Tuesday, May 25, 2021

এটা আধুনিক সাধু আৰু এজন যোদ্ধা

 এটা আধুনিক সাধু আৰু এজন যোদ্ধা

--------------------------------------

কুমুদ ঘোষ

--------------------

ভোকতকৈ ভগৱান ডাঙৰ নহয়

ভোকতকৈ ভগৱান ডাঙৰ নহয় বাবেই

ঘৰত থৈ ঘৰৰ ভগৱান

তেওঁ ওলাই গৈছিল অন্ন, সংস্থাপনৰ স্বাৰ্থত

 

ঘৰৰ পৰা প্ৰায় তিনিশ কি:মি: দূৰৈৰ

ৰাজধানী চহৰ এখনত তেওঁ যোগাৰ কৰিছিল কাম,

দুবেলা দুমুঠি ভাত

পকেটত মাহেকৰ মূৰত ঘৰলৈ পঠাব পৰাকৈ কেইটামান টকা,

তাতকৈ তেওঁৰ একোৱেই নাছিল

 

তেওঁৰ কাম আছিল ঘৰে ঘৰে গৈ

চহৰখনৰ মানুহবোৰক জিভাৰ জুতি যোগান ধৰা

 

সৌ সিদিনাখনলৈকে সকলোবোৰ ঠিক-ঠাক আছিল

সৌ সিদিনাখনলৈকে হাঁহি-মাতি আছিল

চহৰখনৰ পৰা প্ৰায় তিনিশ কি: মি: দূৰৈৰ মধ্যপ্ৰদেশত থকা তেওঁৰ তিনি সন্তান,

সৌ সিদিনাখনলৈকে কুশলে আছিল এটি কৃষক পৰিয়াল

 

হঠাৎ চীনত কিবা এটা ঘটিল, তাৰ পাছত ইটালিত

তাৰ পাছত ইখন-সিখনকৈ বহু দেশ, বহু চহৰত,

তেওঁ সেইবোৰৰ একোৱেই বুজি পোৱা নাছিল

 

হঠাৎ এদিন তেওঁৰ প্ৰিয় চহৰখন শুই পৰিল,

বাট-পথ নিমাওমাও '

মানুহবোৰে বন্ধ কৰিলে ঘৰৰ সকলো দুৱাৰ

মুখবোৰ ঢাকি মানুহবোৰ ৰাতিৰ ভিতৰতে অচিনাকি হৈ পৰিল,

তেওঁ কাম কৰা ৰেস্তোৰাঁখনত তলা লাগিল

 

মালিকে তেওঁক হিচাপ-নিকাচ নকৰাকৈয়ে বিদায় দিলে,

ভাৰাঘৰৰ মালিকে ৰাতিৰ ভিতৰতে খালি কৰিবলৈ নিৰ্দেশ দিলে ঘৰ

 

কিবা এটা হৈছে ?

কিবা এটা হৈছে বাবেই তেওঁৰ দৰে হাজাৰজন

চহৰ এৰি ঘৰমুৱা হৈছে

দিশহাৰা হৈ

আন দহজনৰ দৰে তেওঁ পালেহি আনন্দবিহাৰ,

আনন্দবিহাৰত ৰৈ আছিল নিৰানন্দ

সমগ্ৰ বিশ্ব যেতিয়া পৰস্পৰৰ পৰা দূৰৈত থকা অঙ্গীকাৰত আৱদ্ধ

আনন্দবিহাৰত তেতিয়া বিৰাজ কৰিছিল বিশাল জনসমুদ্ৰ

 

সিদিনাখন আগেয়ে কেৱে কেতিয়াও 'তো নপতা প্ৰতিযোগিতা এখন

আয়োজন কৰা হৈছিল তাত

অংশগ্ৰহণ কৰিছিল চহৰ এৰি ঘৰমুৱা হোৱা

আনন্দবিহাৰত সমবেত হাজাৰ হাজাৰ জনতাই

যাতায়তৰ বাবে তাত তেতিয়া নাছিল কোনো বাহন

নাছিল খাদ্য অথবা পানীয়

 

