Tuesday, May 25, 2021

এটা প্ৰেমৰ পদ্য

এটা প্ৰেমৰ পদ্য

------------

কুমুদ ঘোষ

-------


বিয়াৰ পাছত ইমান দীঘলীয়াকৈ

কেৱল আমি দুজন

এনেদৰে

এয়ে প্ৰথম ঘৰত আছোঁ৷

 

ইমান দিনৰ মূৰত

এয়ে প্ৰথম একেলগে চাহ, ভাত খাইছোঁ,

লাগ-বান্ধ নথকা কথা পাতিছোঁ;

অৰ্থহীনভাৱে চাই আছোঁ টিভিৰ বা-বাতৰি৷

 

তুমি পুৱা-গধূলি

শাক-পাত বুটলি

নিতৌ ন ন খাদ্যৰ জুতি দিছা৷

হাঁহেৰেও ৰাজী মাহেৰেও ৰাজী মইহেন মানুহটোৱে

তোমাক প্ৰসংশাৰে ওপচাই পেলাইছোঁ,

তোমাৰ চকুত ক্ৰমাত বাঢ়ি আহিছে সন্দেহৰ বীজ৷

 

আগেয়ে তুমি প্ৰায়ে কৈছিলা,

তোমাৰ ক’ব লগা বহু কথা আছে, আছে বহু আক্ষেপ

বহু কথা, বহু আক্ষেপ দ’ম বান্ধি এতিয়া চাগে’ পাহাৰ হ’ল৷

এইকেইদিন দুয়ো একেলগে আছোঁ দিনৰ দিনটো

এবাৰ গালি পাৰা মোক

এবাৰ খং কৰা মোক

পাহাৰত ঘটোৱা বিস্ফোৰণ৷

 

নাই, তুমি একোৱেই কোৱা নাই

সেয়ে মই শুনিবলৈ পোৱা নাই একো অভিযোগ,

দেখা নাই তোমাৰ মুখত মান-অভিমান৷

 

এনেকুৱা দিনত মাজে-সময়ে খং কৰা ভাল

এনেকুৱা দিনত মাজে-সময়ে অভিমান কৰা ভাল,

ইমান নীৰৱতাত ডুবি থাকিলে

কিবা এটা হ’ব৷ কিবা এটা হ’লে কোন কাৰ বাবে দৌৰি আহিব?

 

এই কেইদিনত দুয়ো মিলি আগেয়ে কেতিয়াও একেলগে বহি

নভবা কথাবোৰ

ভাবিব পাৰোঁ,

যেনে ধৰা, মাটি এডোখৰ কিনাৰ কথা

ঘৰ এখন বন্ধাৰ কথা

শাকনি বাৰী এখনৰ কথা

পুখুৰী এটাৰ কথা৷

 

এইকেইদিনত আমি আমাৰ নিজৰ বাবে ভাবিবলৈ

কিছু সময় পাইছোঁ,

আঁহা, অলপ ভাবোঁ৷

যিহে দিনকাল হ’ল

মানুহৰ ভাবিবলৈয়ো আজিকালি সময় নোহোৱা হ’ল৷

 

ঘৰ বন্ধাই কি হ’ব?

পুখুৰী খন্দাই কি হ’ব?

 

ইমান ‘নিগেটিভ’কৈ ভাবিছা কিয়?

 

একো নহয় বুলি জানো,

সকলোবোৰ এদিন আনৰ হ’ব বুলিয়ো জানো,

তথাপি কিয় জানো মন গৈছে

তোমাৰ বাবে অন্ততঃ কিবা এটা ভাবোঁ৷

 

ঠিক আছে দিয়াঁ, একোৱেই নাভাবোঁ সেইবোৰ৷

মাত্ৰ এইকেইদিন

অলপ খং কৰা

অলপ অভিমান কৰা,

সেই খং, অভিমানত বাঢ়ি আহক আমাৰ

প্ৰেমৰ পুখুৰী

প্ৰেমৰ শাকনি বাৰী

আৰু প্ৰেমৰ চোতাল৷

--------------------------------------

No comments:

Post a Comment

তুমি, অমিতাভ

তুমি, অমিতাভ মূলঃ ডঃ তপোধীৰ ভট্টাচার্য (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ   তুমি, অমিতাভ, ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা সমতললৈ না...