Monday, May 24, 2021

লাইন

লাইন

--------

- কুমুদ ঘোষ

-----------------


[]

আজিকালি সকলো বস্তু লাইনত থাকিলেহে পোৱা যায়

লাইনৰ বাহিৰ মানে দেশৰ বাহিৰ -

বন্ধু এজনে ফোনত মোক এই পৰামৰ্শ দিলে


স্কুল-কলেজত নামভৰ্তিৰ বাবে লাইন

ৰেচনৰ দোকানত চাউলৰ বাবে লাইন

চিনেমা হলত টিকটৰ বাবে লাইন

চিকিৎসালয়ত চিকিৎসাৰ বাবে লাইন

জীয়াই থকাৰ বাবে জীৱনত

কতবাৰ কতৰকমে লাইন পাতোঁ আমি


লাইনত থকা সকলোৱে বিচৰা সকলো বস্তু বিচাৰিলেই নাপায়

কেতিয়াবা আধাতে বন্ধ হয় দুৱাৰ-খিৰিকি

খালি হাতে উলটি যাব লগা হয় অহাবাটে


লাইন মানে নিশ্চিন্ত, নিশ্ছিদ্ৰ নহয়

লাইন মানে সফলতা নহয়

লাইন মানে পোহৰ নহয়

[]

ওচৰা-উচৰিকৈ দুডাল চিৰি

কেতিয়াও একেলগ নোহোৱা দুটা স্বতন্ত্ৰ সত্তা

আমি নাম 'লোঁ - ৰেল লাইন


ৰেল লাইনক সাক্ষী কৰি ঘৰমুৱা হৈছিল

এজাক ভোকাতুৰ মানুহ,

তেওঁলোক লাইনতে আছিল

জীয়াই থকাৰ টিকট একোটা বিচাৰি

ৰেললাইনতে ক্লান্ত, অৱশ হৈ শুই পৰিছিল


মৃত্যু ভয়ত কাতৰ নোহোৱা এক টোপনিক সাক্ষী কৰি

শুই আছিল তেওঁলোক,

পেটত কি আছিল বা নাছিল

কোনেৱেই কৰা নাই সেই প্ৰশ্ন

'-' ছিটিকি থকা মঙহ আৰু ৰুটি দেখি

কোনোৱে কোনোৱে কৰিছিল প্ৰশ্ন

কিয় শুইছিল বাৰু ৰেল লাইনত ?


আপোনাকক প্ৰশ্ন এটা সুধিব বিচাৰিছোঁ -

কওকচোন বাৰু,

কোনটো লাইনত থাকিলে

পাব পাৰি দুবেলা দুমুঠি ভাত

লাজ ঢাকিবলৈ এডোখৰ বস্ত্ৰ

আৰু নিৰ্বিঘ্নে যাপন কৰিব পাৰি জীৱন ? ■

 

No comments:

Post a Comment

তুমি, অমিতাভ

তুমি, অমিতাভ মূলঃ ডঃ তপোধীৰ ভট্টাচার্য (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ   তুমি, অমিতাভ, ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা সমতললৈ না...