ন’টবুক
------------
মূল : স্বপ্না ভট্টাচাৰ্য (বাংলা)
অসমীয়া অনুবাদ : কুমুদ ঘোষ
--------------------------------
(স্বপ্না ভট্টাচাৰ্যৰ জন্ম ১৯৫২ চনত অসমৰ শিলচৰত । তেখেতৰ প্ৰথম গল্প ‘পয়োধীৰ’ প্ৰকাশিত হৈছিল অধুনালুপ্ত ‘দৈনিক প্ৰান্তজ্যোতি’ত ১৯৬৯ চনত । বেঙ্কৰ বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰা স্বপ্না ভট্টাচাৰ্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ
পৰা বাংলা সাহিত্যত স্নাতকোত্তৰ । পৰৱৰ্তী সময়ত জীৱনানন্দৰ বিষয়ে গৱেষণা কৰি পি. এইচ. ডি. ডিগ্ৰী লাভ । বৰ্তমানলৈকে প্ৰকাশিত গল্প আৰু প্ৰবন্ধ সঙ্কলনসমূহৰ
ভিতৰত উল্লেখযোগ্য
‘সমান্তৰাল’, ‘হাৰুকি মুৰাকামি : নিৰ্বাচিত গল্প’, ‘বাস্তুহীন’, ‘চম্পক নগৰ’ আৰু ‘জীবনানন্দেৰ নাৰীকল্প ও অন্যান্য’ । বাংলাদেশৰ চিলেটৰ ‘একাডেমি অফ টু আৰচ’ নামৰ সংস্থাটিয়ে ২০০৩ চনত স্বপ্না ভট্টাচাৰ্যক ‘স্মৰণীয় ব্যক্তিত্ব’ সম্মানেৰ ভূষিত কৰে । তেখেত ২০০১ চনৰ পৰা শিলচৰৰ ‘দ্বিৰালাপ’ নামৰ বৌদ্ধিক আৰু সাংস্কৃতিক সংস্থাৰ অন্যতম কৰ্ণধাৰ ।)
এতিয়া য’ত শনি মন্দিৰটো গঢ় লৈ উঠিছে, তাতেই বিশাল বৰগছজোপাৰ তলত তাৰ দোকান আছিল । এতিয়া আৰু সেই পুৰণি বৰগছজোপা নাই, আৰু তাৰ দোকানখনো বহুদিন আগেয়েই উঠি গ’ল । ঠিক দোকান নহয়, বৰগছজোপাৰ ছাঁত চটিকাপোৰৰ অস্থায়ী ঘেৰ দিয়া বেচা-কিনাৰ ঠাই । সদায় পুৱা দোকান বহে আৰু ৰাতি হ’লেই উঠি যায় । বাটৰুৱা ক্ৰেতা আৰু তিনিআলিৰ কেঁকুৰিত গোট খোৱা ল’ৰাহঁতৰ ভিৰৰ ফলত বেচা-কিনাও হৈছিল । তাৰ বয়স কিমান কোনোৱে নাজানিছিল । কপালত ৰঙা সেন্দূৰৰ তিলক, ৰহস্যময় চকু – মানুহে কৈছিল সি বোলে কামৰূপ কামাখ্যাৰ দেশৰ মানুহ । মন্ত্ৰসিদ্ধ । তাক আগুৰি কিয়নো এইবোৰ কথা সৃষ্টি হৈছিল, কোনোৱে নাজানে । বৰগছৰ তলত শিলৰ শিৱ আৰু ত্ৰিশূল । প্ৰণামীৰ আয়ও তাৰেই । তাৰ ওচৰত জৰা-ফুঁকা, তাবিজ-কৱচ সকলো পোৱা গৈছিল । দাঁতৰ পোক উলিয়াইছিল আৰু পোক উলিয়াবৰ পৰত ৰহস্যজনকভাৱে ‘কামৰূপ কামাখ্যাৰ কৃপা’ কথাষাৰ বাৰেবাৰে উচ্চাৰণ কৰিছিল । এতিয়া দোকান নাই, ৰহস্যময় বৰগছজোপা-শিলৰ শিৱ-ত্ৰিশূল একোৱেই নাই । ভেল্কীবাজিৰ নিচিনাকৈ মনুৰ দেউতাক কোনোবা এদিন অন্তৰ্ধান হৈছিল । কোনো এক ৰাতিপুৱা দেখা গৈছিল কোনোবাই তাৰ দোকানৰ চালিখন ভাঙি পেলাইছে । সেই তেতিয়াৰ পৰাই মনুৰ দেউতাক নিৰুদ্দেশ হ’ল ।
জনসমাগমৰ বাবে আৰ্কষণীয় তিনিআলিত এতিয়া শনি মন্দিৰ । আন এক ব্যৱসায় । শনি মন্দিৰৰ ওচৰতে অমলে সৰু ডায়েৰীখন হেৰাই পাইছিল । সৰু ডায়েৰী, ডায়েৰী নুবুলি ন’টবুক বোলাই ভাল হ’ব । আৰু এই ন’টবুক হেৰাই পোৱাটোও বৰ ৰহস্যজনক । কাকতৰ অফিচৰ পৰা ঘূৰি আহোঁতে বাটত অমল ষোড়শী পাণ দোকানত নামিছিল । যথাৰীতি ৰিক্সাৰ ভাৰা দি পাণৰ দোকানত সোমাইছিল । পাণ খাই পইচা দিবলৈ লওঁতে দেখিলে পাৰ্চটো ফুউচ । এশমান টকা আৰু ফ’নৰ সৰু ডায়েৰীখন – শনিৰ ভক্তবৃন্দৰ মাজৰে কোনোবাই হয়তো …। ইয়াৰ বাহিৰে আন কিনো হ’ব পাৰে ! বহুপৰ বিচাৰ-খোঁচাৰ কৰিলে – মুহূৰ্তৰ ভিতৰতে যেন পাৰ্চটো পকেটৰ পৰা গাইব কৰিলে । আৰু কিয় জানো তেতিয়াই মন্ত্ৰসিদ্ধ মনুৰ দেউতাকৰ কথা মনত পৰিল । কিমান যে ভেল্কীবাজি দেখুৱাইছিল । মানুহ ধৰাৰ ফান্দ পাতিছিল । অচল টকা আৰু ঠোঙাৰ ভিতৰত ভেকুলী বান্ধি বাটত পেলাই থৈছিল । বুটলিবলৈ গৈ বাটৰুৱাই ফান্দত ভৰি দিছিল । অমলে সেই দোকানখনৰে ঈশান কোণৰ য’ত পুৰণি প’ষ্টবক্সটো আছে, তাৰ ওচৰতে মনি বেগৰ সলনি এই ন’টবুকখন হেৰাই পাইছে । দোধোৰ-মোধোৰ ভাৱেৰে অমলে ন’টবুকখন হাতত তুলি ল’লে । তেতিয়া বাটত অস্বাভাৱিক যানজঁট, গাড়ীৰ ধোঁৱা আৰু শব্দ, শনি মন্দিৰৰ টিলিঙাৰ শব্দ, অ’টচালকৰ পাতল কথা-বতৰাৰ মাজতে হঠাৎ মনুৰ দেউতাকৰ অট্টহাস্য শুনিবলৈ পালে । কামৰূপ কামাখ্যাৰ কৃপা …। তাৰ ৰঙা তিলক, চটিকাপোৰৰ ঘেৰ দিয়া দোকান, পাপৰ পোৰাৰ মনোলোভা গোন্ধ এতিয়া লুপ্ত সময় । সময়ৰ নেপথেলিন গোন্ধ অমলৰ মগজুত সোমাই তাৰ চেতনাক যেন বিবশ কৰি আনিছে ।
