Sunday, May 23, 2021

ন’টবুক

 

টবুক

------------

মূল : স্বপ্না ভট্টাচাৰ্য (বাংলা)

অসমীয়া অনুবাদ : কুমুদ ঘোষ

--------------------------------

(স্বপ্না ভট্টাচাৰ্যৰ জন্ম ১৯৫২ চনত অসমৰ শিলচৰত তেখেতৰ প্ৰথম গল্পপয়োধীৰপ্ৰকাশিত হৈছিল অধুনালুপ্তদৈনিক প্ৰান্তজ্যোতি ১৯৬৯ চনত বেঙ্কৰ বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰা স্বপ্না ভট্টাচাৰ্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বাংলা সাহিত্যত স্নাতকোত্তৰ পৰৱৰ্তী সময়ত জীৱনানন্দৰ বিষয়ে গৱেষণা কৰি পি. এইচ. ডি. ডিগ্ৰী লাভ বৰ্তমানলৈকে প্ৰকাশিত গল্প আৰু প্ৰবন্ধ সঙ্কলনসমূহৰ ভিতৰত উল্লেখযোগ্যসমান্তৰাল’, ‘হাৰুকি মুৰাকামি : নিৰ্বাচিত গল্প’, ‘বাস্তুহীন’, ‘চম্পক নগৰআৰুজীবনানন্দেৰ নাৰীকল্প অন্যান্য বাংলাদেশৰ চিলেটৰএকাডেমি অফ টু আৰচনামৰ সংস্থাটিয়ে ২০০৩ চনত স্বপ্না ভট্টাচাৰ্যকস্মৰণীয় ব্যক্তিত্বসম্মানেৰ ভূষিত কৰে তেখেত ২০০১ চনৰ পৰা শিলচৰৰদ্বিৰালাপনামৰ বৌদ্ধিক আৰু সাংস্কৃতিক সংস্থাৰ অন্যতম কৰ্ণধাৰ )



এতিয়া শনি মন্দিৰটো গঢ় লৈ উঠিছে, তাতেই বিশাল বৰগছজোপাৰ তলত তাৰ দোকান আছিল এতিয়া আৰু সেই পুৰণি বৰগছজোপা নাই, আৰু তাৰ দোকানখনো বহুদিন আগেয়েই উঠি ঠিক দোকান নহয়, বৰগছজোপাৰ ছাঁত চটিকাপোৰৰ অস্থায়ী ঘেৰ দিয়া বেচা-কিনাৰ ঠাই সদায় পুৱা দোকান বহে আৰু ৰাতি লেই উঠি যায় বাটৰুৱা ক্ৰেতা আৰু তিনিআলিৰ কেঁকুৰিত গোট খোৱা ৰাহঁতৰ ভিৰৰ ফলত বেচা-কিনাও হৈছিল তাৰ বয়স কিমান কোনোৱে নাজানিছিল কপালত ৰঙা সেন্দূৰৰ তিলক, ৰহস্যময় চকুমানুহে কৈছিল সি বোলে কামৰূপ কামাখ্যাৰ দেশৰ মানুহ মন্ত্ৰসিদ্ধ তাক আগুৰি কিয়নো এইবোৰ কথা সৃষ্টি হৈছিল, কোনোৱে নাজানে বৰগছৰ তলত শিলৰ শিৱ আৰু ত্ৰিশূল প্ৰণামীৰ আয়ও তাৰেই তাৰ ওচৰত জৰা-ফুঁকা, তাবিজ-কৱচ সকলো পোৱা গৈছিল দাঁতৰ পোক উলিয়াইছিল আৰু পোক উলিয়াবৰ পৰত ৰহস্যজনকভাৱেকামৰূপ কামাখ্যাৰ কৃপাকথাষাৰ বাৰেবাৰে উচ্চাৰণ কৰিছিল এতিয়া দোকান নাই, ৰহস্যময় বৰগছজোপা-শিলৰ শিৱ-ত্ৰিশূল একোৱেই নাই ভেল্কীবাজিৰ নিচিনাকৈ মনুৰ দেউতাক কোনোবা এদিন অন্তৰ্ধান হৈছিল কোনো এক ৰাতিপুৱা দেখা গৈছিল কোনোবাই তাৰ দোকানৰ চালিখন ভাঙি পেলাইছে সেই তেতিয়াৰ পৰাই মনুৰ দেউতাক নিৰুদ্দেশ

জনসমাগমৰ বাবে আৰ্কষণীয় তিনিআলিত এতিয়া শনি মন্দিৰ আন এক ব্যৱসায় শনি মন্দিৰৰ ওচৰতে অমলে সৰু ডায়েৰীখন হেৰাই পাইছিল সৰু ডায়েৰী, ডায়েৰী নুবুলি টবুক বোলাই ভাল আৰু এই টবুক হেৰাই পোৱাটোও বৰ ৰহস্যজনক কাকতৰ অফিচৰ পৰা ঘূৰি আহোঁতে বাটত অমল ষোড়শী পাণ দোকানত নামিছিল যথাৰীতি ৰিক্সাৰ ভাৰা দি পাণৰ দোকানত সোমাইছিল পাণ খাই পইচা দিবলৈ লওঁতে দেখিলে পাৰ্চটো ফুউচ এশমান টকা আৰু নৰ সৰু ডায়েৰীখনশনিৰ ভক্তবৃন্দৰ মাজৰে কোনোবাই হয়তো ইয়াৰ বাহিৰে আন কিনো পাৰে ! বহুপৰ বিচাৰ-খোঁচাৰ কৰিলেমুহূৰ্তৰ ভিতৰতে যেন পাৰ্চটো পকেটৰ পৰা গাইব কৰিলে আৰু কিয় জানো তেতিয়াই মন্ত্ৰসিদ্ধ মনুৰ দেউতাকৰ কথা মনত পৰিল কিমান যে ভেল্কীবাজি দেখুৱাইছিল মানুহ ধৰাৰ ফান্দ পাতিছিল অচল টকা আৰু ঠোঙাৰ ভিতৰত ভেকুলী বান্ধি বাটত পেলাই থৈছিল বুটলিবলৈ গৈ বাটৰুৱাই ফান্দত ভৰি দিছিল অমলে সেই দোকানখনৰে ঈশান কোণৰ পুৰণি ষ্টবক্সটো আছে, তাৰ ওচৰতে মনি বেগৰ সলনি এই টবুকখন হেৰাই পাইছে দোধোৰ-মোধোৰ ভাৱেৰে অমলে টবুকখন হাতত তুলি লে তেতিয়া বাটত অস্বাভাৱিক যানজঁট, গাড়ীৰ ধোঁৱা আৰু শব্দ, শনি মন্দিৰৰ টিলিঙাৰ শব্দ, টচালকৰ পাতল কথা-বতৰাৰ মাজতে হঠাৎ মনুৰ দেউতাকৰ অট্টহাস্য শুনিবলৈ পালে কামৰূপ কামাখ্যাৰ কৃপা তাৰ ৰঙা তিলক, চটিকাপোৰৰ ঘেৰ দিয়া দোকান, পাপৰ পোৰাৰ মনোলোভা গোন্ধ এতিয়া লুপ্ত সময় সময়ৰ নেপথেলিন গোন্ধ অমলৰ মগজুত সোমাই তাৰ চেতনাক যেন বিবশ কৰি আনিছে

