যৌগিক মিশ্ৰণ
মূল : গণেশ দে (বাংলা)
অসমীয়া
অনুবাদ : কুমুদ ঘোষ
(গণেশ
দে-ৰ জন্ম ১৯৪১ চনত অসমৰ শিলচৰ চহৰৰ সমীপৱৰ্তী লক্ষ্মীপুৰত । ১৯৬৯ চনত গৌহাটী বিশ্ববিদ্যালয়ৰ
পৰা বাংলা বিষয়ত স্নাতকোত্তৰ আৰু সেই একে বছৰতে পয়লাপুৰ নেহৰু মহাবিদ্যালয়ৰ বাংলা বিভাগত
অধ্যাপক হিচাপে যোগদান । বিশ্ববিদ্যালয়ত পঢ়ি থকাৰ দিনতে মুঠ চাৰিজন বন্ধু মিলি যৌথভাৱে
প্ৰকাশ কৰে প্ৰথমখন গল্প সঙ্কলন ‘নীলগোলাপ’ । বিভিন্ন লিটল মেগাজিনত এইজনা গল্পকাৰৰ
বহু গল্প সিচঁৰতি হৈ আছে । অলপতে মেঘমালা দে মহন্তই অ’ত-ত’ত সিচঁৰতি হৈ থকা গণেশ দে-ৰ
গল্পসমূহ একত্ৰিত কৰি পাঠকৰ হাতত “গণেশ দে গল্পসমগ্ৰ” নামেৰে তুলি দিছে । মেঘমালা দে
মহন্তৰ সানন্দ অনুমতি সাপেক্ষে এই গল্পটিৰ অসমীয়া অনুবাদ পাঠকলৈ আগবঢ়ালোঁ । অনুবাদৰ
অনুমতি প্ৰদান কৰাৰ বাবে আমি মেঘমালা দে মহন্তৰ ওচৰত কৃতজ্ঞ ।)
তিনিজন
বন্ধু । সন্ধিয়া সময় । আড্ডাত তুমুল বিতৰ্ক । বিতৰ্কৰ
বিষয়
অৰ্থনীতি আৰু যান্ত্ৰিকতা । আৱিষ্কাৰৰ ধাৰাত মানুহৰ দুৰ্বুদ্ধিৰ বুমেৰাঙৰ আঘাত । কেতিয়াবা
আলোচনা, কেতিয়াবা তৰ্ক, কেতিয়াবা কেৱল কথাৰ মহলা ।এয়া মধ্যবিত্তৰ আড্ডা । সেয়ে পানীয়
বটলৰ পৰা অহা নাই, কেটলিৰ পৰাহে আহিছে । তিনিজন বন্ধুৰ এজন হ’ল কে. নায়ক । সম্পূৰ্ণ
নাম ক্লান্ত নায়ক । গালে-মুখে জোঙা জোঙা দাঢ়ি, কপালত ডেউকা মেলা চিলনীৰ নিচিনা তিনিডাল
ৰেখা । আনজন এন. দে । নিৰুপম নহয়, নিৰুপায় দে । গল্প-কবিতা লেখে আৰু সাংঘাতিক ধৰণৰ আংবাং
কথা বলকে । তৃতীয়জন এ. সেন, মানে আশাঙ্কুৰ সেন ।
কে. নায়কে ক’লে – এই যে অভাৱ, এই যে চৰম দূৰৱস্থা
তাৰ বাবে বাৰু আমি দায়ী নেকি ? ক’ব বিচাৰিছা তাৰ বাবে দায়ী এই সভ্যতা ? তাৰ বাবে দায়ী আমাৰ আৱিষ্কাৰ ? অৰ্থাৎ মানুহৰ বুদ্ধিৰ ফলশ্ৰুতি ?
আশাঙ্কুৰে ক’লে – কিন্তু এইবোৰ অভাৱ যন্ত্ৰণা নিশ্চয়ই
চিৰস্থায়ী নহয় । কি কোৱা নিৰু ?
