মই, সি আৰু সিহঁত
মূল
: অৰ্জুন দাস (বাংলা)
অসমীয়া অনুবাদ : কুমুদ ঘোষ
(অৰ্জুন
দাসৰ জন্ম ১৯৮৬ চনত অসমৰ ওদালগুৰি জিলাৰ কলাইগাঁৱত । তেখেত মূলতঃ কবি । অসমীয়া আৰু
বাংলা উভয় ভাষাত সমানেই দক্ষ এইজন লেখকে উভয় ভাষাতে সাহিত্য-চৰ্চা কৰি আহিছে ।‘দহনকালেৰ
কথকতা’, ‘আসামেৰ বাংলা ছোটোগল্প’ আদি সঙ্কলনত অৰ্জুন দাসৰ গল্প সঙ্কলিত হৈছে । শিক্ষকতাক
পেছা হিচাপে গ্ৰহণ কৰা অৰ্জুন দাস বৰ্তমান কৰ্মসূত্ৰে ধুবুৰী জিলাৰ বাসিন্দা । শ্ৰীদাসৰ
অনুমতি সাপেক্ষে বৰ্তমানৰ গল্পটি অনুবাদ কৰা হ’ল ।)
(১)
অৱেশষত সি ঘৰ এৰিবলগীয়া হ’ল । বন্ধু হিচাপে তাক সহায় কৰা দূৰৰে
কথা, তাৰ বৃদ্ধ দেউতাকক মাৰি পেলোৱাৰ খবৰ শুনিয়ো চাবলৈয়ো যাব নোৱাৰিলোঁ । যামনো কেনেকৈ
! এই ৰক্তাক্ত সময়ে আমাক ঘৰৰ ভিতৰতে পঙ্গু কৰি থৈছে । শুনিছোঁ, তাক বিচাৰিয়েই তেওঁলোক
আহিছিল । তাক নাপায় তাৰ দেউতাককে হত্যা কৰি কাষৰ খালত দলিয়াই থৈ গ’ল । চিকিৎসালয় গৈ
পোৱাৰ আগতেই তেখেত ঢুকাল । গোটেই জীৱন কঠোৰ পৰিশ্ৰম কৰি তেখেতে ল’ৰা-ছোৱালীকেইটাক মানুহ
কৰিছে । নিৰক্ষৰ যদিও তেখেত আছিল জ্ঞানী । বৃদ্ধ মানুহজনক শেষবাৰৰ বাবে এপলক চাবলৈ
যাব নোৱৰাৰ অপৰাধত নিজকে অপৰাধী যেন লাগে ।
(২)
হাইস্কুলৰ দিনৰ পৰাই তাৰ সৈতে মোৰ বন্ধুত্ব । তাৰ শৈশৱ-কৈশোৰৰ
সকলো কথাই মই জানো । সিহঁতৰ ঘৰখন দুবাৰকৈ বানে উটুৱাই নিয়াৰ পাছত ইয়ালৈ আহি ঘৰ বান্ধিছিল
। কি আচৰিত, ইয়াতো নদীখনে লাহে লাহে খহাই খহাই যেন সিহঁতৰ ঘৰখনৰ ফালেই আগুৱাই আহিছে
। আচলতে নদীখনে তাৰ সকলো কথা জানে । তাৰ বিষয়ে মোতকৈয়ো নদীখনে বেছি কথা জানে ।
নদীৰ পাৰৰ উৰ্বৰ ভূমিয়ে সিহঁতৰ পৰিয়াললৈ কিছু স্বচ্ছলতা আনিছিল
। ৰাতিপুৱা দেউতাকে হাল জুৰিলেই সি নাঙলৰ পিছে পিছে খোজ দিছিল । এনেকৈয়ে বোকা-পানী
খচকি সি ডাঙৰ হ’ল, স্কুললৈ যাবলৈ আৰম্ভ কৰিলে । প্ৰতি দেওবাৰে দেউতাকৰ সৈতে বজাৰত নিজৰ
বাৰীৰ পাচলি বিক্ৰী কৰিবলৈ যোৱাত তাৰ কি যে আনন্দ আছিল ! আৰু নদীৰ চৰত আবেলি গৰু চৰাবলৈ
ভাল পাইছিল । গোৱালপৰীয়া গীতৰ দৰে বিষাদসনা গানবোৰ সি গুণগুণাইছিল । ক’ৰ পৰা বাৰু সি
এই গানবোৰ শিকিছিল !