‘সেন বিউটি পাৰ্লাৰ’ৰ পৰা ওলায়েই ছোৱালী দুজনীয়ে মুখৰ ফেচিয়েল ৰক্ষা কৰি শনিৰ থানত সেৱা কৰিছে । জিনচ আৰু হাফ গেঞ্জি পিন্ধা ছোৱালীজনী য’ত থিয় হৈ মূৰত বন্তিৰ শিখাৰ তাপ শিৰত আশিস হিচাপে তুলি লৈছে, তাতেই মনুৰ দেউতাকে এবাৰ ভেকুলীৰ বিয়া পাতিছিল ! মনুৰ দেউতাক এতিয়া ক’ত, কিমান বৃদ্ধ হৈছে বাৰু ।
ন’টবুকখন বিশেষ আকৰ্ষণীয় নহয় । সাধাৰণ সস্তীয়া ডায়েৰী, মলিয়ন, তথাপি অমলে ডায়েৰীখন এৰি থৈ আহিব নোৱাৰিলে । যিটো পকেটত পাৰ্চটো আছিল, সেই পকেটতে ডায়েৰীখন সুমুৱাই ঘৰমুৱা হ’ল । ‘আজিকালি আৰু তেনেকুৱা বুঢ়া মানুহ দেখিবলৈ নাপাওঁ । পৌঢ়ও বাৰু কমি গৈছে নেকি ?’ অমলে পাত লুটিয়ালে, নাই, ক’তো আৰু একো লিখা নাই ।
ন’টবুকখনৰ পাতবোৰ উকাই আছিল । তাৰ স্পষ্ট মনত আছে । একোৱেই লিখা নাছিল । অদ্ভুতভাৱে জানুৱাৰী ৭ (চনটো পঢ়িব পৰা নগৈছিল) তাৰিখৰ পৃষ্ঠাটোত এটি ঠিকনা – ৩৫/৭২, মহানগৰ পথ / ‘ধৰিত্ৰী’ / কলকাতা – ৫১ । সৰোজিনী দেৱী । তাৰ কাষতে এটি ফোন নম্বৰ – ২৫৩১০৭৮৭ । লোভ হ’ল । ফোন কৰিব নেকি ? কিয়নো কৰিব ? সৰোজিনী দেৱী তাৰনো কোন ? জীৱিত নে মৃত ? বৃদ্ধা নে যুৱতী ? বৃদ্ধ হোৱাৰে সম্ভাৱনা বেছি । এই ন’টবুকখনৰ মালিকৰ সৈতে তেওঁৰ নিশ্চয় যোগাযোগ আছিল । অমলে আকৌ পাত লুটিয়ালে । নাই, ডায়েৰীখনৰ ক’তো মালিকৰ নাম উল্লেখ নাই । ডায়েৰীখন জপাই ভাবিলে, এই অদ্ভুত কৌতূহলে কিয়নো তাক হেঁচা মাৰি ধৰিছে ! এই ন’টবুকখনৰ পাতত বিশেষ তেনে একোৱেই নাই । প্ৰথম পৃষ্ঠাৰ তলত আৰু তিনিটা শব্দ –
‘আজি আকাশ ডাৱৰীয়া’
মই এতিয়া বিছনাত । কিন্তু মোৰো দিন আছিল । সেই দিন গ’ল । বোৱাৰীপুৱাতে মই যেতিয়া পুখুৰীৰ পাৰত বাচন ঘঁহিছিলোঁ, পুৱাৰ ৰেলেৰে তেতিয়া দেৱৰ খড়্গপুৰলৈ যাবলৈ ওলাইছিল, আৰু তেতিয়াই মোৰ স্বামীয়ে জোনৰ পোহৰত ইটাৰ দ’মৰ কাষত গজি উঠা যূতিফুলৰ জোপোহাৰ পৰা ফুল বুটলিছিল । গুণগুণাই গাইছিল –
‘মোৰ প্ৰিয়া হবে এসো ৰানী
দেব খোঁপায় তাৰাৰ ফুল ।’*
আকাশত তেতিয়াও তৰা তিৰবিৰাই আছিল । জোনৰ পোহৰত বাট ভেটি তেওঁ কৈছিল,‘তুমি বেবিলনৰ ৰাণীতকৈয়ো ধুনীয়া ।’ বেবিলন দেখিছিল তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত । মোৰ স্বামী ইৰাকলৈ গৈছিল যুদ্ধৰ বাবে । তোমালোকে বিশ্বাস নকৰিবা, কিমান যে সুন্দৰ আছিল তেওঁ ! তেওঁক মিলিটেৰি পোছাকত দেখি ইউৰোপীয় সৈন্য বুলি ভাবি কাষৰ ঘৰৰ ৰাণুৰ মাকে চিঞৰ-বাখৰ লগাইছিল । তেওঁ মোক শিকাইছিল – চি-এ-টি = কেট । বি-এ-টি = বেট । দিন মোৰো আছিল ।
