Tuesday, May 25, 2021

আমেৰিকা নে চীন ?

আমেৰিকা নে চীন ?

---------------------------

- কুমুদ ঘোষ

--------------------------

আমেৰিকা নে চীন ?

চীন নে আমেৰিকা ?


কথাবোৰ থাকক এতিয়া


জীয়াই থাকিলে সুধিম এদিন

আচলতে কোন কেনেকুৱা ?


কালি ৰাতি সপোনত 'নাল্ড ট্ৰাম্প আহিছিল

আৰু আহিছিল জি জিনপিং

মোৰ সমুখত দুয়ো কৰমৰ্দন কৰিছিল,

নিৰ্দিষ্ট দূৰত্বৰ পৰা মই কথা-বতৰাবোৰ শুনি আছিলোঁ


লোকৰ মুখত শুনিছোঁ

আমেৰিকা !

আনৰ স্বাধীনতাত সতকাই হস্তক্ষেপ কৰা তোমাৰ স্বভাৱ ?

লোকৰ মুখত শুনিছোঁ

চীন !

ভালৰ ভালখিনি নিজৰ বাবে থৈ, সস্তিয়া বস্তুৰে বজাৰ দখল কৰা তোমাৰ অভ্যাস ?


কোৱাচোন কোৱা

আমেৰিকা আৰু চীন

তোমালোকক আমি কিয় নকৰিমনো ঘিণ ?


তোমালোকৰ তাত কিবা এটা 'লে

আমাৰ ইয়াত আৰম্ভ হয় ধৰ্মৰ টুৱেণ্টি টুৱেণ্টি মেছ

তোমালোকৰ তাত কিবা এটা 'লে

আমাৰ ইয়াত পানীৰ দৰত বিক্ৰী হয় মানুহৰ প্ৰতিটো দিন


আমেৰিকা নে চীন ?

চীন নে আমেৰিকা ?

থাকক কথাবোৰ এতিয়া


সন্দেহ কৰা ভাল,

সন্দেহ নকৰিল কেনেকৈ ' পাম

আমেৰিকা নে চীন ?

No comments:

Post a Comment

তুমি, অমিতাভ

তুমি, অমিতাভ মূলঃ ডঃ তপোধীৰ ভট্টাচার্য (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ   তুমি, অমিতাভ, ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা সমতললৈ না...