এনেদৰেই এদিন সি সপ্তম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষাত সৰ্বোচ্চ
নম্বৰ পালে । পুৰস্কাৰ হিচাপে তাক দিয়া হ’ল লক্ষ্মীনাথ বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’
। সি যেন এখন নতুন পৃথিৱীৰ সন্ধান পালে । তাৰ মনত নতুন নতুন কাহিনীয়ে বাহ বান্ধিবলৈ
ল’লে । গানৰ ঠাইত কাহিনী হৈ পৰিল তাৰ প্ৰধান ভালপোৱাৰ বিষয় ।
(৩)
আমাৰ দুয়োৰে ঘৰত ধৰ্ম বিষয়ত তেনে কোনো মূৰ কামোৰণি নাছিল ।
সেয়ে তাৰ সৈতে মই অতি সোনকালে ঘনিষ্ঠ হৈ পৰিছিলোঁ । প্ৰথম যিদিনা তাৰ ঘৰলৈ গৈছিলোঁ,
তাৰ মাকে মোক চাহ-মুড়িৰ লগত নাৰিকলৰ পিঠা খাবলৈ দিছিল । সেয়াই প্ৰথমবাৰলৈ নাৰিকলৰ
পিঠা খালোঁ । তাৰ মাকে মোক নিজৰ সন্তানৰ দৰেই চেনেহ কৰিছিল । আৰু সিয়ো যেতিয়াই আমাৰ
ঘৰলৈ আহিছিল, খাবলৈ বুলি আমাৰ মাক টেকেলি পিঠা বিচাৰিছিল ।
আমি নৱম শ্ৰেণীলৈ উত্তীৰ্ণ হ’লোঁ । সি প্ৰথম হ’ল, ছাৰৰ ছোৱালী
বন্দিতা দ্বিতীয় আৰু মই কোনোমতে তৃতীয় স্থান অক্ষুণ্ণ ৰাখিলোঁ । আমাৰ ক্লাছৰ বেটচটোক
ছাৰ-বাইদেউসকলে বৰ ভাল পাইছিল । তথাপি তাক যেন অলপ বেছি ভাল পাইছিল । সেয়ে ময়ো অলপ-অচৰপ
ঈৰ্ষা কৰিছিলোঁ ।
এসময়ত সংগঠন কৰা মোৰ ককাইদউৰ কিছু কিতাপ-পত্ৰ আছিল । সকলোখিনিয়েই
সি পঢ়ি অঁতালে । তাৰ উপৰি ক’ৰ পৰা যে সি কিতাপ সংগ্ৰহ কৰি পঢ়িছিল, আমি কোনোৱেই তাৰ
একো উমঘামেই পোৱা নাছিলোঁ । ঠিক তেতিয়াৰ পৰাই তাৰ লেখা-মেলা আৰম্ভ হ’ল । প্ৰথম অৱস্থাত
মহাত্মা গান্ধীৰ বিষয়ে এক পৃষ্ঠা, ৰবীন্দ্ৰনাথৰ বিষয়ে এক পৃষ্ঠা, কাষৰ নদীখনৰ বিষয়ে
এক পৃষ্ঠা, মোমায়েকৰ ঘৰৰ বিষয়ে এক পৃষ্ঠা – এনেকৈ বহীৰ বেয়া পৃষ্ঠাবোৰত লিখি থৈছিল
। সপ্তাহ-পষেকৰ পাছত বহীৰ সেই পৃষ্ঠাবোৰ ক’ৰবাত হেৰাই গৈছিল !