সেন বিউটি পাৰ্লাৰ পৰা ওলায়েই ছোৱালী দুজনীয়ে মুখৰ ফেচিয়েল ৰক্ষা কৰি শনিৰ থানত সেৱা কৰিছে জিনচ আৰু হাফ গেঞ্জি পিন্ধা ছোৱালীজনী থিয় হৈ মূৰত বন্তিৰ শিখাৰ তাপ শিৰত আশিস হিচাপে তুলি লৈছে, তাতেই মনুৰ দেউতাকে এবাৰ ভেকুলীৰ বিয়া পাতিছিল ! মনুৰ দেউতাক এতিয়া , কিমান বৃদ্ধ হৈছে বাৰু

টবুকখন বিশেষ আকৰ্ষণীয় নহয় সাধাৰণ সস্তীয়া ডায়েৰী, মলিয়ন, তথাপি অমলে ডায়েৰীখন এৰি থৈ আহিব নোৱাৰিলে যিটো পকেটত পাৰ্চটো আছিল, সেই পকেটতে ডায়েৰীখন সুমুৱাই ঘৰমুৱা আজিকালি আৰু তেনেকুৱা বুঢ়া মানুহ দেখিবলৈ নাপাওঁ পৌঢ়ও বাৰু কমি গৈছে নেকি ?’ অমলে পাত লুটিয়ালে, নাই, তো আৰু একো লিখা নাই

টবুকখনৰ পাতবোৰ উকাই আছিল তাৰ স্পষ্ট মনত আছে একোৱেই লিখা নাছিল অদ্ভুতভাৱে জানুৱাৰী (চনটো পঢ়িব পৰা নগৈছিল) তাৰিখৰ পৃষ্ঠাটোত এটি ঠিকনা৩৫/৭২, মহানগৰ পথ / ‘ধৰিত্ৰী’ / কলকাতা৫১ সৰোজিনী দেৱী তাৰ কাষতে এটি ফোন নম্বৰ২৫৩১০৭৮৭ লোভ ফোন কৰিব নেকি ? কিয়নো কৰিব ? সৰোজিনী দেৱী তাৰনো কোন ? জীৱিত নে মৃত ? বৃদ্ধা নে যুৱতী ? বৃদ্ধ হোৱাৰে সম্ভাৱনা বেছি এই টবুকখনৰ মালিকৰ সৈতে তেওঁৰ নিশ্চয় যোগাযোগ আছিল অমলে আকৌ পাত লুটিয়ালে নাই, ডায়েৰীখনৰ তো মালিকৰ নাম উল্লেখ নাই ডায়েৰীখন জপাই ভাবিলে, এই অদ্ভুত কৌতূহলে কিয়নো তাক হেঁচা মাৰি ধৰিছে ! এই টবুকখনৰ পাতত বিশেষ তেনে একোৱেই নাই প্ৰথম পৃষ্ঠাৰ তলত আৰু তিনিটা শব্দ

আজি আকাশ ডাৱৰীয়া

মই এতিয়া বিছনাত কিন্তু মোৰো দিন আছিল সেই দিন বোৱাৰীপুৱাতে মই যেতিয়া পুখুৰীৰ পাৰত বাচন ঘঁহিছিলোঁ, পুৱাৰ ৰেলেৰে তেতিয়া দেৱৰ খড়্গপুৰলৈ যাবলৈ ওলাইছিল, আৰু তেতিয়াই মোৰ স্বামীয়ে জোনৰ পোহৰত ইটাৰ মৰ কাষত গজি উঠা যূতিফুলৰ জোপোহাৰ পৰা ফুল বুটলিছিল গুণগুণাই গাইছিল

মোৰ প্ৰিয়া হবে এসো ৰানী

দেব খোঁপায় তাৰাৰ ফুল ’*

আকাশত তেতিয়াও তৰা তিৰবিৰাই আছিল জোনৰ পোহৰত বাট ভেটি তেওঁ কৈছিল,‘তুমি বেবিলনৰ ৰাণীতকৈয়ো ধুনীয়া বেবিলন দেখিছিল তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত মোৰ স্বামী ইৰাকলৈ গৈছিল যুদ্ধৰ বাবে তোমালোকে বিশ্বাস নকৰিবা, কিমান যে সুন্দৰ আছিল তেওঁ ! তেওঁক মিলিটেৰি পোছাকত দেখি ইউৰোপীয় সৈন্য বুলি ভাবি কাষৰ ঘৰৰ ৰাণুৰ মাকে চিঞৰ-বাখৰ লগাইছিল তেওঁ মোক শিকাইছিলচি--টি = কেট বি--টি = বেট দিন মোৰো আছিল

