মৰুভূমি
---------
মূল : অংশুমান কৰ
অসমীয়া অনুবাদ : কুমুদ ঘোষ
-------------------------------
চহৰত আচলতে তৃষ্ণা আৰু মৰুভূমি বিহনে আন একোৱেই নাই৷
প্ৰতিটো কেঁকুৰি একো-একোটা বিভ্ৰম জগোৱা মৰীচিকা
বন-বননিবোৰ উট, মটৰ চাইকেলবোৰ আৰৱী ঘোঁৰা
ভিখাৰীবোৰ বেদুইন
বাটৰ দুয়োকাষে দোকান-বজাৰ সজাই
একো-একোখন দোকানত বহি আছে
একো-একোজন গুৰু-গম্ভীৰ শেখ১৷
লাইট প’ষ্টবোৰ খেজুৰ গছ
আৰু দেখা পোৱা নাই, কিন্তু নাৰীসকলৰ মুখ
প্ৰকৃততে বোখাৰ্ৰে ঢকা৷
স্বস্তি বুলিবলৈ মাত্ৰ এয়াই যে,
অলপ দূৰে দূৰেই আছে একো-একোটা মৰূদ্যান
পান-বিড়ি-চকলেটৰ দোকান৷
--------------------
১মুছলমান সম্প্ৰদায় বিশেষ৷
-------------------
বি: দ্ৰ: কবিৰ অনুমতি সাপেক্ষে অনূদিত ।
No comments:
Post a Comment