নদীৰ জীৱন
-----------
মূল : অংশুমান কৰ (বাংলা)
অসমীয়া অনুবাদ : কুমুদ ঘোষ
----------------------------
তাৰ গতি ৰোধ নহয়৷
সিটো জলাশয় বা পুখুৰী নহয়
বৈ থকাতেই তাৰ গৰিমা, সমৃদ্ধি৷
চিৰ নতুনক আমন্ত্ৰণ জনোৱাই তাৰ ধৰ্ম৷
দৰিদ্ৰ মানুহ আৰু গৰু-ছাগলীৰ সি বন্ধু,
পাৰাপাৰ সহায়ক৷
টুলুঙা নাৱৰ নাৱৰীয়াক সি উপহাৰ দিয়ে গান,
গৃহবধূক বন্ধু, শিশুক সৰু সৰু মাছ আৰু
শিল্পীক সূৰ্যাস্ত৷
সেই বুলি নাভাবিবা
গোটেই বছৰ সি বৈ থাকে কলকল
কেতিয়াবা কেতিয়াবা তাৰ অন্যৰূপ
সাত ক্ৰোশ দূৰৈৰ পৰা তেতিয়া শুনা যায় তাৰ গৰ্জন...
সৰু নদীৰ জীৱন আচলতে কবিৰ জীৱন ৷
-------------------
বি: দ্ৰ: কবিৰ অনুমতি সাপেক্ষে অনূদিত ।
No comments:
Post a Comment