নিৰুপায় দে মানে এন. দেই লাহেকৈ ক’লে – গল্প এটা
কওঁ শুনা …
মি. জ্ঞানস্বামী মানৱসহায় আছিল মাদ্ৰাজৰ এজন অতি
পুৰণি মূৰ্তি ব্যৱসায়ী । তেওঁ অনেক বিখ্যাত মূৰ্তি সংগ্ৰহ কৰি বিক্ৰী কৰিছিল । তেওঁৰ
অৱস্থা বেয়া নাছিল । এদিন তেওঁৰ মনত নিজেই মূৰ্তি গঢ়াৰ ইচ্ছা এটা জাগ্ৰত হ’ল আৰু সেই
কামত হাত দি তেওঁ নিজেই আচৰিত হ’ল । তেওঁৰ হাত দুখনে যেন কথা কৈছে । তেওঁ নিজৰ মাজত
আৱিষ্কাৰ কৰিলে এক গভীৰ নিদ্ৰামগ্ন শিল্পীক । চমৎকাৰ তেওঁৰ হাত । এই আৱিষ্কাৰক তেওঁ
সিমান গুৰুত্ব নিদিলে । কেৱল ভাবিলে – মই বাৰু সঁচাকৈ অতি সুন্দৰ মূৰ্তি গঢ়িব পাৰোঁনে
? তেনেকৈয়ে কিছুদিন পাৰ হ’ল । মি. জ্ঞানস্বামীৰ ব্যৱসায়ৰ যশ-খ্যাতি তেতিয়া চৌদিশে ৰৈ-বৈ
গৈছিল । এদিনাখন মি. পৃথ্বীনাথন আৰু আন এজন মূৰ্তি ক্ৰেতাই তেওঁক ক’লে – জানানে জ্ঞানস্বামী,
মই মূৰ্তি এটা বিচাৰি আছোঁ । বহু প্ৰাচীন মূৰ্তি । পালে যিকোনো মূল্যৰ বিনিময়ত ক্ৰয়
কৰিবলৈ আগ্ৰহী ।সেই মূৰ্তিটো ভীষণ দামী ।
– কেনেকুৱা মূৰ্তি সেইটো ?
–
এগৰাকী
নাৰী মূৰ্তি । দুহাতেৰে এটি শিশুক ওপৰলৈ
দাঙি
ধৰিছে । অদ্ভূত ভাস্কৰ্য । শিল্পীয়ে বোলে সেই ভাস্কৰ্যৰ যোগেদি ভৱিষ্যত পৃথিৱীৰ ধাৰণা
দিব বিচাৰিছিল ।
মি. মানৱসহায়ে সকলো খুঁটিনাটি জানি আহিল । তেওঁ
সিদ্ধান্ত ল’লে মূৰ্তিটো বিচাৰিব । কিছুদিন বিচাৰিলেও । তাৰ পাছত তেওঁৰ মনলৈ ভাব এটা
আহিল । তেওঁ নিজেই খোদাই আৰম্ভ কৰি দিলে, আৰু অবাক বিস্ময়েৰে নিজৰ আচৰিত সাফল্য লক্ষ্য
কৰিলে । মূৰ্তি ব্যৱসায়ীয়ে নিজৰ মাজত বিচাৰি পালে এজন শিল্পীক । মূৰ্তিটো দেখাত অতি
সুন্দৰ হ’ল । খোৱা-বোৱা পাহৰি ৰূপকাৰে মূৰ্তিটোৰ ৰূপ দিলে । তাৰ পাছত মি. মানৱসহায়ৰ
মন এক কলিয়া ডাৱৰে আগুৰি ধৰিলে । সেই কলিয়া ডাৱৰ হ’ল লোভ আৰু ধূৰ্তালিৰ । তেওঁ মূৰ্তিটোৰ
কাম এনেকৈ সমাপ্ত কৰিলে যে দেখি ধাৰণা হ’ব সেয়া যেন এক বহুত পুৰণি মূৰ্তিহে ।
ইয়াৰ পাছত শিল্পী ঢুকাল । কলিয়া ডাৱৰৰ চাদৰ গাত
মেৰিয়াই তেওঁ হৈ উঠিল এক জটিল বুদ্ধিৰ প্ৰাণী ।
কিছুদিনৰ পাছত মি. মানৱসহায় মি. পৃথ্বীনাথৰ ঘৰত
উপস্থিত হ’লগৈ ।
– মি. পৃথ্বীনাথন, মই সেই মূৰ্তিটো
পাইছোঁ ।
– পাইছে ? ক’ত ? চাওঁচোন চাওঁ
…
মুগ্ধ দৃষ্টিৰে পৃথ্বীনাথনে বহুপৰ ধৰি মূৰ্তিটো চালে । এগৰাকী
নাৰীয়ে তেওঁৰ সন্তানক দুহাতেৰে ওপৰলৈ তুলি ধৰিছে । দেখাত এয়া যেন, পৃথিৱীয়ে তেওঁৰ সৃষ্টিক
সূৰ্যালোকত দাঙি ধৰিছে । আৰু সৃষ্টিৰ মুখত ফুল কুমলীয়া শিশুৰ হাঁহি ।
– দাম কিমান ?