মই এতিয়া বিছনাত চাৰি বছৰ আগেয়ে কঁকাল ভাগিল ৰাই অপাৰেশ্বন নকৰায় বোৱাৰীৰ সহমত নাই ডাক্টৰে কৈছে, মোৰ সকলোবোৰেই ঠিক আছে প্ৰেচাৰ, চুগাৰ আছে, তথাপি মোৰ চিকিৎসা নহয় মই খোজ কাঢ়িব নোৱাৰোঁ একেৰাহে থিয় হৈ থাকিব নোৱাৰোঁ মোৰ বাবে শোৱা, বহা সকলো সমান কিন্তু মইতো শালগ্ৰামৰ শিল নহয় মোৰ বিছনাত মলমূত্ৰৰ গোন্ধ ! মোক খুব কমহে খুৱাই দিয়া হয় মূৰত ওকণি, চুলিখিনি ছাটি দিয়া হৈছে মোৰ পেন্সনৰ সঞ্চিত ধনেৰে ঘৰত টাইলচ লগোৱা হৈছে মই টিপচহী দিওঁ বোৱাৰী যেতিয়া কোঠালৈ আহে, মই আতংকিত মেকুৰীৰ দৰে কুঁচিমুচি হৈ বহি থাকোঁ মই পাষাণপুৰীৰ বন্দিনী ৰাজকন্যা ? নহয় ! এই কোঠালৈ কোনো নাহে মই কাৰো মুখ নেদেখোঁ ওৰেটো দুপৰীয়া টেলিফোনৰ আৰ্তনাদ শুনো মোৰ ভিতৰতো আৰ্তনাদ হয় কোন আছা বচোৱাঁ, বচোৱাঁ দিন শেষ নহয়হে নহয়

যিজনে মোৰ খোপাত তৰাৰ ফুল গুঁজি দিয়াৰ সপোন দেখিছিল, তেওঁ নিজেই বহুদিন আগেয়ে তৰা কেতিয়াবা কেতিয়াবা মই দেখোঁ আৰু মনে মনে গুণগুণাই গাঁও – ‘দেব খোঁপায় তাৰাৰ ফুল তলৰ মহলাৰ ড্ৰয়িং ৰূমত যেতিয়া বিচিত্ৰ শব্দৰ ঝঙ্কাৰ হয়, হাঁহিৰ লহৰে জলতৰঙ্গৰ সুৰ তুলে, মই তেতিয়া ওপৰ মহলাৰ কোঠালিত বহি বহি নিজস্ব তৰাটোলৈ চাওঁ মই তেনেহলে বুঢ়া লোঁ নেকি ? মইতো সৰোজিনী

টবুকখনৰ পাত লুটিয়াই অমল অবাক হৈ পৰিল এয়া কি অদ্ভুত ঘটনা ! টবুকখনত ইমানসোপা কথা পৰা আহিল ! কালিচোন একোৱেই নাছিল চাওঁতে তাৰ ভুল নেকি ! সি ভালকৈ চোৱা নাছিল নেকি ! কিন্তু ইমানসোপা লেখা তাৰ চকুত নপৰিলনো কিয় ? সকলো কথাই ওপৰে ওপৰে চোৱাটো তাৰ অভ্যাস হৈ পৰিছে নেকি ! অমলে টবুকখনৰ পাত লুটিয়ালে নাই, তো আৰু একো লিখা নাই সৰোজিনীৰ যিটো নম্বৰ উল্লেখ আছিল, সেই নম্বৰলৈ সি কৰিছিল, সেই নম্বৰটোও এতিয়া নাই আচৰিত ! নত সি স্পষ্টকৈ গেঙনিৰ শব্দ শুনিছিল সৰোজিনীয়ে মনে মনে ইমানবোৰ কথা কেতিয়া লেখি থৈ ! অদ্ভুত এক ৰহস্য টবুকখন হেৰাই পোৱাৰ পাছৰে পৰাই সৱ ওলট-পালট হৈ অমলে ডায়েৰীখন তাৰ গাৰুৰ তলত থৈ দিলে প্ৰকৃততে তাৰেই ভুল সি ভালকৈ চকু মেলি চোৱা নাছিল এই সাধাৰণ টবুকখনত চাব লগানো কি আছে ! অযথা এইখন সি থৈছে ফ্লেটত থকা মানুহবোৰে যেনেকৈ নিতৌ সকলো জাবৰ-জোঁথৰ লাইট ষ্টৰ তলত দলিয়াই থৈ আহে তেনেকৈয়ে সিয়ো ডায়েৰীখন লাইট ষ্টৰ তলত দলিয়াই থৈ অহা লেই লহেঁতেন কিন্তু অমলে পেলাই দিবও নোৱাৰে

সন্ধিয়াপৰতষোড়শী আড্ডা ভূতৰ গল্পেৰে জমি উঠিছে গোটেই নগৰখনতে আতঙ্ক বিয়পিছেভূতে বোলে অন্ধকাৰত মানুহৰ শৰীৰ আঁচোৰিছে বহি বহি অমলে কথাবোৰ শুনি আছিল কেইবাদিন ধৰি প্ৰৱল বৰষুণ হৈছে যেতিয়াই তেতিয়াই ডশ্বেডিং যোৱা চৌবিছ ঘণ্টাই বিদ্যুত নাছিল ভূতৰ আঁচোৰতো স্বাভাৱিক কথা একেটা ৰাজনৈতিক দলৰে দুজন নেতাৰ মল্লযুদ্ধৰ প্ৰস্তুতি চলিছে কথা-বতৰা আৰু উত্তেজিত হোৱা দেখি অমলে তাৰ আধা কেঁচা আধা পকা দাড়িখিনত হাত বোলাইছে সৰোজিনীয়ে তাৰ মনটো হৰি নিলে মাকক পাহৰা বহুদিনেই তাৰ মাক বুঢ়ী নহয় শোৱনি-কোঠাত মাকৰ যিখন ছবি ওলোমাই থোৱা আছে সেইখন গাভৰু কালৰে বৃদ্ধ দেউতাকৰ ছবিখনৰ কাষত মাকক তৰুণী ভাৰ্যা যেন দেখুৱাইছে অমলে ভাবিলে, সি যদি বিয়া কৰালেহেঁতেন তেনেহলে বাৰু তাৰ মাকো সৰোজিনী হৈ লহেঁতেন নেকি ! বিয়া-বাৰ কৰোৱা নাই বাবেই বাৰু সি এইবোৰ কথা ভাৱিব পাৰিছে নেকি ! এইকণ লেখাৰ পৰা এইটো বুজিব পাৰি, সৰোজিনী বৰ সুন্দৰী আছিল তেওঁৰ স্বামীয়ে ইংৰাজ শাসিত ভাৰতৰ সেনাবাহিনীত কাম কৰিছিল সুখী দম্পতি এই ডাৱৰীয়া দুপৰীয়াত সি সৰোজিনীৰ চেহেৰা দেখিবলৈ পালে মূৰৰ চুলি ছটা, আঠু আৰু হাতত ভৰ দি সুন্দৰী সৰোজিনীয়ে দূৰৈৰ আকাশৰ তৰালৈ চাই আছে তেওঁৰ মূৰত চুলিয়েই নাই, আকৌ খোপাত তৰাৰ ফুল !

