চাইজ
----
কুমুদ ঘোষ
-------
বিহুৰ বজাৰ কৰিবলৈ গৈ গোটেই বজাৰখন চলাথ কৰিও বৰুৱাই তেওঁৰ আঠ বছৰীয়া ছোৱালীজনীৰ চাইজৰ ফ্ৰক এটা বিচাৰি উলিয়াব নোৱাৰিলে । ছোৱালীজনীৰ চলচলীয়া চকুহাল দেখি বৰুৱাৰো চকুহাল সেমেকি উঠিল ।
কোনোমতে নিজকে চম্ভালি বৰুৱাই ৰাস্তাৰ সিপাৰে থকা ফাষ্টফুডৰ দোকানখনৰ ওচৰলৈ গৈ ছোৱালীজনীক উদ্দেশ্যি ক'লে,'মাজনী, তোমাৰ যি মন যায় তাকে খোৱা । বাধা নিদিওঁ ।'
ছোৱালীজনীয়ে এটা শব্দও উচ্চাৰণ নকৰি ষ্টেণ্ডত পাৰ্ক কৰি থোৱা গাড়ীখনত বহিলহি । পিছে পিছে আহি থকা বৰুৱাই দোকানত ওলোমাই থোৱা ৰং-বিৰঙৰ ফ্ৰকবোৰ ক্ৰমাত বেলুনৰ দৰে ফুলি ডাঙৰ হোৱা দেখিবলৈ পালে ।
No comments:
Post a Comment