Thursday, May 27, 2021

চাইজ

 চাইজ

----

কুমুদ ঘোষ

-------

বিহুৰ বজাৰ কৰিবলৈ গৈ গোটেই বজাৰখন চলাথ কৰিও বৰুৱাই তেওঁৰ আঠ বছৰীয়া ছোৱালীজনীৰ চাইজৰ ফ্ৰক এটা বিচাৰি উলিয়াব নোৱাৰিলে ছোৱালীজনীৰ চলচলীয়া চকুহাল দেখি বৰুৱাৰো চকুহাল সেমেকি উঠিল

কোনোমতে নিজকে চম্ভালি বৰুৱাই ৰাস্তাৰ সিপাৰে থকা ফাষ্টফুডৰ দোকানখনৰ ওচৰলৈ গৈ ছোৱালীজনীক উদ্দেশ্যি 'লে,'মাজনী, তোমাৰ যি মন যায় তাকে খোৱা বাধা নিদিওঁ '

ছোৱালীজনীয়ে এটা শব্দও উচ্চাৰণ নকৰি ষ্টেণ্ডত পাৰ্ক কৰি থোৱা গাড়ীখনত বহিলহি পিছে পিছে আহি থকা বৰুৱাই দোকানত ওলোমাই থোৱা ৰং-বিৰঙৰ ফ্ৰকবোৰ ক্ৰমাত বেলুনৰ দৰে ফুলি ডাঙৰ হোৱা দেখিবলৈ পালে

ঈৰ্ষা

 ঈৰ্ষা

---------

মূল : অংশুমান কৰ (বাংলা)

অসমীয়া অনুবাদ : কুমুদ ঘোষ

---------------------------------

দিন  যেতিয়া  বিষণ্ণতাৰে  আৱৰা

ৰাতি,  অসময়ত  মাত  দিয়ে  এজনী  চৰায়ে

যেতিয়া  বাৰেপতি  একেটা  কথাৰে  হৈ  পৰে  অন্য  অৰ্থ

ঘৰলৈ  উভতি  দেখোঁ

কথা  পতাৰ  বাবে  কোনো  নাই

কেৱল  ভাব-লেশহীন  চাৱনিৰে  চাই  আছে

চকী-মেজ  আৰু

হোটেলৰ  পৰা  কিনি  অনা  মটৰ-পনিৰ

                              আৰু  তিনিখন  ৰুটিয়ে

তেতিয়া

কথা  কোৱাৰ  কোনো  প্ৰয়োজন  নাই  বুলিয়েই

বোবা  মানুহবোৰলৈ  বৰ  ঈৰ্ষা  হয়৷

-------------------

বিদ্ৰকবিৰ অনুমতি সাপেক্ষে অনূদিত 

মৰুভূমি

 মৰুভূমি

---------

মূল : অংশুমান কৰ

অসমীয়া অনুবাদ : কুমুদ ঘোষ

-------------------------------

চহৰত  আচলতে  তৃষ্ণা  আৰু  মৰুভূমি  বিহনে আন  একোৱেই নাই৷

প্ৰতিটো  কেঁকুৰি  একো-একোটা  বিভ্ৰম  জগোৱা  মৰীচিকা

বন-বননিবোৰ  উট,  মটৰ চাইকেলবোৰ  আৰৱী  ঘোঁৰা

ভিখাৰীবোৰ  বেদুইন

বাটৰ  দুয়োকাষে  দোকান-বজাৰ  সজাই

একো-একোখন  দোকানত  বহি  আছে

        একো-একোজন  গুৰু-গম্ভীৰ  শেখ

লাইট ষ্টবোৰ  খেজুৰ  গছ

আৰু  দেখা  পোৱা  নাই,  কিন্তু  নাৰীসকলৰ  মুখ

                                    প্ৰকৃততে  বোখাৰ্ৰে  ঢকা৷

স্বস্তি  বুলিবলৈ  মাত্ৰ  এয়াই  যে,

অলপ  দূৰে  দূৰেই  আছে  একো-একোটা  মৰূদ্যান

পান-বিড়ি-চকলেটৰ  দোকান৷

--------------------

মুছলমান সম্প্ৰদায় বিশেষ৷

-------------------

বিদ্ৰকবিৰ অনুমতি সাপেক্ষে অনূদিত 

নদীৰ জীৱন

 নদীৰ জীৱন

-----------

মূল : অংশুমান কৰ (বাংলা)