সংসাৰত অমল অতিথিৰ নিচিনা বিদ্যালয় এখনত পঢ়ুৱাই, বিয়া-বাৰ পতা নাই সাংস্কৃতিক অনুষ্ঠানে-তনুষ্ঠানে ঘূৰি ফুৰে সকলোৰে প্ৰয়োজনত জপিয়াই পৰে মঙ্গলে তাক শিলচৰৰ বিবেক বুলি কয় অমলক অন্যমনস্ক যেন দেখিসমকালক্লাৱৰ তাৰ বন্ধুসকলে তাক উত্তেজিত কৰিবলৈ চেষ্টা কৰিছিল মঙ্গলে টবুকখনৰ কথা জানিছিল অৰ্থাৎ জানি গৈছিল হাঁহি এটা মাৰি লে,‘কি গুৰু, তুমি বাৰু এতিয়া ফেলুদাৰ ভূমিকাত নেকি ?’

অমলে একো উত্তৰ নিদিলে মনৰ মাজত পাকঘূৰণি খাই থাকিল – ‘আজিকালি বুঢ়াবোৰে কিনো কৰে ?’

হঠাৎ ডাঙৰকৈ মাইকত বাজি উঠিল – ‘… যেজন আছে মাঝখানেদিনশেষেৰ শেষ…’**

গান শেষ লত

কাইলৈৰামকৃষ্ণ বানপ্ৰস্থবৃদ্ধাৱাসৰ দ্বাৰ উদঘাটন কৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব সন্তৰামজী স্থানচেংকুড়ি সময়বিয়লি পাঁচ বজাত আপোনাসৱৰ উপস্থিতি সাদৰেৰে কামনা কৰা বতাহত শব্দবোৰ উৰি ফুৰিছে ষ্টলত নিৰ্বিকাৰচিত্তে মানুহবোৰে চাহ খাইছে চিগাৰেটৰ ধোঁৱা উৰিছে উদাস মনেৰে অমল বহি আছে তিনিটা শব্দই মনত আঘাত সানিছে – ‘আজি আকাশ ডাৱৰীয়া

ওৰেটো নিশা অমলৰ নানানটা সপোনৰ মাজত পাৰ সি সংসাৰৰ বাহিৰৰ মানুহ বায়েক বিধৱা বায়েক তাৰ সৈতে আছে নে সি বায়েকৰ সৈতে আছে ! ভাটিয়ালী আৰু বাউল গানৰ সপোনত পাৰ হৈ জীৱনৰ চল্লিছটা বছৰ সি কোনোদিনে ডায়েৰী লিখা নাই কোনো দিনা তাকো কোনোৱেও দিয়া নাই গানৰ এক মজলিছৰ পৰা আন এক মজলিছলৈ ঘূৰি ফুৰোঁতেই মনৰ ভিতৰত সঞ্চিত হৈছে অনেক সুৰ আৰু কথা তৰুণৰ পৰা আৰু তৰুণ হৈছে তাৰ বন্ধুৰ দল বুঢ়ীআয়ে মাজে-সময়ে ভঙা ভঙা কণ্ঠস্বৰেৰে কৈছিল – ‘মানুহক ভাল পাবলৈ শিক সপোনত বুঢ়াআইৰ অহা-যোৱা নিশাৰ বীভৎস সপোনবোৰৰ মাজত শতশত বুঢ়ীআইৰ আৰ্তনাদ সি যেন কানুমামাৰ চেলুনত বহি আছে চাৰিওফালৰ আয়নাত অজস্ৰ ছবি অন্তহীন ছবিত কেৱল বুঢ়ীআইৰ মুখ যিফালেই চকু দিয়ে সেইফালেই অশীতিপৰ বৃদ্ধৰ বিপন্ন মুখচ্ছবি ! সকলোৱেই লাঠী-টোকোনলৈ ভয় কৰি অমলৰফালে দৌৰি আহিছে, তাক স্পৰ্শ কৰিব বিচাৰিছে শোটৰা পৰা ছাল, বগা চুলিমুখত আৰ্তনাদ বচোৱা বচোৱা অমল দৌৰিছে, দৌৰিয়েই আছে

বুঢ়ীআইৰ চিঞৰ,‘বচোৱা সোণ বচোৱা

অমল দৌৰিয়েই আছে এসময়ত ক্লান্ত হৈ মাটিত পৰি যায়

অমলৰ টোপনি ভাগে মুখত দুৰ্বোধ্য শব্দাৱলী

বায়েকে ভোৰভোৰাই কয়

গোটেই দিনতো তে-তে ঘূৰি ফুৰ ঘৰৰফালে গুৰুত্ব দে, বলিয়ালিত দিন নাথাকে

অমলে মনে মনে কয়,‘বাইদেউ, তই জানো ঘৰত আছ’ ?’

টবুকখনৰ কথা বায়েকে নাজানিছিল বায়েকক কোৱাও নাছিল কাৰণ সেয়া বলগীয়া বিধৰ একোৱেই নহয় ফটা-ছিটা কাগজ-পত্ৰ, কিতাপ-মেগাজিনেৰে তাৰ শোৱনি-কোঠাটো ভৰি আছে কিতাপ-পত্ৰ চোলা-কাপোৰ সৱ একাকাৰ মন লে বাইদেৱে কেতিয়াবা ধুই দিয়ে, ঠিক-ঠাক কৰি দিয়ে কেতিয়াবা নিদিয়েও জীৱনক অমলে এনেধৰণেই গ্ৰহণ কৰিছে আজি বৰাক ভেলী ব্লাড নাৰ এছচিয়েশ্বনৰ ৰক্তদান শিবিৰ অমল যাব লাগিব কালি ৰাতিৰ দুঃস্বপ্ন, সিফালে ডায়েৰীত সৰোজিনীৰ চিৰিয়েল সকলোবোৰ মিলি কিবা যেন খেলিমেলি অৱস্থা যেনেকৈ জাগি থকা তেনেকৈয়ে সপোনৰ টোপনি একাকাৰ আজি পুৱা আকাশ মেঘাচ্ছন্ন কবিৰ সুমনৰ গীত এফাঁকি মনলৈ আহিছে – ‘মন খাৰাপ কৰা বিকেল মানেই মেঘ কৰেছে দাঁত ঘঁহি ঘঁহি অমলে আকাশৰফালে চালে ডাৱৰ দেখি মন ভৰি উঠিল ডাৱৰৰ খেল চাই চাই মনতে গুণগুণালে এটি গীত

বড় একা লাগে এই আঁধাৰে / আকাশ পাৰে মেঘেৰ খেলা ’***

বৰষুণ আজি ধাৰাষাৰ বৰষুণ আকাশলৈ অন্যমনস্ক দৃষ্টিৰে অমলে চাই ঠিক আছে, সৰোজিনীয়েতো আজি তেওঁৰ নিজস্ব তৰাটি নেদেখে আঠু আৰু হাতত ভৰ দি সৰোজিনী কিমানদূৰলৈ যাব পাৰে ? কিমানদূৰ ?