মই এতিয়া বিছনাত । চাৰি বছৰ আগেয়ে কঁকাল ভাগিল । ল’ৰাই অপাৰেশ্বন নকৰায় । বোৱাৰীৰ সহমত নাই । ডাক্টৰে কৈছে, মোৰ সকলোবোৰেই ঠিক আছে । প্ৰেচাৰ, চুগাৰ আছে, তথাপি মোৰ চিকিৎসা নহয় । মই খোজ কাঢ়িব নোৱাৰোঁ । একেৰাহে থিয় হৈ থাকিব নোৱাৰোঁ । মোৰ বাবে শোৱা, বহা সকলো সমান । কিন্তু মইতো শালগ্ৰামৰ শিল নহয় । মোৰ বিছনাত মলমূত্ৰৰ গোন্ধ ! মোক খুব কমহে খুৱাই দিয়া হয় । মূৰত ওকণি, চুলিখিনি ছাটি দিয়া হৈছে । মোৰ পেন্সনৰ সঞ্চিত ধনেৰে ঘৰত টাইলচ লগোৱা হৈছে । মই টিপচহী দিওঁ । বোৱাৰী যেতিয়া কোঠালৈ আহে, মই আতংকিত মেকুৰীৰ দৰে কুঁচিমুচি হৈ বহি থাকোঁ । মই পাষাণপুৰীৰ বন্দিনী । ৰাজকন্যা ? নহয় ! এই কোঠালৈ কোনো নাহে । মই কাৰো মুখ নেদেখোঁ । ওৰেটো দুপৰীয়া টেলিফোনৰ আৰ্তনাদ শুনো । মোৰ ভিতৰতো আৰ্তনাদ হয় । ‘কোন আছা বচোৱাঁ, বচোৱাঁ ।’ দিন শেষ নহয়হে নহয় ।
যিজনে মোৰ খোপাত তৰাৰ ফুল গুঁজি দিয়াৰ সপোন দেখিছিল, তেওঁ নিজেই বহুদিন আগেয়ে তৰা হ’ল । কেতিয়াবা কেতিয়াবা মই দেখোঁ । আৰু মনে মনে গুণগুণাই গাঁও – ‘দেব খোঁপায় তাৰাৰ ফুল ।’ তলৰ মহলাৰ ড্ৰয়িং ৰূমত যেতিয়া বিচিত্ৰ শব্দৰ ঝঙ্কাৰ হয়, হাঁহিৰ লহৰে জলতৰঙ্গৰ সুৰ তুলে, মই তেতিয়া ওপৰ মহলাৰ কোঠালিত বহি বহি নিজস্ব তৰাটোলৈ চাওঁ । মই তেনেহ’লে বুঢ়া হ’লোঁ নেকি ? মইতো সৰোজিনী ।
ন’টবুকখনৰ পাত লুটিয়াই অমল অবাক হৈ পৰিল । এয়া কি অদ্ভুত ঘটনা ! ন’টবুকখনত ইমানসোপা কথা ক’ৰ পৰা আহিল ! কালিচোন একোৱেই নাছিল । চাওঁতে তাৰ ভুল হ’ল নেকি ! সি ভালকৈ চোৱা নাছিল নেকি ! কিন্তু ইমানসোপা লেখা তাৰ চকুত নপৰিলনো কিয় ? সকলো কথাই ওপৰে ওপৰে চোৱাটো তাৰ অভ্যাস হৈ পৰিছে নেকি ! অমলে ন’টবুকখনৰ পাত লুটিয়ালে । নাই, ক’তো আৰু একো লিখা নাই । সৰোজিনীৰ যিটো ফ’ন নম্বৰ উল্লেখ আছিল, সেই নম্বৰলৈ সি ফ’ন কৰিছিল, সেই ফ’ন নম্বৰটোও এতিয়া নাই । আচৰিত ! ফ’নত সি স্পষ্টকৈ গেঙনিৰ শব্দ শুনিছিল । সৰোজিনীয়ে মনে মনে ইমানবোৰ কথা কেতিয়া লেখি থৈ গ’ল ! অদ্ভুত এক ৰহস্য । ন’টবুকখন হেৰাই পোৱাৰ পাছৰে পৰাই সৱ ওলট-পালট হৈ গ’ল । অমলে ডায়েৰীখন তাৰ গাৰুৰ তলত থৈ দিলে । প্ৰকৃততে তাৰেই ভুল । সি ভালকৈ চকু মেলি চোৱা নাছিল । এই সাধাৰণ ন’টবুকখনত চাব লগানো কি আছে ! অযথা এইখন সি থৈছে । ফ্লেটত থকা মানুহবোৰে যেনেকৈ নিতৌ সকলো জাবৰ-জোঁথৰ লাইট প’ষ্টৰ তলত দলিয়াই থৈ আহে তেনেকৈয়ে সিয়ো ডায়েৰীখন লাইট প’ষ্টৰ তলত দলিয়াই থৈ অহা হ’লেই হ’লহেঁতেন । কিন্তু অমলে পেলাই দিবও নোৱাৰে ।
সন্ধিয়াপৰত ‘ষোড়শী’ৰ আড্ডা ভূতৰ গল্পেৰে জমি উঠিছে । গোটেই নগৰখনতে আতঙ্ক বিয়পিছে – ভূতে বোলে অন্ধকাৰত মানুহৰ শৰীৰ আঁচোৰিছে । বহি বহি অমলে কথাবোৰ শুনি আছিল । কেইবাদিন ধৰি প্ৰৱল বৰষুণ হৈছে । যেতিয়াই তেতিয়াই ল’ডশ্বেডিং । যোৱা চৌবিছ ঘণ্টাই বিদ্যুত নাছিল । ভূতৰ আঁচোৰতো স্বাভাৱিক কথা । একেটা ৰাজনৈতিক দলৰে দুজন নেতাৰ মল্লযুদ্ধৰ প্ৰস্তুতি চলিছে । কথা-বতৰা আৰু উত্তেজিত হোৱা দেখি অমলে তাৰ আধা কেঁচা আধা পকা দাড়িখিনত হাত বোলাইছে । সৰোজিনীয়ে তাৰ মনটো হৰি নিলে । মাকক পাহৰা বহুদিনেই হ’ল । তাৰ মাক বুঢ়ী নহয় । শোৱনি-কোঠাত মাকৰ যিখন ছবি ওলোমাই থোৱা আছে সেইখন গাভৰু কালৰে । বৃদ্ধ দেউতাকৰ ছবিখনৰ কাষত মাকক তৰুণী ভাৰ্যা যেন দেখুৱাইছে । অমলে ভাবিলে, সি যদি বিয়া কৰালেহেঁতেন তেনেহ’লে বাৰু তাৰ মাকো সৰোজিনী হৈ গ’লহেঁতেন নেকি ! বিয়া-বাৰ কৰোৱা নাই বাবেই বাৰু সি এইবোৰ কথা ভাৱিব পাৰিছে নেকি ! এইকণ লেখাৰ পৰা এইটো বুজিব পাৰি, সৰোজিনী বৰ সুন্দৰী আছিল । তেওঁৰ স্বামীয়ে ইংৰাজ শাসিত ভাৰতৰ সেনাবাহিনীত কাম কৰিছিল । সুখী দম্পতি । এই ডাৱৰীয়া দুপৰীয়াত সি সৰোজিনীৰ চেহেৰা দেখিবলৈ পালে । মূৰৰ চুলি ছটা, আঠু আৰু হাতত ভৰ দি সুন্দৰী সৰোজিনীয়ে দূৰৈৰ আকাশৰ তৰালৈ চাই আছে । … তেওঁৰ মূৰত চুলিয়েই নাই, আকৌ খোপাত তৰাৰ ফুল !