অসমীয়া অনুবাদ : কুমুদ ঘোষ

----------------------------

তাৰ  গতি  ৰোধ  নহয়৷

সিটো  জলাশয়  বা  পুখুৰী  নহয়

বৈ  থকাতেই  তাৰ  গৰিমা,  সমৃদ্ধি৷

চিৰ  নতুনক  আমন্ত্ৰণ  জনোৱাই  তাৰ  ধৰ্ম৷

দৰিদ্ৰ  মানুহ  আৰু  গৰু-ছাগলীৰ  সি  বন্ধু,

                                    পাৰাপাৰ  সহায়ক৷

টুলুঙা  নাৱৰ  নাৱৰীয়াক  সি  উপহাৰ  দিয়ে  গান,

গৃহবধূক  বন্ধু,  শিশুক  সৰু  সৰু  মাছ  আৰু

                                              শিল্পীক  সূৰ্যাস্ত৷

সেই  বুলি  নাভাবিবা

গোটেই  বছৰ  সি  বৈ  থাকে  কলকল

কেতিয়াবা  কেতিয়াবা  তাৰ  অন্যৰূপ

সাত  ক্ৰোশ  দূৰৈৰ  পৰা  তেতিয়া  শুনা  যায়  তাৰ  গৰ্জন...

 

সৰু  নদীৰ  জীৱন  আচলতে  কবিৰ  জীৱন

-------------------

বিদ্ৰকবিৰ অনুমতি সাপেক্ষে অনূদিত 

লখিন্দৰ

 লখিন্দৰ

-----

মূল :অংশুমান কৰ (বাংলা)

অসমীয়া অনুবাদ : কুমুদ ঘোষ

----------------------------------

আকৌ  ভাগিল  শইচৰ  কেঁচা  ঘুমটি

আকৌ  শব্দত  জুই,  বিস্ফোৰণ

শামুকৰ  পেটৰ  মুকুতাৰ  দৰে  সেয়া

আকৌ  জাগিছে  জনতা  জনাৰ্দন

 

পুৰুলিয়াৰ  পৰা  আহিছে  পলাশ  তৰু

ঝাড়গ্ৰামৰ  পৰা  আহিছে  শিমলু  শাল

তৰ্জন-গৰ্জনৰ  সমুখত  নহৈ  নতশিৰ

এই  চুকৰ  পৰা  সেই  চুকলৈ  লালে-লাল

 

মোৰ  ভাল  নহয়, কিন্তু  তুমিতো আছা

অবাক  নহ’বা  কঙ্কালসাৰ  চেহেৰাৰ  ডেকা  ৰা

আকাশ  কঁপোৱা  তোমাৰ  শ্ল’গানত  হঠাৎ

মোৰ  শঙ্খ-কণ্ঠ বিচাৰি  পালা


জয়-পৰাজয়  আজি  নহয়  বিচাৰ্য

অশীতিপৰৰো  শৰীৰত  তগবগ  তেজ

সেই  তৰঙ্গত মেলি দি  কলৰ  ভুৰ

মাঘৰ  চহৰলৈ  আহিল  ফাগুন৷

-------------------

বিদ্ৰকবিৰ অনুমতি সাপেক্ষে অনূদিত 

তুমি, অমিতাভ

তুমি, অমিতাভ মূলঃ ডঃ তপোধীৰ ভট্টাচার্য (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ   তুমি, অমিতাভ, ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা সমতললৈ না...