নহয়, ডায়েৰী নহয় এইখন ঠিক ডায়েৰী নহয় ডায়েৰীৰতো এক অভিজাত ধৰণৰ পৰিপাটী চৰিত্ৰ থাকে, নিৰ্দিষ্ট দিন-ক্ষণৰ হিচাপ থাকে ইনকাম টেক্স, পিন , এচ টি ডি , এন. এচ. চি. - ইণ্টাৰেষ্ট ৰেটৰ চাৰ্ট, ৱল্ড ফেক্ট এণ্ড ফিগাৰ, ট্ৰেভেল প্লেনাৰতথ্য হিচাপে কত কি যে ডায়েৰী এখনত থাকে ! টবুকত সেইবোৰ নাথাকে তথাপি সকলো লিখা হয় বাহিৰা বহীআজিকালিৰ ৰা-ছোৱালীবোৰে কয়কপিটবুকত কি নাথাকে ! সকলোবোৰেই থাকে, থাকিব পাৰে বজাৰৰ হিচাপৰ পৰা ৰবীন্দ্ৰ সঙ্গীতলৈ, ঠিকনাৰ পৰা বাছৰ নম্বৰলৈ, কেতিয়াবা স্ব-ৰচিত কবিতা, চিকিৎসকৰ ঠিকনা, মনৰ দুঃখএপইণ্টমেণ্টব্যক্তিগত কোনো গোপন ইংগিত কিন্তু সি পোৱা টবুকখনতচোন একোৱেই নাই কেৱল তিনিটা শব্দআজি আকাশ ডাৱৰীয়া এই তিনিটা শব্দৰ বৰষুণে বাৰু টবুকখনৰ লেখাৰে ভৰা পৃষ্ঠাবোৰ মচি নিলে নেকি ? এইবোৰ পৃষ্ঠাত কি লিখা আছিল ? বহু কথা লিখা আছিল, যিবোৰ এতিয়া আৰু পঢ়িব পৰা নাই ! অথবা প্ৰতিদিনেই নতুনকৈ লেখা হৈছে ! নিজৰ বিচিত্ৰ ভাৱনাত অমলৰ হাঁহি উঠে টবুকখনে তাক চুম্বকৰ দৰে আকৰ্ষণ কৰে গাৰুৰ তলৰ পৰা ৰেক্সিনেৰে মেৰুওৱা ছাই ৰঙৰ সৰু টবুকখন উলিয়াই আনে উল্লেখযোগ্য একোৱেই নহয় প্ৰথম পৃষ্ঠাত তিনিটা শব্দ, অমলে পাত লুটিয়াই সৰোজিনী চিৰিয়েল তাৰ পিছৰ পৃষ্ঠাত আন এটা নম্বৰ২৫২১২১২৭ আৰে, এই নম্বৰটোচোন কালি নাছিল এইটো তেনেহলে সৰোজিনীৰ নম্বৰ নেকি ? আকৌ পাত লুটিয়াই তন্নতন্নকৈ বিচাৰিয়ো সৰোজিনীৰ সেই নম্বৰটো নাপালে ! অদ্ভুত হাড়-কঁপোৱা শিহৰণ এটা অমলৰ মেৰুদণ্ডৰে বৈ আহিল কি আচৰিত, অবিশ্বাস্য ঘটনা ! ভূতৰ ভয়ত গোটেই নগৰখন কম্পমান কাকতত নিতৌ নানা খবৰ আজি পুৱা খবৰ ওলাইছে, লাজুকী বান্দৰে বোলে অন্ধকাৰত মানুহবোৰক আঁচোৰিছে অমলৰ মগজত ভূত সোমাইছে ভূত সোমাইছে টবুকত ২০০৫ চনতো নগৰত ভূত সোমায় ! আন ৰবাত ভূত থাকক বা নাথাকক, অমলৰ টবুকত ঠিকেই সোমাইছে সেই নম্বৰটোলৈ কৰাৰ বাবে তাৰ হাতখনে উচপিচ কৰিছে

হেল্লহেল্ল’ … বাজে বাজিয়েই থাকিল আকৌ ডায়েলআকৌ ৰিং হয় কোনোৱেই নুঠাই বতাহত সুহুৰিৰ শব্দ কোনোবাই যেন এয়া দাঙিছেবহুপৰ ধৰি কোনোবাই যেন দীৰ্ঘশ্বাস এৰিছে অমলে থৈ দিয়ে সি যেন সময়ৰ ভিতৰৰ এক অন্ধ সময়ত সোমাই পৰিছে এই টবুক, নম্বৰদীৰ্ঘ নীৰৱতাবুঢ়ীআইকিবা যেন জ্বৰ জ্বৰ ভাৱ সকলোবোৰ মিলি তাৰ মন উদাসী বতাহত বৈ যায় চিপ চিপ চিপ কৈ দি থকা বৰষুণজাকৰ মাজেদি উদাসভাৱে অমলে বাটত খোজ দিলে কাউৰী তিতাদি তিতি সি ছোটেলাল শেঠ ইনষ্টিউটলৈ আহিল ৰক্তদান শিবিৰ একোৱেই খাই অহা নাই কিন্তু প্ৰথম তেজ সিয়েই দিব ছাতি-কাপোৰ চম্ভালি মিচেছ দত্ত সোমালহি বিৰক্তিভৰা অস্পষ্ট মাতেৰে কৈছিল – ‘বুঢ়া-বুঢ়ীক লৈয়েই সমস্যা, কোনোমতেই সময়মতে আহিব নোৱাৰোঁ

অমলৰ হঠাৎ জ্বৰ বাঢ়িল শৰীৰ কঁপিবলৈ ধৰিল মিচেছ দত্তৰ ববকাট চুলি এছচিয়েশ্বনৰ ভাইচ প্ৰেচিডেণ্ট ! মিচেছ দত্তই বাৰু কেতিয়াবা খোপাত ফুল গুঁজিছিলনে ?

