Tuesday, May 25, 2021

তন্ত্ৰ

 তন্ত্ৰ

-------

মূল : অংশুমান কৰ

অসমীয়া অনুবাদ : কুমুদ ঘোষ

-----------------------------------

বাহিৰলৈ ওলাবলৈ ধৰফৰাইছে


ধাৰণা হৈছে গেছ চেম্বাৰত যেন কোনোবাই জুই দিলে ?

ধাৰণা হৈছে যেন উশাহ-নিশাহ লাগি ধৰিছে ?


বাহিৰলৈ ওলাবলৈ ধৰফৰাইছে জানো


এদিন, ওলাব


তেতিয়া যাতে মনত থাকে এই ধৰফৰণি


তেতিয়া যেন এবাৰ তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰে

যাক শতাব্দীৰ পাছত শতাব্দী ধৰি

ভিতৰ 'ৰাত নজৰবন্দী কৰি থৈছিল

হে মহামহিম, হে পুৰুষ !

--------------------------

বিদ্ৰকবিৰ অনুমতি সাপেক্ষে অনূদিত 

No comments:

Post a Comment

তুমি, অমিতাভ

তুমি, অমিতাভ মূলঃ ডঃ তপোধীৰ ভট্টাচার্য (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ   তুমি, অমিতাভ, ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা সমতললৈ না...