Saturday, May 22, 2021

অপৰাধ


 অপৰাধ

--------

মূল : অংশুমান কৰ (বাংলা)

অসমীয়া অনুবাদ : কুমুদ ঘোষ

--------------------------------------

'ৰালিতে চঞ্চল পৰুৱা এটাক

বিনা দোষত মাৰি পেলোৱাৰ অপৰাধত

যুৱক এজনে নিজকে আজিয়ো দোষী বুলি অনুভৱ কৰে

সন্ধিয়াৰ আকাশত ডাৱৰে যেতিয়া ঢাকি ধৰিছিল তৰা

তেতিয়া যাৰ কাষেদি তেওঁ এদিন খোজ দিছিল

আজি তেওঁৰ পৰা শত যোজন দূৰৈত থকাৰ বাবে

এজন প্ৰৌঢ়ই নিজকে অপৰাধী বোধ কৰে

বকফুলৰ ফুলৰী খাব বিচাৰিছিল যিজন তৰুণে

তেওঁক বকফুলৰ ফুলৰী ভাজি দিব নোৱাৰিলে বুলি

আজিয়ো অনুশোচনাত দগ্ধ হয় এগৰাকী বৃদ্ধা

কত কাৰণত যে মানুহে নিজকে

অপৰাধী বোধ কৰে সংসাৰত, সভ্যতাত

কেৱে কোনোদিনেই ভাবিব নোৱাৰা

এনে এটা দিনো আহিব, যিদিনা

কেৱল জীয়াই আছে বুলিয়েই

কোনো কোনোৱে নিজকে অপৰাধী বোধ কৰিব

No comments:

Post a Comment

তুমি, অমিতাভ

তুমি, অমিতাভ মূলঃ ডঃ তপোধীৰ ভট্টাচার্য (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ   তুমি, অমিতাভ, ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা সমতললৈ না...