তুমি তেনেকৈ নকৰিবা তুমিনো কোন মই নাজানো জানানে, মোৰ আঁঠু দুটা অচল ৱাকাৰৰ সহায়ত খোজ কাঢ়োঁ মই বাৰু যেতিয়াই তেতিয়াই ৰিচিভ কৰিব পাৰোঁনে ? এতিয়া তোমালোকৰনো মোৰ কি প্ৰয়োজন ? তোমালোকৰ ভাষাটোও মই বুজি নাপাওঁ মই সাহিত্যৰ অধ্যাপিকা আছিলোঁ মোৰো দিন আছিল স্বামীৰ সৈতে দুবাৰ অক্সফৰ্ডলৈ গৈছিলোঁ ইখন লাইব্ৰেৰীৰ পিছত সিখন লাইব্ৰেৰী ঘূৰিছোঁ জীৱনত আনন্দ আছিল অকালতে তেওঁ গুচি অৰ্থ, সংগ্ৰাম সকলোবোৰেই আছিল একমাত্ৰ ৰাটো বিদেশত পাল পাতি বন কৰা ছোৱালী আহে সৰু বাৰাণ্ডাখনত বেঁকাকৈ পৰে কৰ্ডলেচত চাৰ্জ নাথাকিলে কাৰো ৰিচিভ কৰিব নোৱাৰোঁ অকামিলা হৈয়ো নিজৰ সংসাৰ নিজেই চলাই নিছোঁ তোমালোকৰ টিভিৰ সময় মোৰ সময়তকৈ বহুখিনি আগবাঢ়ি সেতু গঢ়াৰোঁ সামৰ্থ্য নাই বাহিৰৰ সন্ধ্যামালতীজোপাত কলি ধৰিছে, পানী নাপাই গছজোপা শুকাই গৈছে মই যে আঁঠু ভঙা সজাই থোৱা কিতাপবোৰে আলমাৰিত উচুপে, ‘মোলৈ চোৱা’, মই সময়ক শিল কৰিছোঁ, শূন্যতা মোৰ বন্ধু ৰা-বোৱাৰী অনেকদূৰৈৰ বিদেশত, সময়ে বতাহৰ সৈতে লুকাভাকু খেলে নাই, যাওঁতুমি মোক এনেকৈ নামাতিবা বাটৰ কাষত ফুলি থকা ফুলক যেনেকৈ মানুহে লক্ষ্য নকৰে, তেনেকৈয়ে আছোঁ মই, তথাপি বৃদ্ধাৱাসলৈ নাযাওঁ মই মনোৰমা

টবুকৰ পাতত এই কথাখিনি কোনে লিখি থৈ ? এনে কিয় হৈছে নিশ্চয় কোনোবাই তাৰ সৈতে চুপতি কৰিছে তেনেহলে মঙ্গল নেকি ? বন্ধুসকলৰ মাজৰ একমাত্ৰ মঙ্গলেই এই টবুকখনৰ কথা জানে নৰ কথাও কেৱল তাকেই কৈছে কিন্তু টবুকখনতো ঘৰতেই আছিল তেনেহলে এইবোৰ ঘটনা কোনেনো ধাৰাবাহিকভাৱে ঘটাইছে ! অমল কোনো কালেই লেখক নাছিল তথাপি লেখা তাৰ মাজত সকলো সময়তে সক্ৰিয় এই নগৰৰ আত্মাৰ দৰে সি অনুষ্ঠানে অনুষ্ঠানে ঘূৰি ফুৰে কিমান যে গল্প, দৃশ্য-অদৃশ্য সি বাটৰুৱাৰ দৃষ্টিৰে চাই যায় কালি যে বিৰক্তিভৰা অস্পষ্ট মাতেৰে মিচেছ দত্তই কৈছিল,‘বুঢ়া-বুঢ়ীক লৈ নোৱাৰিছোঁ দেই’ – তাক লৈ সিয়ো অৱশ্যে এই টবুকখনত এখন চিৰিয়েল ৰচনা কৰিব পাৰে নাই, অমল বৰ অসহায় হৈ পৰিছে তাৰ অন্যমনস্কতাৰ সুযোগ লৈ নিশ্চয় কোনোবাই ধেমালি কৰিছে কিন্তু ধেমালিৰ ভাষা লেখাৰ এই চুপতিটো তেনেহলে বাইদেউৰ নেকি ?

–‘বাইদেউ, বাইদেউ’, অমলে চিঞৰি মাতিলে ধীৰ গতিৰে নিৰুপমা কোঠালৈ আহিল অমলে বায়েকলৈ চালে, চায়েই নিৰুপমাৰ তিতা চুলিখিনি পিঠিত মেলি থোৱা আছে কপালৰ দুয়োকাষৰ ৰূপালী ৰেখা বহুখিনি বিস্তৃত বিষণ্ণ নিৰীহ চকু দুটাৰে চাইছে

–‘কিয় মাতিছিলি ?’

অমলে বায়েকলৈ চাই থাকে মুখমণ্ডলত বয়সৰ ছাপ স্পষ্ট শৰীৰ শিথিল নিৰাভৰণ হাত ভিনিদেৱে বাৰু বাইদেউৰ খোপাত তৰাৰ ফুল গুঁজি দিছিলনে ?

–‘মুখত মাত-বোল নাই যে ?’