এদিনাখন ক্লাছত হাজৰিকা ছাৰে সাতদিনৰ ভিতৰত সকলোকে কিবা নহয়
কিবা এটা লিখি আনিবলৈ ক’লে । উদ্দেশ্য হ’ল আমাৰ বিদ্যালয়ৰ পৰা এখন ছমহীয়া প্ৰাচীৰ পত্ৰিকা
প্ৰকাশ কৰা । প্ৰাচীৰ পত্ৰিকাৰ নাম থোৱা হ’ল ‘অশোক গছ’ । এই ‘অশোক গছ’তেই তাৰ ‘মোমাইদেউহঁতৰ
ঘৰ’ নামৰ চুটিগল্পৰ নিচিনা লেখা এটা প্ৰকাশ হ’ল । বন্দিতা, নিৰ্মালি, কাৰ্লোচ, গৌৰৱৰ
নিচিনাকৈ আন বহুতৰেই জীৱনৰ প্ৰথম লেখা ‘অশোক গছ’ৰ পাততেই প্ৰকাশ হৈছিল । ময়ো কবিতা
এটা লিখাৰ কথা আছিল, কিন্তু ছয়দিনে চেষ্টা কৰিয়ো ছয়টা শাৰীয়ো লিখিব নোৱাৰিলোঁ । অৱশেষত
‘অশোক গছ’ৰ পাতত মোৰ নামত পাঁচটা মহৎ লোকৰ বাণী প্ৰকাশ হ’ল ।
বন্দিতাৰ কথা কৈ আমি তাৰ খং তুলিছিলোঁ । সি খং কৰিছিল ঠিকেই,
অৱশ্যে ধাৰণা হয় ভিতৰি ভিতৰি তাৰ ৰং লাগিছিল । বিদায় সভাৰ দিনা আমি বৰকৈ কান্দিছিলোঁ
। বিশেষকৈ ছোৱালীকেইজনীৰ চকুলোৰ সোঁত কোনোপধ্যেই বন্ধ হোৱা নাছিল । আমি ইজনে-সিজনৰ
হাতত হাত থৈ প্ৰতিজ্ঞা কৰিছিলোঁ, জীৱন-দৌৰত যিয়েই য’তে নাথাকো কিয়, কোনোৱেই কাকো নাপাহৰোঁ
। ওৰে জীৱনলৈ বন্ধুত্ব থাকিব । চকুলো মচি মচি সি ওলাই আহিছিল কাষৰ খালি ক্লাছ ৰূমটোলৈ
। তাৰ পিছে পিছে প্ৰায় দৌৰি যোৱাদি গৈছিল বন্দিতা । বন্দিতাৰ চকুলো মচি সিদিনাখন সিহঁত
দুয়ো ওৰে জীৱন ওচৰতে থকাৰ প্ৰতিশ্ৰুতি দিছিল । সিদিনা তাৰ নাকত বন্দিতাৰ মেখেলাৰ সুগন্ধ
স্থায়ী হৈ ৰ’ল । ৰাতিলৈ কবিতাৰ ৰূপত কেইটামান শাৰী তাৰ মনলৈ আহিল । পোনপটীয়াকৈ অংকৰ
বহীখনৰ পিছফালে সি মনলৈ অহা শাৰীকেইটা টুকি থ’লে । সেয়াই তাৰ প্ৰথম কবিতা । ইয়াৰ পাছত
আৰম্ভ হ’ল অন্য এক যাত্ৰা ।
মেট্ৰিক পৰীক্ষাত সিহঁত দুয়ো লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ
হ’ল । মই কোনোৰকমে দ্বিতীয় বিভাগ পালোঁ । বন্দিতা গুৱাহাটীলৈ গ’লগৈ । মোমায়েকৰ ঘৰত
থাকি পঢ়া-শুনা কৰাৰ উদ্দেশ্যৰে বিজ্ঞান শাখাত নাম ভৰ্তি কৰিলে । আন আন বন্ধুসকলৰ সৈতে