সংসাৰত অমল অতিথিৰ নিচিনা । বিদ্যালয় এখনত পঢ়ুৱাই, বিয়া-বাৰ পতা নাই । সাংস্কৃতিক অনুষ্ঠানে-তনুষ্ঠানে ঘূৰি ফুৰে । সকলোৰে প্ৰয়োজনত জপিয়াই পৰে । মঙ্গলে তাক শিলচৰৰ বিবেক বুলি কয় । অমলক অন্যমনস্ক যেন দেখি ‘সমকাল’ ক্লাৱৰ তাৰ বন্ধুসকলে তাক উত্তেজিত কৰিবলৈ চেষ্টা কৰিছিল । মঙ্গলে ন’টবুকখনৰ কথা জানিছিল । অৰ্থাৎ জানি গৈছিল । হাঁহি এটা মাৰি ক’লে,‘কি হ’ল গুৰু, তুমি বাৰু এতিয়া ফেলুদাৰ ভূমিকাত নেকি ?’
অমলে একো উত্তৰ নিদিলে । মনৰ মাজত পাকঘূৰণি খাই থাকিল – ‘আজিকালি বুঢ়াবোৰে কিনো কৰে ?’
হঠাৎ ডাঙৰকৈ মাইকত বাজি উঠিল – ‘… যেজন আছে মাঝখানে … দিনশেষেৰ শেষ…’**
গান শেষ হ’লত …
‘কাইলৈ ‘ৰামকৃষ্ণ বানপ্ৰস্থ’ বৃদ্ধাৱাসৰ দ্বাৰ উদঘাটন কৰা হ’ব । মুখ্য অতিথি হিচাপে উপস্থিত থাকিব সন্তৰামজী । স্থান – চেংকুড়ি । সময় – বিয়লি পাঁচ বজাত । আপোনাসৱৰ উপস্থিতি সাদৰেৰে কামনা কৰা হ’ল ।’ বতাহত শব্দবোৰ উৰি ফুৰিছে । ষ্ট’লত নিৰ্বিকাৰচিত্তে মানুহবোৰে চাহ খাইছে । চিগাৰেটৰ ধোঁৱা উৰিছে । উদাস মনেৰে অমল বহি আছে । তিনিটা শব্দই মনত আঘাত সানিছে – ‘আজি আকাশ ডাৱৰীয়া ।’
ওৰেটো নিশা অমলৰ নানানটা সপোনৰ মাজত পাৰ হ’ল । সি সংসাৰৰ বাহিৰৰ মানুহ । বায়েক বিধৱা । বায়েক তাৰ সৈতে আছে নে সি বায়েকৰ সৈতে আছে ! ভাটিয়ালী আৰু বাউল গানৰ সপোনত পাৰ হৈ গ’ল জীৱনৰ চল্লিছটা বছৰ । সি কোনোদিনে ডায়েৰী লিখা নাই । কোনো দিনা তাকো কোনোৱেও দিয়া নাই । গানৰ এক মজলিছৰ পৰা আন এক মজলিছলৈ ঘূৰি ফুৰোঁতেই মনৰ ভিতৰত সঞ্চিত হৈছে অনেক সুৰ আৰু কথা । তৰুণৰ পৰা আৰু তৰুণ হৈছে তাৰ বন্ধুৰ দল । বুঢ়ীআয়ে মাজে-সময়ে ভঙা ভঙা কণ্ঠস্বৰেৰে কৈছিল – ‘মানুহক ভাল পাবলৈ শিক ।’ সপোনত বুঢ়াআইৰ অহা-যোৱা । নিশাৰ বীভৎস সপোনবোৰৰ মাজত শতশত বুঢ়ীআইৰ আৰ্তনাদ । সি যেন কানুমামাৰ চেলুনত বহি আছে । চাৰিওফালৰ আয়নাত অজস্ৰ ছবি । অন্তহীন ছবিত কেৱল বুঢ়ীআইৰ মুখ । যিফালেই চকু দিয়ে সেইফালেই অশীতিপৰ বৃদ্ধৰ বিপন্ন মুখচ্ছবি ! সকলোৱেই লাঠী-টোকোনলৈ ভয় কৰি অমলৰফালে দৌৰি আহিছে, তাক স্পৰ্শ কৰিব বিচাৰিছে । শোটৰা পৰা ছাল, বগা চুলি … মুখত আৰ্তনাদ । ‘বচোৱা বচোৱা ।’ অমল দৌৰিছে, দৌৰিয়েই আছে ।
বুঢ়ীআইৰ চিঞৰ,‘বচোৱা সোণ বচোৱা’ ।
অমল দৌৰিয়েই আছে । এসময়ত ক্লান্ত হৈ মাটিত পৰি যায় ।
অমলৰ টোপনি ভাগে । মুখত দুৰ্বোধ্য শব্দাৱলী ।
বায়েকে ভোৰভোৰাই কয় –
‘গোটেই দিনতো য’তে-ত’তে ঘূৰি ফুৰ । ঘৰৰফালে গুৰুত্ব দে, বলিয়ালিত দিন নাথাকে ।’
অমলে মনে মনে কয়,‘বাইদেউ, তই জানো ঘৰত আছ’ ?’
ন’টবুকখনৰ কথা বায়েকে নাজানিছিল । বায়েকক কোৱাও নাছিল । কাৰণ সেয়া ক’বলগীয়া বিধৰ একোৱেই নহয় । ফটা-ছিটা কাগজ-পত্ৰ, কিতাপ-মেগাজিনেৰে তাৰ শোৱনি-কোঠাটো ভৰি আছে । কিতাপ-পত্ৰ চোলা-কাপোৰ সৱ একাকাৰ । মন গ’লে বাইদেৱে কেতিয়াবা ধুই দিয়ে, ঠিক-ঠাক কৰি দিয়ে । কেতিয়াবা নিদিয়েও । জীৱনক অমলে এনেধৰণেই গ্ৰহণ কৰিছে । আজি বৰাক ভেলী ব্লাড ড’নাৰ এছ’চিয়েশ্বনৰ ৰক্তদান শিবিৰ । অমল যাব লাগিব । কালি ৰাতিৰ দুঃস্বপ্ন, সিফালে ডায়েৰীত সৰোজিনীৰ চিৰিয়েল । সকলোবোৰ মিলি কিবা যেন খেলিমেলি অৱস্থা । যেনেকৈ জাগি থকা তেনেকৈয়ে সপোনৰ টোপনি । একাকাৰ । আজি পুৱা আকাশ মেঘাচ্ছন্ন । কবিৰ সুমনৰ গীত এফাঁকি মনলৈ আহিছে – ‘মন খাৰাপ কৰা বিকেল মানেই মেঘ কৰেছে ।’ দাঁত ঘঁহি ঘঁহি অমলে আকাশৰফালে চালে । ডাৱৰ দেখি মন ভৰি উঠিল । ডাৱৰৰ খেল চাই চাই মনতে গুণগুণালে এটি গীত –
‘বড় একা লাগে এই আঁধাৰে / আকাশ পাৰে … এ মেঘেৰ খেলা ।’***
বৰষুণ হ’ব । আজি ধাৰাষাৰ বৰষুণ হ’ব । আকাশলৈ অন্যমনস্ক দৃষ্টিৰে অমলে চাই ৰ’ল । ঠিক আছে, সৰোজিনীয়েতো আজি তেওঁৰ নিজস্ব তৰাটি নেদেখে । আঠু আৰু হাতত ভৰ দি সৰোজিনী কিমানদূৰলৈ যাব পাৰে ? কিমানদূৰ ?