অমলে সম্বিৎ ঘূৰাই পালে

নহয় ’, একো নহয় চাহ খাম

গোটেই দিনটো খোৱা-বোৱা নাই ভাত নোখোৱাকৈয়ে অমল ঘৰৰ পৰা ওলাই আহিছিল ষোড়শীত বহিঅনুক্ষণআলোচনীত সেই ৰহস্যময় ভূতৰ ছবিখন চাইছে এটা ৰঙাচকুৱা বান্দৰ এইটোৱেই বোলে নগৰ-চহৰত ত্ৰাসৰ সৃষ্টি কৰিছিল শুনা কথা কাণ-বাগৰি ভূতৰ গুজবত পৰিণত চাব বিচাৰিলেই সকলো দেখা যায়, বিশ্বাস কৰিব বিচাৰিলেই বিশ্বাস জন্মে কিন্তু তাৰ ৰহস্যৰটোৰ কোনো উৱাদিহ নোলাল মঙ্গলক নেকি ! ষোড়শীৰ পৰা জিলা পুথিভঁৰাল, তাৰ পৰা গান্ধীভৱন কাইলৈউনিশে মে নানা উৎসৱৰ প্ৰস্তুতি বঙ্গসাহিত্য সম্মেলন ইতিহাস-শিক্ষকৰ নাম ভূমিকাত ৰা-ছোৱালীবোৰে সৰ্বশক্তিৰে প্ৰতিযোগিতাত প্ৰথম হোৱাৰ বাবে একাদশ ছহিদৰ নাম মুখস্ত কৰিছে ঘূৰি-ফুৰি শ্মশানঘাট, তাৰাপুৰ, ৰেলষ্টেশ্বন আৰু নানা বন্ধু-বান্ধৱীক দেখা-সাক্ষাৎ কৰি ঘৰমুৱা হওঁতে সাঁজ লাগিছে আজি টবুকখন পকেটতে আছিল পকেটত হাত দি অনুভৱ কৰিলে, হাতৰ স্পৰ্শত যেন সেইখনে লৰচৰ কৰিছে অমলে হাতখন আঁতৰাই আনিলে ঘৰলৈ যোৱা গলিটোত ভৰি দিয়েই দেখিলে ৰা কেইটামানে বাটটো বন্ধ কৰি ক্ৰিকেট খেলি আছে অমলে ধমক দিলে যাযা ইয়াৰ পৰা এইবোৰ আৰু ..’ বুলি কৈ সি খৰ খোজেৰে ঘৰলৈ বুলি আগবাঢ়িল বলিং বন্ধ কৰি সিহঁত কিছুপৰ সিহঁতে কোৱা কথাষাৰ অমলৰ কাণত পৰিল – ‘বুঢ়াটো বৰ বদমাচ

ডাৱৰীয়া দিনত ডাৱৰ এচপৰা হৈ অমলৰ বায়েক বিছনাত শুই আছে ঘৰৰ ভিতৰত ঘিটমিটীয়া অন্ধকাৰ মেঘবৰ্ণা বায়েকৰ লা চুলিখিনি বিছনাত আউল-বাউল হৈ আছিল হৈ বায়েক শুই আছিল ডশ্বেডিং

ঘৰৰ বাহিৰ আৰু ভিতৰত অন্ধকাৰ বায়েকৰ চুলি, ধূসৰ শাড়ীসৱ মিলি কিবা যেন উশাহ-নিশাহ বন্ধ কৰা সন্ধিয়া

পেটত ভোক তথাপি অমলে বৰ বিশেষ পাত্তা নিদিলে গোটেই দিনটোত চাৰি-পাঁচ কাপ চাহ খালে নোখোৱাকৈ থকা অথবা অনিয়মিতভাৱে খোৱা-বোৱা কৰা তাৰ অভ্যাস পকেটৰ পৰা টবুকখন উলিয়াব লওঁতেই মাটিত সৰি পৰিল কেইখিলামান পাত খোল খাই মাটিত সিঁচৰতি হৈ পৰিল, বকলা পৃষ্ঠাটো ওলমি ছাঁ-পোহৰৰ মাজতে অমলে পাতবোৰ বিচাৰি উলিয়ালে বিদ্যুত আহিলে পাতবোৰ ঠিক-ঠাক কৰি ঠিক-ঠাক কৰিবলৈনো আছে কিটো ! নিজৰ অজানিতেই টবুকখনৰ সৈতে তাৰ এক গভীৰ সম্পৰ্ক গঢ় লৈ উঠিছে প্ৰয়োজনীয় কাগজ-পত্ৰবোৰৰ মাজত সি টবুকখন থৈ দিলে কিন্তু টবুকখনে নিজেই সকলো কথা লিখিছেএই ঘটনাটো ক্ৰমশঃ তাৰ মগজত দুৰ্বোধ্য প্ৰহেলিকা হৈ থিয় দিছে সি নিজকে চিকুট মাৰি চালে, সিয়ো বাৰু ভূত হৈ পৰিছে নেকি !

ৰাতি খোৱা-বোৱাৰ পাছত অমল বিছনাত পৰিছিল, হঠাৎ কেঁচা টোপনিৰ পৰা উঠি বিছনাত বহিল ছিন্ন টবুকৰ পাতবোৰ ঠিক-ঠাক কৰিবলৈ লওঁতে সি দেখিলে পাতে পাতে অসংখ্য নম্বৰ লেখা ! এয়া কি ? অজস্ৰ সংখ্যাৰ সমাহাৰ তাৰ চকুৰ সমুখত সংখ্যাৰ মিছিল এই সকলোবোৰেইচোন নম্বৰ সেই অন্ধকাৰতেই টবুকখনৰ মাজত তেনেহলে সি আন কাগজ-পত্ৰ সুমুৱাই লে নেকি বাৰু ! কোনোবা নৰ ডায়েৰীৰ পাত অথবা নম্বৰবোৰ নিজেই সোমাই পৰিছে ! অমলে ইটোৰ পিছত সিটো পৃষ্ঠা লুটিয়াই অজস্ৰ পিপৰাৰ শাৰী ! শেষ পৃষ্ঠালৈকে কেৱল সংখ্যা আৰু সংখ্যা টবুকখনৰ প্ৰথম পৃষ্ঠাত এতিয়া আৰু ডাৱৰীয়া আকাশ নাই ডাৱৰে এতিয়া ঘৰ আৰু আকাশ ছানি ধৰিছে অমল নিশ্চুপ হৈ বহি থাকিল নম্বৰবোৰে তাৰ চকুৰ সমুখত লৰ-চৰ কৰিবলৈ আৰম্ভ কৰিলে হাত-বাউলি মাতিবলৈ আৰম্ভ কৰিলে

কাষৰ কোঠাত প্ৰবাসী পুত্ৰৰ সৈতে নত কথা পতাত বাইদেউ ব্যস্ত গোটেই দিনটোৰ উদ্বেগ সৰি পৰিল বাইদেউৰ কণ্ঠত – ‘মণিপালত বৰ ঠাণ্ডা নিশ্চয় সাৱধানে থাকিবি বুড়ো, খোৱা-বোৱানৰ কথা-বতৰা ক্ৰমাত দীঘলৰ পৰা দীঘল-সজীয়া বলৈ লে, হয়েই থাকিল

–‘হেল্লকোন ?’