– দহ হেজাৰ ।
একো নোকোৱাকৈয়ে পৃথ্বীনাথনে চেক এখনত চহী কৰি মি. মানৱসহায়ৰফালে
আগবঢ়াই দিলে ।কিন্তু …
মি. মানৱসহায়ৰ মনত তেতিয়া লোভৰ হাতোৰাৰ গভীৰ আঘাত । তেওঁ ভাবিলে
– ইচ ৰাম, আচল মূৰ্তিটো পোৱা হ’লে, তেতিয়া কিমান যে দাম পালোঁহেঁতেন নাজানো দেই । বহু
লাখ টকা পালোঁহেঁতেন । মই বিচাৰিম, সেই মূৰ্তিটো মই বিচাৰিম ।
তাৰ পাছত বহু বছৰ পাৰ হ’ল । মি. মানৱসহায়ে সেই ঐতিহাসিক মূৰ্তিৰ
সন্ধান নেৰিলে । সেই মূৰ্তিটো সন্ধান কৰোঁতে কৰোঁতে তেওঁৰ অৱস্থা এনে হ’লগৈ যে, তেওঁ
ক্ৰমাত খামখেয়ালি স্বভাৱৰ হৈ উঠিল । শিশুসকল যুৱক হ’ল, যুৱকসকল হ’ল প্ৰৌঢ় । মূৰ্তি
পাগলৰ মূৰ্তি অনুসন্ধান শেষ নহ’ল । নতুন ল’ৰা-ছোৱালীবোৰে তেওঁক ইতিহাসৰ মূৰ্তি, ই-তি
মূৰ্তি বুলি জোকাবলৈ ল’লে ।
বহু বছৰৰ পাছত মি. মানৱসহায়ে চহৰখনলৈ অহা এজন ডাঙৰ মূৰ্তি ব্যৱসায়ীৰ
বিষয়ে জানিব পাৰিলে আৰু লগতে এই কথাও গ’ম পালে যে তেওঁৰ হাততে আছে মি. মানৱসহায়ৰ কাঙ্ক্ষিত
মূৰ্তিটো । খবৰ পায়েই তেওঁ পাগলৰ দৰে দৌৰ মাৰিলে । সঁচাকৈয়ে তেওঁ তেওঁৰ কাঙ্ক্ষিত মূৰ্তিটো
পালে ।
– দাম
কিমান ?
– দুই
লাখ টকা ।
দাম শুনি মি. মানৱসহায় বিবুধিত পৰিল । কিন্তু তেওঁ হাৰ নামানিলে
। সঞ্চিত সকলো টকা-পইচাৰ লগতে তেওঁৰ যিখিনি সম্বল আছিল সেই সকলোবোৰ বেচি আৰু কিছু টকা
ধাৰ কৰি তেওঁ মূৰ্তিটো কিনি ল’লে । তাৰ পাছত পৰম আনন্দ মনেৰে উভতিল । এতিয়া আৰু ভাবিবলৈ
নাই । তেওঁ এতিয়া মূৰ্তিটোৰ দাম পাঁচ লাখ টকা ল’ব । অৱশ্য তেওঁ এতিয়া নিঃস্ব । পকেটত
এবেলা চলিবলৈয়ো ধন নাই । ভাবিবলৈনো কিনো আছে ? হোটেলৰ কোঠা এটা ভাড়ালৈ ল’লে । আৰু
মাত্ৰ কেইটামান দিন, তাৰ পাছত তেওঁ লাখপতি !
