ঈশ্বৰৰ সন্ধানত এদিন
-----------------------------
কুমুদ ঘোষ
----------------
"সবার উপরে মানুষ সত্য,
তাহার উপরে নাই ।"
- চণ্ডীদাস ।
নামঘৰলৈ গ'লোঁ, দুৱাৰ বন্ধ
মন্দিৰলৈ গ'লোঁ, দুৱাৰ বন্ধ
মচজিদলৈ গ'লোঁ, দুৱাৰ বন্ধ
গুৰুদ্বাৰলৈ গ'লোঁ, দুৱাৰ বন্ধ
গীৰ্জালৈ গ'লোঁ, দুৱাৰ বন্ধ ।
তেওঁ ক'লে,
'ঘৰলৈ উলটি যোৱা, ঘৰতে মোক পাবা ।'
মই ক'লোঁ, 'কেনেকৈ চিনি পাম তোমাক ?'
তেওঁ ক'লে, 'ঘৰৰ মানুহবোৰৰ মুখবোৰ চোৱা,
চুবুৰীয়াৰ মুখবোৰ চোৱা, গঞাৰ মুখবোৰ চোৱা ।
সেই মুখবোৰৰ মাজতেই মোক বিচাৰি পাবা ।'
মুখবোৰ চাওঁতে ঈশ্বৰ, আল্লা অথবা গড-ক বেলেগ বেলেগকৈ দেখা নাপালোঁ,
মানুহৰ মুখমণ্ডলত জিলিকি আছিল কেৱল মানুহ ।
No comments:
Post a Comment