নহয়, ডায়েৰী নহয় । এইখন ঠিক ডায়েৰী নহয় । ডায়েৰীৰতো এক অভিজাত ধৰণৰ পৰিপাটী চৰিত্ৰ থাকে, নিৰ্দিষ্ট দিন-ক্ষণৰ হিচাপ থাকে । ইনকাম টেক্স, পিন ক’ড, এচ টি ডি ক’ড, এন. এচ. চি. এ-ৰ ইণ্টাৰেষ্ট ৰেটৰ চাৰ্ট, ৱল্ড ফেক্ট এণ্ড ফিগাৰ, ট্ৰেভেল প্লেনাৰ – তথ্য হিচাপে কত কি যে ডায়েৰী এখনত থাকে ! ন’টবুকত সেইবোৰ নাথাকে । তথাপি সকলো লিখা হয় । বাহিৰা বহী – আজিকালিৰ ল’ৰা-ছোৱালীবোৰে কয় ‘কপি’ ।ন’টবুকত কি নাথাকে ! সকলোবোৰেই থাকে, থাকিব পাৰে । বজাৰৰ হিচাপৰ পৰা ৰবীন্দ্ৰ সঙ্গীতলৈ, ঠিকনাৰ পৰা বাছৰ নম্বৰলৈ, কেতিয়াবা স্ব-ৰচিত কবিতা, চিকিৎসকৰ ঠিকনা, মনৰ দুঃখ … এপইণ্টমেণ্ট … ব্যক্তিগত কোনো গোপন ইংগিত । কিন্তু সি পোৱা ন’টবুকখনতচোন একোৱেই নাই । কেৱল তিনিটা শব্দ ‘আজি আকাশ ডাৱৰীয়া ।’ এই তিনিটা শব্দৰ বৰষুণে বাৰু ন’টবুকখনৰ লেখাৰে ভৰা পৃষ্ঠাবোৰ মচি নিলে নেকি ? এইবোৰ পৃষ্ঠাত কি লিখা আছিল ? বহু কথা লিখা আছিল, যিবোৰ এতিয়া আৰু পঢ়িব পৰা নাই ! অথবা প্ৰতিদিনেই নতুনকৈ লেখা হৈছে ! নিজৰ বিচিত্ৰ ভাৱনাত অমলৰ হাঁহি উঠে । ন’টবুকখনে তাক চুম্বকৰ দৰে আকৰ্ষণ কৰে । গাৰুৰ তলৰ পৰা ৰেক্সিনেৰে মেৰুওৱা ছাই ৰঙৰ সৰু ন’টবুকখন উলিয়াই আনে । উল্লেখযোগ্য একোৱেই নহয় । প্ৰথম পৃষ্ঠাত তিনিটা শব্দ, অমলে পাত লুটিয়াই । সৰোজিনী চিৰিয়েল । তাৰ পিছৰ পৃষ্ঠাত আন এটা ফ’ন নম্বৰ – ২৫২১২১২৭ । আৰে, এই ফ’ন নম্বৰটোচোন কালি নাছিল । এইটো তেনেহ’লে সৰোজিনীৰ নম্বৰ নেকি ? আকৌ পাত লুটিয়াই । তন্নতন্নকৈ বিচাৰিয়ো সৰোজিনীৰ সেই নম্বৰটো নাপালে ! অদ্ভুত । হাড়-কঁপোৱা শিহৰণ এটা অমলৰ মেৰুদণ্ডৰে বৈ আহিল । কি আচৰিত, অবিশ্বাস্য ঘটনা ! ভূতৰ ভয়ত গোটেই নগৰখন কম্পমান । কাকতত নিতৌ নানা খবৰ । আজি পুৱা খবৰ ওলাইছে, লাজুকী বান্দৰে বোলে অন্ধকাৰত মানুহবোৰক আঁচোৰিছে । অমলৰ মগজত ভূত সোমাইছে । ভূত সোমাইছে ন’টবুকত । ২০০৫ চনতো নগৰত ভূত সোমায় ! আন ক’ৰবাত ভূত থাকক বা নাথাকক, অমলৰ ন’টবুকত ঠিকেই সোমাইছে । সেই ফ’ন নম্বৰটোলৈ ফ’ন কৰাৰ বাবে তাৰ হাতখনে উচপিচ কৰিছে ।
হেল্ল’ হেল্ল’ … ফ’ন বাজে । বাজিয়েই থাকিল । আকৌ ডায়েল … আকৌ ৰিং হয় । কোনোৱেই ফ’ন নুঠাই । বতাহত সুহুৰিৰ শব্দ । কোনোবাই যেন এয়া ফ’ন দাঙিছে … বহুপৰ ধৰি কোনোবাই যেন দীৰ্ঘশ্বাস এৰিছে । অমলে ফ’ন থৈ দিয়ে । সি যেন সময়ৰ ভিতৰৰ এক অন্ধ সময়ত সোমাই পৰিছে । এই ন’টবুক, ফ’ন নম্বৰ … দীৰ্ঘ নীৰৱতা … বুঢ়ীআই … কিবা যেন জ্বৰ জ্বৰ ভাৱ । সকলোবোৰ মিলি তাৰ মন উদাসী বতাহত বৈ যায় । চিপ চিপ চিপ কৈ দি থকা বৰষুণজাকৰ মাজেদি উদাসভাৱে অমলে বাটত খোজ দিলে । কাউৰী তিতাদি তিতি সি ছোটেলাল শেঠ ইনষ্টিউটলৈ আহিল । ৰক্তদান শিবিৰ । একোৱেই খাই অহা নাই । কিন্তু প্ৰথম তেজ সিয়েই দিব । ছাতি-কাপোৰ চম্ভালি মিচেছ দত্ত সোমালহি । বিৰক্তিভৰা অস্পষ্ট মাতেৰে কৈছিল – ‘বুঢ়া-বুঢ়ীক লৈয়েই সমস্যা, কোনোমতেই সময়মতে আহিব নোৱাৰোঁ ।’
অমলৰ হঠাৎ জ্বৰ বাঢ়িল । শৰীৰ কঁপিবলৈ ধৰিল । মিচেছ দত্তৰ ববকাট চুলি । এছ’চিয়েশ্বনৰ ভাইচ প্ৰেচিডেণ্ট ! মিচেছ দত্তই বাৰু কেতিয়াবা খোপাত ফুল গুঁজিছিলনে ?
