অংক
----------
মূল : অংশুমান কৰ (বাংলা)
অসমীয়া অনুবাদ : কুমুদ ঘোষ
---------------------------------------
তালিকা কৰিছোঁ ।
এই দুৰ্যোগৰ সময়ত কি কি লাগিব তাৰ এখন তালিকা কৰিছোঁ ।
আৰু কি কি নালাগে তাৰো এখন তালিকা কৰিছোঁ ।
বন্ধুৰ পৰামৰ্শমতে তালিকা কৰিছোঁ ।
জৰুৰী । অতি জৰুৰী । অতি জৰুৰী এই পৰামৰ্শ ।
ইয়াৰ ফলত কমিব উৎকণ্ঠা ।
এই দুৰ্যোগৰ সময়ত নিজকে কিঞ্চিৎ বচাব পৰা যাব
মজুতদাৰ হোৱাৰ পৰা ।
সেয়ে কৰিছোঁ তালিকা ।
তালিকাখন কৰোঁতে বুকুখন হেঁচা মাৰি ধৰিছে
এখন ধূসৰ ক'লা পাহাৰে
দূৰৈৰ পৰা পৰ্যটকসকলে সেই পাহাৰখন চাইছে
আৰু ইজনে-সিজনে কৈছে, সেয়া চোৱা,
সেয়া হ'ল মধ্যবিত্তই অসহায়তাৰে নিৰ্মাণ কৰা
বিষণ্ণতাৰ পাহাৰ ।
মই এইবোৰ মন্তব্যক পাত্তা নিদিওঁ
একমনে তালিকা কৰিছোঁ । দুই ধৰণৰ তালিকা ।
যিসকলে তালিকা কৰিব পৰা নাই
মানে যিসকলৰ কি কি নালাগে তেনে ধৰণৰ কোনো তালিকা নাই
সেই ঠেলাৱালা আৰু ৰিক্সাচালকসকলে
দূৰৈৰপৰাই মোক চাইছে আৰু ধাৰণা কৰিছে
মই এটি সৰু ৰঙা ফুল
নিৰুদ্বিগ্নচিত্তে ফুলি আছোঁ ফ্লেটৰ গ্ৰিলত ওলোমাই থোৱা টাবত ।
-------------------
বি: দ্ৰ: কবিৰ অনুমতি সাপেক্ষে অনূদিত ।
No comments:
Post a Comment