-কুমুদ ঘোষ
হঠাৎ ম'বাইলটো টিঙকৈ বাজি উঠিল । চকু দুটা আধা মেলিয়েই আঠুৱাৰ তলেদি হাতখন আগবঢ়াই কাষতে থকা টেবুলৰ পৰা বসন্তই ম'বাইলটো খেপিয়াই খেপিয়াই নিজৰ ওচৰলৈ আনিলে । বুকুৰ ওপৰতে দুহাতেৰে ম'বাইলটো ধৰি চকু ফুৰালে । ভাইটি মনোজৰ মেছেজ । এই কাহিলীপুৱাতে তাৰ আকৌ কি হ'ল ? পঢ়িবলৈ বুলি তেওঁ unread মেছেজটোৰ ওপৰত আঙুলিৰে টিপা মাৰিলে ।
'দেউতা ঢুকাল . . . ।'
মেছেজটো পঢ়ি শেষ নৌহওঁতেই বসন্ত একে জাপতে বিচনাৰ পৰা নামি হাতৰ কাষতে থকা চোলা-পেণ্টযোৰ পিন্ধি গাড়ীৰ চাবি বিচৰাত লাগিল। চাবিটো বিচাৰি থকাৰ মাজতে তেওঁ মনোজলৈ ফোন লগালে । নট ৰিচএবল । বাৰে বাৰে ফোন কৰে, বাৰে বাৰে একেকেইটা বাক্য । গাড়ীখন ষ্টাৰ্ট কৰি চাৰিআলিটো পাওঁতেই ফোন লাগিল । মাত অস্পষ্ট । সি কি কৈছে বসন্তই বুজি পোৱা নাই । জোৰকৈ ধৰি ৰখা চকুপানীখিনি বুকুৰ প্ৰচণ্ড খুণ্ডা এটাত গালেদি বৈ আহিছে ।
গাড়ীখন শ্ল' কৰি আকৌ ফোন লগালে । সিফালৰ পৰা মনোজৰ মাত, 'ককাইদেউ, ক'চোন !' বসন্তই চিধাচিধি সুধিলে, 'কেতিয়া কি হ'ল অ'?' সি তাক ওলোটাইহে সুধিলে, 'কিনো ?' খঙৰ সুৰত বসন্তই ক'লে, 'দেউতা কেই বজাত ঢুকাল !' সি তাৰ মাতটো অলপ সৰু কৰি ক'লে, 'খবৰটো তেনেহ'লে তোলৈহে গ'ল নেকি ? ইচ্ ৰাম, আমাৰ কাষৰ ঘৰৰ দিগন্ত ককাইদেউৰহে দেউতাক ঢুকাল, তাক ফোনত নাপাই খবৰটো দিছিলোঁ । ভুলতে চাগে' তোলৈহে মেছেজটো গ'ল ।' বসন্তৰ খঙটো উদিত ৰঙা বেলিটোৰ সৈতে মিলি গ'ল । ■ ■ ■
No comments:
Post a Comment