আৰম্ভ হৈছিল প্ৰতিযোগিতা, নাছিল কোনো আয়োজক

নাছিল কোনো বিশেষ বঁটা-বাহন

নাছিল প্ৰথম, দ্বিতীয় অথবা তৃতীয় হোৱা উদ্দেশ্য,

ঘৰ গৈ পোৱাটোৱেই আছিল বঁটা আৰু জীৱন

প্ৰতিযোগিতাৰ কোনো ধৰা-বন্ধা নীতি-নিয়ম নাছিল,

নাছিল নিৰ্দিষ্ট দূৰত্ব

নিজ নিজ ঘৰৰ চোতালেই আছিল প্ৰতিযোগীসকলৰ লক্ষ্য

 

আগেয়ে কেৱে কেতিয়াও 'তো অনুষ্ঠিত নকৰা প্ৰতিযোগিতাখনৰ নাম থোৱা হৈছিল -

খোজ কঢ়া মাৰাথন

 

হাজাৰজন প্ৰতিযোগীৰ মাজৰে এজন আছিল তেওঁ

প্ৰায় দুশ কি: মি: খোজ কঢ়াৰ পাছত

তেওঁ ঢলি পৰিছিল আগ্ৰাত,

বুকুত প্ৰচণ্ড বিষ এটা অনুভৱ কৰছিল তেওঁ,

তেওঁক চাবলৈ তেওঁৰ সোঁৱে-বাঁৱে থকাসকলৰ কাৰোৰে তেতিয়া নাছিল সময়

সকলোৰে ঘৰৰ চোতালবোৰে বাট চাই আছিল

ঘৰৰ মানুহ ঘৰলৈ উলটি আহক কুশলে

 

বিষ এটা বুকুত বান্ধি আগ্ৰাত

খোজ কঢ়া মাৰাথনৰ পৰা বিদায় লৈছিল এজনে

সাক্ষী হৈ আছিল তাজমহল

 

জীৱন যুদ্ধত হাৰ নমনা যোদ্ধা এজন

পৰি আছিল আগ্ৰা হাইৱেৰ ৰণক্ষেত্ৰত

 

তেওঁ আৰু কোনোদিন এৰি অহা চহৰখনলৈ উলটি নাযায়

তেওঁ আৰু কোনোদিন ঘৰে ঘৰে গৈ খাদ্যৰ জুতি নিবিলায়,

কোনো ৰেস্তোৰাঁৰে খাদ্যৰ টোপোলাত লেখা নহয় আৰু তেওঁৰ নাম

তেওঁ কোনোদিন আৰু ঘৰৰ চোতালত ভৰি নথয়,

তেওঁ কোনোদিন আৰু তেওঁৰ তিনি সন্তানক বুকুত সাবটি নধৰে;

কোনোদিন আৰু তেওঁ তেওঁৰ পত্নীক মোনাৰ পৰা উলিয়াই নিদিয়ে

মৰমেৰে অনা শাড়ী অথবা মিঠাইৰ টোপোলা

তেওঁ কোনোদিন আৰু নিজৰ পথাৰখনলৈ নায়ায়,

পথাৰৰ সেউজীয়াই তেওঁক আৰু কেতিয়াও গান নুশুনায়,

তেওঁ আৰু কেতিয়াও নুশুনে চৰাইৰ গান

 

জীয়াই থকাৰ কৰুণা বিচাৰি তেওঁ জীয়াই থাকিব চিৰকাল

জীয়াই থকাৰ সাহ এটা হৈ

তেওঁ জীয়াই থাকিব চিৰকাল

 

No comments:

Post a Comment

তুমি, অমিতাভ

তুমি, অমিতাভ মূলঃ ডঃ তপোধীৰ ভট্টাচার্য (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ   তুমি, অমিতাভ, ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা সমতললৈ না...