ভাষা
--------
মূল : অংশুমান কৰ (বাংলা)
অসমীয়া অনুবাদ : কুমুদ ঘোষ
--------------------------------------
এসময়ত অনুভৱ কৰিছিলোঁ
আফ্ৰিকা আৰু এছিয়া, আমেৰিকা আৰু ভাৰতবৰ্ষ
সমগ্ৰ পৃথিৱীয়ে বুজে মাথোঁ এটাই ভাষা - সেইটো সুৰৰ ।
এসময়ত ভাবিছিলোঁ
পৃথিৱীৰ সকলো মানুহে এদিন কথা পাতিব
এটা ভাষাতেই - সেইটো মুষ্টিবদ্ধ হাতৰ ভাষা ।
এদিনাখন বুজিলোঁ গছবোৰৰ দৰেই
পৃথিৱীৰ এক প্ৰান্তৰ সৈতে আন এক প্ৰান্তই
কথা পাতে নীৰৱতাৰ ভাষাত ।
আজি দেখিছোঁ, বগা আৰু ক'লা, উচ্চ আৰু নীচ
পৃথিৱীৰ সকলো মানুহে এজনে আনজনৰ সৈতে
যিটো ভাষাত কথা পাতিছে, সেয়া কান্দোনৰ ভাষা ।
বি: দ্ৰ: কবিৰ অনুমতি সাপেক্ষে অনূদিত ।

No comments:
Post a Comment