হোটেলৰ কোঠালৈ আহিয়েই তেওঁ মূৰ্তিটোৰ পেকেটটো আকৌ
এবাৰ খুলিলে । মূৰ্তিটোলৈ মুগ্ধ দৃষ্টিৰে চালে । কি যে অদ্ভুত মূৰ্তি ! শিশুটিৰ মুখত
কেনে সুন্দৰ হাঁহি ! কিন্তু চকুৰ দৃষ্টিটো, আৰে চকু এটাৰ মণিটো ত্ৰিভুজৰ নিচিনা কিয়
? এটা বিকট চিঞৰ যেন মি. মানৱসহায়ৰ স্নায়ুৰ মাজেদি পাৰ হৈ গ’ল । ক্ৰমাগত চকুত পোহৰৰ
ৰং সলনি হৈছে । তেওঁ থৰথৰকৈ কঁপিছে ।হঠাৎ তেওঁৰ মনত পৰিল তেওঁ নিৰ্মাণ কৰা মূৰ্তিটোৰ
শিশুটিৰ চকুলৈ । ভয়-বিহ্বল-ক্ষোভৰ মাজতে তেওঁ বুজিব পাৰিলে, এয়াচোন তেঁৱেই খোদাই কৰা
নকল মূৰ্তিটো ।এক থেকেচাত তেওঁ মূৰ্তিটো খণ্ড-বিখণ্ড কৰি পেলালে ।টুকুৰাবোৰ অ’ত-ত’ত
সিঁচৰতি হৈ পৰিল । তেওঁ হাঁহিব ধৰিলে । নিঃস্ব ৰিক্ত সৰ্বহাৰা মানৱসহায়ৰ মুখলৈ চাই চাই
টুকুৰাবোৰও হাঁহিব ধৰিলে । গল্পটো শেষ হ’ল ।
মি. ক্লান্ত নায়কে ঠিক তেওঁৰ বন্ধু স্মৃতিশেৰ ভঙ্গীত
ক’লে – চাকৰিত জুনিয়ৰ অফিচাৰৰ কাৰচাজিত ফেৰিয়াফেৰি, অসহ্য সামাজিক ভদ্ৰতাৰ চাপ, নিজৰ
অভাৱ-অনাটন – ঘৈণীৰ অসঙ্গত আবদাৰ, ভেজাল ইনজেকশ্বনত দেউতাকৰ মৃত্যু, ভনীয়েকৰ ছয় নম্বৰ
প্ৰেম আৰু পাঁচটা বিট্ৰেয়াল, চাউল-দাইলৰ বজাৰত ফটকা ব্যৱসায়, মিছিল – এইবোৰৰ মাজৰ পৰাই
যেন এটা সুন্দৰ সপোনৰ ভগা টুকুৰাবোৰে মোৰ চৌপাশে চিঞৰি চিঞৰি বিকৃতভাৱে হাঁহি আছে ।
আশাঙ্কুৰে ক’লে – তাৰ মানে আমি মি. মানৱসহায়ৰ শেষ বয়সৰ অৱস্থাত । সেয়া নহয়নে বাৰু
?
– হয় । আৰু সেই সুন্দৰ সপোনৰ ভগা বিকৃত টুকুৰাবোৰ ব্যৱসায়ৰ
ৰাসায়নিক পদ্ধতিত আমাৰ তেজৰ সৈতে মিহলি হৈ গৈছে ।
– নহয়, মোৰ ধাৰণা মিশ্ৰণটো যৌগিক । আমি ইচ্ছা কৰিলেই সেইবোৰ
আঁতৰ কৰিব পাৰোঁ । কি কোৱা নিৰু ?
লাহে লাহেকৈ নিৰুপায় দেয়ে ক’লে – নাজানো দেই, একোৱেই বুজি পোৱা
নাই ভাই …
টং টং টং । বহুকেইটা ওপৰা-উপৰি ঘণ্টাৰ শব্দ । তেতিয়া নিশা বাৰটা
।***

গল্পটো পঢ়ি বৰ ভাল লাগিল কুমুদ ৷এই সুযোগকণ পোৱা বাবে সুখী হ’লোঁ ৷
ReplyDeleteধন্যবাদ ।
DeleteSir val lgil pohi🙏😍😍
ReplyDeleteThank you.
Delete