আমিয়ো স্থানীয় কলেজখনতে নাম ভৰ্তি কৰিলোঁ । প্ৰথমৰফালে বন্দিতা ঘৰলৈ আহিলেই তাৰ খা-খবৰ
লৈছিল । পৰৱৰ্তী সময়ত বন্দিতা লাহে লাহে অলপ অলপকৈ দূৰলৈ আঁতৰি যাব ধৰিলে । তথাপি বিদায়
সভাৰ সেই মুহূৰ্তটোৱে প্ৰায়েই তাইৰ মনত দোলা দি থাকিল ।
(৪)
আমাৰ এই স্থানীয় কলেজখনত যি দুই-চাৰিজন প্ৰধান কবি, সাহিত্যিক
আছে তেখেতসকলৰ বিষয়ে আগেয়ে জনা নাছিলোঁ । বছৰচেৰেক পাছত তেখেতসকলৰ সৈতে আমাৰ ঘনিষ্ঠ
সম্পৰ্ক গঢ় লৈ উঠিল । নতুন উদ্যমেৰে লেখা-মেলা আৰম্ভ হ’ল । অসীম ছাৰৰ সৈতে আমি প্ৰায়েই
আড্ডা দিছিলোঁ । কবিতাৰ গতি-প্ৰকৃতি সম্বন্ধীয় ছাৰৰ কথা-বতৰাত উদ্বুদ্ধ হৈ আৰু আড্ডাত
টিকি থকাৰ স্বাৰ্থত ময়ো জোৰকৈ দুই-চাৰিটা কবিতা লেখিবলৈ আৰম্ভ কৰিলোঁ । আচৰিত কথাটো
হ’ল, ছাৰৰ অলপ-অচৰপ প্ৰশংসা লভি পৰৱৰ্তী সময়ত মই নিজেই লেখাৰ তাগিদা অনুভৱ কৰিবলৈ ল’লোঁ
।
লাহে লাহে স্থানীয় কাকত-আলোচনীৰ পৰিধি অতিক্ৰমি তাৰ কবিতা দুই-এখন
জনপ্ৰিয় আলোচনীত প্ৰকাশ হ’বলৈ ধৰিলে । দুই-এখন কবি সম্মিলনলৈয়ো তাৰ আমন্ত্ৰণ আহিব ধৰিলে
। মোৰ দৃষ্টিত সি ক্ৰমাত অলপ-অলপকৈ কবি হৈ উঠিল । তাৰ এই উত্তৰণ মোৰ ভাল লাগিল । মোৰো
দুই-এটা কবিতা স্থানীয় কাকত-আলোচনীত প্ৰকাশ হ’বলৈ ল’লে । আমি বাৰজন ল’ৰা-ছোৱালী মিলি
‘নৈপৰীয়া সাহিত্য পৰিষদ’ নামেৰে এটি সাহিত্যৰ বৈঠক আৰম্ভ কৰিলোঁ । মাহেকীয়া এই বৈঠকত
আমি গল্প-কবিতা পাঠ কৰিছিলোঁ । ছাৰে আমাৰ লেখাবোৰ সমালোচনা কৰিছিল, ভাল হ’লে প্ৰশংসাও
কৰিছিল ।
(৫)
কলেজত নাম ভৰ্তি কৰাৰ পাছত আমি দুয়ো একেটা ভাৰাঘৰতে থাকিবলৈ
ল’লোঁ । কাবেৰী নামৰ ছোৱালী এজনীয়ে আমাৰ ডিপাৰ্টমেণ্টত নতুনকৈ নাম ভৰ্তি কৰিলে ! অতি
কম সময়ৰ ভিতৰতে তাই আমাৰ গ্ৰুপৰ সদস্য হৈ পৰিল । ক্ৰমশঃ আমাৰ ঘনিষ্ঠ হৈ উঠিল । আমি
সকলোৱেই কাবেৰীৰ ৰূপত মুগ্ধ হৈ পৰিছিলোঁ । অৱশ্যে কাবেৰীৰ উজ্জ্বল ব্যক্তিত্ব আছিল
আমাৰ সকলোৰে বাবে প্ৰাচীৰৰ দৰে । এই অসম্ভৱ ব্যক্তিত্বৰ ছোৱালীজনী কেতিয়া যে আমাৰ কবিৰ
