Tuesday, May 25, 2021

যুদ্ধ

 যুদ্ধ

-------

মূল : অংশুমান কৰ (বাংলা)

অসমীয়া অনুবাদ : কুমুদ ঘোষ

-----------------------------------------

খবৰ আহিছে, এটিকৈ এটিকৈ খবৰ আহিছে

দূৰ দেশৰ পৰা, বিভিন্ন ৰাজ্যৰ পৰা, আত্মীয়-স্বজনৰ পৰা

বন্ধু-বান্ধৱসকলৰ পৰা

বিহসনা তীৰৰ নিচিনা, হিলৈৰ গোলাৰ নিচিনা

আকাশৰ পৰা পেলাই দিয়া শক্তিশালী বোমাৰ নিচিনা

একো-একোটা খবৰ

আৰু ধাৰণা হৈছে

অতিমাৰীৰ সৈতে নহয়, ভাইৰাছৰ সৈতে নহয়, অনাহাৰৰ সৈতে নহয়

আচলতে যুঁজখন যুঁজিছোঁ নিজৰ মনৰ সৈতে

--------------------------

বিদ্ৰকবিৰ অনুমতি সাপেক্ষে অনূদিত 

No comments:

Post a Comment

তুমি, অমিতাভ

তুমি, অমিতাভ মূলঃ ডঃ তপোধীৰ ভট্টাচার্য (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ   তুমি, অমিতাভ, ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা সমতললৈ না...