‘তুমি তেনেকৈ ফ’ন নকৰিবা । তুমিনো কোন মই নাজানো । জানানে, মোৰ আঁঠু দুটা অচল । ৱাকাৰৰ সহায়ত খোজ কাঢ়োঁ । মই বাৰু যেতিয়াই তেতিয়াই ফ’ন ৰিচিভ কৰিব পাৰোঁনে ? এতিয়া তোমালোকৰনো মোৰ কি প্ৰয়োজন ? তোমালোকৰ ভাষাটোও মই বুজি নাপাওঁ । মই সাহিত্যৰ অধ্যাপিকা আছিলোঁ । মোৰো দিন আছিল । স্বামীৰ সৈতে দুবাৰ অক্সফৰ্ডলৈ গৈছিলোঁ । ইখন লাইব্ৰেৰীৰ পিছত সিখন লাইব্ৰেৰী ঘূৰিছোঁ । জীৱনত আনন্দ আছিল । অকালতে তেওঁ গুচি গ’ল । অৰ্থ, সংগ্ৰাম সকলোবোৰেই আছিল । একমাত্ৰ ল’ৰাটো বিদেশত । পাল পাতি বন কৰা ছোৱালী আহে । সৰু বাৰাণ্ডাখনত বেঁকাকৈ ৰ’দ পৰে । কৰ্ডলেচত চাৰ্জ নাথাকিলে কাৰো ফ’ন ৰিচিভ কৰিব নোৱাৰোঁ । অকামিলা হৈয়ো নিজৰ সংসাৰ নিজেই চলাই নিছোঁ । তোমালোকৰ টিভিৰ সময় মোৰ সময়তকৈ বহুখিনি আগবাঢ়ি গ’ল । সেতু গঢ়াৰোঁ সামৰ্থ্য নাই । বাহিৰৰ সন্ধ্যামালতীজোপাত কলি ধৰিছে, পানী নাপাই গছজোপা শুকাই গৈছে । মই যে আঁঠু ভঙা ‘দ’ । সজাই থোৱা কিতাপবোৰে আলমাৰিত উচুপে, ‘মোলৈ চোৱা’, মই সময়ক শিল কৰিছোঁ, শূন্যতা মোৰ বন্ধু । ল’ৰা-বোৱাৰী অনেকদূৰৈৰ বিদেশত, সময়ে য’ত বতাহৰ সৈতে লুকাভাকু খেলে । নাই, যাওঁ – তুমি মোক এনেকৈ নামাতিবা । বাটৰ কাষত ফুলি থকা ফুলক যেনেকৈ মানুহে লক্ষ্য নকৰে, তেনেকৈয়ে আছোঁ মই, তথাপি বৃদ্ধাৱাসলৈ নাযাওঁ । মই মনোৰমা ।’
ন’টবুকৰ পাতত এই কথাখিনি কোনে লিখি থৈ গ’ল ? এনে কিয় হৈছে । নিশ্চয় কোনোবাই তাৰ সৈতে চুপতি কৰিছে । তেনেহ’লে মঙ্গল নেকি ? বন্ধুসকলৰ মাজৰ একমাত্ৰ মঙ্গলেই এই ন’টবুকখনৰ কথা জানে । ফ’নৰ কথাও কেৱল তাকেই কৈছে । কিন্তু ন’টবুকখনতো ঘৰতেই আছিল । তেনেহ’লে এইবোৰ ঘটনা কোনেনো ধাৰাবাহিকভাৱে ঘটাইছে ! অমল কোনো কালেই লেখক নাছিল । তথাপি লেখা তাৰ মাজত সকলো সময়তে সক্ৰিয় । এই নগৰৰ আত্মাৰ দৰে সি অনুষ্ঠানে অনুষ্ঠানে ঘূৰি ফুৰে । কিমান যে গল্প, দৃশ্য-অদৃশ্য সি বাটৰুৱাৰ দৃষ্টিৰে চাই যায় । কালি যে বিৰক্তিভৰা অস্পষ্ট মাতেৰে মিচেছ দত্তই কৈছিল,‘বুঢ়া-বুঢ়ীক লৈ নোৱাৰিছোঁ দেই’ – তাক লৈ সিয়ো অৱশ্যে এই ন’টবুকখনত এখন চিৰিয়েল ৰচনা কৰিব পাৰে । নাই, অমল বৰ অসহায় হৈ পৰিছে । তাৰ অন্যমনস্কতাৰ সুযোগ লৈ নিশ্চয় কোনোবাই ধেমালি কৰিছে । কিন্তু ধেমালিৰ ভাষা …। লেখাৰ এই চুপতিটো তেনেহ’লে বাইদেউৰ নেকি ?
–‘বাইদেউ, বাইদেউ’, অমলে চিঞৰি মাতিলে । ধীৰ গতিৰে নিৰুপমা কোঠালৈ আহিল । অমলে বায়েকলৈ চালে, চায়েই ৰ’ল । নিৰুপমাৰ তিতা চুলিখিনি পিঠিত মেলি থোৱা আছে । কপালৰ দুয়োকাষৰ ৰূপালী ৰেখা বহুখিনি বিস্তৃত । বিষণ্ণ নিৰীহ চকু দুটাৰে চাইছে ।
–‘কিয় মাতিছিলি ?’
অমলে বায়েকলৈ চাই থাকে । মুখমণ্ডলত বয়সৰ ছাপ স্পষ্ট । শৰীৰ শিথিল । নিৰাভৰণ হাত । ভিনিদেৱে বাৰু বাইদেউৰ খোপাত তৰাৰ ফুল গুঁজি দিছিলনে ?
–‘মুখত মাত-বোল নাই যে ?’
