অংক
----------
মূল : অংশুমান কৰ (বাংলা)
অসমীয়া অনুবাদ : কুমুদ ঘোষ
--------------------------------------
১
পানী খোৱা এটা সহজ কাম ।
#
নিশাহ সলোৱাও এটা সহজ কাম ।
#
বহীৰ পৃষ্ঠাত দেখাত কবিতাৰ দৰে
দুই-এটা শাৰী লেখা - এটা সহজ কাম ।
#
তথাপি
জীয়াই থকা
এক কঠিন বিষয় ।
২
পাত সৰাৰ বতৰতো
গছে অপেক্ষা কৰে বসন্তৰ ।
জানে, শৰীৰত আকৌ আহিব সেউজ হিল্লোল ।
কিন্তু এজন নি:সঙ্গ মানুহে
নাজানে তেওঁ আকৌ ঘূৰাই পাব নে নাপায়
আঁতৰি যোৱা আত্মীয়-স্বজন, বন্ধু-বান্ধৱ ...
#
এজোপা পাতহীন গছ এজন নি:সঙ্গ মানুহতকৈয়ো
বহু বেছি সুখী ।
-------------------
বি: দ্ৰ: কবিৰ অনুমতি সাপেক্ষে অনূদিত ।
No comments:
Post a Comment