- কুমুদ ঘোষ
ল'কডাউন । সকলোবোৰ বন্ধ । কেৱল মঙ্গল আৰু শুক্ৰবাৰে আমাৰ ৱাৰ্ডত শাক-পাত, মাছ-কণী ক্ৰয় কৰিব পাৰি । মই ভয়াতুৰ মানুহ । বেমাৰতকৈ 'টিকাকৰণ'লৈ বেছি ভয় । তাতকৈ বেছি ভয় কেমেৰালৈ ।
শ্ৰীমতীৰ বকনিৰ কোবত প্ৰায় ত্ৰিছ দিনৰ মূৰত ঘৰৰ আগফালৰ দুৱাৰ খুলি একান্ত বাধ্য ছাত্ৰৰ দৰে দুই-এপদ পাচলি কিনিবলৈ ওলাই আহিলোঁ ।
পাচলিৰ ঠেলাখনৰ নাতিদূৰৈত মাছ, মানে মাছৰ দোকান । দূৰত্বৰ কথা পাহৰি মানুহবোৰ উবুৰি খাই পৰিছে । পৃথিৱীখন দুই-এদিনতে ধ্বংস হ'ব নেকি ? মাছ নোখোৱাকৈ এই পৃথিৱীৰ পৰা যাব লগা হ'লে সিপুৰীত সাংঘাতিক কিবা শাস্তি-তাস্তি হ'ব নেকি ? মাছ দেখিলে ময়ো মেকুৰী হৈ পৰোঁ । কাষ চাপি গ'ম পালোঁ, দৰ কেজিত সাতশ । কিনাতকৈ চাই যোৱাই ভাল হ'ব । ক্ৰেতাৰ ভুনভুননিৰ মাজতে এজনে ক'লে, 'মোৰ ল'ৰাটোৱে চকু দেখিলেই ঘিণ কৰে । মূৰটো দুফাল কৰি চকু দুটা উলিয়াইহে পিছকেইটা দিবা ।'
দোকানীজনে চিকচিকীয়া দাখনেৰে মূৰটো দুফাল কৰি এক বিশেষ ভঙ্গীমাৰে ফুলৰ কাষেদি আঙুলি এটা সুমুৱাই চকু এটা উলিয়াই দিলে, তাৰ পাছত সিটো । তেজলগা কাপোৰখনত এইবাৰ তেওঁ দাখন ঘঁহি, হাতখন তাতেই মোহাৰিলে । এইবাৰ ক্ৰেতাসকললৈ ভেবালাগি চাৰ্কাচৰ খেল চাই থকা দৰ্শকৰ নিচিনা নিথৰ চকু দুটা বিক্ৰেতাজনে কাষতে থকা প্লাষ্টিকৰ চৰিয়াটোলৈ দলিয়াই দিলে ।
চৰিয়াটোৰ প্ৰায় কাষতে হাতত কেৰিবেগ, কোলাত ভনীয়েকক লৈ ৰৈ থকা ল'ৰাটোৱে টপককৈ চিলনীৰ দৰে চোঁ-মাৰি চকু দুটাৰ লগতে শেতা-বৰণীয়া পেটুসোপা কেৰিবেগটোত সুমুৱাই ল'লে ।
দোকানীজনে দাখন দাঙি ল'ৰাটোক উদ্দেশ্যি ডাঙৰ ডাঙৰকৈ ক'বলৈ ল'লে, 'আনৰ চকু ক'ৰবাত, তাৰ চকু আকৌ চকুতহে ।" দৌৰি আঁতৰি যোৱা ল'ৰাটোৱে অলপ দূৰৈত ৰৈ মুখখন সামান্য বেঁকা কৰি জিভাখন উলিয়াই সিয়াঁৰিবলৈ ধৰিলে । তালৈ কাৰো চকু নগ'ল । গ্ৰাহকৰ চকু মাছত আৰু মাছৰ চকু গ্ৰাহকৰ চকুত নিৱদ্ধ হৈ ৰ'ল । ***

No comments:
Post a Comment