প্ৰেমত পৰিল, মই জনাৰ সুযোগেই নাপালোঁ । বিজ্ঞান শাখাৰ কাষৰ কৃষ্ণচূড়া গছজোপাৰ তলত
সি আৰু কাবেৰীয়ে আড্ডা দিছিল । কাবেৰীয়ে তাৰ কবিতা শুনিছিল । মাজে-সময়ে বিয়লি পৰত হাবি-বনেৰে
আৱৰা পাৰ্কখনত বহিছিল । সিহঁতৰ কিমান যে কথা ! কথাৰ যেন শেষ নাই । তাৰ হাতখন নিজৰ হাতত
সুমুৱাই কাবেৰী বহি থাকিছিল । এদিনাখন এই হাস্যময়ী কাবেৰীক আমাৰ ভাৰাঘৰত শিশুৰ দৰে
কন্দা-কটা কৰা দেখিলোঁ । মই বজাৰৰ পৰা উলটি আহি দুৱাৰৰ পৰ্দাখন দাঙিয়েই দেখিলোঁ কাবেৰীৰ
কোলাত মুখখন গুজি সি কান্দি আছে আৰু কাবেৰীৰ চকুৰ পৰা টোপা-টোপে সৰি পৰা চকুলো তাৰ
মূৰত পৰিছে । কাবেৰীৰ হাত দুখনে যেন তাৰ চুলিত সেই হেৰুওৱা চকুপানীখিনি বিচাৰি ফুৰিছে
। এই আৱেগিক মুহূৰ্ত দেখি মই আৰু ৰৈ থাকিব নোৱাৰিলোঁ, চাইকেলখন লৈ পুনৰ বজাৰ অভিমুখে
গুছি আহিলোঁ ।
(৬)
স্নাতক হোৱাৰ পাছতেই মই হাইস্কুল এখনত চাকৰি পালোঁ । কবিৰ প্ৰেমিকাৰ
বিয়া হৈ গ’ল । কাবেৰীৰ বাবে সি বৰকৈ ভাগি পৰিল । আমিবোৰে অনেক বুজাই-বঢ়াই তাক পুনৰ
লেখা-মেলালৈ ওভতাই আনিলোঁ । ছাৰৰ পৰামৰ্শত তাৰ ‘ভাটিয়ালী’ নামেৰে কবিতা সংকলন এখন প্ৰকাশ
হ’ল । ‘নৈপৰীয়া সাহিত্য পৰিষদ’ৰ তৰফৰ পৰা ময়েই সংকলনখন প্ৰকাশ কৰিলোঁ । কিতাপখন সি
কাবেৰীৰ নামত উচৰ্গা কৰিছিল । বিয়াৰ পাছত কাবেৰীয়ে পুৰণি বন্ধুৰ দৰে তাৰ বা-বাতৰি লৈছিল
। ক’ৰবাত তাৰ কবিতা প্ৰকাশ পালে বা অন্য লেখা ছপা হ’লে সকলোতকৈ আগেয়ে কাবেৰীয়েই ফোন
কৰিছিল – ‘মা, কেনে আছে ? নদীখনে এইবাৰ কিমানখিনি খহালে ? বিহুত দেখা পামনে ? মুখামুখিকৈ
বহি আমি কথা-বতৰা নপতা বহুদিনেই হ’ল ।’ এনেকৈয়ে ভাঁহি আহিছিল কাবেৰীৰ মাত । কাবেৰী
আজিয়ো তাৰ মনত প্ৰৱহমান ।
(৭)
বুকুত বিষাদ আৰু চকুত সপোন লৈ সি এম. এ. পাছ কৰি গাঁৱলৈ উভতিল
। ময়ো ট্ৰেন্সফাৰ হৈ দূৰৈৰ স্কুল এখনলৈ গুছি আহিলোঁ । চাৰ্টিফিকেটত ওজন থাকিলেও সি
চাকৰি এটা গোটাব নোৱাৰিলে । টিউশ্বন আৰু বাতৰি কাকতত দুই-চাৰিটা কলম লিখিয়েই তাৰ জীৱিকা