– ‘মই শান্তিলতা বোম্বাইত ৰাৰ ঘৰতে আছোঁ বোৱাৰীয়ে চাকৰি কৰে নহয় ! নাতিক চোৱা-চিতা কৰোঁ, কিন্তু আকাশ নেদেখোঁ

২৭০৯০০

– ‘হেল্ল’ … ’

– ‘মই অনাথবন্ধু আইৰাংমাৰাত আছোঁ নিবাৰণ মোৰ ৰাপত্নী নাই তোমাক নাটক এখনৰ গীত এটা শুনাওঁ

তুমি যেতেও পাৰছ না / তুমি থাকতেও পাৰছ না’****

ৰাই যদি খেদি পঠিয়ায়, থিয় মনো ?’

২৫০৯৩২৪

– ‘হেল্ল’ … ’

– ‘মই সুধাৰাণী ঘৰ-দুৱাৰ বিক্ৰী কৰি আগৰতলালৈ গুচি আহিলোঁ দেউতা, তুমিনো ? মোক তুমি ওভতাই নিয়া ভিৰৰ মাজত মইনো কোন ? পিঞ্জৰাত আৱদ্ধ পখী কোনেনো দানা-পানী দিয়ে ?’

২৪১৩৭১৩৫

– ‘নাই আৰু নহ এই টবুকখন সৰ্বনশীয়া এই খেলখন সামৰিব লাগিব অমলে টবুকখন দলিয়াই দিয়ে তাৰ খোৱা-বোৱা সকলোবোৰ ধোঁৱাচাঙত উঠিল এওঁলোক কোন ? এনেকৈ একেধৰণৰ সুৰত কথা কয় ! বেৰত ওলমাই থোৱা মাকৰ টোখনলৈ চালে

গাভৰু মাকৰ চকুৰ পৰা ছিটিকি অহা দে অমলক ধুই নিয়ে

২৭১১৯৭৬- কৈছিল,‘দুয়োবেলাই ৰাই, হয় মোৰ ৰাই মোৰ মৃত্যু কামনা কৰে নহয়, অমলে এইবোৰ কথা মগজৰ পৰা জোকাৰি বিদায় দিব এই ডায়েৰীখন, নহয় নহয়, এই টবুকখন গ্ৰহণ লগা সৰ্বনশীয়া কাইলৈয়ে সি সেই শনি মন্দিৰৰ ওচৰত এইখন দলিয়াই আহিব যাৰ টবুক তেওঁ বিচাৰি নিয়ক

টবুকখন বুকুতে লৈ অমল শুই পৰিছিল ঘৰত বন্ধা ডাৱৰবোৰৰ অসংখ্য সংখ্যাৰ সৈতে সি যেন ভাঁহি ফুৰিছে আকাশত বগা ডাৱৰৰ ফাঁকে-ফাঁকে তৰাবোৰে লুকা-চুৰি খেলিছে অমল তৰাৰ ফুল বুটলিবলৈ লগে লগে তৰাবোৰ সংখ্যা হৈ পৰিল চাৰিওফালে ক্ৰিং ক্ৰিং শব্দ শব্দৰ অন্তহীন প্ৰতিধ্বনি সংখ্যাতৰাআৰু ক্ৰেডেল আৰু বতাহত সুহুৰিৰ শব্দ !

হেল্লহেল্ল

চৰাইৰ দৰে অমল উৰি ফুৰে তৰাবোৰে মাতে, ‘আহাঁ, আহাঁ !’ ক্ৰেডেলে মাতে,‘আহাঁ …’ অমলৰ হাতৰ পৰা টবুকখন খহি পৰে খুলি যোৱা পৃষ্ঠাবোৰৰ মাজৰ পৰা অজস্ৰ পৃষ্ঠা বতাহত উৰি উৰি সমগ্ৰ আকাশখনতে সিঁচৰতি হৈ পৰে সেই পৃষ্ঠাবোৰৰ পৰা শব্দ আৰু আখৰ পৃথক হৈ খহি পৰিছে অমলে ধৰিব নোৱাৰে সেই শব্দ আৰু আখৰবোৰ খৰধৰকৈ তলৰ জনবসতিপূৰ্ণ ঠাইৰফালে ধাৱিত হৈছে

এসময়ত টবুকখন অদৃশ্য হৈ পৰিল কেৱল শব্দ আৰু আখৰবোৰে আকাশ-বতাহত ওভোতা-খৰ মাৰিছে তাৰ পাছত ক্ৰমশঃ জিপজিপীয়া বৰষুণ হৈ সেই জনবসতিপূৰ্ণ ঠাইৰ প্ৰতিঘৰৰ দুৱাৰ-খিৰিকী-ভেণ্টিলেটৰেদি সোমাই পৰিল ■ ■ ■

-----------------------------------

*কাজী নজৰুল ইছলামৰ গীত

**ৰবীন্দ্ৰ সংগীত

***চৌৰঙ্গী নামৰ জনপ্ৰিয় বাংলা চলচ্চিত্ৰখনৰ জনপ্ৰিয় এই গীতটিৰ গীতিকাৰ মিল্টু ঘোষ, সুৰকাৰ অসীমা ভট্টাচাৰ্য আৰু কণ্ঠ মান্না দে-

****বাৰ্টোল্ট ব্ৰেখটৰ Schweyk im Zweiten Weltkrieg (Schweyk in the Second World War) নাটকৰ অশোক মুখোপাধ্যায়ে কৰা বাংলা অনুবাদশোয়াইক গেল যুদ্ধে এই গীতটি সন্নিৱিষ্ট

 

2 comments:

  1. ভাল লাগিল ছাৰ। ব্লগটোৰ লে' আউট অলপ উন্নত কৰিব পাৰিলে ই অধিক আকৰ্ষণীয় হৈ উঠিব।

    ReplyDelete
  2. ধন্যবাদ জনাল‍োঁ ৷

    ReplyDelete

তুমি, অমিতাভ

তুমি, অমিতাভ মূলঃ ডঃ তপোধীৰ ভট্টাচার্য (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ   তুমি, অমিতাভ, ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা সমতললৈ না...