কান্দোন
--------------
মূলঃ অংশুমান কৰ (বাংলা)
অসমীয়া অনুবাদঃ কুমুদ ঘোষ
------------------------------
পাহাৰে কান্দিলে নদীৰ জন্ম হয় ।
বতাহে কান্দিলে নিয়ৰে তিয়ায় শেৱালি ।
শিশুৱে কান্দিলে উথলি উঠে মমতাৰ সমুদ্ৰ ।
নাৰীৰ কান্দোনৰ পৰাই চিৰকাল জন্মিছে মুকুতা,
আৰু আয়ে কান্দিলে সাৰ পায় নিদ্ৰামগ্ন আগ্নেয়গিৰি ।
কন্দাৰ কাৰণ আৰু প্ৰকাশ ঋতুবোৰৰ দৰেই স্বতন্ত্ৰ আৰু বিচিত্ৰ ।
বতৰবিজ্ঞানীসকলৰ দৰে জ্ঞানী মানুহবোৰে
কান্দোনৰ ঋতুবৈচিত্ৰ্যক
লৈ অনায়াসে ডেৰ পৃষ্ঠাৰ ৰচনা এখন লিখিব পাৰে ।
কেৱল এজন তেজী পুৰুষে কিয় কান্দিছে
তাক লৈ তেওঁলোকে আজিয়ো এটা শব্দও লিখিব পৰা নাই ।
আচলতে এজন তেজী পুৰুষে কিয়নো কান্দে
আৰু কান্দিলে তেওঁক কিয় ইমান পৱিত্ৰ আৰু সুন্দৰ দেখুৱায়
সেয়া এই পৃথিৱীৰ কোনোৱেই নাজানে ।
ভুলকৈ ক’লোঁ । এজনে জানে । সেয়া হ’ল এজাৰ ফুল ।
এজাৰৰ মনতো বেঙুনীয়া থেতেলা-খোৱাৰ দাগ
তাৰ পাহিয়ো সেয়ে পৱিত্ৰ আৰু সুন্দৰ ।
------------------
বি: দ্ৰ: কবিৰ অনুমতি সাপেক্ষে অনূদিত ।

No comments:
Post a Comment