Tuesday, May 25, 2021

মুক্তি

 মুক্তি

-------

অংশুমান কৰ (বাংলা)

অসমীয়া অনুবাদ : কুমুদ ঘোষ

-----------------------------------------

দূৰ দেশৰ বিপন্ন মানুহৰ বাবে যেতিয়া

এলুমিনিয়ামৰ বাটি জোকাৰি ট্ৰেইনৰ এটা কম্পাৰ্টমেণ্টৰ পৰা আন এটা কম্পাৰ্টমেণ্টলৈ গৈছোঁ

অথবা চাৰিজনে চাদৰৰ চাৰিটা কোণত ধৰি ৰাস্তাত ঘূৰিছোঁ

তেতিয়া শুনিছোঁ বিদ্ৰুপ

কোনো কোনোৱে কোৱা শুনিছোঁ :

দেশ নহয়, বিদেশকেই আমি কেউজনে ভালপাওঁ

তেওঁলোকক দোষ নিদিওঁ

নিজেওচোন কতবাৰ বিপন্ন বন্ধুৰ বাবে

সঠিককৈ যিখিনি কৰা উচিত - নকৰিলোঁ

হয়তো সোণালী ডেউকাৰ চিলনী হৈ উঠিব পাৰিলোঁহেঁতেন

কিন্তু 'লোঁ ৰুগীয়া শালিকা

কিন্তু আজি

ইটালিৰ মুমুৰ্ষু মানুহৰ বাবে প্ৰাণে কান্দিছে

যিজন বন্ধু কোনোদিনেই ফ্ৰান্সলৈ যোৱা নাই, তেওঁ লিখিছে :

ভালে থাকা ফ্ৰান্স, কুশলে থাকা

'সাম্ৰাজ্যবাদী' আমেৰিকাই কৈছে, দেশে দেশে ভেণ্টিলেটৰ পঠিয়াব

লক্ষ লক্ষ অপৰিচিত মানুহৰ বাবে

চকুপানী টুকিছে লক্ষ লক্ষ অপৰিচিত মানুহে

আৰু মাটিত পৰাৰ লগে লগেই

প্ৰতিটোপাল অশ্ৰুবিন্দু হৈ উঠিছে একো একোটা মায়াবী মুকুতাৰ দানা

এই ধৰণৰ এখন পৃথিৱীৰ কথা

আপুনি বাৰু কল্পনা কৰিছিলনে মাৰ্ক্স ?

সেয়া চাওঁক জন লেননে গান গাইছে

গীত ৰচিছে সলিল চৌধুৰীয়ে : 'ঢেউ উঠছে, কাৰা টুটছে' *

অনাগত দিন মুক্তিৰ

------------

* ১৯৪৬ চনৰ ২৯ জুলাইত নৌ বিদ্ৰোহক সমৰ্থন কৰি দেশব্যাপী চলা ধৰ্মঘটৰ সময়ত ৰচা এটি কালজয়ী গীত

-------------------

বিদ্ৰকবিৰ অনুমতি সাপেক্ষে অনূদিত 

 

 

No comments:

Post a Comment

তুমি, অমিতাভ

তুমি, অমিতাভ মূলঃ ডঃ তপোধীৰ ভট্টাচার্য (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ   তুমি, অমিতাভ, ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা সমতললৈ না...