন আৰম্ভ কৰোঁ চাহ পান কৰি, তাৰপাচত আইনাত মুখ চাওঁ
সামান্য শীতত গাত চাদৰ মেৰিয়াই আমি বাৰাণ্ডাত ৰৈ শুনো
পখীৰ কাকলি আৰু ফেৰিৱালাৰ মাত,
দেখোঁ পুখুৰীত পানীৰ আলপনা৷
আমাৰ কবিয়ে ঈশ্বৰক কয়, চাবাচ ওস্তাদ
এতিয়াও ইমান লক্ষ বছৰতো ফিউজ নহ’ল তোমাৰ সূৰ্য৷
আমাক ভুল নুবুজিব
আমি এক অতিথি-পৰায়ণ জাতি
আমাৰ বাবে অতিথি সাক্ষাৎ দামোদৰ
খোৱাত আৰু খুওৱাত আমাৰ সমান সমান ভাৰ
আমি আদৰ-সাদৰ কৰিব জানো৷
অতিথিক বহিবলৈ আমি দিওঁ বৰ-পীৰা
হাত-মুখ ধুবলৈ দিওঁ পানী
কাঁহৰ পাত্ৰত সজাই দিওঁ অন্ন-ব্যঞ্জন৷
কোনো কোনো আপ্লুত হয় আমাৰ ভালপোৱাত
ক্ষণিকৰ বাবে আহি আমাৰ সৈতে ৰৈ যায় চিৰকাল
হৈ পৰে আমাৰ শ্বাস-প্ৰশ্বাস৷
‘হুঁচিয়াৰ, ‘চাহ, ‘আইনা, ‘চাদৰ, ‘বাৰাণ্ডা, ‘ওস্তাদৰ দৰেই
আমাৰ মাতষাৰত সিহঁতে তেতিয়া সাজি লয় দুই খোঁটালিৰ অফিছ
পাতি লয় চকী-টেবুল
পুতি লয় পতাকা৷
বন্ধুৰ দৰে আগন্তুকক হাত আগবঢ়াই দিয়াই আমাৰ অভ্যাস
কিন্তু যদি আপোনালোকৰ আস্তিনৰ তলত লুকুওৱা থাকে ছুৰি
যদি প্ৰতি তিনিটা শব্দৰ পিচে-পিচেই অনাহূতৰ দৰে আপোনালোক
সোমাব বিচাৰে আমাৰ বাক্যৰ ভিতৰত
আগ্ৰাসী দুহাতেৰে ধবংস কৰিব বিচাৰে
নানা ৰঙৰ ফুলেৰে সজ্জিত আমাৰ অসমীয়া ভাষাৰ বাগিছা
তেনেহ’লে আমাক অনুগ্ৰহ কৰি ভুল নুবুজিব
মাননীয় হিন্দী, মহামহিম ইংৰাজী,
আমি শত্ৰু আহিলে হাতত অস্ত্ৰ তুলি ল’ব জানো ৷
--------------------------
বি: দ্ৰ: কবিৰ অনুমতি সাপেক্ষে অনূদিত ।
No comments:
Post a Comment