অমলে সম্বিৎ ঘূৰাই পালে ।
–নহয় অ’, একো নহয় । চাহ খাম ।
গোটেই দিনটো খোৱা-বোৱা নাই । ভাত নোখোৱাকৈয়ে অমল ঘৰৰ পৰা ওলাই আহিছিল । ষোড়শীত বহি ‘অনুক্ষণ’ আলোচনীত সেই ৰহস্যময় ভূতৰ ছবিখন চাইছে । এটা ৰঙাচকুৱা বান্দৰ । এইটোৱেই বোলে নগৰ-চহৰত ত্ৰাসৰ সৃষ্টি কৰিছিল । শুনা কথা কাণ-বাগৰি ভূতৰ গুজবত পৰিণত হ’ল । চাব বিচাৰিলেই সকলো দেখা যায়, বিশ্বাস কৰিব বিচাৰিলেই বিশ্বাস জন্মে । কিন্তু তাৰ ৰহস্যৰটোৰ কোনো উৱাদিহ নোলাল । মঙ্গলক ক’ব নেকি ! ষোড়শীৰ পৰা জিলা পুথিভঁৰাল, তাৰ পৰা গান্ধীভৱন । কাইলৈ ‘উনিশে মে’ । নানা উৎসৱৰ প্ৰস্তুতি । বঙ্গসাহিত্য সম্মেলন ইতিহাস-শিক্ষকৰ নাম ভূমিকাত । ল’ৰা-ছোৱালীবোৰে সৰ্বশক্তিৰে প্ৰতিযোগিতাত প্ৰথম হোৱাৰ বাবে একাদশ ছহিদৰ নাম মুখস্ত কৰিছে । ঘূৰি-ফুৰি শ্মশানঘাট, তাৰাপুৰ, ৰেলষ্টেশ্বন আৰু নানা বন্ধু-বান্ধৱীক দেখা-সাক্ষাৎ কৰি ঘৰমুৱা হওঁতে সাঁজ লাগিছে । আজি ন’টবুকখন পকেটতে আছিল । পকেটত হাত দি অনুভৱ কৰিলে, হাতৰ স্পৰ্শত যেন সেইখনে লৰচৰ কৰিছে । অমলে হাতখন আঁতৰাই আনিলে । ঘৰলৈ যোৱা গলিটোত ভৰি দিয়েই দেখিলে ল’ৰা কেইটামানে বাটটো বন্ধ কৰি ক্ৰিকেট খেলি আছে । অমলে ধমক দিলে । ‘ঐ যা … যা ইয়াৰ পৰা । এইবোৰ আৰু ..’ বুলি কৈ সি খৰ খোজেৰে ঘৰলৈ বুলি আগবাঢ়িল । বলিং বন্ধ কৰি সিহঁত কিছুপৰ ৰ’ল । সিহঁতে কোৱা কথাষাৰ অমলৰ কাণত পৰিল – ‘বুঢ়াটো বৰ বদমাচ ।’
ডাৱৰীয়া দিনত ডাৱৰ এচপৰা হৈ অমলৰ বায়েক বিছনাত শুই আছে । ঘৰৰ ভিতৰত ঘিটমিটীয়া অন্ধকাৰ । মেঘবৰ্ণা বায়েকৰ ক’লা চুলিখিনি বিছনাত আউল-বাউল হৈ আছিল । ‘দ’ হৈ বায়েক শুই আছিল । ল’ডশ্বেডিং ।
ঘৰৰ বাহিৰ আৰু ভিতৰত অন্ধকাৰ । বায়েকৰ চুলি, ধূসৰ শাড়ী – সৱ মিলি কিবা যেন উশাহ-নিশাহ বন্ধ কৰা সন্ধিয়া ।
পেটত ভোক । তথাপি অমলে বৰ বিশেষ পাত্তা নিদিলে । গোটেই দিনটোত চাৰি-পাঁচ কাপ চাহ খালে । নোখোৱাকৈ থকা অথবা অনিয়মিতভাৱে খোৱা-বোৱা কৰা তাৰ অভ্যাস । পকেটৰ পৰা ন’টবুকখন উলিয়াব লওঁতেই মাটিত সৰি পৰিল । কেইখিলামান পাত খোল খাই মাটিত সিঁচৰতি হৈ পৰিল, বকলা পৃষ্ঠাটো ওলমি ৰ’ল । ছাঁ-পোহৰৰ মাজতে অমলে পাতবোৰ বিচাৰি উলিয়ালে । বিদ্যুত আহিলে পাতবোৰ ঠিক-ঠাক কৰি ল’ব । ঠিক-ঠাক কৰিবলৈনো আছে কিটো ! নিজৰ অজানিতেই ন’টবুকখনৰ সৈতে তাৰ এক গভীৰ সম্পৰ্ক গঢ় লৈ উঠিছে । প্ৰয়োজনীয় কাগজ-পত্ৰবোৰৰ মাজত সি ন’টবুকখন থৈ দিলে । কিন্তু ন’টবুকখনে নিজেই সকলো কথা লিখিছে – এই ঘটনাটো ক্ৰমশঃ তাৰ মগজত দুৰ্বোধ্য প্ৰহেলিকা হৈ থিয় দিছে । সি নিজকে চিকুট মাৰি চালে, সিয়ো বাৰু ভূত হৈ পৰিছে নেকি !
ৰাতি খোৱা-বোৱাৰ পাছত অমল বিছনাত পৰিছিল, হঠাৎ কেঁচা টোপনিৰ পৰা উঠি বিছনাত বহিল । ছিন্ন ন’টবুকৰ পাতবোৰ ঠিক-ঠাক কৰিবলৈ লওঁতে সি দেখিলে পাতে পাতে অসংখ্য নম্বৰ লেখা ! এয়া কি ? অজস্ৰ সংখ্যাৰ সমাহাৰ । তাৰ চকুৰ সমুখত সংখ্যাৰ মিছিল । এই সকলোবোৰেইচোন ফ’ন নম্বৰ । সেই অন্ধকাৰতেই ন’টবুকখনৰ মাজত তেনেহ’লে সি আন কাগজ-পত্ৰ সুমুৱাই থ’লে নেকি বাৰু ! কোনোবা ফ’নৰ ডায়েৰীৰ পাত অথবা ফ’ন নম্বৰবোৰ নিজেই সোমাই পৰিছে ! অমলে ইটোৰ পিছত সিটো পৃষ্ঠা লুটিয়াই গ’ল । অজস্ৰ পিপৰাৰ শাৰী ! শেষ পৃষ্ঠালৈকে কেৱল সংখ্যা আৰু সংখ্যা । ন’টবুকখনৰ প্ৰথম পৃষ্ঠাত এতিয়া আৰু ডাৱৰীয়া আকাশ নাই । ডাৱৰে এতিয়া ঘৰ আৰু আকাশ ছানি ধৰিছে । অমল নিশ্চুপ হৈ বহি থাকিল । ফ’ন নম্বৰবোৰে তাৰ চকুৰ সমুখত লৰ-চৰ কৰিবলৈ আৰম্ভ কৰিলে । হাত-বাউলি মাতিবলৈ আৰম্ভ কৰিলে …।
কাষৰ কোঠাত প্ৰবাসী পুত্ৰৰ সৈতে ফ’নত কথা পতাত বাইদেউ ব্যস্ত । গোটেই দিনটোৰ উদ্বেগ সৰি পৰিল বাইদেউৰ কণ্ঠত – ‘মণিপালত বৰ ঠাণ্ডা নিশ্চয় । সাৱধানে থাকিবি । বুড়ো, খোৱা-বোৱা …।’ ফ’নৰ কথা-বতৰা ক্ৰমাত দীঘলৰ পৰা দীঘল-সজীয়া হ’বলৈ ল’লে, হয়েই থাকিল ।
–‘হেল্ল’ কোন ?’
