ঘৰতে আছোঁ, কুশলে আছোঁ
---------------------
কুমুদ ঘোষ
----------
ঘৰতে আছোঁ, কুশলে আছোঁ
কাষৰ ঘৰত কি ঘটিছে
তাৰ একো ভু-ভা পোৱা নাই।
কিবা এটা ঘটিছে বুলি জানিলোঁৱেই যেনিবা
তাত কাৰ কিনো আহে বা যায়,
খিৰিকী মুখত ৰৈ চোৱাৰ বাহিৰে
আনসকল গোট খোৱাৰ পাছত যোৱাৰ বাহিৰে
আমাৰ দৰে মধ্যবিত্তই কৰোঁৱেইবা কি ?
ঘৰতে আছোঁ, কুশলে আছোঁ
পেটৰ ভোকত মৰাসকলৰ টি ভি-ত বাতৰি লৈছোঁ
খবৰ কাগজ পঢ়ি চৰকাৰৰ আঁচনিসমূহক সমালোচনা কৰিছোঁ
তাতকৈ আমিনো কৰিব পাৰোঁ আৰু কি ?
ঘৰতে আছোঁ, কুশলে আছোঁ
গাড়ী-মটৰ চলা নাই, প্ৰদূষণ কমিছে
কল-কাৰখানা বন্ধ, শ্ৰমিক মৰিছে; আমি অ'জন স্তৰৰ আলোচনাত মত্ত ।
ঘৰতে আছোঁ, কুশলে আছোঁ ।
ঘৰত থকাই ভাল - কথাষাৰ ক'বলৈয়ো ভাল,
যিসকলৰ ঘৰত চৌকা জ্বলা নাই
যিসকলে দুবেলা দুমুঠি খাবলৈ পোৱা নাই
তেওঁলোকে জানো ক'ব - ঘৰতে আছোঁ, কুশলে আছোঁ ।
তেওঁলোকে জানো ক'ব-
ঘৰতে আছোঁ, কুশলে আছোঁ ।

No comments:
Post a Comment