চলিছিল । সি ঘৰলৈ উলটি অহাৰ পাছতেই ‘নৈপৰীয়া সাহিত্য পৰিষদ’ পুনৰ নতুনকৈ প্ৰাণ পাই
উঠিল । ‘ঢেঁকীয়া সপোন’ নামৰ আন এটি কবিতাৰ পাণ্ডুলিপি প্ৰস্তুত কৰাৰ কামত সি ব্যস্ত
হৈ পৰিছিল ।
(৮)
দেউতাকক মাৰি পেলোৱাৰ দুদিন পাছতেই সি মাকক লগত লৈ গুৱাহাটীলৈ
গুছি গ’ল । যোৱাৰ আগেয়ে সি মোক ফোন কৰি কৈছিল – ‘ঘৰখন এৰি যাবলৈ বৰ কষ্ট পাইছোঁ । বাৰীৰ
আম, কঁঠাল, কমলা গছ, নদীৰ পাৰৰ বেঙেনা খেতি, নদীখন – সকলোবোৰ এৰি যাব লগা হৈছে । এই
সকলোবোৰেইচোন মোৰ । তথাপি কিয় এৰি যাব লাগিব জাননে ? জন্ম আৰু ভাষাৰেই কেৱল অধিকাৰ,
ভালপোৱাৰ কোনো অধিকাৰ নাই ? মই হয়তো আৰু কবিতা লিখিব নোৱাৰিম । ভালপোৱাৰ প্ৰতি থকা
মোৰ বিশ্বাস নাইকিয়া হৈ আহিছে ।’ মই বাকৰুদ্ধ হৈ পৰিলোঁ । মোৰ দুচকু চলচলীয়া হৈ পৰিছিল
। সিদিনাখন তাৰ কোনো প্ৰশ্নৰে উত্তৰ দিব পৰা নাছিলোঁ । উত্তৰবোৰ মোৰো জ্ঞাত নাছিল ।
(৯)
মাকক লগত লৈ সি গুছি গ’ল । যোৱাৰ দুদিনৰ পাছত ৰাতিৰ অন্ধকাৰত
সিহঁতবোৰ আহিল আৰু জন্মৰ আক্ৰোশত জ্বলাই থৈ গ’ল আমাৰ আৰু পাঁচখন গাঁও । উত্তৰত পাছদিনা
ৰাতি আমাৰ মানুহেও জ্বলালে সিহঁতৰ দহখন গাঁও । কটা গ’ল সাতজন নিৰীহ মানুহ । এতিয়াও
হাজাৰ হাজাৰ মানুহে বেলেগ বেলেগ শিবিৰত দিন পাৰ কৰিছে । আমিয়ো শিবিৰত । বাহিৰত কাৰ্ফিউ
। এৰি অহা ঘৰখনলৈ উভতিব পৰা নাই । বাছ বন্ধ, বাতৰি কাকতো অহা নাই । শিবিৰত এটাই মাত্ৰ
টিভি । চকুত ভয় আৰু মনত ক্ৰোধ সাৱটি আমি টিভি চাওঁ । আজি মই এইবোৰ কি দেখিছোঁ ! ৰাজপথৰ
দাঁতিত আৰু দুটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈছে । এগৰাকী বৃদ্ধা আৰু এজন যুৱক । যুৱকজনৰ
কাষতে তেজলগা কবিতাৰ পাণ্ডুলিপি – ‘ঢেঁকীয়া সপোন’ । কেমেৰাই ওচৰলৈ আনি দেখুৱাইছে কবিতাৰ
দুটা শাৰী – ‘দিনত বোকামাটিৰ সপোন দেখে মোৰ পিতাইয়ে / ৰাতি সপোন দেখে এখন সুস্থ সমাজ
…।’ শোকাচ্ছন্ন মই স্পষ্টকৈ দেখা পাইছোঁ তেজলগা কবিতাৰ পাতৰ এই শাৰী দুটাত অলপো তেজৰ
দাগ নাই ।* * *

No comments:
Post a Comment