– ‘মই শান্তিলতা । বোম্বাইত ল’ৰাৰ ঘৰতে আছোঁ । বোৱাৰীয়ে চাকৰি কৰে নহয় ! নাতিক চোৱা-চিতা কৰোঁ, কিন্তু আকাশ নেদেখোঁ ।’
২৭০৯০০
– ‘হেল্ল’ … ’
– ‘মই অনাথবন্ধু … । আইৰাংমাৰাত আছোঁ । … নিবাৰণ মোৰ ল’ৰা … পত্নী নাই । তোমাক নাটক এখনৰ গীত এটা শুনাওঁ –
‘তুমি যেতেও পাৰছ না / তুমি থাকতেও পাৰছ না’****
ল’ৰাই যদি খেদি পঠিয়ায়, থিয় হ’মনো ক’ত ?’
২৫০৯৩২৪
– ‘হেল্ল’ … ’
– ‘মই সুধাৰাণী । ঘৰ-দুৱাৰ বিক্ৰী কৰি আগৰতলালৈ গুচি আহিলোঁ । দেউতা, তুমিনো ক’ত ? মোক তুমি ওভতাই নিয়া । ভিৰৰ মাজত মইনো কোন ? পিঞ্জৰাত আৱদ্ধ পখী । কোনেনো দানা-পানী দিয়ে ?’
২৪১৩৭১৩৫
– ‘নাই । আৰু নহ’ব । এই ন’টবুকখন সৰ্বনশীয়া । এই খেলখন সামৰিব লাগিব ।’ অমলে ন’টবুকখন দলিয়াই দিয়ে । তাৰ খোৱা-বোৱা সকলোবোৰ ধোঁৱাচাঙত উঠিল । এওঁলোক কোন ? এনেকৈ একেধৰণৰ সুৰত কথা কয় ! বেৰত ওলমাই থোৱা মাকৰ ফ’টোখনলৈ চালে ।
গাভৰু মাকৰ চকুৰ পৰা ছিটিকি অহা ৰ’দে অমলক ধুই নিয়ে ।
২৭১১৯৭৬-এ কৈছিল,‘দুয়োবেলাই ল’ৰাই, হয় মোৰ ল’ৰাই মোৰ মৃত্যু কামনা কৰে ।’ নহয়, অমলে এইবোৰ কথা মগজৰ পৰা জোকাৰি বিদায় দিব । এই ডায়েৰীখন, নহয় নহয়, এই ন’টবুকখন গ্ৰহণ লগা সৰ্বনশীয়া । কাইলৈয়ে সি সেই শনি মন্দিৰৰ ওচৰত এইখন দলিয়াই আহিব । যাৰ ন’টবুক তেওঁ বিচাৰি নিয়ক ।
ন’টবুকখন বুকুতে লৈ অমল শুই পৰিছিল । ঘৰত দ’ম বন্ধা ডাৱৰবোৰৰ অসংখ্য সংখ্যাৰ সৈতে সি যেন ভাঁহি ফুৰিছে । আকাশত বগা ডাৱৰৰ ফাঁকে-ফাঁকে তৰাবোৰে লুকা-চুৰি খেলিছে । অমল তৰাৰ ফুল বুটলিবলৈ গ’ল । লগে লগে তৰাবোৰ সংখ্যা হৈ পৰিল । চাৰিওফালে ক্ৰিং ক্ৰিং শব্দ । শব্দৰ অন্তহীন প্ৰতিধ্বনি । সংখ্যা – তৰা – আৰু ক্ৰেডেল । আৰু বতাহত সুহুৰিৰ শব্দ !
‘হেল্ল’ হেল্ল’ ।’
চৰাইৰ দৰে অমল উৰি ফুৰে । তৰাবোৰে মাতে, ‘আহাঁ, আহাঁ !’ ক্ৰেডেলে মাতে,‘আহাঁ …’ । অমলৰ হাতৰ পৰা ন’টবুকখন খহি পৰে । খুলি যোৱা পৃষ্ঠাবোৰৰ মাজৰ পৰা অজস্ৰ পৃষ্ঠা বতাহত উৰি উৰি সমগ্ৰ আকাশখনতে সিঁচৰতি হৈ পৰে । সেই পৃষ্ঠাবোৰৰ পৰা শব্দ আৰু আখৰ পৃথক হৈ খহি পৰিছে । অমলে ধৰিব নোৱাৰে । সেই শব্দ আৰু আখৰবোৰ খৰধৰকৈ তলৰ জনবসতিপূৰ্ণ ঠাইৰফালে ধাৱিত হৈছে ।
এসময়ত ন’টবুকখন অদৃশ্য হৈ পৰিল । কেৱল শব্দ আৰু আখৰবোৰে আকাশ-বতাহত ওভোতা-খৰ মাৰিছে । তাৰ পাছত ক্ৰমশঃ জিপজিপীয়া বৰষুণ হৈ সেই জনবসতিপূৰ্ণ ঠাইৰ প্ৰতিঘৰৰ দুৱাৰ-খিৰিকী-ভেণ্টিলেটৰেদি সোমাই পৰিল । ■ ■ ■
-----------------------------------
*কাজী নজৰুল ইছলামৰ গীত ।
**ৰবীন্দ্ৰ সংগীত ।
***চৌৰঙ্গী নামৰ জনপ্ৰিয় বাংলা চলচ্চিত্ৰখনৰ জনপ্ৰিয় এই গীতটিৰ গীতিকাৰ মিল্টু ঘোষ, সুৰকাৰ অসীমা ভট্টাচাৰ্য আৰু কণ্ঠ মান্না দে-ৰ ।
****বাৰ্টোল্ট ব্ৰেখটৰ Schweyk im Zweiten Weltkrieg (Schweyk in the
Second World War) নাটকৰ অশোক মুখোপাধ্যায়ে কৰা বাংলা অনুবাদ ‘শোয়াইক গেল যুদ্ধে’ত এই গীতটি সন্নিৱিষ্ট ।

ভাল লাগিল ছাৰ। ব্লগটোৰ লে' আউট অলপ উন্নত কৰিব পাৰিলে ই অধিক আকৰ্ষণীয় হৈ উঠিব।
ReplyDeleteধন্যবাদ জনালোঁ ৷
ReplyDelete